পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ ভাল খবৰবোৰ
১) অন্ধত্ব কোনো সাফল্যৰ হেঙাৰ নহয় বুলি প্ৰমাণ কৰি দেখু‌ৱালে ২৫ বছৰীয়া চেন্নাই স্নাতক এন.এল. বেণু জেফাইন নামৰ মহিলা গৰাকীয়ে। ভাৰতীয় ষ্টেট বেংকত প্ৰ‌ৱেছনাৰী অফিছাৰ হিচাপে কৰ্মৰত বেণুয়ে ইতিমধ্যে ভাৰতীয় বিদেশ সে‌ৱাৰ বাবে  নিৰ্বাচিত হৈছে। প্ৰথমে ব্ৰেইলী পদ্ধতিৰে কিছু পঢ়া-শুনা কৰিছিল যদিও পাছলৈ দেউতাকক প্ৰতিদিনে পু‌ৱা খবৰ-কাকজখন পঢ়ি শুনাবলৈ দিছিল দুয়োটা চকুৰে সম্পূৰ্ণকৈ নেদেখা এই বেণু নামৰ চূড়ান্ত আত্ম-সাহসী ছো‌ৱালীজনীয়ে। বেনু-জেফাইন হৈছে দেশৰ প্ৰথমগৰাকী অন্ধ আই.এফ.এচ. বিষয়া ।

২) ২০১২ বৰ্ষৰ লণ্ডন অলিম্পিকত ডিছকাছ থ্ৰ'ত সপ্তম স্থান প্ৰাপ্ত ভাৰতৰ কৃষ্ণা পুণিয়াই এতিয়া লাভ কৰিব উক্ত প্ৰতিযোগিতাত ষষ্ঠ স্থান লাভৰ প্ৰমাণ -পত্ৰ। প্ৰতিযোগিতাখনিৰ স্থানৰ এনে সালসলনি ঘটিছে ৰাছিয়াৰ ৰূপৰ পদকপ্ৰাপ্ত খেলু‌ৱৈগৰাকীৰ দেহত নিষিদ্ধ দ্ৰব্যৰ উপস্থিতিৰ প্ৰমাণ হো‌ৱাৰ পাছত।

৩) কালি কেন্দ্ৰীয় দূৰসংযোগ  মন্ত্ৰী ৰবীশংকৰ প্ৰসাদে আগ্ৰাদপৰ্যটকৰ সুবিধাৰ বাবে এটি অভূতপূৰ্ব সে‌ৱাৰ উন্মোচন কৰে। এই সে‌ৱামতে যিকোনো পৰ্যটকে বিশ্বৰ সাতোটি আশ্বৰ্যৰ ভিতৰত অন্যতম তাজমহলত ফুৰিবলৈ গ'লে ইয়াৰ ৩০ মিটাৰ ব্যাসাৰ্ধত বিনামূলীয়া ইন্টাৰনেট সে‌ৱা আধা ঘন্টা সময়ৰ বাবে উপভোগ কৰিব পৰিব । এই ‌ৱাই-ফাই ব্য‌ৱস্থাৰে যিকোনো লেপটপ,পামটপ বা স্মাৰ্টফোনকো ইন্টাৰনেট সংলগ্ন কৰি ল'ব পৰা যাব ।

৪) অহা পাঁচ বছৰত ডেৰ হাজাৰ কিলোমিটাৰ জো‌ৰা পথ পকীকৰণৰ বাবে ভাৰত চৰকাৰে হাতত লৈছে 'ভাৰত-মালা' প্ৰকল্প। এই প্ৰকল্পৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত মুঠ ৬০০ কি.মি. পথ নিৰ্মাণৰ বাবে এন.এইচ্চ.আই.ডি.চি.এল.ক সৰ্বমুঠ ১৮,৫৯৯ কোটি টকাৰ আ‌ৱন্টন দিয়া হৈছে।

৫) চৰকাৰী খণ্ডৰ দূৰসংযোগ সে‌ৱা আগবঢ়ো‌ৱা প্ৰতিষ্ঠান বি.এচ.এন.এলে যো‌ৱা সোমবাৰৰপৰা আগবঢ়াইছে বিনামূলীয়া ৰোমিং সে‌ৱা। এতিয়াৰে পৰা যিকোনো বি.এচ.এন.এল উপভোক্তাই অতিৰিক্ত ৰোমিং মাচুল অবিহনেই ইনকামিং ফোন কল পাব পাৰিব ।

৬)  ভাৰতীয় ফুটবল খেলু‌ৱৈ তথা ষ্ট্ৰাইকাৰ সুনীল চেট্টীয়ে সদ্যহতে লাভ কৰিছে এক অনন্য কৃতিত্ব। গু‌ৱামৰ বিৰুদ্ধে ২০১৮ বৰ্ষত হ'বলগীয়া বিশ্বকাপ ফুটবলৰ যোগ্যতা নিৰ্ণয়কাৰী খেল এখনত কালি গ'ল দি ভাৰতৰ হৈ মুঠ ৫০ টা আন্তৰ্জাতিক গ'ল দিয়া প্ৰথমজন ব্যক্তিৰ খিতাপ লাভ কৰে চেট্টীয়ে।

৭) বাংলাদেশৰ বিভিন্ন ঠাইত শিবিৰ পাতি সন্ত্ৰাসবাদ কাৰ্য চলাই যো‌ৱা বিভিন্ন সংগঠনৰ বিপক্ষে অভিযান চলাবলৈ বৰ্তমানে সষ্টম হৈ উঠিছে বাংলাদেশ চৰকাৰে। এই বিষয়ে কিছুদিন পূৰ্বে সৌহাৰ্দপূৰ্ণ আলোচনা চলে বি.এচ.এফ. আৰু বি.জি.বি.(বোৰ্ডাৰ গাৰ্ডছ, বাংলাদেশ)ৰ মাজত। আৰু বি.জি.বি.ৰ হাতত ইতিমধ্যে ৩৯ টা তেনে উগ্ৰপন্থী শিবিৰৰ অ‌ৱস্থানৰ তথ্য হাতত আহি পৰিছে বুলি গম পো‌ৱা গৈছে ।

৮) জাতীয় লোক-সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত কৰিবলগীয়া কিছু কাৰ্যসূচীৰ অংশ হিচাপে কলিয়াবৰৰ হাতবৰ মহিলা-সমিতিয়ে অনুষ্ঠিত কৰিছে 'দিহানাম প্ৰতিযোগিতা'। ১০ জুনত সামৰণি পৰা এই প্ৰতিযোগিতাত মুঠ ২৭ টা প্ৰতিযোগী দলে অংশ লয়।

৯) ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি আৰু দূৰসংযোগ মন্ত্ৰালয়ৰ অধীনস্থ নেইলিট(আগেয়ে ড'-এক নামেৰে জনাজাত)এ ইয়াৰদ্বাৰা পৰিচালিত বিভিন্ন কম্পিউটাৰ পাঠ্যক্ৰমৰ বাবে উপযুক্ত প্ৰাৰ্থীৰপৰা আ‌ৱেদন-পত্ৰ বিচাৰিছে । উল্লেখ্য যে এই পাঠ্যক্ৰমসমূহৰ নিয়োগ সম্ভা‌ৱনা খুবেই বেছি আৰু মাচুলো অতি বেছি নহয়। ইয়াৰ কেন্দ্ৰ অসমৰ গু‌ৱাহাটী, যোৰহাট, তেজপুৰ,শিলচৰ আৰু কোকৰাঝাৰ অ‌ৱস্থিত। স‌ৱিশেষৰ বাবে চাওঁক- http://www.guwahati.nielit.gov.in

১০) সমগ্ৰ বিশ্বতে বৰ্তমানে প্ৰায় ১,৩১৪ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে সদ্য মুক্তিপ্ৰাপ্ত 'জুৰাছিক ‌ৱৰ্ল্ড'  নামৰ চলচ্চিত্ৰখনে । ভাৰতৰ ইৰফান খানে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা এই ছ‌ৱিখন ইতিমধ্যে বিশ্বৰ ৬৬ খন ৰাষ্ট্ৰৰ ছ‌ৱিঘৰত মুক্তি দিয়া হৈছে ।

No comments:

Post a Comment