Thursday, June 4, 2015

প্ৰেৰণাময় জী‌ৱন-কাহিনী

“সংগ্ৰাম আন এটি নাম জীৱনৰে..”
ড০ মাখন লাল দাস
“চক্ৰৱৎ পৰিৱৰ্তন্তে দুখানি চ সুখানি চ” বুলি কোৱা শুনিছিলো সৰুতেই৷ মানুহৰ জীৱনত দুখ-সুখৰ দিনবোৰ হেনো সলনি হৈ থাকে৷ কথাষাৰ ইমান সোনকালে আমাৰ জীৱনত ফলিয়াব বুলি ভবা নাছিলো৷
 
১৯৬৮ চনৰ ৮ ডিচেম্বৰ তাৰিখে শ্বিলঙত মাত্ৰ ৪৩ বছৰ বয়সতে দেউতাৰ পৰলোকপ্ৰাপ্তি ঘটাৰ লগে-লগে আমাৰ জীৱনলৈ অমানিশা নামি আহে৷ তেতিয়া মই তৃতীয় শ্ৰেণীত, ডাঙৰ দাদা অষ্টম আৰু সৰু দাদা ষষ্ঠ শ্ৰেণীত৷ সৰু ভাইটি প্ৰথম শ্ৰেণীত আৰু একেবাৰে সৰু ভাইটি স্কুললৈ যোৱাই নাই৷ কেৱল ষষ্ঠ শ্ৰেণীলৈকে পঢ়া মাৰ বয়স আছিল প্ৰায় ৩০ বছৰ মাত্ৰ৷ মা বা ডাঙৰ দাদা মেট্ৰিক পাছ কৰা হ’লে হয়তো দেউতাৰ বিভাগতে চাকৰি এটা হৈ গ’লহেতেন “কম্পেচনেট গ্ৰাউণ্ডত৷ সেইটোও নহ’ল৷ ফেমিলি পেন্সন হিচাবে পোৱা টকা কেইটাৰেই আমি গোটেই পৰিয়ালটো চলিব লাগিব বুলি বুজি পালো৷ আত্মীয়-স্বজন কাৰো পৰাই কোনো ধৰণৰ সহায় পোৱাৰো আশা ক্ষীণ৷ সম্মুখত জীৱনৰ দীঘল বাট৷ নিজৰ ভৰিত নিজে থিয় দিয়াৰ বাদে আন উপায় নাই৷

যাৱতীয় চৰকাৰী আনুষ্ঠানিক কাম-কাজৰ অন্তত আমি বয়-বস্তুৰে সৈতে বৰপেটা পালোঁহি৷ ককাহঁতৰ ভগা-ছিগা ঘৰত আমাৰ পৰিয়ালটোৰ বাবে থকা ঠাই নহ’ব বাবেই কীৰ্তন ঘৰৰ ওচৰৰ দলাহাটীত ৰত্ন ওজাৰ ঘৰটো আমাৰ বাবে ভাড়া লোৱা হ’ল মাহে ১৫ টকাত৷ তাতে আৰম্ভ হ’ল আমাৰ জীৱনৰ এক নতুন অধ্যায়৷ সৰুৰে পৰা আমি বাহিৰতে আছিলো৷ নগাঁও, তিতাবৰ আৰু শ্বিলং৷ বৰপেটালৈ তাৰ আগতে তিনিবাৰমানহে আহিছিলো৷ বৰপেটাৰ পৰিৱেশত নিজকে অতি আচহুৱা অনুভৱ কৰিলেও লাহে লাহে নিজক খাপ খুৱাই ল’ব ধৰিলো৷ দেউতাই পঢ়া বৰপেটা বিদ্যাপীঠ হাইস্কুলতে দাদা দুজনৰ সৈতে মোকো নাম লিখাই দিয়া হ’ল৷ সৰু ভাই দুজনক বিলৰতাৰী হাটীৰ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্ত্তি কৰি দিয়া হ’ল৷

পঢ়া-শুনাত আমি গোটেই কেইজনেই ভাল আছিলো৷ পঢ়া-শুনা কৰি জীৱনটো গঢ় দিয়াৰ বাহিৰে বেলেগ উপায়ো নাছিল৷ তদুপৰি স্কুলৰ শিক্ষক তথা গোটেই বৰপেটাবাসী ৰাইজৰ দেউতাৰ প্ৰতি থকা ভাল ভাৱ আৰু আমাৰ প্ৰতি থকা শুভেচ্ছা-সদিচ্ছাই আমাক অধিক ভাল হবলৈ উদগণি যোগাইছিল৷

সময় বাগৰি গ’ল৷ ফেমিলি পেন্সন হিচাবে পোৱা ১৫৮ টকাৰেই আমি টুক-টাককৈ চলি থাকিলো৷ ডাঙৰ দাদাই অঙ্কত লেটাৰ সহ প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিলে৷ বহুতে উপদেশ দিলে দেউতাৰ বিভাগতে চাকৰিত সোমাই ল’বলৈ৷ আমি বাধা দিলো৷ ক’লো, “সি পঢ়ক৷ এতিয়া চাকৰিত সোমালে গোটেই জীৱন সি কেৰাণী হৈয়ে থাকি যাব৷ তাতকৈ গুৱাহাটীত থকা মাটিডোখৰ বিক্ৰী কৰি দিয়াই ভাল৷ সি যি মন যায় তাকে পঢ়ক।" সেইমতেই আমি আগবাঢ়িলো৷

বৰপেটাৰ মেটুৱাকুছিত এডোখৰ মাটি কিনি লৈ আমি আটাইটি মিলি সৰুকৈ খেৰীঘৰ এটাও ইতিমধ্যে সাজি ল’লো৷ সকলো সাঁচতীয়া ধন প্ৰায় তাতেই শেষ হ’ল৷ ইতিমধ্যে ডাঙৰ দাদাই প্ৰাক বিশ্ববিদ্যালয় পাছ কৰিলে৷ ত্ৰিবান্দ্ৰম মেডিকেল কলেজত বি ডি এচ পাঠ্যক্ৰমৰ বাবে অসমৰ বাবে থকা চাৰিখন আসনৰ এখন আসন দাদাই পালে৷ আমি সাহস কৰি পঠিয়াই দিলো৷ সৰু দাদাই অঙ্কত অসমৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লৈ প্ৰ্থম বিভাগত মেট্ৰিক পাছ কৰিলে৷ ইফালে মইও অবিভক্ত কামৰূপ জিলাৰ ভিতৰত প্ৰথম স্থান লৈ ষষ্ঠ শ্ৰেণীৰ বৃত্তি লাভ কৰি মাহে দহ টকাকৈ পাবলৈ ধৰিলো৷ কিন্তু ধনৰ অভাৱ ভালদৰেই অনুভৱ কৰিবলৈ ধৰিলো৷ ত্ৰিবান্দ্ৰমত পঢ়ি থকা দাদালৈ প্ৰতিমাহে ৩০০-৩৫০ টকা মান পঠিয়াব লাগে৷ মাই হাতৰ-কাণৰ সকলো বন্ধকত থৈ ধাৰ ল’বলৈ ধৰিলে৷ গুৱাহাটীৰ মাটিডোখৰ বিক্ৰি কৰাৰ বাহিৰে আন উপায় নাথাকিল৷ সেই কামৰ বাবে গুৱাহাটীত থকা ডাঙৰ মহাক দায়িত্ব দিয়া হ’ল৷ প্ৰতিমাহে আমাৰ প্ৰয়োজন বাঢ়ি গৈ থাকিল৷

আমি ধন উপাৰ্জনৰ কিবা উপায় কৰিব পাৰি নেকি তাৰেই সন্ধানত লাগিলো৷ উপায় এটা ওলাল৷ বাতৰি কাগজৰ ঠোঙা বনাই গেলামালৰ দোকানত বিক্ৰী কৰিলে কিছু লাভ হয়৷ আমি বজাৰৰ পৰা বাতৰি কাগজ আৰু ঠোঙাৰ তলত লগাবলৈ ডাঠ কাগজ হিচাবে জোতাৰ দোকানৰ পৰা কাগজৰ বাকচ কিনি আনি ঘৰত আজৰি সময়ত ঠোঙা বনাবলৈ আৰম্ভ কৰিলো৷ সেইবোৰ ৰ’দত শুকুৱাই বেগত ভৰাই বজাৰৰ দুখনমান দোকানত বিক্ৰী কৰি দিয়া হয়৷ তাৰেই দুপইচা লাভ হয়৷ এতিয়াও মনত পৰে৷ মাঘবিহুৰ উৰুকাৰ দিনা ওচৰ-চুবুৰীয়া সকলো গোটেই ৰাতি সাৰে থাকি বিহু পালন কৰাৰ সময়ত আমি গোটেই ৰাতি ঘৰৰ ভিতৰত লেমৰ পোহৰত কাগজৰ ঠোঙা বনাইছিলো৷

তেতিয়া মই অষ্টম শ্ৰেণীত৷ ঠোঙা বিক্ৰী কৰা দোকানৰ মালিকে তেখেতৰ কশ্ৰেণীত পঢ়া ল’ৰাটোক পঢ়ুৱাবলৈ মোক দায়িত্ব দিলে৷ মাহে ৮ টকা৷ তাৰ পাছত আৰু দুটামান টিউচন পালো৷ ৰাতিপুৱাই চাইকেলখন লৈ ওলাই যাওঁ৷ ল’ৰাটোক শিকাই পোনে-পোনে স্কুললৈ যাওঁ৷ লেজাৰৰ সময়ত ঘৰলৈ আহি ভাত খাই ছুটীৰ পাছত বাহিৰে বাহিৰে আকৌ বাকী টিউচনলৈ যাওঁ৷ সৰু দাদাৰ ওচৰলৈও অঙ্ক শিকিবলৈ দুই-এজন ছাত্ৰ আহিবলৈ ধৰিলে৷ আৰ্থিক ভাবে আমি অলপ সকাহ পালো৷

প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত সৰু দাদাই প্ৰথম স্থান অধিকাৰ কৰি সকলোকে চমক খুৱালে৷ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িবলৈ গ’ল৷ তেতিয়া মই দশম শ্ৰেণীত৷ টকা-পইচা যোগাৰ কৰি দাদাদুজনলৈ পঠিওৱাৰ দায়িত্ব মোৰ ওপৰত পৰিল৷ টিউচনো কৰি থাকিলো, অষ্টম শ্ৰেণীত থকা ভাইজনকো টিউচন যোগাৰ কৰি দিলো৷ কাগজৰ ঠোঙাৰ ব্যৱসায়ো চলি থাকিল সমান্তৰাল ভাবে৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান অধিকাৰ কৰি পাছ কৰাৰ সূত্ৰেই সেই সময়ৰ অসমৰ শিক্ষা-তথা গৃহমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়া দেৱৰ সৈতে সাক্ষাৎ হয়৷ তেখেতে উৎসাহ দি মোক কটন কলেজত নাম ভৰ্ত্তি কৰাই দিয়ে৷ তেখেতৰ বৰপুত্ৰ জিন্টু তেতিয়া অষ্টম শ্ৰেণীত পঢ়ে৷ জিন্টুৰ পঢ়া-শুনা চাই দিবলৈ মোক দায়িত্ব দিয়া হ’ল৷ মই পৰম নিষ্ঠাৰে সেই কাম কৰি গ’লো৷ গুৱাহাটীত আৰু দুটামান টিউচন যোগাৰ কৰি লৈ মোৰ সকলো খৰচ নিজেই উলিয়াবলৈ ধৰিলো৷ ইতিমধ্যে গুৱাহাটীৰ মাটি বিক্ৰী হৈ গৈছিল আৰু দাদাহঁতৰ খৰচ তাৰেই যোগান ধৰা হৈছিল৷মাটি বিক্ৰী কৰি পোৱা টকাও শেষ হ’ল৷ ডাঙৰ দাদাও পাছ কৰি আহিল৷ বেঙ্কৰ ধাৰ লৈ বঙাইগাঁওত ক্লিনিক খুলি ল’লে৷ আমাৰ সকলোৰে দায়িত্বও দাদাই লৈ ল’লে৷ লাহে-লাহে দিনবোৰ ভালৰ পিনে আহিবলৈ ধৰিলে৷

দুখৰ পাছত আকৌ সুখ৷

“পঢ়া-শুনা কৰি কি হ’ব” বুলি কোৱা বহুতকে লগ পাইছো৷ কিন্তু আমাক পঢ়া-শুনাইহে মানুহ হোৱাত সহায় কৰিলে৷ সেই দুখ-কষ্টৰ সময়চোৱাত জগতখন ভালদৰে চিনি পালো৷ যিসকলে আমাক সহায় কৰিলে সেই সকলৰ ওচৰত আমি চিৰকৃতজ্ঞ৷

No comments:

Post a Comment