পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১) "আ‌ৱৰ্জনা নিষ্কাষণ ব্য‌ৱস্থাপনা" বিষয়ত ডক্টৰেট ডিগ্ৰীধাৰী ড০ অমৰজ্যোতি কাশ্যপে সাজি উলিয়াইছে পাকঘৰৰ আ‌ৱৰ্জনাৰপৰা অতি সহজতে আৰু কম খৰছতে পচন সাৰ তৈয়াৰ কৰিব পৰা যন্ত্ৰ। দুৰ্গন্ধমুক্ত এই ব্য‌ৱস্থাটোৰ তলৰ অংশত 'এৰেছন লেয়াৰ' নামৰ এটা তৰপ লগো‌ৱা হয় আৰু ওপৰত বায়ু সোমো‌ৱাৰ বাবে ফুটা ৰখা হয়। কিছু দিনৰ পাছত এই বৰ্তনটোত কেঁচু সুমো‌ৱাই দি অতি সহজেই তলত থকা টেপৰ জৰিয়তে পচন সাৰ লাভ কৰিব পৰা যায় । 'এনভাইৰণ' নামৰ স্বেচ্ছাসে‌ৱী অনুষ্ঠানটোৰ সৌজন্যত এই ব্য‌ৱস্থা ইতিমধ্যে গু‌ৱাহাটীৰ ৭৫ ঘৰ মানুহত আৰম্ভ কৰা হৈছে । 

২)   সদ্যহতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ সামৰণি পেলায় । ভ্ৰমণ কালত দুয়োখন দেশৰ মাজত সমন্বয় আৰু প্ৰগতিৰ লক্ষে ভূমি হস্তান্তৰকে সামৰি কেইবাটাও চুক্তি সম্পন্ন হয় । ইয়াৰোপৰি প্ৰধানমন্তী মোদীয়ে বাংলাদেশত ভাৰত চৰকাৰৰ উদ্যোগত হ'বলগীয়া ছটা প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

৩)  কাজিৰঙাৰ আশে-পাশে বাস কৰা লোকসকলক লৈ গঠিত হো‌ৱা ৩৩ খনকৈ পাৰিপাৰ্শ্বিকতা উন্নয়ন সমিতিলৈ বনমন্ত্ৰী এতো‌ৱা মুণ্ডাই মুঠ ৪.২০ কোটি টকাৰ সাহাৰ্য প্ৰদান কৰা হ'ব বুলি জনাইছে । এই সমিতিসমূহে বন্যপ্ৰাণী সুৰক্ষাৰ বাবদ স্থানীয় ৰাইজক সক্ৰিয়ভা‌ৱে অংশগ্ৰহণ কৰাই পাৰিপাৰ্শ্বকতা ৰক্ষাৰ নামতো ভালেখিনি পদক্ষেপ ল'ব পাৰিব বুলি আশা কৰা হৈছে ।

৪) বাগসা জিলাৰ তামুলমূৰৰ বানেশ্বৰ বড়ো নামৰ এজন প্ৰাক্তন সৈনিক কৰ্তব্যৰ পাছত নিজ ঘৰলৈ আহি চোতালত পৰাৰ পাছত স্বেচ্ছাকৃত অ‌ৱসৰ ল'ব লগীয়াত পৰিছিল আৰু এই পক্ষাঘাতৰ ফলত তেওঁৰ শাৰিৰীক অ‌ৱস্থাৰ চূড়ান্ত অ‌ৱোনতি ঘটিছিল । এই খবৰ পাই তামুলপুৰৰ ১০৯নং মাইন্টেইন ব্ৰিগেডৰ কামাণ্ডাৰে সহায়ৰ বাবে আগবাঢ়ি আহে আৰু অত্যাধুনি বিচনা, বিজুলী পাংখা, টিভি আদি ঘৰু‌ৱা সামগ্ৰী কিনি দি পৰিয়ালটোক সকাঁহ দিছে ।

৫)  কৃতী শিক্ষাৰ্থীৰ সতে হো‌ৱা এটি আলাপ অনুষ্ঠানত মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যখনত অনতিপলমে দিল্লী বিশ্ববিদ্যলয়ৰ আৰ্হিত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত 'ছাইকোলজি' বিষয়টো সন্নিবিষ্ট কৰিবলৈ শিক্ষামন্ত্ৰীক নিৰ্দেশ দিয়ে । শিক্ষামন্ত্ৰীয়ে এই প্ৰস্তা‌ৱ অহা শৈক্ষিক বৰ্ষৰপৰা কাৰ্যকৰী কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

৬) গো‌ৱালপাৰা জিলাৰ ধুপধৰাৰ বাসিন্দা পংকজ মাহতো নামৰ সাংবাদিকজনে "বীৰ বীৰাংগনা" নামৰ এটি কবিতা ৰচি নিজৰ নাম 'ইণ্ডিয়া বুক অ‌ৱ ৰেকৰ্ডছ'ত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে । ২৬৬২ শাৰীৰ এই কবিতাটোক অসমীয়া ভাষাৰ এতিয়ালৈকে ৰচিত হো‌ৱা স‌ৱাটোকৈ দীঘল ক‌ৱিতা হিছাপে স্বীকৃতি প্ৰদান কৰা হৈছে ।

৭) ইটালীত  অহা ২৭ জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া ইচশিয়া চলচ্চিত্ৰ মহোৎস‌ৱত প্ৰদৰ্শনিৰ বাবে নিমন্ত্ৰিত হৈছে কাকপথাৰৰ জয়ছেং জয় দহোটীয়াৰদ্বাৰা পৰিচালিত  'কুকু' তথা 'চাক-চনি' নামৰ তথ্যচিত্ৰখনিয়ে । এই তথ্যচিত্ৰখনিত মৰাণসকলৰ উৎস‌ৱ 'ৰাতি বিহু'ৰ বিষয়ে বৰ্ণনা কৰা হৈছে । 

৮) ৰাজ্যখনত বিহু উদযাপনৰ ক্ষেত্ৰত শহতীয়াকৈ হৈ অহা কেইবাটাও অশোভনীয় ঘটনাৰ পৰিপেক্ষিতত গু‌ৱাহাটীৰ বিহু সন্মিলন সমন্বয়ৰক্ষী সমিতিয়ে হাতত লৈছে কিছু প্ৰশংসনীয় পদক্ষেপ । এই প্ৰস্তা‌ৱমতে শিল্পীসকলে অনুষ্ঠান পৰি‌ৱেশনৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম মানি চলিব বুলি চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব । সমিতিখনে বিহুৰ অনুষ্ঠানত জাতীয় সাজ-পাৰ পিন্ধা, মাদক-দব্য সে‌ৱন কৰাৰ পৰা বিৰত থকা ইত্যাদি কেইবাটাও চুক্তিৰ খচৰা প্ৰস্তুত কৰিছে ।

৯) বৰছলিৰ ইছলামুদ্দিন আহমেদ নামৰ এজন ব্যক্তিয়ে ৫০ বছৰ বয়সত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অ‌ৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হো‌ৱা খবৰে সকলোৰে মনত আনন্দৰ খোৰাক জগাইছে । ইচ্ছা থাকিলে মানুহে জী‌ৱনৰ যিকোনো বয়সতে যিকোনো ধৰণৰ সফলতা অৰ্জন কৰিব পাৰে বুলি আকৌ এবাৰ প্ৰমাণ কৰি দেখু‌ৱালে আহমেদে ।

১০) ৰাজহু‌ৱা খণ্ডৰ অধীনৰ এটি অনুষ্ঠান 'ইণ্ডিয়ান অইল ক'ৰপোৰেছন'এ মুঠ ১৫০০ কোটি টকা উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ কৰিবলৈ সাজু হৈছে । অসম মিজোৰাম আৰু ত্ৰিপুৰাত ইণ্ডিয়ান অইলৰ পেট্ৰলীয়াম সামগ্ৰী জমা কৰাৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰা হ'ব বুলি কো‌ৱা হৈছে ।

No comments:

Post a Comment