পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) ১০ লক্ষাধিক ভক্তৰ সমাগমেৰে উখল-মাখল হোৱা কামাখ্যা ধামত আজি মহা অম্বুবাচীৰ নিবৃত্তি হ'ব। নিবৃত্তিৰ পিছতে দেৱী দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়।

২) অসমৰ এগৰাকী কৃতী চলচিত্ৰ পৰিচালক মঞ্জু বৰাই পৰিচালনা কৰা বড়ো ভাষাৰ চিনেমা ছবি 'দাওহুদুনি মেথাই' মন্ট্ৰিল ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলৰ 'ফ'কাছ অন ৱৰ্ল্ড চিনেমা' শিতানত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। 'দাওহুদুনি মেথাই' ছবিখনৰ বিষয়বস্তু হ'ল সন্ত্ৰাসজৰ্জৰ জনজাতীয় গাঁও এখনৰ সাধাৰণ মানুহখিনিৰ বিলৈ-বিপত্তি।

৩) অসমত কবিতাৰ চৰ্চাক গতিশীলতা প্ৰদান কৰি অহা সদৌ অসম কবি সন্মিলনৰ সপ্তবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনখন আজিৰে পৰা তিনিদিনিয়া কাৰ্য্যসূচীৰে গোলাঘাটত অনুষ্ঠিত হ'ব। এই সন্মিলনতে কবি হীৰেন্দ্ৰনাথ দত্তক প্ৰদান কৰা হ'ব 'কাব্যঋষি' সন্মান।

৪) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীধৰ ৰাওৰ সৈতে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হোৱা এক বৈঠকৰ পিছত গুৱাহাটীত দহখন নিম্ন আদালত স্থাপনৰ সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে গুৱাহাটীৰ ৰূপনগৰত উক্ত দহখন নিম্ন আদালত স্থাপনৰ বাবে প্ৰয়োজনীয় মাটিৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰে।

৫) ৪ লাখ কৌটি টকীয়া তিনিখন আঁচনি মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই আঁচনি তিনিখন হ'ল- স্মাৰ্ট চিটী মিছন, অটল মিছন ফৰ ৰিজুভিনেশ্বন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেশ্বন, প্ৰধান মন্ত্ৰী আৱাস যোজনা।

৬) 'জিন্দাল অৱ লুইছিয়ানা' হিচাপে পৰিচিত ভাৰতীয় মূলৰ মাৰ্কিন নাগৰিক ৮৮ বছৰীয়া ববী জিন্দালে কালি ২০১৬ চনৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ লক্ষ্যৰে ৰিপাব্লিকান দলৰ হৈ নিজৰ প্ৰাৰ্থিত্ব ঘোষণা কৰে।

৭) ২০০৫ চনৰ আগতে ছপা কৰা ভাৰতৰ ৫০০ টকীয়া নোটবোৰ বেংকত জমা দিয়াৰ সময়সীমা অহা ৩০ জুনৰ পৰিবৰ্তে অহা ৩১ ডিচেম্বৰলৈকে বঢ়াই দিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

৮) সতনাম সিং ভামৰাই ইতিহাস ৰচিলে। বিশ্ব প্ৰসিদ্ধ এন৹বি৹এ৹ত বাস্কেটবল খেলিবলৈ স্থান লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল সতনাম সিঙ। ডাল্লাছ মাভাৰিকে তেখেতক দলত লয়।

No comments:

Post a Comment