পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসম চৰকাৰৰ দ্বাৰা স্থাপিত গৱেষণা প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাই (আবিলেক)য়ে প্ৰতিবছৰে প্ৰদান কৰি অহা আনন্দৰাম বৰুৱা বঁটা এই বৰ্ষৰ বাবে ডঃ কেশৱানন্দ দেৱগোস্বামীলৈ আগবঢ়োৱাৰ সুখবৰ।

২. কালি গুৱাহাটীত অনুষ্ঠিত হয় টাটা ইনষ্টিটিউট অৱ ছ
চিয়েল ছায়েঞ্চ, গুৱাহাটীৰ সমাবৰ্তন। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ তথা ৰাজ্যসভাৰ সাংসদৰ অধ্যাপক মৃণাল মিৰিয়ে।

৩. সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মেট্ৰিক, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত স্থানপ্ৰাপ্ত সকলৰ বিশেষ অভিনন্দন অনুষ্ঠান কালি গুৱাহাটীত অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ লয় দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীনেশ সিঙে।


৪. পৃথক বড়োলেণ্ড দাবীৰ সন্দৰ্ভত যোৱা মঙলবাৰে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু চাৰিটা বড়ো সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱা বুলিও জানিব পৰা গৈছে। এই আলোচনাক ইতিবাচক বুলি আখ্যা দিলে ছাত্ৰ নেতা প্ৰমোদ বড়োৱে।

৫. সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া গুৱাহাটী চিনে ক্লাৱে সদৌ অসম ভিত্তিত আয়োজন কৰিছে এখনি পূৰ্ণদৈৰ্ঘ্যৰ চিত্ৰনাট্য প্ৰতিযোগিতা। প্ৰথম শ্ৰেষ্ঠলৈ ৫০হাজাৰ আৰু দ্বিতীয় শ্ৰেষ্ঠলৈ ৩০হাজাৰৰ মাননিৰ পুৰস্কাৰো ঘোষণা কৰা হৈছে। সবিশেষ জানিবলৈ ৯৪৩৫০৪৩৯০১ নম্বৰত যোগাযোগ কৰক। চিত্ৰনাট্য জমা দিয়াৰ শেষ তাৰিখ ৩১আগষ্ট।

৬. কটন কলেজ
নবীনৰ ৰূপালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচী কালি বৃক্ষৰোপণেৰে শুভাৰম্ভ কৰা হয়। সভানেত্ৰী মঞ্জু দেৱী পেগুৱে শুভাৰম্ভ কৰা অনুষ্ঠানত অভিনেত্ৰী চেতনা দাসো উপস্থিত থাকে আৰু তাত ন-পুৰণি কটনিয়ান সকলেও অংশগ্ৰহণ কৰে।

৭. যোগ শিক্ষাৰ প্ৰসাৰৰ বাবে অহা ২১জুনত বিশ্বজুৰি যোগ দিৱস পালনৰ প্ৰস্তুতিৰ সৈতে সংগতি ৰাখি অসমৰো ২৭খন জিলাৰ সদৰ আৰু মহকুমা সদৰত এই দিৱস পালনৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৮. ভাৰতীয় দন্ত চিকিতসক সন্থা, গুৱাহাটীৰ উদ্যোগত ডঃ মানৱেন্দ্ৰ ভূঞাৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে যোৱা ৬জুনত হোটেল প্ৰগতি মেনৰত এটি স্মাৰক বক্তৃতা অনুষ্ঠিত হয়। তেখেতৰ কৰ্ম আৰু জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে ডাঃ বি আৰ ভূঞাই লোকেল এনাস্থেচিয়াৰ ব্যৱহাৰ আৰু গুণাগুণ বিষয়ক বক্তৃতা প্ৰদান কৰে। ডাঃ চন্দনা কলিতাই দাঁতৰ অতিপাত সিৰসিৰণিৰ কাৰণ আৰু প্ৰতিকাৰ সন্দৰ্ভতো আলোচনা আগবঢ়ায়।

৯. মুম্বাইলৈ কেঞ্চাৰ ৰোগৰ চিকিতসাৰ বাবে অহা উত্তৰ-পূৱৰ লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ব্ৰহ্মপুত্ৰ কেঞ্চাৰ কেয়াৰ ছ’চাইটিয়ে। বৰ্তমান চৈধ্য গৰাকী ৰোগীক আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়া সংস্থাটোৱে শেহতীয়াকৈ মুম্বাইত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰাৰো সুখবৰ।

১০. ১৯৭৪চনৰ অৰ্থনৈতিক তথা খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজিৰ দিনটো অসমৰ ৰাজ্যজুৰি সংহতি দিৱস ৰূপে পালন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

No comments:

Post a Comment