Sunday, June 7, 2015

মিছা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

মই, মা আৰু মোৰ মেগি
ঈশানজ্যোতি বৰা

মেগি আনোগৈ বুলি কাউৰীয়ে কা নকৰোতেই বাপন ঘৰৰ পৰা ওলাই গৈছিল৷ পূবৰ বেলি ঘূৰি-মেলি গৈ এতিয়া পশ্চিমত জিলিকিবৰ হ'ল, বাপনৰ কোনো শুংসূত্ৰ নোলাল৷ আগতে এনে এটা অদ্ভুত নাম বাপনৰ মুখত শুনা মনত নপৰেচোন৷ ক’ৰ বা মেগি ! কি বা কৰে এইডালেৰে ! মেগি নামৰ কিবা মাছ-টাছ ধৰিবলৈ গ’ল নেকি সি? কথাবোৰ ভাবি বাসন্তী কলিতাই একো পাৰ পোৱা নাই৷ বৰঞ্চ অলপ আগতে টঙ্কেশ্বৰৰ মুখত মেগি নিষিদ্ধ কৰাৰ কথাটো শুনি চিন্তা অনেকগুণে বাঢ়িলহে৷ চৰকাৰে ‘নিষিদ্ধ’ ঘোষণা কৰা ‘মেগি’ নামৰ কোনোবা দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠনত বাপনে বাৰু যোগ দিলেগৈ নেকি? 

চিন্তা আৰু বেজাৰত মানুহজনী লেবেজান৷ তেনেকৈয়ে দিনটো গ’ল৷ অৱশেষত প্ৰতিৱেশী মাকণৰ দিহামতে গোঁসাইঘৰত বন্তি এগঁছি জ্বলাই প্ৰভু ভগৱন্তকে বাপনক সুৰক্ষাৰ সমস্ত দায়িত্ব অৰ্পণ কৰি, শুকাই যোৱা ডিঙিটো জীপাল কৰিবলৈ বাসন্তী কলিতা পাকঘৰৰ দিশে ৰাওনা হৈছিল৷ তেনেতে পদূলিমূৰৰ জপনাখন খোলাৰ শব্দ হ’ল৷ বাসন্তী কলিতাই ঘূৰি চাই দেখিলে-সেইয়া পুত্ৰ বাপন ৷ ডাৱৰে ক’লা কৰি ৰখা বাসন্তী কলিতাৰ মনৰ আকাশখন পলকতে ফৰকাল হৈছিল যদিও বাপনৰ পিছে পিছে সোমাই অহা গাভৰুগৰাকীক দেখি ফৰকাল আকাশত মেঘৰ গাজনি আৰম্ভ হ’ল৷

“এওঁনো কোন? চিনি যে নাপালো৷”-পুতেকক সুধিম বুলি ভাবি থকা প্ৰশ্নবোৰ পাছলৈ থৈ পোনপ্ৰথমেই বাসন্তী কলিতাই মনত উপজা সন্দেহবোৰ দূৰ কৰিবলৈহে যো-জা চলালে৷ গাভৰুৱে তেতিয়া ভৰিৰ বুঢ়াআঙুলিটোৰে সমুখৰ মাটিখিনিত খনন-কাৰ্য চলাই আছিল৷

“তোক কথাবোৰ ক’ম ক’ম বুলি কোৱায়েই নহ’ল৷ ভয়ো লাগিছিল৷ শংকাও হৈছিল৷ ঘৰৰ পৰা উলিয়াই খেদ বুলি চিন্তাতো পৰিছিলোঁ৷”-বাপনে থোকাথুকি মাতেৰে ক’লে৷

“ছালে-বেৰে কোবাই নাথাকি মূল কথালৈ আহ৷”-বাসন্তী কলিতাৰ মৃদু ধমক৷

“এইৰ ঘৰ সেই কমাৰচুকত৷ কলেজত থাকোতেই চিনাকি ৷ কথা দিছিলোঁ এদিন নিজৰ কৰি ল’ম বুলি৷ গতিকে কথাতো ৰাখিব লাগিবই৷ সিপিনে তাইৰ ঘৰত মাক-দেউতাকে ল’ৰা চাবলৈ আৰম্ভ কৰিছেই৷ গতিকে আজিয়েই সময়-সুবিধা মিলিলত একেবাৰে লৈয়েই আহিলোঁ৷ তই দায়-দোষ নধৰিবি আই৷”-এইবুলি কৈয়েই বাপন মাকৰ ভৰিত পৰিল৷ বাপনৰ পদাঙ্ক অনুসৰণ কৰি গাভৰুৱেও মাকৰ ভৰিহাল সাবটি ধৰিলে৷

“আনিলি যেতিয়া এতিয়া খেদি দিবতো নোৱাৰো৷ উঠহঁত৷ আই, তোৰ নাম কি?”-অন্তৰৰ সমষ্ট দুখ-অভিমান কাটি কৰি থৈ উদাৰ বাসন্তী কলিতাই গাভৰুৰ মূৰত হাত বোলাই সুধিলে৷ ছোৱালীজনী দেখাত সাইলাখ সৰস্বতী৷

“মেগি ৷ মানে ঘৰত মোক মৰমতে মেগি বুলি মাতে৷”- উত্তৰটো দিয়েই হঠাতে জানো তাইৰ কি হ’ল ! হুৰাওৰাৱে কান্দিবলৈ ধৰিলে৷ মথাউৰি ভাঙি নামি অহা পানীৰ প্ৰকাণ্ড সোঁতটোৰ দৰে গাভৰুৰ চকুৰ পৰা ধাৰাষাৰ চকুলো বৈ আহিল৷

“নাকান্দিবা নাকান্দিবা৷ ভুল মোৰহে৷ বাপনৰ মুখত প্ৰথম ‘মেগি’ নামটো শুনি কিমান যে কি কি কল্পনা কৰা নাছিলোঁ ৷ চা আই, আমি মুঠেই দুটা মানুহ৷ এতিয়া তুমি আহিলা৷ থাকিম আৰু তিনিটা প্ৰাণী যেনেতেনে৷”-বাসন্তী কলিতাই মেগিক আলফুলে সাবটি ধৰিলে৷

“তাই অইন এটা দুখতহে বৰকৈ কান্দিছে আই৷ মেগি নামৰ খাদ্যটো চৰকাৰে আজি বন্ধ কৰি দিলে ৷ তাইৰ আকৌ সেইটো প্ৰিয় খাদ্য আছিল৷ মেগি খাই ভালপোৱা কাৰণে মাক-বাপেকেও তাইৰ নাম ৰাখিছিল মেগি৷”-বাপনে মেগিৰ বিষাদগাঁথা শুনালে৷

“হ’ব আই৷ সেইটোনো কি ডাঙৰ কথা ! মই তোক আজি পিঠাগুড়িৰ লগত চেনিকল পিটিকি লাড়ু কৰি খোৱাম ৷ মিছাতো নকওঁ,একেবাৰে সাতোটা জনমলৈ মনত ৰাখিবি৷ বেয়া নাপাৱ যদি কথা এটা কওঁ দেই৷ তোক আজিৰেপৰা মই চেনিমাই বুলি মাতিম৷ বেয়া পাবি নেকি?” বাসন্তী কলিতাই সআগ্ৰহেৰে সুধিলে৷

“নাপাওঁ আই৷ আজিৰেপৰা আপুনিয়েই মোৰ সকলো৷”-চাদৰৰ আঁচলেৰে চকুলো মচি মেগি ওৰফে চেনিমাইয়ে মিচিকীয়া হাঁহি এটা মাৰি বাসন্তী কলিতাৰ কথাত সন্মতি জনালে৷ সেই শুভক্ষণতে বাপনে পকেটৰ পৰা ম’বাইলটো উলিয়াই তিনিওটাৰে “চেলফি্” এখন তুলি ফে'চবুকত খুলি লোৱা নতুন একাউন্টত ‘মা,মই আৰু মেগি’ বুলি আপলোড কৰি দিলে৷

No comments:

Post a Comment