জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাৰীৰ সাজ-সজ্জা আৰু মহাভাৰত
অজয় লাল দত্ত
ৰাতি নৈশসেৱাৰ বাবে অফিচলৈ যোৱাৰ বাটত সমুখত এখন বাইকত বহি যোৱা এগৰাকী মহিলাৰ এবেগেতমান দীঘল(?) স্কাৰ্ট, কবিৰ ভাষাত দুষ্ট বতাহে উৰুৱাই নিয়াত তেওঁৰ তলৰ সৰু কাপোৰ দৃশ্যমান হৈ পৰিছে। ৰাজহুৱা স্থানত এনে দৃশ্য বৰ দৃষ্টিকটু! সমুখলৈ চাই গাড়ী চলাই যোৱা ড্ৰাইভাৰজনে অলপ ইতস্তত কৰি ক'লে-"চাৰ ক'লে সৰু মুখ, ডাঙৰ ডাঙৰ কথা বুলি কব, পিছে অতীতত নাৰীৰ বস্ত্ৰহৰণৰ বাবে মহাভাৰত হৈছিল, পিছে এতিয়া আপুনি পিন্ধিবলৈ কওচোন, তেতিয়াহে মহাভাৰত হব"! স্পষ্টবাদী কথাখিনি শুনি নিজেও তাৰ সত্যতা অনুভৱ নকৰি নোৱাৰিলো।

হয়, আজি নাৰীবাদৰ প্ৰৱল জোৱাৰ আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰৱল বাণিজ্যিক আগ্ৰাসনত আমাৰ সমাজৰ নাৰীসকলৰ সাজ-সজ্জাৰ প্ৰৱল সালসলনি ঘটিছে। এয়া মাত্ৰ মায়া নগৰী মুম্বাইতে নহয়, বজাৰৰ সৈতে, টিভিৰ পৰ্দাই বা আন মাধ্যমে আধুনিক ফেশ্বন বুলি আকৰ্ষণীয় ৰূপত তুলি ধৰা বিভিন্ন ৰুচিকৰ-অৰুচিকৰ সাজ-পোচাকক আমাৰ নাৰীসমাজে গাঁৱে-নগৰেও আদৰি লবলৈ লৈছে। বিষয়টোত কেতিয়াবা কোনো বিতৰ্ক হলেও নাৰীৰ পোছাকক লৈ মন্তব্য কৰাজনক ৰুচিহীন, ঠেক-গণ্ডীৰ, তালিবানী মানসিকতাৰ আদি ধৰণৰ শেলমাৰি মুখবন্ধ কৰিবলৈ খোদ-নাৰী সমাজক প্ৰতিনিধিত্ব কৰা আগৰণুৱা সকলে চেষ্টা কৰা টিভিৰ পৰ্দাত বা আলোচনাৰ মাধ্যম সমূহত দেখিবলৈ পোৱা গৈছে।

এই আলোচনাৰ মূল লক্ষ্য পিন্ধিব লগা কাপোৰৰ চুটি, দৈৰ্ঘ্য মাপ নিৰুপণ নহয়। কিন্তু শালীনভাৱে পোছাক পৰিচ্ছদ পিন্ধাটো আমাৰ সকলোৰে কৰ্তব্য। কোনো পোছাক দেখি বেয়া দৃষ্টি বা ঘটনাৰ সন্মুখীন হোৱাতকৈ কাপোৰৰ প্ৰাথমিক লক্ষ্য আবুৰ ৰখাৰ ব্যৱস্থা কৰিলে নিশ্চয়কৈ একো বেয়া কথা নহয়। আধুনিক ফেশ্বনৰ অৰ্থ একমাত্ৰ দেহৰ অংগ প্ৰদৰ্শনকাৰী বেশ-ভূষাই নহয়, বহু আধুনিক পোছাকৰ আৰ্হি অতীৱ সুন্দৰ আৰু মাৰ্জিতও। পিছে পৰিধান কৰোতাৰ মনেহে সেয়া বাছি লয়।

পোছাক পৰিধান কৰাৰ বিষয়ত এক সাক্ষাতকাৰত ভাৰতৰ এগৰাকী শীৰ্ষস্থানীয় ডিজাইনীৰ ৰিতু বেৰীয়ে কৰা মন্তব্য এই প্ৰসংগত উল্লেখ কৰিব পাৰি। তেওঁ কৈছিল- "I wear my attitude". এই অভিমতে বহন কৰা অৰ্থকেই জানো বাস্তৱিকতে সমাজেও গ্ৰহণ নকৰে। বেশভূষাই মানুহৰ মানসিকতাও প্ৰদৰ্শন কৰে বুলি মানুহে বিশ্বাস কৰে। দেহৰ ঢাকিবলগীয়া অংশক প্ৰয়োজনতকৈ অধিক উন্মুক্ত কৰি ৰখাকেই জানো ফেশ্যন বুলি কয়? সেয়াও চিন্তা কৰিবলগীয়া।

ওচৰৰ ম'ললৈ গ'লে প্ৰায়েই পৰ্যবেক্ষণ কৰো, চুটি কাপোৰ অথবা দেহৰ উৰ্ধাংশ উন্মুক্ত কৰি কাপোৰ পিন্ধা সকল বেছি ভাগেই নাৰী। বেছিকৈ মহিলাই আধুনিকতাৰ নামত এনে কাপোৰ পৰিধান কৰিবলৈ তাড়ণা অনুভৱ কৰা বা পিন্ধাৰ বিপৰীতে কিন্তু পুৰুষ সকলৰ নগন্য সংখ্যকহে হাফ-পেণ্ট অথবা চুটি কাপোৰত দেখিবলৈ পোৱা যায়। প্ৰশ্ন হয়, মহিলাৰ সাজপাৰৰ বিষয়ত হস্তক্ষেপ সূচক মন্তব্য কৰিলে সাধাৰণতে ঘৰে ঘৰে মহাভাৰতৰ দুই এটা অধ্যায়ৰ সৃষ্টি হয়েই। মেখেলা-চাদৰ পিন্ধিবলৈ ক'লেই পুৰুষজনক আপুনিও চুৰীয়া পিন্ধিক বুলি কোৱাতো যেন এক স্বাভাৱিক উত্তৰ। কিন্তু পুৰুষৰ তুলনাত নাৰীৰ সাজপোছাকত ফুটি উঠা উন্মুত্ততা বা প্ৰদৰ্শনকামীতাৰ বিষয়টোত চাগৈ আমি সকলোৱেই সহমত প্ৰকাশ কৰিব লাগিব। চাদৰ মেখেলা,শাৰী অথবা ভাৰতীয় পাৰম্পৰিক সাজপাৰৰ বাহিৰেও পশ্চিমীয়া আৰ্হিৰ কাপোৰকো মাৰ্জিত ৰূপত অথচ আকৰ্ষণীয়কৈ পিন্ধিব পাৰি। এগৰাকী মাতৃতুল্য ব্যক্তিয়ে চিনেমাটো পুৰুষ সকলৰ ভাল সাজপাৰৰ বিপৰীতে নায়িকা বা নৰ্তকীক কম কাপোৰ পিন্ধায় কিয় বুলি প্ৰশ্ন তোলাটো নিশ্চয়কৈ যুক্তি-সংগতই। নাৰীক ক্ৰমাত ভোগৰ সামগ্ৰী কৰি তোলা বুলি অভিযোগ তোলা সমাজখনে নাৰীক এনে ভোগবাদী বা পণ্যৰ ৰূপ দিয়াৰ প্ৰচেষ্টাকো বাৰণ কৰিব লাগিব। আৰু এই প্ৰচেষ্টাৰ আগভাগ আমাৰ মাতৃ সকলেই গ্ৰহণ কৰিব লাগিব।

অসমীয়া ভাষাৰ ফঁকৰা যোজনাইও "যেনে দেশ, তেনে ভেশ" বুলি সাজপাৰৰ এটি স্বাভাৱিক আৰ্হি দাঙি ধৰিছে। পৰিবেশ চাই সাজপাৰ পৰিধান কৰাৰ প্ৰয়োজন। অসমৰ গাঁৱে-ভূঞে নাইটি পিন্ধি বুকুত গামোচা এখন লৈ বজাৰৰ পৰা মাছ পৰ্যন্ত আনিবলৈ যোৱাৰ দৃশ্য সুলভ হোৱাটোও এটা দৃষ্টিকটু কথাই নহয়নে। শুৱনি কোঠাৰ সাজপাৰ, বাহিৰৰ, স্কুলৰ, পূজা বা পাৰ্বনৰ সকলোৰে জানো প্ৰকাৰ বা ভিন্নতা নাই? মাৰ্জিত ৰূপত চাফাকৈ পিন্ধা পৰিবেশৰ সৈতে খাপখোৱা যিকোনো পোছাকেই আচলতে প্ৰশংসনীয় হয়। মানুহৰ বয়স চায়ো পোছাক পিন্ধিব লাগে। আজিকালি কিছুমান বিগতা যৌৱনাইও নিজৰ বয়সক আওকান কৰি যিবোৰ সাজপাৰ কৰিবলৈ ধৰা দেখা যায়। পিছে সেইবোৰে তেওঁক সমাজত ভাল প্ৰশংসাৰ পাত্ৰ কৰা সলনি চকুৰ আঁৰত গোপিনীমেলত পৰচৰ্চাৰহে কেন্দ্ৰবিন্দু কৰি তোলে। কিছুমান ছোৱালীয়ে ঘৰত অভিভাৱকে মানা কৰা বাবে মনে মনে ৰাহি ধনেৰে নিজা পচন্দৰ কাপোৰ কিনি স্কুলৰ বেগত লুকুৱাই লৈ গৈ, ম'ল বা বান্ধৱীৰ ঘৰত সলাই পাৰ্টি কৰিবলৈ প্ৰলুদ্ধময় তথাকথিত 'পাৰ্টি-ৱেৰ' পিন্ধি যায়। ইয়াৰ দ্বাৰা নিজকে সময়ৰ সৈতে ফেৰ মিলাব নোৱোৰা বদনাম(?)ৰ পৰা ৰক্ষা কৰা বুলিহে ভাবে, অভিভাৱক গঞা, কঠোৰ, সময়ৰ সতে খাপ নোখোৱা বুলি উপলুঙাহে কৰে।

সিদিনা এবেগেতীয়া হট-পেণ্ট এটা পিন্ধি প্ৰতিবেশী কুৰিবৰ্ষীয়া যুৱতীয়ে কলেজলৈ চাৰ্টিফিকেট আনিবলৈ যাওঁ বুলি মাত লগাই গ'ল। সেই মুহূৰ্তত কিন্তু স্কুল তথা কলেজত অন্তত সুবিধাজনক আৰু সকলোৰ গ্ৰহণ যোগ্য ইউনিফৰ্ম বাধ্যতামূলক হবই লাগে বুলি অনুভৱ কৰিলো। সমাজখন কেতিয়াও চূড়ান্ত সীমাত চলিব নোৱাৰে, আমি চলিব লাগিব একোটা গ্ৰহণযোগ্য অপাৰেটিং ৰেঞ্জত। যেনেকৈ মুখকে ধৰি সৰ্বত্ৰ ঢাকি চকুযোৰেও নেটৰ মাজেদিহে চাব পৰা অতি-বোৰ্খাৰ চিষ্টেম গৰিহণাযোগ্য, তেনেকৈ সমালোচনাৰ পাত্ৰ অতি চুটি বা দৃষ্টিকটু সাজপোচাকো, সেই কথাও আমি উপলদ্ধি কৰিব লাগিব।


সিদিনা সান্ধ্য ভ্ৰমণৰ বাবে যাওতে মন কৰিলো, অতি চুটি আৰু উন্মুক্ত ধৰণৰ সাজপাৰ পিন্ধি এগৰাকী মধ্যবয়সী নাৰী খোজকাঢ়ি আছে। পিছে পিছে তেখেতৰেই দহ-বাৰ বছৰীয়া কন্যা। কন্যায়ো মাক চায়েই জীয়েক জাতি কথাৰ সাৰ ৰক্ষা কৰি একেধৰণৰ সাজ-পোছাক পৰিধান কৰিছে। সেই কন্যাৰ এখন হাতত ধৰি হাঁহি মাতি কথা পাতি আহি আছে শাৰী পৰিহিতা, শান্ত সৌম্য এগৰাকী বয়োজ্যোষ্ঠা মহিলা। অনুমান কৰিলো, তেওঁ নিশ্চয়কৈ আধুনিকাৰ মাতৃ আৰু কিশোৰীৰ আইতাকেই হব। কাৰণ শাহুৱেক হোৱা হ'লে নিশ্চয়কৈ ৰাজহুৱা স্থানত এই সাজপাৰত ইমান আনন্দময় পৰিবেশত নিশ্চয়কৈ আহি নাথাকিল হয়। এতিয়া প্ৰশ্ন হয়, ছোৱালীৰ মাকে কিয় নিজৰ ছোৱালীক বিয়া দিয়াৰ পাছত আন এখন ঘৰৰ সন্মানৰ বাহক হিচাবে মাৰ্জিত সাজপাৰ পিন্ধিবলৈ জোৰ দিব নোৱাৰে। আৰু সেইখিনি কথাকে কোৱাৰ বাবে শাহুৱেকবোৰ হৈ পৰে বোৱাৰীবোৰৰ অপ্ৰিয়। নিজৰ খেয়াল খুচি মতে কাপোৰ পৰিধানৰ স্বাধীনতা নিদিয়াটোও ভাৰতীয় সমাজত আজি পো-বোৱাৰীয়ে বেলেগকৈ থকা, বৃদ্ধাশ্ৰমত সংখ্যা বৃদ্ধিৰ এটা কাৰক হৈ পৰিছে। আচৰিত লাগে, একেধৰণৰ কাপোৰকে বোৱাৰীক পিন্ধিবলৈ নিদিয়ে, অথচ নিজৰ জীয়েকে সেইবোৰ পিন্ধিলে হেনো মাকবোৰে বোলে একো কব নোৱাৰে! এয়াও নাৰী সমাজৰ এক দুৰ্বোধ্য অভিযোগেই। কিন্তু সমাজ এখনক সুস্থ ৰূপ দি ৰখাৰ বা সঁকিয়াই থকাৰ দ্বায়িত্ব কেৱল শাহুৱেক সকলৰে নিশ্চয়কৈ নহয়, ইয়াত বৃহত্তৰ মাতৃ সমাজে নিজৰ স্পৰ্শকাতৰ অথচ সামাজিক দায়িত্ববোধৰ নিদৰ্শন দেখুৱাব লাগিব।

পৰিধান কৰা কাপোৰত নাৰীৰ চৰিত্ৰ লিখা নাথাকে। আধুনিক বা প্ৰদৰ্শনকামী কাপোৰ পিন্ধা দেখিলেই যে সেই নাৰী দুঃচৰিত্ৰা তেনে কোনো কথা নাই। কিন্তু বহুতেই প্ৰথম দৃষ্টিতে কাপোৰ চায়েই মনোভাৱ পোষণ কৰি লোৱাৰো উদাহৰণ সমাজত দেখিবলৈ পোৱা যায়। সাজ-সজ্বাই মানসিকতাৰ ৰেশ হয়তো প্ৰতিফলিত কৰিব পাৰে, কিন্তু চৰিত্ৰ নহয়! সেয়ে সাজপাৰ দেখিয়েই ম'ৰেল পুলিচিঙৰ নামত সমাজৰ অভিভাৱক দেখুৱাবলৈ কেতিয়াও যাব নালাগে। আৰু নাৰী সকলেও এনে অপৰাধক প্ৰলুদ্ধ কৰাৰ পৰিবেশ সৃষ্টি নোহোৱা কৰিবলৈ সৰ্তক হোৱাৰ প্ৰয়োজন নিশ্চয়কৈ আছে।


সদৌ শেষত টেবুলত থকা মিড-ডে নামৰ পেপাৰখন লুটিয়াই আমাৰ কনমানি সন্তানটি এঠাইত ৰৈ গৈছে। তাত উন্মুত্ত দেহবল্লৰী প্ৰদৰ্শন কৰি থকা মডেললৈ আঙুলিয়াই দেখুৱাই সি কৈছে, দেতা এই বা বেয়া ন? কিয়, মোৰ প্ৰশ্ন। সি কৈছে চোৱাচোন, এয়া কেনেকৈ পেট ওলাই আছে, এয়া বুকু ওলাই আছে! মোৰ উত্তৰ দিবলৈ একো নাছিল, মনে মনে ভাবিছিলো, আঢ়ৈ বছৰীয়া কনমানি এটাই দৃষ্টিকটু, বেয়া বুলি অনুভৱ কৰিব পৰা কথাখিনিনো বাৰু আমাৰ ডাঙৰ সকলেনো কিয় বুজি উঠিব নোৱাৰো!

No comments:

Post a Comment