সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


ব্যৱহাৰৰ উপযোগী উপহাৰ
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
বিভিন্ন উৎসৱ-পাৰ্ৱন উপলক্ষে মৰমৰ চিনস্বৰূপে সাধাৰণতে উপহাৰ আদান-প্রদান কৰা হয়। কিন্তু এই উপহাৰ দিয়া কাৰ্যটি বহুতেই পৰম্পৰা বুলি ভাবি আৰু বাধ্যতামূলক বুলি ধৰিলৈ ব্যৱহাৰৰ অনুপযোগী সামগ্রীও প্রদান কৰা দেখা যায়। ইয়াৰ ফলত উপহাৰ দিয়া উদ্দেশ্য সফল নোহোৱা যেন পৰিলক্ষিত হয়।

আনকি কিছু সংখ্যক দোকানীৰ মাজত এক মানসিকতা গঢ় লৈ উঠিছে যে, কোনো সামগ্রী ক্রয় কৰিবলৈ গ’লে উপহাৰ দিবৰ বাবে নে নিজৰ ব্যৱহাৰৰ বাবে বুলি প্রশ্ন কৰি সামগ্রীবোৰৰ মাজত এক বিভাজন আনিছে । আমি এটা কথা মনত ৰখা ভাল যে উপহাৰ দিয়া সামগ্রীবোৰ যাতে ব্যৱহাৰৰ উপযোগী হয় । ইয়াৰ উপৰিও উপহাৰস্বৰূপে নগদ ধনও যাচিব পাৰি ।


লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী-৭৮১০১৭, অসম । ফোন: ৯৪৩৫১-৮৮৬৩০ ই-মেইল: buljit@gmail.com

No comments:

Post a Comment