Sunday, June 14, 2015

সম্পাদকলৈ চিঠি

মুষ্টিমেয় কবি-সাহিত্যিকেৰে 
অসমীয়া ভাষা জীয়াই ৰাখিব নোৱাৰি
প্ৰণৱ শইকীয়া

সম্পাদক মহোদয়,
অসমীয়া সাহিত্যৰ জগতত প্ৰৱীণ সকলে নবীন সকলক প্ৰেৰণা নোযোগায় বা আগুৱাবলৈ পথ নেদেখুওৱাৰ অভিযোগটো আজিৰ নহয়। নাম কৰা সাহিত্যিক সকলে আনকি নতুন ল'ৰা-ছোৱালীৰ লেখালৈ কেৰাহীকৈ নাচায় বুলিও কোৱা শুনো। কিন্তু অনুভৱ কৰো, মানুহে যিমানেই যি নকৰক লাগে, সদায়েই আনৰ সৃষ্টিক সন্মান আৰু আনক প্ৰেৰণা দিব পাৰিব লাগে! কাৰণ কোনো মানুহেই জন্মৰে পৰা কবি-সাহিত্যিক হৈ নাহে।


আপুনি কেৱল নিৰ্বাচিত কবি-গল্পকাৰৰ হে কবিতা গল্প পঢ়িব, আপোনাৰ লেখা সকলোৱে পঢ়িব, অথবা আপুনি কেৱল নতুন সকলে জেঙ-জাৱৰ লিখে, সাধনা নাই ইত্যাদি অভিযোগেই কৰি থাকিব, এনে ঠেক মনোবৃত্তি সাহিত্যৰ ক্ষেত্ৰত আচলতে থাকিবই নালাগে। কিন্তু দুখজনক ভাৱে এনে মানসিকতা বিদ্যমান।

প্ৰবীণ সকললৈ আহ্বান জনাও, আপোনালোকেও নবীন সকলৰ সৃষ্টিবোৰ পঢ়ক। অনুজসকলৰ ভুলবোৰক আঙুলিয়াওক! তেওঁলোকে কেনেকৈ সাহিত্য চৰ্চাৰ দিশত আগবাঢ়িব লাগে তাৰ পথ দেখুৱাওক। মনত ৰাখিব, কেৱল মাত্ৰ আপোনালোক কেইজনমান মুষ্টিমেয় কবি-সাহিত্যিকে অসমীয়া ভাষা জীয়াই ৰাখিব নোৱাৰে! জ্যেষ্ঠ সকলে বিদায় ল'লে নবীন সকলেই এই ভাষা, জাতিৰ ধ্বজ বহন কৰি নিব লাগিব।


বহুতে কয় ভৱিষ্যতে কেৱল মাত্ৰ চৰ অঞ্চলতহে অসমীয়া ভাষা জীয়াই থাকিব! আৰে মহান লেখকসকল, আপোনালোকৰ অহং ভাৱটোৰ বাবেই অসমীয়া ভাষাৰ এই অৱস্থা! বেছিভাগ প্ৰবীণ সাহিত্যকৰে হেনো ল'ৰা-ছোৱালীয়ে অসমীয়া পঢ়িবই নাজানে। অথচ সৰু সৰু ঠাইৰ পৰা উঠি অহা নৱ-প্ৰজন্মই কিবা কৰিম বুলি ভাবিলেও আপোনালোকৰ সমালোচনাতে চুকত সোমায়গৈ ! হয়তো, আপোনালোকতকৈ নিজৰ ভাষা, সংস্কৃতিক ভাল পোৱা উঠি অহা নতুন যুগৰ বহুত মানুহ আছে। আপোনালোকক শ্ৰদ্ধা কৰা মানুহ আছে বাবেহে আপোনালোক শ্ৰদ্ধাৰ পাত্ৰ হৈ আছে, সেই কথাও পাহৰি নাযাব।

ফেচবুকতে বহুতে কবিতা লিখিছে। তাকে লৈও আকৌ গঞ্জনা, বোলে অকবিতাৰ বান উঠিছে। পাঠক আৰু সময়ে নিজাকৈ সৃষ্টিবোৰৰ মূল্যায়ন নিশ্চয়কৈ কৰিব। কিন্তু ইয়াৰ আগতেই কটু সমালোচনাৰে সৃষ্টিৰ গজালিবোৰকে মৰিষণ কৰা মানসিকতা দেখি সহ্য কৰিব নোৱাৰা হৈছো! ক'ম ক'ম বুলিও থাকি যায়! প্ৰকৃততে ক্ষোভ উজাৰিছো, মহান মানুহবোৰে যেন গাত পাতি নলয় !

No comments:

Post a Comment