সম্পাদকীয় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়

সম্পাদকীয়

Share This
উপায় নাই যদি উদ্ভাৱন কৰিব লাগিব
অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ বিষয়ক লৈ অসমীয়াৰ সুখ-দুখৰ পাততো কেইবাটাও লেখা ইতিমধ্যেই প্ৰকাশ পাইছে। দুৰ্নীতিৰ পোহাৰ, বিষয়টোত লব পৰা ইতিবাচক পদক্ষেপ, প্ৰযুক্তিগত পদক্ষেপ আদি বিভিন্ন দিশত আলোকপাত কৰা হৈছেই। বিষয়টোত লেখা-মেলা কৰা আমাৰ সন্মানীয় লেখক সকললৈ পাঠক সমাজেও ফোন যোগে সঁহাৰি জনোৱাৰ খবৰেও আপ্লুত কৰিছে।

পিছে বিষয়টোত লেখক সকলৰ বিশ্লেষণাত্মক সুদৃঢ় স্থিতিত অসুবিধা অনুভৱ কৰি, আক্ৰমণাত্মক হৈ পৰা লোকো দৃশ্যপটলৈ আহিছে। চাকৰি কিনি শান্তিৰে খাম বুলি ভবা কেইবাজনো লোকে এইবোৰতো চলিয়েই থাকে, তাত ইমান হুলস্থুল কৰাৰ কি দৰকাৰ, আমাৰ চাকৰি খাইহে এৰিবা নেকি ধৰণৰ মতামত দিয়া বুলিও জানিব পৰা গৈছে। এনেদৰে নিজা চাকৰি লাভ কৰা এজনে “১৪৪ ধাৰা”নো কি জানিবলৈ বিচাৰি নিজা “মেধা”ৰ আচল পৰিচয় দাঙি ধৰিছে। তাকে লৈ এগৰাকী লেখকে উপায় নাই আৰু দেই ধৰণৰ মতামত আগবঢ়াইছে। পিছে উপায় নাই নহয়! ৰাইজ, উপায় যদি নাই বুলি অনুভৱ হৈছে, তেন্তে উপায় উদ্ভাৱন কৰিব লাগিব। তাৰ বাহিৰে কিন্তু গত্যন্তৰ যে নাই সেই কথাও আজি জানি লওক।


বাকী জাতীয় সংগঠনবোৰে চকু মুদা কুলিৰ ভাও দিয়াৰ বিপৰীতে কৃষক মুক্তি, গণ মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসম লোকসেৱা আয়োগৰ আমূল সংস্কাৰ, অধ্যক্ষ ৰাকেশ পালৰ অপসাৰণ আৰু এওঁৰ দিনৰ নিযুক্তি প্ৰক্ৰিয়াৰ চিবিআইৰ তদন্তৰ নাৰ্য দাবীৰে অনশনৰ দৰে এক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে। পিছে প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ প্ৰতিৰোধ, বেৰিকেড নিৰ্মাণেৰে গগৈ চৰকাৰে প্ৰয়োজনীয় সংস্কাৰ সাধকৰ বিপৰীতে নিজৰ দমনমূলক ৰূপকেই প্ৰতীয়মান কৰিছে। দুৰ্নীতিৰ বোকাই ছানি ধৰা লোকসেৱা আয়োগৰ বাৰান্দাত এই আয়োগক চাফা কৰাৰ লক্ষ্যৰে শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বিচৰা সকলক বহিবলৈ অনুমতি দিবলৈকো এই চৰকাৰখন নাৰাজ! বৰষুণৰ বতৰত ৰাস্তাত বহি অনশন কৰিবলৈ বাধ্য হৈছে প্ৰতিবাদকাৰী সকল। 


এতিয়া প্ৰশ্ন হয়, দুৰ্নীতিৰ অভিযোগত অভিযুক্ত সকলৰ ৰক্ষণাবেক্ষণ দিয়া চৰকাৰখনে সাংবিধানিক সংস্থাটোৰ ঐতিহ্য উদ্ধাৰৰ বাবে জনোৱা গণতান্ত্ৰিক প্ৰতিবাদকহে এইদৰে মষিমূৰ কৰাৰ পাঙ পাতিছে কিয়? চৰকাৰখনে গণতান্ত্ৰিক প্ৰমূল্য হেৰুৱাই বাৰু স্বেচ্ছাচাৰীতাৰ ফালে আগবাঢ়িছে নেকি? বাৰান্দাত অনশন কৰিবলৈ দিলে কাৰ কি নাক কটা যায়? তালৈটো হাজাৰ হাজাৰ উন্মত্ত মানুহক লৈ আক্ৰমণ কৰিবলৈ আক্ৰমণকাৰীৰ দল যোৱা নাই। শান্তিপূৰ্ণ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা সকল কি মানৱীয়তাৰ দৃষ্টিৰেও চোৱাৰ যোগ্য নহয়, অথচ ভিআইপি সুৰক্ষাৰ  যোগ্য  কেলেংকাৰীত অভিযুক্ত সকল! উস কি দিন-কাল, হয়তো আপুনিও তাকেই ভাবিছে।


প্ৰথমদিনৰ অনশনৰ জৰিয়তে অখিল গগৈয়ে বিষয়টোত অসমবাসীৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে বুলি টিভিৰ জৰিয়তে প্ৰকাশ কৰিছে। আৰু সকলো ৰাইজে এই স্পৰ্শকাতৰ বিষয়টোত সদলবলে ওলাই আহিবলৈ আহ্বান জনাইছে।পিছে সংগঠনকেইটাৰ কেৱল সদস্য সকলৰ অনশনৰ জৰিয়তে চৰকাৰৰ ওপৰত প্ৰয়োজনীয় হেঁচা পৰিব জানো?

শাসক যন্ত্ৰই পেশাদাৰী আন্দোলনকাৰী বুলি সংগঠনকেইটাক বহুদিনৰ পৰাই হাঁহিয়াতৰ পাত্ৰ কৰাৰ পৰিকল্পিত বৌদ্ধিক প্ৰচাৰেও চাগৈ কিছুমানক এই অনশনৰ ভাগীদাৰ হবলৈ যোৱাত মানসিক বাধা আৰোপ কৰিছে। কিন্তু অসমৰ প্ৰশাসন যন্ত্ৰটোক ক্ৰমাত দুৰ্নীতিৰ মৌ-বাঁঁহ কৰি অনা আৰু সাধাৰণ ছাত্ৰক চৰকাৰী চাকৰিৰ বাবে পইচা নাই যদি সপোন দেখাটোও পাপ বুলি ভবা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰা এই প্ৰক্ৰিয়াটো সলনি কৰিবই লাগিব। চৰকাৰ মনোভাৱক সলনি কৰিবলৈ গণতান্ত্ৰিক পথেৰে প্ৰয়োজনীয় হেঁচা দিবই লাগিব। 


মাত্ৰ অখিল গগৈৰ দল-সংগঠনে এয়া কৰি দিব লাগিব আৰু আমি কেৱল ফেচবুক বা টিভিত চাই দিন সলনি হোৱাটো অতি ভাল বুলি ভাবি থাকিলে নহব। তাৰ পৰিবৰ্তে এই স্পৰ্শকাতৰ বিষয়টোত গা-এৰাই চলা জাতীয় সংগঠনবোৰকো প্ৰতিবাদত হাত উজান দিয়াৰ বাবে বাধ্য কৰিব লাগিব। আৰু নিজেও দলে-বলে গৈ এই ইতিবাচক পৰিবৰ্তন দিশে কৰা গণতান্ত্ৰিক প্ৰচেষ্টাক শক্তি দিব লাগিব। তাৰ অবিহনে কিন্তু দেশখন ৰসাতলে গ’ল, লোকসেৱা আয়োগ বজাৰ হ’ল বুলি ঘৰত বা ফেচবুকত মন্তব্য কৰিলেও পৰিবৰ্তন নাহে। তাৰ বাবে সময়, সুযোগ, সুবিধা বুজি আমিও এনে প্ৰতিবাদৰ অংশীদাৰ হবই লাগিব। সেয়া সমাজৰ বাবে আমাৰ এক দায়বদ্ধতা, আৰু এই দায়বদ্ধতাৰ পৰিচয় আজি আমি দিবই লাগিব।

No comments:

Post a Comment