বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শক্তি উৎপাদন, নেপালৰ বিধংসী ভূঁইকপ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্মীয়মান বৃহৎ নদীবান্ধ
ডাঃ বিৰাজ কুমাৰ শৰ্মা

পুনৰ আৰম্ভ হৈছে বৃহৎ নদীবান্ধকেন্দ্ৰিক বিতৰ্ক। শেহতীয়াকৈ কেন্দ্ৰীয় শক্তিমন্ত্ৰী পীয়ুষ গোৱেলে সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্থবিৰ হৈ থকা কামৰ পুনৰ আৰম্ভ কৰি শক্তি উৎপাদনৰ বাবে লক্ষ্য স্থিৰ কৰা ঘোষণাই সৰ্বত্ৰে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে শেহতীয়াকৈ আমাৰ দেশৰ চুবুৰীয়া নেপালক ৰিখটাৰ স্কেলত ৭.৬ প্ৰাবল্যৰ এক ভুঁইকপে হিমালয়ৰ এই দেশখনক জোকাৰি যোৱাৰ পিছত এতিয়া সৰ্বত্ৰে আতংকৰ সৃষ্টি কৰিছে আৰু অসমবাসীৰ মাজত এই বৃহৎ নদীবান্ধক লৈ চৰ্চা দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অসমত এই আতংক বৃদ্ধি পাইছে কাৰণ ভূ-বিজ্ঞানীসকলে বহুদিন আগৰেপৰাই সঁকিয়াই আহিছে যে যিকোনো মূহুৰ্ততে এক বৃহৎ ভূমিকম্প ই জোকাৰি যাব পাৰে অসমক আৰু শেহতীয়াকৈ নেপালত হৈ যোৱা প্ৰলয়ৰ পিছত ইয়াৰ ধ্ধংসলীলাৰ কথা অনুমান কৰিয়েই যেন আতংকগ্ৰস্ত হৈ পৰিছে সকলো। ভূমিকম্পই মানুহ নামাৰে, হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হ’ল মানব সৃষ্ট সা-সম্পত্তিৰ পৰোক্ষ প্ৰভাব তথা অপৰিকল্পিত ভাৱে সজা ঘৰ-দুৱাৰ আৰু আন আন স্থাপত্য সমূহ যিবোৰে ক্ষয়-ক্ষতিৰ পৰিমান বৃদ্ধি কৰে আৰু বৃহৎ নদীবান্ধবোৰো হৈছে মানৱসৃষ্ট স্থপতিৰেই অংশ।

আনহাতে হিমালয়ৰ সৃষ্টি হৈছিল ইন্দো-ইউৰেচিয়ান প্লেটৰ সংঘৰ্ষৰ বাবেই আৰু অদ্যপী হিমালয় এক সুস্থিৰ অৱস্থাত উপনীত হোৱা নাই আৰু বিশেষজ্ঞসকলৰ মতে পৃথিৱীৰ সকলো পৰ্বততকৈ হিমালয় পৰ্বতমালা এতিয়াও যেন প্ৰাপ্তবয়স্কত উপনীত হ’ব পৰা নাই আৰু যাৰ বাবে হিমালয়ৰ গঠন প্ৰক্ৰিয়া অদ্যপী বৰ্তী আছে আৰু ইণ্ডিয়ান প্লেট আৰু ইউৰেচিয়ান প্লেটৰ গতি আৰু পাৰস্পৰিক সংঘৰ্ষৰ বাবেই এতিয়াও হিমালয়ৰ উচ্চতা বৃদ্ধি পাই আছে আৰু ইয়াৰ গৰ্ভত হোৱা বিভিন্ন ক্ৰিয়া -প্ৰক্ৰিয়াৰ বাবে এই অঞ্চলটি ভূ-কম্পপ্ৰৱণ অঞ্চলসমূহৰ অন্যতম। এইবাৰৰ ভূমিকম্পই যেন ভয়ানকভাৱে নেপালৰ মানচিত্ৰকেই সলাই পেলালে। যাৰ বাবে নেপাল তিনি মিটাৰ উত্তৰলৈ আগুৱাই গৈছে বুলি তথ্য আহিছে আৰু ভাৰতৰ উত্তৰৰ ভূ-ভাগো নেপালৰ দক্ষিণলৈ দহ ফুট সুমাই গৈছে বুলি বিশেষজ্ঞসকলে মত পোষন কৰিছে।

এতিয়া সকলোতে এটাই প্ৰশ্ন, যদিহে নেপালৰ সদৃশ বৃহৎ ভূমিকম্পই অসম তথা উত্তৰ-পূব ভাৰতক জোকাৰি যায়, তেন্তে ইয়াৰ ক্ষয়-ক্ষতিয়ে কেনে বিধ্ধংসী ৰূপ ল’ব ! আৰু এইক্ষেত্ৰত সকলোৱে এই কথা ভাবিবলৈ ধৰিছে যে যদিহে এনে ভূমিকম্পই উত্তৰ পূৰ্বাঞ্চলত নিৰ্মীয়মান বৃহৎ নদীবান্ধসমূহৰ আন্তঃগাঠঁনি ভাঙি পেলায়, তেন্তে তেতিয়া কেনে প্ৰলয়ৰ সূচনা হ’ব সেইয়া যেন কল্পনাতীত | এই কথাই যেন অসমৰ বৃহৎ নদীবান্ধৰ বিতৰ্কিত বিষয়টোৱে যেন পুনৰ নতুন ৰূপ লোৱাত ইন্ধন যোগাইছে | তাৰোপৰি শেহতীয়াকৈ ঘোষণা কৰা অৰুনাচলত নিৰ্মাণ হ’ব লগা দিবাং জলবিদ্যুৎ প্ৰকল্পই সকলোকে এই কথা ভাবিবলৈ বাধ্য কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত যেন কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ উদাসীন |


অসমত বৃহৎ নদীবান্ধ বিতৰ্ক তথা বিৰোধিতা যেন নতুন বিষয় নহয় আৰু এই লৈ সময়ে সময়ে তীব্ৰ আন্দোলনৰ সূত্ৰপাত হৈছে। আনহাতে যোৱাবছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণৰ অংশ হিচাবে ভূটানত ৬০০ মেগাৱাট শক্তি সম্পন্ন নদীবান্ধৰ আধাৰশিলা স্থাপনৰ পিছৰেপৰাই অসমৰ সকলোতে বিতৰ্কৰ সুত্ৰপাত ঘটে আৰু শেহতীয়াকৈ নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পক লৈ কেন্দ্ৰীয় চৰকাৰৰ আকোৰগোজ স্থিতি তথা মোডী চৰকাৰৰ ওলোটা খৰে অসমৰ সকলোতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই কথাই যেন প্ৰতীয়মান কৰে যে অসমবাসীৰ বাবে জলবোমা সদৃশ তথা অসমবাসীৰ ভবিষ্যত বিপদসংকুল কৰি হিমালয়ৰ পাদদেশত গঢ়ি উঠা এই বৃহৎ নদীবান্ধৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰো নৰম স্থিতি আছে।

এই কথাত কাৰো দ্বিমত নাই যে এখন ৰাষ্ট্ৰৰ প্ৰগতি আৰু দ্ৰুত উন্নয়ণ হ’বলৈ হ’লে ই শক্তি উৎপাদনৰ ক্ষেত্ৰত স্বাবলম্বী হ’ব লাগিব নাইবা অফুৰন্ত শক্তিৰ যোগান থাকিব লাগিব। আনহাতে আমাৰ দেশত বিদ্যুত শক্তিৰ চাহিদা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু অনাগত দিনত আৰু অধিক বৃদ্ধি পাব। বিদ্যুৎ শক্তিৰ বাবে আমাৰ দেশ ভাৰতবৰ্ষ ঘাইকৈ জলবিদ্যুৎ, তাপবিদ্যুৎ, সৌৰশক্তি আদিৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰশীল যদিও আনবোৰৰ তুলনাত জলবিদ্যুৎ উৎপাদন কম খৰচী হোৱাৰ লগতে পৰিবেশৰ ওপৰতো বৰ বিশেষ বিৰূপ প্ৰভাব নেপেলায়। তেনেস্থলত দেশৰ আন অংশৰ তুলনাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ পাদদেশত অৱস্থিত খৰস্ৰোতা নদীসমূহত বান্ধ দি শক্তি উৎপাদনৰ সম্ভাৱনীয়তাৰ উপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অৰুনাচলকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৃহৎ নদীবান্ধ গঠন কৰি সমগ্ৰ দেশৰ বিদ্যুৎশক্তিৰ চাহিদা পূৰণ কৰাত ব্ৰৰ্তী হৈছে। ইয়াৰোপৰি হিমালয়ৰ পাদদেশত অবস্থিত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানটো জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে ভাৰত চৰকাৰে আৰ্থিকভাবে তথা সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে।

কিন্ত্ত অতি দূৰ্ভাগ্যজনকভাবে অকল কম খৰচী জলবিদ্যুৎ উৎপাদনৰ নামত এই অঞ্চলৰ জনগণৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি যেন আওকান কৰি যোৱাহে পৰিলক্ষিত হৈছে। তাৰ নিদৰ্শন এনেবোৰ বৃহৎ নদী্বান্ধে যে অসমত জলবোমা সদৃশ হৈ এই অঞ্চলৰ জনসাধাৰনক এক সাম্ভাব্য বিপদৰ মাজত আবদ্ধ কৰি ৰাখিব, এই কথা যেন বুজিও নুবুজাৰ ভাও লৈছে কেন্দ্ৰীয় চৰকাৰে । অসমত অতবোৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন, প্ৰতিবাদ, অসমৰ জনগণৰ মত আন্দোলন আদিক যথোচিত গুৰুত্ত্ব নিদি যেন দেশৰ উন্নয়নৰ স্বাৰ্থত এই অঞ্চলৰ জনতাৰ আবেগ অনুভূতিক ভৰিৰে মোহাৰি সকলোৱে অগ্ৰসৰ হৈছে ।


অসম নদীমাতৃক দেশ। অসম তথা উত্তৰ-পূব ভাৰতবৰ্ষৰ এই নদীসমূহৰ উৎসত লুকাই আছে সমগ্ৰ দেশৰ বিদ্যুৎত উৎপাদন কৰিব পৰা শক্তিৰ ভঁৰাল। এই সম্ভাৱনীয়তাক আগত ৰাখি সকলোকে আগবাঢ়ি আহিছে বিদ্যুৎশক্তি উৎপাদনৰ লক্ষ্য আগত ৰাখি। কিন্ত্ত এই কথা অনস্বীকাৰ্য যে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভূকম্পপ্ৰবন অঞ্চলত অৱস্থিত আৰু ৰিখটাৰ স্কেলত সাত বা তাতোধিক প্ৰাবল্যৰ ভূমিকম্প আহিলে এই অঞ্চলৰ এনে বৃহৎনদীবান্ধসমূহ যিকোনো মূহুৰ্ততে ভাঙি যাব পাৰে আৰু প্ৰলয়ৰ সৃষ্টি কৰিব পাৰে । ইয়াৰ উদাহৰন ১৯৫০ চনৰ বৰভুঁইকপ। ৰিখটাৰ স্কেলত ৮.৬ প্ৰাবল্যৰ এই ভূমিকম্পৰ আগে আগে হোৱা মূষলধাৰ বৰষুন আৰু ভূমিস্খলনে সোঁৱনশিৰিৰ উৎসক ভেটা দি এক প্ৰাকৃতিক নদী বান্ধৰ সৃষ্টি কৰিছিল আৰু তিনিদিনৰ বাবে সোঁৱনশিৰি নৈ শুকাই গৈছিল। এই প্ৰাকৃতিক পৰিঘটনাক বহুতেই গুৰুত্ত্ব দিয়া নাছিল আৰু সকলোৱেই সোঁৱনশিৰিৰ বুকুত মাছ ধৰাৰ আনন্দত ব্যস্ত আছিল যদিও এজন ইংৰাজ ভদ্ৰলোকে এই কথা লক্ষ্য কৰিছিল আৰু নিজৰ আকাশীযানখনেৰে ইয়াৰ সত্যতা উদ্ঘাটন কৰিবৰ বাবে যাত্ৰা কৰিছিল আৰু তেওঁ লক্ষ্য কৰিছিল সোঁৱনশিৰিৰ উৎসত সৃষ্টি হোৱা সেই ভয়ানক দৃশ্য । যিকোনো মূহুৰ্ততে ভাঙি প্ৰলয় সৃষ্টি কৰিব পৰা এনে প্ৰাকৃতিক বান্ধৰ দৃশ্য দেখি তেওঁ ততাতৈয়াকৈ এইক্ষেত্ৰত জনসাধাৰনক সজাগ কৰাৰ উদ্দেশ্যে কিছুমান পত্ৰিকা লিখি জনসাধাৰনৰ মাজত বিয়পাই দিছিল যদিও সেই সময়ত কোনেও এইক্ষেত্ৰত কৰ্ণপাত নকৰিলে বা গুৰুত্ত্ব দিব লাগে বুলি নাভাবিলে। যাৰ বাবে এদিন পুৱা সকলোৱে মাছ ধৰাৰ আনন্দত ব্যস্ত হৈ থাকোতে এই প্ৰাকৃতিক বান্ধ ভাঙি নামি অহা পৰ্বতসমান পানীৰ ধলে নিমিষতে সকলো উটুৱাই নিয়াৰ লগতে সমগ্ৰ লক্ষীমপুৰ জিলাতে এক প্ৰলয়ৰ সৃষ্টি কৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে সেই পানীৰ উচ্চতা হেনো নাৰিকল গছৰ উচ্চতাৰ সৈতে সমান আছিল । কিন্ত্ত আজি সেই সোৱনশিৰিৰ বুকুতেই ২০০০ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদীবান্ধ নিৰ্মান কৰাৰ ফলত অদূৰ ভবিষ্যতেও যে এনে প্ৰলয়ৰ সৃষ্টি নহ’ব তাক নুই কৰিব নোৱাৰি।

আজি ঠিক তেনেদৰে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প ইও জ্বলা-কলা খুৱাই আছে লক্ষীমপুৰবাসী ৰাইজক  কাৰণ মাত্ৰ ৪০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষমতা থকা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানীভাগ বহনক্ষমতাৰ অধিক হ’লে হঠাতে এৰি দিয়াৰ ফলশ্ৰুতিত ৰঙানদীৰ বহনক্ষমতাৰ অধীক হোৱাৰ হেতুকে ইয়াৰ অৱবাহিকাৰ ওপৰত বিৰূপ প্ৰভাব পেলাইছে আৰু লগতে একাংশ পানী ডিক্ৰং নৈত পেলোৱাৰ বাবে সেই পানীভাগ ডিক্ৰং নদীৰো বহনক্ষমতাৰ অধিক হোৱাৰ হেতুকে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহতো এক বানপানী সৃষ্টি কৰি প্ৰলয় সৃষ্টি কৰি আহিছে। তেনেক্ষেত্ৰত ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন বৃহৎ নদীবান্ধ সৃষ্টি হ’লে আৰু কেনে বিপৰ্যয়ৰ সন্মূখীন হ’ব লাগিব সেইয়া উত্তৰ যেন অদৃষ্টজনৰ হাততহে আছে। ঠিক তেনেদৰে নামনি অসমতো ভূটানে এৰি দিয়া অতিৰিক্ত পানীভাগে এই অঞ্চলৰ জনসাধাৰনক কেনেদৰে জীয়াতু ভোগাই আহিছে তাক ভাষাৰে বৰ্ণাব নোৱাৰি। ২০০৪ চন আৰু ২০০৭ চনৰ সেই প্ৰাকৃতিক বিপৰ্যয় হয়তো নামনি অসমৰ প্ৰায় সকলো লোকৰ মানসপটত জীয়াই আছে। সেই প্ৰতিবাৰেই ভূটানৰ কুৰিশ্বু নদীৰ বান্ধ খুলি দিয়াৰ ফলশ্ৰুতিত তেনে বিপৰ্যয় হৈছিল বুলি তথ্য আছে । তাৎপৰ্যপূৰ্ণ কথাতো এয়েই যে মাত্ৰ ৬০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষমতা থকা নদীবান্ধেই যদি নামনি অংশত বাস কৰা অসমবাসীলৈ বিপৰ্যয় কঢ়িয়াই আনিব পাৰে, তেনেস্থলত বৰ্তমান ভূটানত নিৰ্মান কৰিবলৈ ওলোৱা ৬০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ শক্তি থকা নদীবান্ধে কেনে বিপৰ্যয় আনিব পাৰে সেইয়া সহজেই অনুমেয় ।


কিন্ত্ত আচৰিত যে এনেবোৰ বিপদ মুৰৰ ওপৰত ৰাখি তথা বিপৰ্যয়ৰ সৈতে সহাবস্থান কৰিও কিন্ত্ত অসমবাসী ৰাইজে ইয়াৰ পৰা কোনো লাভবান নহয় । কাৰণ সদায়ে বিতৰ্কৰ মাজত থকা সোৱনশিৰিৰ বৃহৎ নদীবান্ধেও কিন্ত্ত অসমবাসীৰ বাবে বৰ বিশেষ এটি আশাৰ বতৰা কঢ়িয়াই নানে । কাৰণ আজি ৰাজ্যখনত য’ত সৰ্ব্বোচ্চ সময়ত প্ৰয়োজনীয় বিদ্যুতৰ চাহিদা ১২০০ মেগাৱাট আৰু ৰাজ্যখনৰ নিজা উৎপাদন আছে মাত্ৰ ২০০ মেগাৱাট আৰু বাহিৰৰ পৰা ক্ৰয় কৰা বিদ্যুতৰ পৰিমান ৮০০ মেগাৱাট আৰু তৎস্বত্তেও ২০০ মেগাৱাট বিদ্যুতৰ ঘাটি আছে, তেনেস্থলত সোৱনশিৰি প্ৰকল্পৰ পৰা অসমে লাভ কৰা বিদ্যুতৰ পৰিমান হ’ব মাত্ৰ ২৫ মেগাৱাট বিনামূল্য আৰু ২০০ মেগাৱাট কিনিব পাৰিব উত্তৰ প্ৰদেশে কৰ আৰোপ কৰাৰ পিছতহে। অৰ্থাৎ অসমৰ সম্পদ ব্যৱহাৰ কৰি, অসমৰ ৰাইজৰ ভবিষ্যত বিপদৰ মাজত ৰাখি তথা অসমৰ ৰাইজক গিনিপিগ সজাই মাত্ৰ কণা হাহঁক পতান দি ঠগোৱাৰ দৰে প্ৰয়াস কৰিছে বিদ্যুৎ উৎপাদনকাৰী সংস্থা সমূহে। অন্যহাতে সোৱনশিৰিৰ নিৰ্মীয়মান বান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ কমিটিৰ নিৰ্দেশনাক উলাই কৰাৰ অভিযোগো উত্থাপিত হৈ আহিছে। কাৰন অসম তথা উত্তৰ-পূৰ্বাঞ্চল আজি য’ত ভূমিকম্প প্ৰৱন অঞ্চলৰ পঞ্চম মণ্ডলত অবস্থিত, তেনেস্থলত প্ৰকৃত বিজ্ঞান সন্মত নীতি-নিৰ্দেশনা মানি নচলিলে যিকোনো মূহুৰ্ততে বৃহৎ নদীবান্ধ ভাঙি প্ৰলয়ৰ সৃষ্টি কৰাৰ সম্ভাবনা নুই কৰিব নোৱাৰি । বিজ্ঞানৰ আৱিস্কাৰত বিপদৰ আশংকা থাকিবই কিন্ত্ত এই বিপদৰ পৰা ৰক্ষা পাবলৈ উন্নত প্ৰযুক্তিগত আহিলা তথা উদ্ভাবনত গুৰুত্ত্ব দিয়াটোহে আচল কথা। কিয়নো যদিহে কোনো প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে এই নদীবান্ধ ভাঙিবলৈ হয়, তেন্তে মূহুৰ্তৰ ভিতৰতে নিশ্চিহ্ন হৈ যাব পাৰে লখিমপুৰ, ধেমাজী আৰু মাজুলীৰ জনসাধাৰনে নিজৰ আত্মৰক্ষাৰ বাবেও শেষ সময়কণ নাপাব ।

কাৰণ, বিশেষজ্ঞই উনুকিয়াই দিছে যে মাত্ৰ ১৫ মিনিটৰ ভিতৰত প্ৰায় ১৫ ফুট উচ্চতাৰে অহা পানীয়ে উটুৱাই লৈ যাব সকলো । গতিকে এনে সাম্ভাব্য বিপদৰ পৰা পৰিত্ৰাণ বিচাৰি সকলোৱে এই নদীবান্ধৰ বিৰুদ্ধে থিয় দিছে আৰু কোনো কোনো ক্ষেত্ৰত বান্ধৰ উচ্চতা হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ত্ব আৰোপ কৰিছে । এই বৃহৎ নদীবান্ধে অন্য এটা দিশৰ প্ৰতিও বহুতৰেই দৃষ্টি কাঢ়িছে, সেইয়া হৈছে ইয়াৰ ফলত জৈৱ-বৈচিত্ৰৰ ওপৰত পৰিব লগা ঋণাত্মক প্ৰভাৱবোৰ । কাৰণ নদীৰ ঊৎসত বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰাৰ ফলত যেতিয়া বিদ্যুৎ উৎপাদনৰ বাবে সন্ধিয়া পানী এৰি দিয়া হ’ব যদিও দিনৰ ভাগত এই পানী জমা কৰি ৰখা হ’ব । যাৰ ফলত দিনৰভাগত সোৱনশিৰিত পানীৰ পৰিমান কমি যাব যদিও সন্ধিয়া পানীৰ পৰিমান বাঢ়ি যাব, যাৰ ফলত এনে বঢ়া টুটাৰ ফলশ্ৰুতিত জলজ উদ্ভিদ, জলজ প্ৰানী সমূহৰ অস্তিত্ত্বৰ প্ৰতিও ভাবুকি আহিব । অন্যহাতে বাৰিষাৰ সময়ত অতিপাত বৰষুনৰ ফলত বান্ধৰ বহন ক্ষমতাৰ বাহিৰৰ অতিৰিক্ত পানীভাগ এৰি দিয়াৰ ফলত নামনি অংশত কেনে বিপৰ্যয়ৰ সৃষ্টি হ’ব তাক হয়তো দুনাই দোহৰাৰ প্ৰয়োজন নাই।

অন্যহাতে বান্ধত গেদ নিষ্কাষনৰ কোনো ব্যবস্থা নথকাৰ হেতুকে এই জমা হোৱা গেদ সমূহেও নৈখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব । কাৰন এক নিৰ্দিষ্ট ঘনত্ত্বত এই গেদসমূহ নদীৰ সোঁতে কঢ়িয়াই নিয়ে যদিও পানীৰ বঢ়া টুটাৰ বাবে তথা পানীৰ স্ৰোত কমি যোৱাৰ বাবে এই গেদসমূহ নদীৰ বুকুত জমা হৈ নদীখন তৰাং হোৱাতহে হয়তো সহায় কৰিব । ইয়াৰ ফলত সোৱনশিৰিৰ বহন ক্ষমতা কমি যোৱাৰ হেতুকে নদীৰ অৱবাহিকাত বিৰূপ প্ৰভাব পৰাৰ লগতে সামান্য বৰষূণতে বানপানীৰ সৃষ্টি কৰাৰ লগতে এই অঞ্চলৰ কৃষিজীৱি ৰাইজৰ জীৱনধাৰাৰ ওপৰতো প্ৰভাব পৰাৰ লগতে নৈখনৰ অপমৃত্যু ঘটাব । তেতিয়া হয়তো মৃতপ্ৰায় সোৱনশিৰিৰ বুকুত আমি থিয় হৈ ক’ব লাগিব যে ইয়াত এখন নৈ আছিল ।


এই কথা অনস্বীকাৰ্য যে দেশৰ প্ৰগতিৰ বাবে বিদ্যুৎ শক্তি লাগিবই আৰু বৃহৎ নদীবান্ধৰ বিৰুদ্ধাচৰণ কৰা মানে এই কথা নুবুজাই যে সেইসকল সকলোধৰণৰ নদীবান্ধৰ বিৰোধী বা উন্নয়নৰ বিৰোধী । কিন্ত্ত সাম্ভাব্য বিপদৰ কথা জানি শুনিও ৰাজ্যখনৰ জনসাধাৰনক জলবোমাৰ মাজত আবদ্ধ কৰি ৰাখি দেশক পোহৰাবলৈ যোৱাটো কোনোক্ষেত্ৰতে যুক্তিসংগত নহয় । আনহাতে এই কথাও ঠিক যে হাজাৰ হাজাৰ কোটি ধন ব্যবহাৰ কৰাৰ পিছত এই প্ৰকল্প বন্ধ কৰি দিয়াৰো কোনো যুক্তি নাই । কিন্ত্ত বিপদৰ দিশবোৰলৈ লক্ষ্য ৰাখি বিপদৰ আশংকা লাঘৱ কৰিবলৈ বান্ধৰ উচ্চতা হ্ৰাস, বৃহৎ নদীবান্ধৰ পৰিবৰ্তে সৰু সৰু বা মজলীয়া আকাৰৰ বহুমুখী নদী বান্ধ, নদীৰ নামনি অংশত পৰিব পৰা ঋনাত্মক প্ৰভাবৰ প্ৰতি আগতিয়া সতৰ্কতা গ্ৰহণ, ৰাজ্যৰ জনসাধাৰনৰ আবেগ অনুভূতিক গুৰুত্ত্ব প্ৰদান আদি দিশবোৰৰ প্ৰতি ধ্যান দিয়া উচিত। এইয়া এখন গনতান্ত্ৰিক দেশৰ গনতান্ত্ৰিক চৰকাৰৰ দায়িত্ত্ব।

আগতেই উল্লেখ কৰা হৈছে যে ভূমিকম্পই মানুহ নামাৰে, ক্ষয়-ক্ষতি তথা হতাহতৰ সংখ্যা বৃদ্ধি পায় মানৱসৃষ্ট কাৰ্যকালাপৰ পৰাহে। আমি প্ৰকৃতিৰ দাস আৰু প্ৰকৃতিৰ ক্ৰোধক আমি প্ৰত্যাহ্বান জনাই প্ৰতিহত কৰিব নোৱাৰো যদিও আমি নিজকে সুৰক্ষিত কৰিব পাৰো । নেপালত হৈ যোৱা ভূঁইকপৰ পৰা আমি শিক্ষা লোৱা উচিত | অন্যথাই জানি শুনিও যে বিপদৰ দুৱাৰমুখলৈ ঠেলি দি জনসাধাৰণক গিনিপিগ সাজি দেশৰ ভবিষ্যতৰ সপোন দেখাটো হ’ব চূড়ান্ত গৰ্হিত কাম | এই কথা আমাৰ সকলোৱে এবাৰ হৃদয়াংগম কৰা উচিত।

লেখকৰ ঠিকনাঃ মাৰফৎ- শ্ৰী নব কুমাৰ শৰ্মা, ঠিকনাঃ চাংসাৰী (সেনা চাউনীৰ ওচৰত),পোঃঅঃ চাংসাৰী, জিলাঃ কামৰূপ (অসম) ই মেইল: birajsarma704@gmail.com

No comments:

Post a Comment