সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ সফল হ’বনে?
দীপাংকৰ মল্ল বৰুৱা

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (NRC) উন্নীতকৰণ বা অদ্যাৱধিকৰণ বিষয়টো দীৰ্ঘ সময় জুৰি চৰ্চাৰ বিষয় হৈ আহিছে। অসম চুক্তিৰ প্ৰায় ত্ৰিশ বছৰ পিছতো অসমত অবৈধ ভাৱে বাস কৰা বিদেশী নাগৰিকৰ চিনাক্তকৰণ এক ডাঙৰ সমস্যা হৈ আছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ নোহোৱাটোৱেই অসমৰ বিদেশী সমস্যা সমাধানৰ অন্তৰায় বুলি মত পোষণ কৰি আহিছে। সাধাৰণ মানুহৰ মনতো এনে এটা ধাৰণাই বাঁহ লৈছে যে নাগৰিকপঞ্জীৰ উন্নীতকৰণ হ’লে অসমত অবৈধ ভাৱে বাস কৰা বিদেশী সকলক চিনাক্ত কৰি বহিষ্কাৰ কৰিব পৰা হ’ব।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ২০০৬ চনতে অসমৰ নাগৰিকপঞ্জী বা এন আৰ চি উন্নীতকৰণৰ বাবে নিৰ্দেশ জাৰি কৰিছিল। ২০১০ চনত ৰাজ্য চৰকাৰে বৰপেটাত এন আৰ চি উন্নীতকৰণৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল। কিন্তু সেই প্ৰক্ৰিয়া আসোঁৱাহপূৰ্ণ আৰু পক্ষপাতিত্বমূলক বুলি অভিযোগ কৰি সদৌ অসম সংখ্যালঘূ ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰিছিল। সেই প্ৰতিবাদ দমন কৰা আৰক্ষীৰ গুলীত কেইবাজনো নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। তেনে পৰিস্থিতিত এন আৰ চি উন্নীতকৰণৰ কাম চৰকাৰে স্থগিত কৰি ৰাখিছিল। কেন্দ্ৰত এন ডি এ চৰকাৰে শাসনভাৰ লোৱাৰ পিছত এন আৰ চি উন্নীতকৰণৰ বাবে বাজেটত ১৪৪ কোটি টকা ধাৰ্য কৰে। উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশ অনুসৰি অসমত ব্যাপক প্ৰচাৰেৰে ৰাষ্ট্ৰীয় এন আৰ চি উন্নীতকৰণৰ কাম আৰম্ভ হৈছে। বৰ্তমান উচ্চতম ন্যায়ালয়ে তদাৰক কৰি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ এজন উচ্চ পদস্থ বিষয়া প্ৰতীক হাজেলাক এন আৰ চি উন্নীতকৰণৰ সমন্বয়ৰক্ষী বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ অনুসৰি ১৯৫১ চনৰ নাগৰিক পঞ্জী আৰু ১৯৭১ চনৰ ২৪ মাৰ্চ তাৰিখৰ আগলৈকে যিকোনো ভোটাৰ তালিকাত থকা নাগৰিকৰ নাম সমূহ Legacy Data নামাকৰণেৰে কম্পিউটাৰৰ তথ্যকোষত জমা কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰতিটো নামৰ বিপৰীতে এটা Legacy Code প্ৰস্তুত কৰি উলিওৱা হৈছে। নাগৰিকপঞ্জী উন্নীতকৰণৰ জাননী অনুসৰি Legacy Dataত নাম থকা ব্যক্তিৰ উত্তৰ পুৰুষৰ নামহে ২০১৬ চনত প্ৰকাশ পাব লগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সন্নিৱিষ্ট হ’ব। যিসকলৰ উপৰিপুৰুষৰ নাম কোনো এখন তালিকাতে নাই তেওঁলোকেও ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ যিকোনো এখন নথি, যেনে – ভূমিস্বত্ব বা ৰায়তীস্বত্বৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰ, পাৰপত্ৰ, ভাৰতীয় জীৱন বীমা নিগমৰ পলিচি, বেংক / ডাকঘৰৰ হিচাপৰ নথি আদি দাখিল কৰি নতুন নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত কৰিব পাৰিব। আনহাতে Legacy Dataত থকা পূৰ্বপুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সম্পৰ্কৰক্ষী নথিৰ (Linkage document) প্ৰয়োজন আছে। জন্মৰ প্ৰমাণ পত্ৰ, PAN Card, বিদ্যালয়ৰ প্ৰমাণ পত্ৰ আদি নথিৰ জৰিয়তে পূৰ্ব পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে।

এন আৰ চি উন্নীতকৰণৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা কেতবোৰ কাৰ্যকৰী জটিলতা মানুহে উপলব্ধি কৰিছে। Legacy Dataত পূৰ্ব পুৰুষৰ নাম বহুতে বিচাৰি পোৱা নাই। বহুত মানুহে পৰিপূৰক নথি সমূহো দাখিল কৰিবলৈ সক্ষম হোৱা নাই। বহুতো অঞ্চলত পৰিপূৰক নথি দাখিল কৰিও প্ৰয়োজনীয় Legacy Code সংগ্ৰহ কৰিব পৰা নাই। Legacy Dataত পূৰ্বপুৰুষৰ নাম বিচাৰি পোৱা সকলৰো বহুতে সম্পৰ্কৰক্ষী নথি (Linkage document) গোটাব পৰা নাই। বানপানী আৰু নানান প্ৰাকৃতিক দুৰ্যোগত সঘনে বাসস্থান সলনি কৰিবলগীয়া হোৱা আৰু প্ৰতিবছৰে নিজৰ সা সম্পদ হেৰুৱাবলগীয়া হোৱা বহুতো মানুহে পুৰণি নথি পত্ৰ হেৰুৱাই পেলাইছে। নথি পত্ৰ সংৰক্ষণৰ প্ৰতি উদাসীনতাৰ বাবেও বহুতো নথি হেৰাই গৈছে। সেয়েহে এতিয়া বহুতো মানুহে নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত কৰিবলৈ নথি পত্ৰ বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে।

বিবাহিতা মহিলা সকলৰ বাবে নিজৰ পিতৃৰ লগত সম্পৰ্ক স্থাপন কৰাটো বাধ্যতামূলক কৰা বাবেও সমস্যাৰ সৃষ্টি হৈছে। বিয়াৰ পিছত মহিলা সকলে যিকোনো নথিত সাধাৰণতে অভিভাৱক হিচাপে পিতৃৰ সলনি নিজৰ স্বামীৰ নাম ব্যৱহাৰ কৰে বাবে তেওঁলোকৰ হাতত পিতৃৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰা নথি নাথাকে। বিয়াৰ আগৰ নথি সমূহো সংৰক্ষণৰ প্ৰতি সচেতনতাৰ অভাৱত হেৰাই গৈছে বা নষ্ট হৈ গৈছে। এনে পৰিস্থিতিত বহুতো মহিলাই পিতৃৰ লগত সম্পৰ্ক স্থাপনৰ নথি বিচাৰি পিতৃগৃহলৈ তাঁত-বাতি কাঢ়িব লগীয়া হৈছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ বাবে যি প্ৰপত্ৰ প্ৰস্তুত কৰা হৈছে, সেয়া পূৰণ কৰাৰ ক্ষেত্ৰতো সাধাৰণ মানুহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। প্ৰপত্ৰখন সাধাৰণ মানুহৰ বাবে দুৰ্বোধ্য হোৱা বুলিও ক’ব পৰা যায়। কেৱল অসমীয়া ভাষাত প্ৰপত্ৰ বিতৰণ কৰাৰ বাবে অনা অসমীয়া সকল বিপাঙত পৰিছে। প্ৰপত্ৰৰ বহুতো স্থানত পোনপেটীয়া উত্তৰৰ সলনি ‘কোড’ (Code) ব্যৱহাৰ কৰাৰ ফলত প্ৰপত্ৰ পূৰণ কৰিবলৈ গৈ মানুহ বিভ্ৰান্ত হৈছে। নিৰ্দিষ্ট আকাৰৰ আৰু শুদ্ধ বগা প্ৰচ্ছদপটত লোৱা ফটোৰ বাহিৰে আন ফটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে মানুহ সমস্যাত পৰিছে। ঘৰে ঘৰে নিৰ্দিষ্ট সংখ্যক প্ৰপত্ৰ বিতৰণ কৰা হৈছে আৰু প্ৰপত্ৰ পূৰণ কৰোঁতে কটা কটি নকৰিবলৈ দঢ়াই দঢ়াই কোৱা হৈছে। ফলত প্ৰপত্ৰখন পূৰণ কৰিবলৈকো সাধাৰণ মানুহ ভীতিগ্ৰস্থ হৈছে।

প্ৰপত্ৰ পূৰণ আৰু নথি সংগ্ৰহৰ নামত সৃষ্টি হোৱা বিভ্ৰান্তিকৰ পৰিস্থিতিয়ে বহুতো মানুহৰ মনত এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াটোৰ প্ৰতি অনীহাৰ সৃষ্টি কৰিছে। বহুতে হেনো যি হয় হ’ব বুলি অদ্যাৱধিকৰণ প্ৰক্ৰিয়াটোৰ পৰাই আঁতৰি আহিছে। এনে মনোভাৱ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে আত্মহনন স্বৰূপ হ’ব পাৰে। ভূতপূৰ্ব মুখ্য নিৰ্বাচনী আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই ঘোষণা কৰিছিল যে অদ্যাৱধিকৰণ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনুসৰি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা হ’ব। ইয়াৰ অৰ্থ এয়ে যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত কাৰোবাৰ নাম যদি বাদ পৰি যায়, তেওঁ ভৱিষ্যতে নিৰ্বাচনত ভোট দিয়াৰ অধিকাৰ হেৰুৱাব লগীয়া হ’ব পাৰে। সেয়েহে এই উন্নীতকৰণ প্ৰক্ৰিয়াত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰনৰ অংশগ্ৰহণ অতি জৰুৰী হৈ পৰিছে। অবৈধ বিদেশী নাগৰিকৰ ভোটাধিকাৰ কৰ্তন কৰিবলৈ দাবী কৰি অদ্যাৱধিকৰণ কৰা নাগৰিকপঞ্জীৰ পৰা যদি অসমৰ খিলঞ্জীয়া মানুহৰ নামেই বাদ পৰি যায়, সেয়া অতি পৰিতাপৰ কথা হ’ব।

এন আৰ চি উন্নীতকৰণৰ বাবে প্ৰকাশিত হোৱা প্ৰচাৰ পত্ৰিকাত স্পষ্টকৈ কোৱা হৈছে যে ১৯৮৫ চনৰ অসম চুক্তি, ১৯৫৫ চনৰ নাগৰিকত্ব আইন আৰু ২০০৩ চনৰ নাগৰিকত্ব বিধিৰ ওপৰত ভিত্তি কৰি অসমত বাস কৰা বৈধ ভাৰতীয় নাগৰিকৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা হ’ব। এই প্ৰক্ৰিয়াটোত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ১৯৭১ চনলৈ ব্যৱহৃত ভোটাৰ তালিকা সমূহক Legacy Dataৰ আধাৰ হিচাপে লোৱা হ’ব। যিহেতু ১৯৭১ চনৰ পিছৰ ভোটাৰ তালিকা সমূহত বহু সংখ্যক অবৈধ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভূক্ত হৈ আছে বুলি সন্দেহ কৰা হৈছে, সেয়েহে ১৯৭১ চনৰ আগৰ তথ্যহে সন্নিৱিষ্ট কৰি এখন ক্ৰুটিমুক্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰি প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তি কৰাই এই অদ্যাৱধিকৰণ প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য। কিন্তু অতি পৰিতাপৰ কথা যে এন আৰ চি উন্নীতকৰণক লৈ এতিয়া কুটিল ৰাজনীতিৰ মেৰপেচ আৰম্ভ হৈছে। কিছু সংখ্যক লোকে নথি পত্ৰ সংগ্ৰহ কৰাত সন্মুখীন হোৱা সমস্যাৰ গইনা লৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৪ চনলৈ ভোটাৰ তালিকাত থকা সকলো লোকৰে নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। Legacy Data ৰ পৰিপূৰক নথি হিচাপে ২০১৪ চনলৈ ভোটাৰ তালিকা গ্ৰহণযোগ্য কৰাৰ দাবী কৰিছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপে এন আৰ চি উন্নীতকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে অন্ত:সাৰশূণ্য ভেকোভাওনাত পৰিণত কৰি তুলিব। যিকোনো নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সময়ত কিছুসংখ্যক লোক সমস্যাৰ সন্মুখীন হোৱাটো অৱধাৰিত। সেই সমস্যা সমূহৰ আশু সমাধানৰ ব্যৱস্থা নকৰি সমগ্ৰ প্ৰক্ৰিয়াটোৰ মূল উদ্দেশ্যটোকে নস্যাৎ কৰি পেলোৱাটো কেতিয়াও সমৰ্থনযোগ্য নহয়। ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ কেতিয়াও জতিৰ স্বাৰ্থতকৈ ডাঙৰ হ’ব নোৱাৰে।

এন আৰ চি উন্নীতকৰণত সাধাৰণ মানুহে সন্মুখীন হোৱা জটিলতা সমূহ আঁতৰ কৰাৰ ব্যৱস্থা অতি সোনকালে হোৱাটো বাঞ্চনীয়। প্ৰপত্ৰ পূৰণ কৰাৰ সহায়ক হোৱাকৈ প্ৰতিজন ব্যক্তিকে একোখন আগতে পূৰণ কৰি থোৱা আৰ্হি প্ৰপত্ৰ যোগান ধৰিব লাগে যাতে আনৰ সহায় নোলোৱাকৈও মানুহে প্ৰপত্ৰ পূৰণ কৰিব পাৰে। প্ৰপত্ৰ খন জটিল হোৱাৰ সুবিধা লৈ এতিয়া একাংশ মধ্যভোগীৰ সৃষ্টি হৈছে যিসকলে প্ৰপত্ৰ পূৰণ কৰাৰ বাবদ নগদ ধন লৈ ব্যৱসায় আৰম্ভ কৰিছে। আনহাতে জালিয়াতিৰে অবৈধ নথি যোগান ধৰা এটা চক্ৰও তত্পৰ হৈ পৰিছে। গাৱেঁ-ভূঞে থকা সাধাৰণ মানুহৰ বাবে নিৰ্দিষ্ট মানদণ্ডৰ ফটো তোলাটোও সহজসাধ্য নহয়। সেয়েহে এন আৰ চি সেৱা কেন্দ্ৰ সমূহতে ফটো তোলাৰ ব্যৱস্থা কৰিব লাগে। সেৱা কেন্দ্ৰ সমূহত প্ৰপত্ৰ পূৰণ কৰোঁতে সহায় কৰিব পৰা ব্যক্তি নিয়োগ কৰিব লাগে যাতে লিখিব পঢ়িব নজনা মানুহেও কোনো সংশয় নোহোৱাকৈ প্ৰপত্ৰ পূৰণ কৰিব পাৰে।

অসমত যুগ যুগ ধৰি বাস কৰা কিছুমান অতি পিছপৰা জাতি জনগোষ্ঠীৰ লোকৰ প্ৰয়োজনীয় নথি সংগ্ৰহৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ কথা জানিব পৰা হৈছে। এই জনগোষ্ঠী সমূহৰ বাবে সুকীয়াকৈ এককালীন ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে তেওঁলোক নাগৰিক পঞ্জী অদ্যাৱধিকৰণৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ বাবে নথিৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিব পৰা যায়। এই সুবিধা আগবঢ়াওঁতে সাৱধান হ’ব লাগে যাতে আন কোনেও এই ব্যৱস্থাৰ অপব্যৱহাৰ কৰিব নোৱাৰে।

এখন শুদ্ধ, ক্ৰুটিমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰি উলিয়াবলৈ হ’লে সকলো শ্ৰেণীৰ লোকৰ সহায় সহযোগ অতি আৱশ্যকীয়। ইতিমধ্যে প্ৰচাৰ মাধ্যম সমূহে এন আৰ চি উন্নীতকৰণৰ বিষয়ে ব্যাপক সচেতনতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত যাতে সাধাৰণ জনতাই আহুকালৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আনহাতে বিষয়টোক লৈ ৰাজনীতি নকৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে এন আৰ চি উন্নীতকৰণৰ কাম আগবঢ়াই নিবলৈ চৰকাৰ তথা সকলো দল সংগঠনে সহায় সহযোগ কৰা উচিত। অন্যথা এন আৰ চি উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো এক বিফল প্ৰচেষ্টা ৰূপে প্ৰতিপন্ন হ’ব।
দুলীয়াজান, ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment