প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যোগাসন আৰু নামাজ
আবিদ আজাদ
কেইবছৰমান পূৰ্বে মুছলমান বন্ধু এজনক কথা প্ৰসংগত এবাৰ কৈছিলোঁ যে নামাজ হৈছে এটি ভাল ব্যায়াম (Exercise)। পিছে নামাজক এক্সাৰচাইজ বুলি কোৱাৰ কাৰণে তেওঁ বৰ এটা ভাল পোৱা নাই যেন লাগিছিল৷ নামাজক ব্যায়াম বুলি কিয় কম! তেনেস্থলত নামাজক কেনেবাকৈ এক প্ৰকাৰ 'যোগাসন' বুলিলে কি হ'ব বাৰু! এনে ধৰণে ভবা মুছলমানৰ সংখ্যা হয়তো কমো নহয়। 'নামাজ' বা 'যোগাসন'ৰ প্ৰতি থকা সংকীৰ্ণ ধাৰণাই হয়তো ইয়াৰ এটা কাৰণ। আন এটা কাৰণ হয়তো যোগাসনৰ অত্যাধিক ধৰ্মীয়কৰণ। অৱশ্যে এয়া স্বাভাৱিকো। প্ৰাচীণ ঋষি-মুণি সকলে যোগসাধনাৰ দ্বাৰাই ঈশ্বৰক ধ্যান কৰিছিলে। ঠিক যেনেকৈ হজৰত মহম্মদে নামাজৰ দ্বাৰা আল্লাহৰ সাধনা কৰিছিলে। ভাৰতীয় মুছলমানে ভাৰতৰে সৃষ্টি এই প্ৰাচীন ব্যায়াম বিধক কেনেকৈনো নকৰো বুলি ক'ব পাৰিব? যোগাসনৰ উপকাৰ নাই বুলি কোনোবা মুৰ্খয়ো হয়তো কেতিযাও নক'ব! মাথোন ইয়াৰ ৰাজনীতিকৰণ আৰু ধৰ্মীয়কৰণ হ'ব নালাগে।

হজৰত মহম্মদৰ জীৱন শৈলী লক্ষ্য কৰিলে দেখা যায় যে তেখেতে প্ৰতিটো দৈনন্দিন কাম-কাজত সঠিক অংগ-সঞ্চালনৰ ওপৰত অত্যাধিক গুৰুত্ব দিছিলে। খাওতে, শুওতে, শৌচ কৰোতে, আলাপ কৰোতে বা বহোতে তেখেতে কিছুমান নিৰ্দিষ্ট শৈলী অৱলম্বন কৰিছিল। এইবোৰকে চুন্নত বা চুন্নতি তৰিকা বুলি কোৱা হয়। ঈশ্বৰৰ ধ্যান কৰোতে অৰ্থাৎ নামাজ পঢ়োতে যি বিশেষ শৈলীৰে উঠা-বহা কৰা হয় – সেয়া প্ৰধানত মোহম্মদৰে আৱিষ্কাৰ। নামাজ পঢ়োতে কেৱলতো উঠা-বহা কৰা নহয়; সেইবোৰ হৈছে একোটা আসন। আল্লাহক স্মৰণ কৰা, ধ্যান কৰা কিছুমান বিশেষ শৈলীৰ আসন।
সাধাৰণতে কোৰানৰ আয়াতবোৰ ভাটৌৰ দৰে মুখস্ত মাতি নামাজ পঢ়া মানুহে নামাজত থকা আধ্যাত্মিক দিশটো উপলব্ধি কৰিব কেনেকৈ? একেদৰে নামাজৰ উথক-বৈঠকৰ স্বাস্থ্যসন্মত আংগিক সঞ্চালনবোৰ নুবুজাকৈ কেৱল উঠা-বহা কৰিলে নামাজত থকা শাৰিৰীক ব্যায়ামৰ দিশটোও উপলবদ্ধি কৰিব নোৱাৰি। মোহম্মদে ঘন্টাৰ পাছত ঘন্টা অতি ধীৰ-সুস্থিৰেৰে নামাজ পঢ়া বুলি জনা যায়। অৰ্থাৎ নামাজ পঢ়াৰ সময়ত তেওঁ কোৰানৰ আয়াতবোৰ পঢ়োতে বুজি-বুজি অতি মনযোগেৰে পঢ়িছিল আৰু একে সময়ত ঈশ্বৰক ধ্যানো কৰিছিল। ঠিক ধ্যান মগ্ন যোগীৰ দৰে।

মুছ্লমান মানুহে দিনত পাছ প্ৰহৰ (পাছৱক্ত) নামাজ পঢ়াৰ নিয়ম। এই পাঁচ প্ৰহৰত চল্লিছবাৰৰো বেছি উঠা-বহা কৰিব লগীয়া হয়। (এইবোৰক ৰাকাত বোলে)। নামাজৰ এই আসনবোৰৰ ভাৰতীয় যোগাসনৰ সৈতে কিছুমান সাদৃশ্য দেখা যায়। যেনে: -

১) কিয়াম: নামাজ পঢ়োতে ঠিয় হৈ ধ্যান কৰা কাৰ্য। এই সময়চোৱাত ব্যক্তিজনে দেহৰ সমস্ত ভৰ ভৰি দুখনৰ ওপৰত দিয়ে, ৰাজহাড় পোন কৰি ৰাখে, আৰামত উশাহ লয়, চকুৰ দৃষ্টি কপালৰ পোনকৈ মাটিত ৰাখে আৰু কোৰানৰ আয়াত পঢ়ি ঈশ্বৰক একান্ত ধ্যান কৰে।
২) ৰুকু: আঠুৰ ওপৰত দুই হাতেৰে ভৰ দি ঈশ্বৰক স্মৰণ কৰা কাৰ্য। 'পশ্চিমোত্তনাসন'ৰ সৈতে 'ৰুকু'ৰ কিছু সাদৃশ্য আছে। এই আসনতো ৰাজহাড় পোন কৰি দেহৰ ভৰ আঠুৰ ওপৰত দি ধ্যান কৰা হয়। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাস ভাল হয়, স্নায়ুবোৰ দৃঢ় হয়, ৰক্ত-সঞ্চালন বাঢ়ে আৰু তল পেটৰো ব্যায়াম হয়।
৩) ছিজদা: 'শশাংকাসন'ৰ সৈতে 'ছিজদা'ৰ যথেষ্ট সাদৃশ্য আছে। 'ছিজদা' দিওতে সন্মুখলৈ হালি কপালটো মাটিত স্পৰ্শ কৰা হয়। দেহ শিথিল অৱস্থাত থাকে। 'শশাংকাসন'ৰ ফলত শৰীৰৰ যি যি লাভ হয়, 'ছিজদা'ৰ ফলতো সেই লাভবোৰ পোৱা যায়।
৪) জলছা: 'বজ্ৰাসন'ৰ সৈতে 'জলছা' আসনৰ কোনো পাৰ্থক্য নাই বুলিয়ে ক'ব পাৰি। ধ্যানৰ বাবে 'নামাজ'ৰ এইটোয়ে হয়তো উৎকৃষ্ট আসন। 'বজ্ৰাসন'ৰ পৰা শৰীৰ-মনৰ যি উপকাৰ হয়, 'জলছা'ৰ দ্বাৰাও সেই উপকাৰবোৰ লাভ কৰিব পাৰি।

যোগ হৈছে ভাৰতবৰ্ষৰ গৌৰৱ, সুপ্ৰাচীন ধৰোহৰ। ধৰ্ম নিৰ্বিশেষে হাজাৰ বছৰৰ পৰা ভাৰতীয় লোকে যোগ কৰি আহিছে। সেয়ে যোগাসনক ধৰ্মীয় ৰং সনা অনুচিত। কিছুমান মানুহে য'তে-ত'তে ধাৰ্মিক প্ৰলেপ সানিব বিচাৰে। তেওঁলোকে বিহুকো ধৰ্মীয়কৰণ কৰিব খোজে, লাচিত বৰফুকনকো ধৰ্মযোদ্ধা সাজিব খোজে, ৰাষ্ট্ৰীয় গীতকো ধৰ্মৰ চকুৰে চাব খোজে, তাজমহলকো মছজিদ ক'ব খোজে। ধৰ্মৰ ভাল গুণ অজস্ৰ থাকিলেও এটা কথা মন কৰা উচিত- ধৰ্ম য'তেই সোমাই তাতেই গণ্ডগোল লগায়।

দেওবন্দ দাৰুল উলুমে ব্যক্ত কৰিছিল- শৰীৰৰ বাবে উপকাৰী কোনো ব্যায়ামেই বৰ্জনীয় নহয়। ইণ্ডোনেছিয়াত যোগ নিষিদ্ধ কৰাৰ সময়ত দাৰুল উলুমৰ প্ৰৱক্তা আকীল ছিদ্দিকীয়ে ২০০৯ চনৰ ২৮ জানুৱাৰীত প্ৰতিবাদ কৰি কৈছিল - ইছ্লামে যোগাসন বা কোনো ধৰণৰ শাৰীৰিক ব্যায়াম কৰিবলৈ কাকো নিষিদ্ধ কৰা নাই। (Islam does not prohibit anyone from practicing yoga or any other kind of physical exercise.- rediff NEWS, January 29, 2009.)


মন কৰিবলগীয়া যে বিশ্বক যোগাসনৰ সৈতে চিনাকি কৰাই দিয়া প্ৰথম ব্যক্তিজনেই আছিল পাৰস্যৰ আল-বেৰুনি। একাদশ শতিকাতে তেওঁ পতঞ্জলিৰ যোগসূত্ৰবোৰ আৰবী আৰু পাৰ্চী ভাষালৈ তৰ্জমা কৰিছিল। পিছৰ পৰ্যায়ত যোগপুথি 'অমৃতকুণ্ড'খনো আৰবী আৰু পাৰ্চী ভাষালৈ অনুদিত হৈছিল। আমাৰ ছুফী সাধক সকলৰ ওপৰতো যোগাসনৰ প্ৰভাৱ মন কৰিব লগীয়া। বহু ছুফীপন্থীয়ে জোৰে জোৰে নিশ্বাস এৰি 'লা-ইলাহা-ইল্লাল্লাহ', 'লা-ইলাহা-ইল্লাল্লাহ' (আল্লাহৰ বাদে কোনো উপাস্য দেৱতা নাই) বুলি আল্লাহৰ গুণ-গান কৰা মাজাৰ বা দৰগাহ আদিত সততে দেখা পোৱা যায়। 'কপালভাটি'ৰ সৈতে ইয়াৰ কিছু কিছু মিল থকা যেনো লাগে।

হিন্দু হওক বা মুছলমান হওক, সাধাৰণ ৰাইজে সাধাৰণতে সৰলভাৱেই সকলো কথা লয়৷ বাৰতবৰ্ষত চুফীসাধক আৰু ভক্তিবাদীসকলে সেই সৰল হ্ৰদয়েৰে মানুহৰ অন্তৰত প্ৰেম জগাই তুলিছিল৷ কিন্তু বদমাচ ৰাজনীতিক আৰু ধূৰন্ধৰবোৰে এই সৰলতাৰ সুযোগ গ্ৰহণ কৰি নিজস্ব স্বাৰ্থ পূৰণ কৰিব বিচাৰে৷ সমাজৰ সচেতন ৰাইজেই বিষয়টোত সজাগতাৰ সৃষ্টি কৰি এনে ন্যস্ত-স্বাৰ্থৰ পদক্ষেপবোৰক প্ৰতিহত কৰিব লাগিব।

No comments:

Post a Comment