পলকতে সুখ-দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ খবৰ

পলকতে সুখ-দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১) খাদ্য সামগ্ৰীত বৰ্ধিত হাৰত ভেজাল হো‌ৱা ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি গাখীৰ,পানী আৰু মিঠাতেলত অন্ত:ত কোনোধৰণৰ ভেজাল দ্ৰব্য যাতে মিহলাব নো‌ৱাৰে,তাৰ ওপৰত সকলো ৰাজ্যকে চোকা নজৰ দিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা এফ.এচ.এচ.আইয়ে । বহুক্ষেত্ৰত 'পেকেজড ‌ৱাটাৰ' সমূহো উচিত মানৰ নহয় বুলি এই সংস্থাটো‌ৱে দাবী কৰি জনসাধাৰণ সতৰ্ক হ'বলৈ আহ্বান জনাইছে ।

২) ড০ ভ‌ৱেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস 'আৰোহণ'এ ২১ দিনীয়াকৈ এক নাট্য প্ৰশিক্ষণৰ আয়োজন কৰিছে অহা ৫ জুলাইৰপৰা া। এই অনুষ্ঠানটি অভিনেত্ৰী মলয়া গোস্বামীৰ তত্বা‌ৱধানত  অনু্ষ্ঠিত হ'ব আৰু ইয়াত নিশিতা গোস্বামী,সঞ্জী‌ৱ বুঢ়াগোহাঁই আদিও জড়িত হৈ থাকিব ।

৩) বেলজিয়ামত চলি থকা হকী ‌ৱৰ্ল্ড লীগৰ ছেমিফাইনেলত দ্বিতীয়বাৰৰ বাবে বিজয়ী হৈছে ভাৰতীয় পুৰুষৰ হকী দলটো ।

৪) ২৬ জুনৰ পৰা মেলবোৰ্ণত অনুষ্ঠিত হ'বলগীয়া অষ্ট্ৰেলীয়ান অপেন টাইকো‌ৱাণ্ডো চেম্পিয়নশ্বিপত অসমৰ দুগৰাকী আন্ত:ৰাষ্ট্ৰীয় ৰেফাৰী আমন্ত্ৰিত হৈছে । তেওঁলোক হৈছে - আলী আহমেদ জাফৰী আৰু দীনেশ গুপ্তা ।

৫) ৰাজহু‌ৱা বিতৰণ ব্য‌ৱস্থাৰে দুখীয়া নিচলাৰ বাবে ৰাজ্য চৰকাৰে যোগান ধৰা সামগ্ৰী সমূহত কৰা অনিয়মৰ অভিযোগত গোলাঘাটৰ উপায়ুক্তই তিনিজন সুলভ মূল্যৰ দোকানীক নিলম্বন কৰিছে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে এই ৰাজহু‌ৱা বিতৰণ ব্য‌ৱস্তাৰ অন্তৰ্গত নিৰ্ধাৰিত হো‌ৱা সকলো সামগ্ৰীৰ স‌ৱিশেষ ‌ৱে‌ৱচাইটত দাঙি ধৰিবলৈ সকলো জিলা কৰ্তৃপক্ষকে কঠোৰ নিৰ্দেশ দিছে ।

৬) শ্ৰীমন্ত শংকৰদে‌ৱ ইন্সিটিউট অ‌ৱ হেল্থ চায়েন্সৰ অন্তৰ্গত ২বছৰীয়া দিপ্লমা ইন ফাৰ্মেছী আৰু তিনিবছৰীয়া নাৰ্ছিং স্নাতক পাঠ্যক্ৰমৰ বাচনী পৰীক্ষাৰ বাবে আ‌ৱেদন-পত্ৰ দি থকা হৈছে । স‌ৱিশেষ জানিব পাৰিব www.ssuhs.in ‌ৱেবচাইটযোগে ।

৭) আন্তৰাষ্ট্ৰীয় যোগ দি‌ৱসৰ স্মাৰক হিচাপে কালি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০ টকীয়া আৰু ১০০ টকীয়া বিশেষ মুদ্ৰা মুকলি কৰিছে । এই মুদ্ৰাৰ এপিঠিত আন্ত:ৰাষ্ট্ৰীয় যোগ দি‌ৱসৰ প্ৰতিকী অংকন কৰা হৈছে ।

৮) পাপৰি ডেকা নামৰ অসম লোকসে‌ৱা আয়োগৰ এগৰাকী পৰীক্ষাৰ্থীয়ে মাত্ৰ ৫ নম্বৰৰ বাবে লিখিত পৰীক্ষাত উত্তীৰ্ণ হো‌ৱা নাছিল। কিন্তু তথ্য জনাৰ আইনযোগে তেওঁ নিজৰ উত্তৰ-বহীৰ নিৰীক্ষণ কৰোতে ধৰা পৰিল যে তেওঁৰ মুঠ প্ৰাপ্ত নম্বৰত ৯ নম্বৰ অন্তৰ্ভুক্ত কৰো‌ৱা হো‌ৱা নাছিল। বৰ্তমানে উচ্চ ন্যায়ালয়ে তেখেতৰ সাক্ষাৎকাৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে লোকসে‌ৱা আয়োগক নিৰ্দেশ দিছে ।

৯) নিবনুৱা যু‌ৱক-যু‌ৱতীৰ দক্ষতা উন্নয়ণৰ হেতু এন.এফ. ৰেল‌ৱেৰদ্বাৰা অহা ১ জুলাইৰ পৰা কাৰপেন্ট্ৰী, ‌ৱেল্ডিং, পেইন্টিং আৰু মেছিনেৰী বিষয়ত দুমহীয়াকৈ এটি প্ৰশিক্ষণৰ ব্য‌ৱস্থা কৰা হৈছে । স‌ৱিশেষ পাব পাৰিব এই নম্বৰত ফোনযোগে - ৯৯৫৭৫৫০৮৬৪

১০) অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মহানগৰ কাৰ্যালয়ৰ জৰিয়তে অকলশৰীয়া মহিলা বিধ‌ৱা সকলৰ বাবে একককালীন সাহাৰ্য (১৫০০০ টকা) দিয়াৰ বাবে আ‌ৱেদন পত্ৰ বিচৰা হৈছে । ইয়াৰ লগতে সমগ্ৰ অসমজুৰি বিকলাংগসকলৰ দক্ষতা বিকাশ আঁচনিৰ অধীনত একককালীনভা‌ৱে ১০০০০/- টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবৰ বাবেও আ‌ৱেদন-প্ৰপত্ৰ বিচৰা হৈছে ।

No comments:

Post a Comment