জীৱন গতিশীল, সেয়ে চলিবলৈ গতি লাগিবই। সেয়ে কিছুমান ফৰ্মূলা নহ'লে চলিব নোৱাৰি। সেয়া দেখা নাই ফৰ্মূলা ৱানৰ গাড়ী বিজুলী বেগত চলোৱা খোদ মাইকেল শ্বুমেকাৰেই বৰফত স্কেটিংৰ গতিৰ ফৰ্মূলা নাজানি হামখুৰি খাই পৰিল যি পৰিলেই, উঠাৰ লক্ষণেই নাই। সেয়ে আমাৰ গগৈ চাৰেও এনেকুৱা সাংঘাতিক ঘটনা নিজৰ জীৱনত ৰোধ কৰিবলৈ নিজা ফৰ্মূলা মানে গতিসূত্ৰ আৱিস্কাৰ কৰি লৈছে। আজিলৈকে তেওঁৰ গতিসূত্ৰবোৰে কেতিয়াও ফেইল মৰা নাই। মিছা ক'লে কি ডাল হবহে, সেয়ে চাৰৰ সূত্ৰবোৰ ৰাইজৰ আগত আজি আমি বহলাই মেলি দেখুৱাব খুজিছো।
চাৰৰ এক নং সূত্ৰ মতে প্ৰতিযোগিতাত নিজে জিকি থাকিবলৈ হ'লে, ৰাজনীতিৰ আকাশত উচ্চাকাংখ্যাৰ পাখি মেলি উৰি থাকিবলৈ হ'লে আন প্ৰতিদ্বন্দীৰ চেগ বুজি পাখি কাটিবই লাগিব। এয়া কৰিব নোৱাৰিলে এৰা গছেই বৰ গছ হৈ মূৰ তুলি থাকিবৰ উপায় নাই। এই ফৰ্মূলা ব্যৱহাৰ কৰি চাৰে পাখি কাটি বা ডেউকা ভঙা ৰাইজৰ সংখ্যা গণিবলৈ আপোনাৰো আঙুলিৰ মূৰত ইমানে বেছি পাবেই নাই। সেয়ে কৈ কি লাভ, মিছা ক'লে কি ডাল হবহে! এনেয়ে ভাত এটা মোহাৰি চোৱাদি চাবলৈ হিমু, দেৱানন্দ আদিৰ নামেই যথেষ্ট নহয়নে?
চাৰৰ দুই নং গতিসূত্ৰ মতে, দিল্লীৰ জনপথৰ বৰঘৰৰ গৰাকীৰ ভৰিত পৰি দিবলৈ এখন্তেকো দেৰি কৰিব নালাগে। এপলক পলম কৰা মানেই ভক্তিত সন্দেহ জন্মা। সেয়ে নিচিন্ত চিত্তে নিজৰ সকলো মান-অভিমান সন্মান ওপৰৱালাৰ চৰণত সঁপি দিবগৈ পাৰিব লাগে। আৰু চাৰে তাকেই কৰে, দেখা নাই, কেনেকৈ বোলে মোৰ পাৱাৰেই নাই, চকীত বহ বুলি কলে বহিম, উঠ বুলি কলে উঠিম। মই হাইকামাণ্ডৰ মতেহে চলো, মোৰটো নিজৰ বুলিবলৈ একো নাই। হে হেৰি, সকলো তোমাৰ, মোৰ মাজত তোমাৰ ইচ্ছায়েই পূৰণ হওক...একদম ভকতীয়া ষ্টাইলত সকলো চৰণত সঁপি দিলেহে বোলে ওপৰৱালাজন সদয় হয়। নিজৰ ৰাজনৈতিক জীৱনৰ গতি কৰি থাকিব পৰাকৈ ৰাস্তা সুগম হয়। চাৰে বোলে বিশ্বাসে মিলয়ে গাদী, তৰ্কে বহুদিন, মানে হাইকামাণ্ডৰ বিশ্বাস জিনি লব পাৰিলে গাদীত বহি থকাত আপত্তি কৰিবলৈ কোনো নাহে!
চাৰৰ তিনি নং গতিসূত্ৰ মতে, যেনে তেনে কাম হব লাগে। তাকো মেডামৰ ইচ্ছাৰ আগত আমাৰ মান-ইজ্জত, সন্মান, নীতি-অনীতি সকলো বলিদান! ইমান ত্যাগী মনেৰে আগবাঢ়িলে বোলে ৰাজভোগ লাভ হবই হব। মিছা ক'লে কি ডাল হবহে। ইউপিৰ পৰা ৰাজা মানুহ এটা আহিল মাইনা গান্ধীৰ ৰাস্তা চাফ কৰিবলৈ তেওঁক ৰাজ্য সভালৈ পঠাব লাগে। বোলে য'ত যিমান হাতী-ঘোঁৰা আছে কিনি আন! লাজ-মান কাটি কৰিও তলতীয়া বোৰে ঘোঁৰা বেপাৰ কৰিলে, চাৰেও নিজেও তদৰাকী কৰিলে। তাত লাজ কৰিবলৈ কিটো আছেহে! ৰাজনীতিত লাজনীতি নচলে। মিছা ক'লে কি ডাল হবহে!
চাৰৰ গতি সূত্ৰ চাৰি মতে, বাপেক ডালে ডালে হ'লে পুতেক পাতে পাতে হবই লাগিব, নহ'লে ফিউচাৰ নেচেল! ৰজা হৈ থাকোতেই ৰাজপুত্ৰৰ অভিষেক হবই লাগিব। সেইকামত লগাবলৈ ৰজা হৈ থাকোতে চিপাহী, চন্তৰী, তোষামোদকাৰীৰ অভাৱ কিহৰ, সৱ এভেলভেল! কোনোৱে বোলে বিদেশ ফেৰত কোঁৱৰক নি সাত ঘাটৰ চেঙেলীৰ সৈতে চিনাকি কৰি দিলে, কোনোৱে বোলে ছিণ্ডিকেট ছিণ্ডিকেট খেলিবলৈ শিকালে, কোনোৱে বোলে হিমুকন টাইপ ভয়ংকৰবোৰৰ পাখি ভাঙিবলৈকো টেকনিক শিকাই ৰাজপুত্ৰৰ অভিষেক কৰাই দিলেই নহয়। নিজৰ ফিউচাৰটো বনাবলৈ নিজৰ নিজৰ ল'ৰাকনক বনোৱাটোৱেই মেইন। নিজে শিক্ষা দিব নোৱাৰিলে, টিউচন দিব লাগিব, কিন্তু বনাবই লাগিব। মহিলা মাছৰ বাবে সংৰক্ষণ দাবী কৰিব পৰা হোৱাজনে যে এতিয়া কাজিৰঙাত পাতে পাতে বগাই ফুৰিছে ৰাইজে দেখিছেই নহয়। মিছা ক'লে কি ডাল হবহে... নহয়নে?
চাৰৰ পাঁচ নং গতিসূত্ৰ মতে, চলে বলে কৌশলে ঘটি মেলি খাবই লাগিব। সময়ৰ শৰ সময়ত নামাৰিলে শৰ পহুৰ মঙহ খোৱাৰ আশা কৰাটো মিচা। লোকৰসেৱাৰ চাকৰি বেচাৰ দোকানখন চলাবলৈ নিজৰ মনৰ মানুহক দিবই লাগিব। ধনৰ মোটা ভাগ পোৱাৰ পাছত সেইবোৰ মানুহক বচাবই লাগিব। দুই নম্বৰী পৃথিৱীতো কিন্তু ইমানটো এক নম্বৰী ৰাখিবই লাগিব, নহ'লে এক নম্বৰ দুই নম্বৰী হোৱাৰ আশা কৰাটো মিছা!
চাৰৰ কেইটামান উপপাদ্যঃ
ক. প্ৰতিবাদকাৰী সাক্ষাত দামোদৰ, তেওঁলোকক জেলৰ ভাত এসাজ নোখোৱাকৈ পঠিয়াই দিয়াতো পাপ। ভয়ংকৰ জাতৰ প্ৰতিবাদকাৰীক অন্তত চৈধ্য দিনৰ আতিথ্য দিয়াটো ভাল। আৰু চাৰে দিয়েও, সৌ সিদিনা খিলিখিলি গগৈৰ কথাই ধৰকচোন, মিছা ক'লে কি ডাল হবহে!
খ. অঁকৰা বনি, মিথৈ চোবোৱাৰ টেকনিকটো চাৰৰ বহুদিনৰ আগৰে। নিজে একো নজনা যেন দেখুৱাই সাত-ঘাটৰ চেঙেলী কিছুমানৰ হতুৱাই কাম কৰাই লোৱাৰ ফৰ্মূলাটো তেওঁক আনক নকয়। উপপাদ্য মতে, কাম হোৱাৰ পাছত চেঙেলীকো বিদায় দিয়াই মংগল।
গ. বুট জোতা পিন্ধি ভূই ৰোৱা, ৰাইজৰ মাজৰ এজন হোৱা। চাৰৰ এই উপপাদ্য মতে অসমীয়া মানুহক বেলবুং সজাবলৈ অলপ ৰাইজৰ লগত গঞা টাইপত এদিন ভাওনা কৰিলেই যথেষ্ট। বোকা খচি দিলেতো অসমীয়া ৰাইজে সাত-বছৰলৈ নাপাহৰে। নিৰ্বাচনৰ গাড়ীখন পাঁচ বছৰতে আহেই যেতিয়া চিন্তা কিহৰহে!
ঘ. তদন্ত ঘোষণা যেন তেন, সকলোৱে জানে ফুটুকাৰ ফেন। কিবা হলেই তদন্ত ঘোষণা কৰি মহান হোৱাৰ ভাও ধৰে গগৈ চাৰে। যেন কিবা সৰগ ভাঙি ডাৱৰ আনি মানুহক দিবহি। অসমৰ মানুহে তেৰটা বন্ধ, তিনিটা বিহু পালে সকলো পাহৰি যায়েই। গতিকে ধুমুহা যাবলৈ, ধুমুহা বেগত তদন্ত ঘোষণা কৰা, আৰু তদ-অন্ত মানে তাতেই অন্ত কৰি খেলা খতম কৰা..হেঃ হেঃ মিছা ক'লে কি ডাল হবেহ। দিন আহিব দিন যাব, তেওঁৰ দিনত সকলোৱে খাব, তেওঁৰ উপপাদ্যৰ ভাল দিশ সেইটোৱেই। খোৱা আৰু শোৱা, নিজেও খোৱা, মোকো শুবলৈ দিয়া! হেঃ হেঃ মিছা ক'লে কি ডাল হবহে!
ঙ. নিজৰ বেয়া দিন অহাৰ গোন্ধ পালে, উভতি দৌৰা। অসমৰ মাটি যিমান বিশাল, আমাৰ গগৈ চাৰ সিমানেই ৰসাল। তেওঁৰ এটা ভাল গুণ আছে, বিপদৰ গোন্ধ কুকুৰতকৈ সাতদিন আগতেই পায়। বোলে লোকৰসেৱাৰ বিপদ আহিছে, এনআৰচিৰ জঞ্জালখন আগত পাতি দিয়া। বোলে কেলেংকাৰীৰ কথা ওলাইছে, বিসম্বাদীৰ ভাওনা এখন পাতি দিয়া। এনেকৈয়ে গতিশীল অসমত গতিসূত্ৰ মানি চলি আছে গগৈ ছাৰ। ছাৰে এতিয়া বিজ্ঞাপনত ডাঙৰকৈ আঁৰিব সফলতাৰ হাৰ, আচলতেনো হৈছে কি, খবৰ লবলৈ সময় আছেই বা কাৰ?
মিছা ক'লে কি ডাল হবহে! হেঃ হেঃ হেঃ...

No comments:
Post a Comment