পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰথমবাৰৰ বাবে দেশৰ ৬৯বছৰীয়া বৈদেশিক পৰিক্ৰমা বিভাগৰ ইতিহাসত অন্তৰ্ভুক্ত হ’ল মাদ্ৰাছৰ এশ শতাংশই দৃষ্টিহীন যুৱতী বেন’ জেফাইন। মাদ্ৰাছ বিশ্ববিদ্যালৰ পৰা ইংৰাজী বিষয়ৰ একালৰ ছাত্ৰী গৰাকীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দেখুওৱা সফলতাৰ পাছতে এই ইতিবাচক খবৰ প্ৰকাশ পাইছে।

২. ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে অহা ২০জুনত দিনত ৰাভা দিৱসৰ দিনা প্ৰদান কৰিব লগীয়া ২০১৫বৰ্ষৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটা নৃত্যশিল্পী কৃষ্ণা দাস নাথ আৰু  চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হব।

৩. অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ আগৰৱালাক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে। ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশনাত তেখেতে আজি জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ পৰা দ্বায়িত্ব গ্ৰহণ কৰিছে।

৪. আজিৰে পৰা পেট্ৰলৰ দাম প্ৰতি লিটাৰ ৬৪ পইচাকৈ বৃদ্ধি কৰাৰ বিপৰীতে ডীজেলৰ দাম প্ৰতি লিটাৰত ১.৩৫টকালৈ হ্ৰাস কৰা হৈছে।

৫. প্ৰথমবাৰলৈ কালি গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ জৈৱিক চাহ পোনপটীয়াকৈ নিলাম কৰিবলৈ সুবিধা লাভ কৰাৰ ইতিবাচক খবৰ। বিশেষজ্ঞ আৰু বিতৰণ সংস্থা সমূহৰ সৈতে পোনপটীয়া দৰদামেৰে প্ৰতিকেজিত ৫০০০টকা পৰ্যন্ত দাম জৈৱিক গ্ৰীণ টীৰ বাবে লাভ কৰিবলৈ সক্ষম হোৱাৰো সুখবৰ।

৬. বিশিষ্ট লেখক পূৰ্ণলাল সেনাপতিয়ে ৮৬বছৰ বয়সত লিখি উলিওৱা “স্মৃতি ৰোমন্থন”ৰ দ্বিতীয় খণ্ড কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰে কনকসেন ডেকাই। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে সংবাদপ্ৰাণ প্ৰফুল্ল চন্দ্ৰ বৰুৱা ন্যাসে।

৭. অনলাইন স্বেচ্ছাসেৱী ৰক্তদান অনুষ্ঠান www.friends2support.org য়ে বিশ্ব ৰক্তদান দিৱস উপলক্ষে কালি গুৱাহাটীত আয়োজন কৰে এটি বাইক ৰেলীৰ। সজাগতা বৃদ্ধিৰ বাবে এই পদক্ষেপ লোৱা সংস্থাটোৱে ৰক্তদান কৰিবলৈ ইচ্ছুক সকলক ৱেবচাইটটো যোগে সঁহাৰি দিবলৈ আহ্বান জনাইছে। লগতে তেওঁলোকে ৰক্তদান বিষয়ত এখনি চুটিছবি প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলি প্ৰকাশ কৰিছে।

৮. এছপিঅ’ সকলৰ বিৰুদ্ধে অসম চৰকাৰে দমন নীতিৰ প্ৰয়োগ কৰা বিষয়টোত অসম মানৱ অধিকাৰ আয়োগে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্য সচিবলৈ। সমস্যা সমাধান নকৰি দমন নীতিৰ প্ৰয়োগ কৰি মানৱ অধিকাৰ হনন কৰাৰো অভিযোগ উঠিছে এই চৰকাৰখনৰ বিৰুদ্ধে।

৯. পৰীক্ষা বহি ফাদিল হোৱাৰ বাবে যোৱা ৩মেত হোৱা সৰ্ব-ভাৰতীয় প্ৰাক মেডিকেল বাছনি পৰীক্ষা বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। অহা চাৰি সপ্তাহৰ ভিতৰত নিয়াৰিকৈ পুনৰ এই পৰীক্ষা পাতিবৰ বাবে চিবিএছইক নিৰ্দেশ দিয়া বুলিও খবৰ প্ৰকাশ পাইছে।

১০. কালি সোণাপুৰ অঞ্চলৰৰ ৰাইজৰ সেৱাত ডিগাৰু নৈৰ পাত ১৬.৯৩ কোটি টকা ব্যয় সাপেক্ষ ২০০খন বিছনাযুক্ত জিলা চিকিতসালয়খনৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

No comments:

Post a Comment