Friday, June 12, 2015

পৰ্যবেক্ষণ

পশুচিকিৎসকক কচাই বুলি ক’বলৈ ক’ত
অধিকাৰ পালে অধিবক্তা নেকিবুৰ জামানে?

ডাঃ বিৰাজ কুমাৰ শৰ্মা
যোৱা ৬ জুন, ২০১৫ তাৰিখে অসমৰ জনপ্ৰিয় বাতৰি কাকত 'দৈনিক অগ্ৰদূত'ৰ শনিবৰীয়া বিশেষ শিতানত নেকিবুৰ জামান ডাঙৰীয়াই লিখা ঠচতুষ্পদী ৰকী, ডিউক, কালুৰ মৃত্যুৱে উদঙাই থৈ গ’ল উন্নত পশু চিকিৎসাৰ নামত মৃত্যু যন্ত্ৰনাৰ ক’লা অধ্যায়, লোক চক্ষুৰ আঁৰৰ নাৰকীয় কাহিনী, পশু চিকিৎসকৰ ভুলৰ বাবেই নিতৌ প্ৰাণ হেৰুৱায় জীয়াই থকাৰ হেঁপাহেৰে অহা নিৰ্বোধ জীৱ-জন্তুৱে” শীৰ্ষক লিখনিটো পঢ়ি দুআষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলো | সচাঁকৈয়ে আজি যান্ত্ৰিকতাৰ যুগত মানবীয় মূল্যবোধৰ যেনেদৰে অৱক্ষয় হ’বলৈ ধৰিছে, তেনেস্থলত আজিৰ দিনটো এনেবোৰ লেখা পঢ়িলে এনে লাগে যেন আজিও ঠাইয়ে ঠাইয়ে বটবৃক্ষৰ দৰে মানবতা জীয়াই আছে। অবোধ প্ৰাণী হ’লেও জীৱ-জন্তুৰ সৈতে মানুহৰ আত্মীয়তা কিমান গভীৰ হ’ব পাৰে সেই কথা জীৱ-জন্তু প্ৰেমী তথা জীৱ-জন্তুৰ সংস্পৰ্শত থকাসকলেহে বুজিব।

মানুহৰ দৰে পশু-পক্ষীৰো থাকে আবেগ-অনুভূতি, মৰম আৰু যি মৰম নিঃস্বাৰ্থ, য’ত নাথাকে কোনো কৃত্ৰিমতা, কোনো স্বাৰ্থ আৰু নিবিচাৰে কোনো প্ৰতিদান | অথচ কিন্তু কেতিয়াবা কেতিয়াবা মৰমৰ প্ৰতিদান সিহঁতেহে দিয়ে জীৱন দি হ’লেও। বিভিন্ন ৰূপকথাৰ কাহিনী তথা বুৰঞ্জীত আমি পঢ়িবলৈ পাইছো জীৱ-
জন্তুৰ সৈতে মানুহৰ আত্মীয়তাৰ কথা। প্ৰথমতেই আহে জাপানী সাহিত্যৰ হাচিকো নামৰ কুকুৰটোৰ কথা, কেনেদৰে প্ৰভূভক্ত হাচিকোৱে প্ৰতিদিনেই যোৱাৰ দৰে তাৰ প্ৰভুৰ মৃত্যুৰ পিছতো বহুদিনলৈ সেই সঠিক সময়ত ৰেলষ্টেশ্যনত অপেক্ষা কৰিছিলে যি সময়ত তাৰ প্ৰভু জীয়াই থকা কালত ৰেল ষ্টেশ্যনত আহিছিলে আৰু পুনৰ দুখমনেৰে উভতি আহিছিলে। ঠিক তেনেদৰে পৌৰাণিক আখ্যান সমূহ্তো আমি শুনি আহিছিলো কেনেদৰে যুদ্ধক্ষেত্ৰৰ পৰা আহত অশ্বৰোহী সৈনিকক মৰমৰ ঘোৰাটোৱে নিৰাপদ ঠাইলৈ লৈ আনি পিছত নিজেই মৃত্যুক সাৱটি তাৰ প্ৰভুৰ প্ৰাণ ৰক্ষা কৰা। আমি হয়তো সকলোৱে পঢ়িছো বুৰঞ্জীত ৰাণা প্ৰতাপ সিংহৰ ঘোঁৰাটোৰ কথা। আনহাতে জনপ্ৰিয় হিন্দী কথাছবি হাথী মেৰে চাথী কাহিনীৰ কথা হয়তো কাকোৱেই ক’ব নালাগে। এনে বহু উদাহৰণ আছে মানুহৰ প্ৰতি জীৱ-জন্তুৰ নিঃস্বাৰ্থ মৰমৰ কাহিনী।

পোহনীয়া
জীৱ-জন্তুৰ প্ৰতি আকৰ্ষণ মানৱ সমাজত প্ৰাচীন কালৰ পৰাই আছে। ঘৰত পোহনীয়া জীৱ-জন্ত্ত থকা মানেই একপ্ৰকাৰৰ চখ নুবুজায়। আজিৰ বহুতেই যেনেদৰে আভিজাত্যৰ দোহাই দি ঘৰত কুকুৰ-মেকুৰী বা আ ন পোহনীয়া জীৱ-জন্তু পালন কৰি আহিছে, কিন্তু আপাত দৃষ্টিত সেইয়া নহয়। পোহনীয়া জীৱ-জন্তুৰ সান্নিধ্যই মানৱ হৃদয়ত মানৱতা গঢ় দিয়াত সহায় কৰে। শৈশৱত পোহনীয়া জীৱ-জন্তুৰ সান্নিধ্যই শিশুক মানৱীয় চৰিত্ৰ গঢ় দিয়াত সহায় কৰে, কিয়নো শিশুৰ পোহনীয়া জীৱ-জন্তুৰ প্ৰতি এক তীব্ৰ আকৰ্ষণ থাকে আৰু যাৰ মাজত থাকি সিহঁতে এক কল্পনাৰ জগতত বিচৰণ কৰে। সিহঁতৰ পৃথিৱীত গৰু-ছাগলীয়ে কথা কয়, টম ৰূপী মেকুৰীটোৱে সিহঁতক আনন্দ দিয়ে, সিহঁতৰ চিন্তাত জেৰী নামৰ নিগনিটো আত্মীয় হৈ পৰে, টমে স্কুললৈ যায়, হাঁহৰ পোৱালীটো স্কুললৈ যায় ইত্যাদি।  এনেদৰেই সিহঁতৰ মানসিক বিকাশ হয়, সিহঁতে প্ৰকৃতিক ভাল পাবলৈ শিকে, পোহনীয়া জীৱ-জন্তুৰ মৃত্যু আৰু শোকে সিহঁতক বাস্তৱ সত্যক স্বীকাৰ কৰি ইয়াৰ মুখামুখি হ’ব পৰাকৈ গঢ়ি তোলা, আত্মীয়তাৰ অনুভৱ বৃদ্ধিত সহায় কৰে আৰু লগতে আপোনজনৰ মৃত্যু যে বেদনাদায়ক সেই কথা ইয়াৰ জৰিয়তে সিহঁতবোৰে বুজি উঠে। আনহাতে এনে অবোধ প্ৰাণীক চিকিৎসক হ’বলৈ পাই তথা এনে জীৱবোৰৰ সেৱা আগবঢ়াবলৈ পালে পশুচিকিৎসক সকলেও গৌৰব বোধ কৰে।

কিন্তু জামান ডাঙৰীয়াৰ লিখনিটো সম্পূৰ্নকৈ পঢ়ি উঠি আমাৰ চকু কপালত উঠিল আৰু কিছুমান কথাত একমত হ’ব নোৱাৰিলো। যিজন ব্যক্তিৰ কথা আমি শুনি আহিছো এজন আপোচবিহীন ব্যক্তি হিচাবে তথা টিভিৰ পৰ্দাত দেখি আহিছো অসমৰ সমাজ জীৱনৰ বিভন্ন ঘটনা পৰিঘটনাৰ এজন বিশ্লেষক হিচাবে, তেনে এজন ব্যক্তিয়ে বাতৰি কাকতৰ বহুমূলীয়া পৃষ্ঠা দখল কৰি একপক্ষীয় ভাবে পশুচিকিৎসা সেৱাৰ প্ৰতি কুৎচিৎ তথা ব্যংগাত্মক বিশ্লেষণ কৰাটো আছিল অত্যন্ত দূৰ্ভাগ্যজনক। প্ৰথমতেই উল্লেখ কৰিব বিচাৰিছো জামান ডাঙৰীয়াই পশুচিকিৎসকক কচাই বুলি অভিহিত বিষয়টোত | এজন সাধাৰণ হোজা গাৱঁলীয়ো ব্যক্তিয়ে কৰাহেতেন হয়তো আমি সাধাৰণ ঘটনা বুলিয়েই ক’লোহেতেন, কিন্তু এজন সন্মানীয় উচ্চশিক্ষিত ব্যক্তিয়ে এজন পশুচিকিৎসকক কচাই বুলি অভিহিত কৰাতো অত্যন্ত দূৰ্ভাগ্যজনক | তেওঁৰ মন্তব্যৰ পৰা এনে লাগিল যে জামান ডাঙৰীয়াই অহামিকাৰে এনে ব্যক্তব্য আগবঢ়ালেও তেওঁৰ সেই ব্যক্তব্যত শল্য চিকিৎসা সম্বন্ধে যে নূন্যতম জ্ঞানকনো নাই, সেই কথা পৰিষ্ফূট হৈছে। শল্য চিকিৎসাৰ মূল উদ্দেশ্যই ঔষধৰ প্ৰায়োগিক প্ৰক্ৰিয়াৰে আৰোগ্য কৰিব নোৱাৰা ৰোগ যেতিয়া অষ্ট্ৰোপচাৰৰ সহায়ত চিকিৎসা কৰা। Surgery শব্দটো আহিছে গ্ৰীক শব্দ Chirurgia ৰ পৰা যাৰ অৰ্থ Cheir মানে হাত আৰু ergon মানে কাম আৰু শল্য চিকিৎসাৰ মূল সজুঁলিবিধেই হৈছে Bard-Parkar blade যাক জামান ডাঙৰীয়াই চুৰি বুলি অভিহিত কৰিছে। তেনে্স্থলত জামান ডাঙৰীয়াৰ দৰে এজন ব্যক্তিয়ে এজন পশুচিকিৎসকক হাতত উদ্যত চুৰি লৈ কচাইৰূপী পশুচিকিৎসক বুলি কৰা মন্তব্যতো আছিল অশোভনীয় |

আনহাতে আন এঠাইত জামান ডাঙৰীয়াই উল্লেখ কৰিছে যে এক্স ৰে কৰিবলৈ চিকিৎসকে হেনো তেওঁৰ পোহনীয়া কুকুৰ ৰকীক টানি টানি এটা ভগা গেৰেজৰ এখন গাড়ীৰ ভিতৰলৈ টানি লৈ গ’ল অন্য বহুতো জীৱ জন্তুৰ দৰে | এইক্ষেত্ৰত জামান ডাঙৰীয়াই জনা উচিত যে এজন প্ৰকৃত চিকিৎসকৰ দৃষ্টিত সকলো ৰোগীয়েই সমান লাগিলে সেইটো এজন আই.এ.এচ. অফিচাৰৰ পোহনীয়া জন্তুৱেই হওক বা এজন গামোচা পিন্ধি অহা সাধাৰণ কৃষকৰ পোহনীয়া ছাগলীয়েই হওক। কোনোবাই কাৰোবাৰ পৰা নিজৰ চিনাকি দি সমীহ আদায় কৰিছে যদি সেইয়া অন্য কথা। আনহাতে যিখন গাড়ীক ভগা গেৰেজৰ ভিতৰত থকা বুলি কোৱা হৈছে সেইখন এখন উচ্চ প্ৰযুক্তি সম্পন্ন শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক গাড়ী আৰু যিখনৰ ভিতৰত এক্স-ৰে যন্ত্ৰাংশ স্থাপন কৰা হৈছে এইবাবেই যে বহুক্ষেত্ৰত আক্ৰান্ত পশুক চিকিৎসালয়লৈ আনিব নোৱাৰি বা বন্যপ্ৰানীৰ চিকিৎসাৰ ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক চিকিৎসা প্ৰদান জৰুৰী সেই উদ্দেশ্য আগত ৰাখি বিশেষভাবে গঢ়ি তোলা হৈছে যাতে ঠাইতে এক্স-ৰে কৰি আক্ৰান্ত অংশত যথোপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰি।

আনহাতে ৰকীৰ অষ্ট্ৰোপচাৰৰ পিছত মৃত্যু হোৱা বুলি চিকিৎসকজনৰ ওপৰত যি অভিযোগ অনা হৈছে সেই কথা বাৰু কিমানদূৰ সত্যৰ ওপৰত আধাৰিত | তেখেতৰ কুকুৰটোৰ প্ৰ’ষ্টেট গ্লেণ্ডত সংক্ৰমন হোৱা বুলি এক্স-ৰে ত ধৰা পৰিছিলে | প্ৰষ্টেট গ্লেণ্ডৰ সংক্ৰমন সাধাৰণতে ১১ ৰ পৰা ১৩ বছৰ বয়সৰ উৰ্দ্ধৰ বয়সস্থ কুকুৰৰ ক্ষেত্ৰত দেখা যায় (সাধাৰনতে কুকুৰৰ জীৱনকাল ১২ ৰ পৰা ১৪ বচৰৰ ভিতৰত)। এনেকুৱা ক্ষেত্ৰত সাধাৰণতে কুকুৰটোৰ বন্ধ্যাকৰণেই একমাত্ৰ উপায়, যিটোৰ বাবে দৰকাৰ এটা সাধাৰণ অষ্ট্ৰোপচাৰ | আনহাতে জীৱনৰ শেষ পৰ্যায়ত উপনীত হোৱা এটি কুকুৰৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ হেতুকে বিভিন্ন জটিলতা থাকে অথচ সেইবোৰৰ বাবে অষ্ট্ৰোপচাৰ নকৰিলেও বিপদ আৰু কৰিলেও বিপদ থাকে। আনহাতে জামান ডাঙৰীয়াই যিজন চিকিৎসকৰ প্ৰতি অভিযোগ উঠাই মন্তব্য কৰিছে, মইও সেইজন চাৰৰে ছাত্ৰ আৰু জামান ডাঙৰীয়াৰ লিখনি পঢ়ি উঠি চাৰৰ সৈতে আলোচনা কৰিছো। চাৰে উল্লেখ কৰিছিলে যে অষ্ট্ৰোপচাৰ হৈ যোৱাৰ পিছৰ পৰ্য্যায়ত এন্টিবায়’টিক পাচ দিনৰ বাবে প্ৰয়োগ কৰাৰ বাবে প্ৰয়োজনীয় দিহা দিয়া হৈছিলে (লেখকে উল্লেখ কৰাৰ ধৰণে প্ৰতিষেধক নহয়) আৰু আঠৰ পৰা দহ দিনৰ পিছত চিলাই খুলিবৰ বাবে আনিবলৈ কোৱা হৈছিল আৰু ইয়াৰে মাজৰ সময়ত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আনিবলৈ দিহা দিয়া হৈছিল | কিন্তু গৰাকীয়ে স্বাস্থ্য পৰীক্ষা তথা চিলাই কাটিবৰ বাবে অনা দূৰৰে কথা, অষ্ট্ৰোপচাৰ হৈ যোৱাৰ পিছৰ পৰাই চিকিৎসকৰ সৈতে মুঠেও যোগাযোগ ৰখা নাছিলে আৰু এন্টিবায়’টিক ব্যক্তিগতভাৱে অন্য চিকিৎসকৰ হতুৱাই প্ৰয়োগ কৰাইছিল।

আনহাতে জামান ডাঙৰীয়াই উল্লেখ কৰিছিলে যে কিমান মিলিগ্ৰামৰ ইনজেকছন দিব লাগে সেইয়া হেনো উল্লেখ নাছিল আৰু লগাতকৈ বেছি মিলিগ্ৰামৰ ইনজেকছন প্ৰয়োগ কৰা বাবে কুকুৰটোৰ অৱস্থা শোচনীয় হ’ল | কিন্ত্ত প্ৰেছক্ৰিপশ্ব্যনত স্পষ্টভাৱে উল্লেখ আছিল এক Ceftriaxone এন্টিবায়’টিকৰ Intacef ৰ এক গ্ৰামৰ পাঁচটাকৈ ভায়েল আৰু মুঠ ৭৫০ মিলিগ্ৰাম প্ৰতিদিনে প্ৰয়োগ কৰাৰ কথা কোৱা হৈছিল আৰু কুকুৰটোৰ ওজন আছিল ২৫ ৰ পৰা ৩০ কিল’গ্ৰাম আৰু Ceftriaxone ৰ মাত্ৰা হ’ল প্ৰতিকেজি দেহৰ ওজনৰ বিপৰীতে সৰ্বাধিক ৫০ মিলিগ্ৰাম।  সেই হিচাবত চাবলৈ হ’লে এক গ্ৰাম এন্টিবায়’টিক প্ৰয়োগ কৰিলেও দেহত পাৰ্শ্বক্ৰিয়া হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। তেনেস্থলত জামান ডাঙৰীয়াই কিহৰ ভিত্তিত বিজ্ঞৰ দৰে কৈছে যে এন্টিবায়’টিকৰ মাত্ৰা অধিক হোৱাৰ হেতুকে তেখেতৰ কুকুৰটোৰ স্বাস্থ্য শোচনীয় হৈ আহিল ? আনহাতে চিলাই কেইটা নুগুচোৱাৰ হেতুকে সেই অংশ সংক্ৰমিত হৈ ফুলি উঠিহে অত্যন্ত শোচনীয় হৈছিল যাক চিকিৎসা বিজ্ঞানত কোৱা হয় Suture Abcess | তেনেস্থলত হেমাহি কাৰ জামান ডাঙৰীয়াই এবাৰ নিজকে প্ৰশ্ন কৰক, চিকিৎসকৰ নে গৰাকীৰ ? কাৰণ তেখেতে নিজেই উল্লেখ কৰা ২৮ ফেব্ৰুৱাৰী আৰু ২২ মাৰ্চ | ইয়াৰে মাজৰ সময়চোৱাত তেখেতে এবাৰলৈও পশুচিকিৎসকজনৰ পৰামৰ্শ কিহৰ বাবে গ্ৰহণ কৰা নাছিল ?


আন এঠাইত জামান ডাঙৰীয়াই উল্লেখ কৰিছে যে চিকিৎসকজনে পশু-পক্ষীৰ জীৱনক লৈ হেতালি খেলিছে, তেখেতৰ পুত্ৰসম ৰকীক হত্যা কৰা হ’ল বুলি অভিযোগ কৰিছে। সচাঁকৈয়ে বাৰু চিকিৎসকৰ হেমাহিৰ বাবে, চিকিৎসকৰ ভুলৰ বাবে ৰোগীৰ মৃত্যু ঘটেনে ? নিজে এজন মানৱসেৱাত ব্ৰৰ্ত চিকিৎসক নহ'লেও আমি এইকথা ভালদৰে বুজি পাওঁ যে আৰ্তজনৰ মুখত, আৰ্তজনৰ আত্মীয়ৰ মুখত হাঁহি বিৰিঙি উঠাতো সকলো চিকিৎসকেই বিচাৰে আৰু আমাৰ দৰে পশুচিকিৎসক সকলো ইয়াৰ ব্যতিক্ৰম নহয়। জৰুৰী চিকিৎসা সেৱাত ব্ৰৰ্তী এজন চিকিৎসকে নিজৰ সকলো কাম কাজ এৰি আৰ্তজনৰ সেৱাত ব্ৰৰ্তী হয়। এনে ক্ষেত্ৰত আৰ্তজনৰ মুখত হাঁহি বিৰিঙি উঠাত আত্মীয়সকল যেনেদৰে আনন্দিত হয়, ইয়াত ন্যস্ত চিকিৎসক জনো সমানেই আনন্দিত হয় ।

আজি বাতৰি কাকতত প্ৰায়েই দেখা পোৱা চিকিৎসক আক্ৰমণৰ ঘটনাৰ আলমত এটা উদাহৰণ দিব বিছাৰিছো। ধৰা হওক এগৰাকী প্ৰসূতি চিকিৎসকৰ ওচৰলৈ আহিল স্বাস্থ্য পৰীক্ষা কৰাবলৈ আৰু চিকিৎসকেও হিম’গ্লবিনৰ পৰিমান ক’ম দেখি প্ৰয়োজনীয় দিহা পৰামৰ্শ আৰু ঔষধ আদি দিলে। কিন্তু ৰোগী তথা ৰোগীৰ আত্মীয়ই সেই দিহা পৰামৰ্শ মানি নল’লে আৰু যাৰ ফলত ৰোগী গৰাকীৰ প্ৰসৱৰ সময়ত ৰক্তহীনতাৰ বাবে মূৰ্চা গৈ মৃত্যুমুখত পৰিল আৰু তাৰ পিছতে ৰোগীৰ আত্মীয় ই তাণ্ডৱ চলালে হস্পিতালখনত আৰু প্ৰহৃত হ’ল চিকিৎসক। সংবাদ মাধ্যমৰ কৰ্মীও উপস্থিত হৈ চিকিৎসক জনক সমাজৰ আগত ভণ্ড, প্ৰবঞ্চক দায়িত্বজ্ঞান হীন আদি আখ্যা দি হেয় জ্ঞান কৰিলে আৰু চিকিৎসক জনক আত্মপক্ষ সমৰ্থনৰ সুযোগেই দিয়া নহ’ল। এতিয়া এই ঘ্টনাৰ বাবে পাঠক সমাজে বাৰু কাক দোষাৰোপ কৰিব এবাৰ ভাবি চাওক। আক্ৰমণকাৰী তথা চিকিৎসকজনক বদনাম দিব যোৱা সকলে এই কথা ভাবি নাচায় যে সেইজন চিকিৎসক হাতত হাজাৰ জনৰ ভিতৰত অপ্ৰত্যাশিতভাবে দূৰ্ভাগ্যবশত এজন ৰোগীৰ মৃত্যু হ”লেও নশ নিৰানব্বৈজন ৰোগীয়ে যে জীৱন ঘূৰাই পাইছে। জৰুৰীকালীন চিকিৎসাৰ সময়ত যে সন্মুখৰ ভোকৰ ভাত এৰি দৌৰি যোৱা চিকিৎসকজনৰ কথা আমি বাৰু আপোনালোকে এবাৰ ভাবি চাইছেনে ? আজি কিছুদিনৰ আগতে ছ'ছিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত এটি আপডেট পাইছিলো কেনেদৰে এজন চিকিৎসকে নিজৰ পূত্ৰৰ কৱৰস্থলীৰ পৰা দৌৰি গৈ অস্ত্ৰোপচাৰ কক্ষত প্ৰবেশ কৰিবলৈ যাওতে কেনেদৰে ৰোগীৰ আত্মীয়ৰ হুটা মাত শুনিবলৈ পাইছিল । এইয়া যদিও কাল্পনিক কথা কিন্তু বাস্তৱত এইয়া উলাই কৰিব পৰা বিধৰ নহয়।

প্ৰকৃত চিকিৎসকৰ উদ্দেশ্য কেতিয়াও ৰোগীৰ অহিত সাধন কৰাটো হ’ব নোৱাৰে বুলি ভাবো। যাৰ বাবে ৰোগীৰ অহিত সাধন হ’লে চিকিৎসকজন অপ্ৰত্যাশিত আক্ৰমণৰ বলি হোৱাটো অতিশয় দূৰ্ভাগ্যজনক। চিকিৎসকজনো মানুহ আৰু মানুহ মাত্ৰেই ভূল হয়। কিন্তু এই ভূল অনিচ্ছাকৃতভূলহে আৰু ইচ্ছাকৃত ভাবে কোনো চিকিৎসকেই ভূল নকৰে। হস্থীৰো পিছলে পাও আৰু সজ্জনৰো বুৰে নাঁও। যাৰ বাবেই চিকিৎসকে প্ৰেশক্ৰিপশ্যন লিখোতেও ৰিচিপি চিহ্ন ব্যবহাৰ কৰে আৰু যাৰ দ্বাৰা ৰোমান দেবতা জুপিতাৰক স্মৰণ কৰা হ্য়। যাৰ অৰ্থ ৰোগীৰ সোনকালে ৰোগৰ উপশম, অনিচ্ছাকৃত ভূলৰ বাবে ক্ষমা বিচাৰি আবেদন ইত্যাদি। অৰ্থাৎ এশ শতাংশ ই শুদ্ধ কোনো মানুহেই হ’ব নোৱাৰে। আৰ্তজনৰ মুখত হাঁহি বিৰিঙি উঠিলে সকলো চিকিৎসকেই গৰ্ব অনূভৱ কৰে। যদিও ভগবানৰ পিছতেই চিকিৎসক জনক স্থান দিয়া হ্য়, সকলোৰে উৰ্ধত কিন্ত্ত নেদেখাজনহে। জন্ম, মৃত্যু, বিবাহ এইয়া অদৃশ্যজনৰ হাতত। এইক্ষেত্ৰত চিকিৎসকজন এজন সেৱা কৰা প্ৰতিনিধিহে মাত্ৰ । তেনেস্থলত জামান ডাঙৰীয়াই একপক্ষীয়ভাবে পশু চিকিৎসক এজনক আত্মপক্ষ সমৰ্থনৰ সুবিধা নিদি তথা সকলো দিশ চালি-জাৰি নোচোৱাকৈ সমাজৰ আগত পশুখাদক, কচাই আদি অপবাদ আখ্যা দিয়াটো সুস্থ গণতান্ত্ৰিক সমালোচনাৰ নিদৰ্শন হ’ব নোৱাৰে। এইয়া আমাৰ দৰে এজন সাধাৰণপশু চিকিৎসকৰ মনৰ কথা ।

জামান ডাঙৰীয়াই কৈছে যে ডাঃ কলিতা নামৰ চিকিৎসকজনক হেনো ৰকীৰ আত্মাই কেতিয়াও ক্ষমা নকৰে আৰু তেখেতেও হেনো কেতিয়াও ক্ষমা কৰিব নোৱাৰিব। জামান ডাঙৰীয়াই এই কথা জনা উচিত যে যিজন পশুচিকিৎসকক তেখেতে আক্ৰমনৰ লক্ষ্য কৰি লৈছে, সেইজন চিকিৎসকৰ প্ৰচেষ্টাতেই কিন্তু হাজাৰ হাজাৰ জীৱ-জন্তুৱে আজিৰ দিনলৈকে জীৱন ঘূৰাই পাইছে। যাৰবাবে সেইজন চিকিৎসকৰ কথা বহুতো জীৱ-জন্তুৰ গৰাকীৰ মুখে মুখে। অকল পশুচিকিৎসাৰ নামত নিজকে উৎসৰ্গা কৰা তেনে এজন ব্যক্তিৰ কথা অনুৰাধা শৰ্মা পূজাৰীয়েও তেওঁৰ বিভিন্ন লেখাত উল্লেখ কৰিছে। বিভিন্ন কঠিন প্ৰত্যাহ্বানকো নেওচি চিকিৎসকজনে পৰম নিষ্ঠা আৰু একাগ্ৰতাৰে জীৱ-জন্তুৰ চিকিৎসাত নিজকে সমৰ্পিত কৰিছে। অকল গুৱাহাটী তথা অসমৰেই নহয়, মেঘালয়, অৰুনাচল, শিলিগুড়ি আদি অঞ্চলৰ পৰাও বিভিন্ন জীৱ-জন্তু গৰাকীয়ে লৈ আহে চিকিৎসা কৰাবলৈ আৰু আৰোগ্য হোৱাৰ পৰত হাঁহিমূখে ঘুৰি যায় গন্তব্যস্থললৈ | তেনেস্থলত জামান ডাঙৰীয়াই চিকিৎসকজনৰ প্ৰতি কৰা এনে একপক্ষীয় বিশ্লেষণ তথা কটূ মন্তব্যই চিকিৎসকজনক মানসিকভাৱে ভাঙি নেপেলাবনে ? এই কথা জামান ডাঙৰীয়াই এবাৰ অন্তৰ্দৃষ্টিৰে ভাবি চাওক। এনেবোৰ কৰ্মৰ বাবে ৰকীৰ আত্মাই পশুচিকিৎসকজনক নহয় আপোনাকহে অভিশাপ দিব। আনহাতে প্ৰথমশ্ৰেণীৰ নাগৰিক হ’ল বুলিয়েই জামান ডাঙৰীয়াই বাতৰি কাকতৰ মূল্যবান পৃষ্ঠা দখল কৰি এজন পশুচিকিৎসকক পশুখাদক, কচাই আদি বুলি ব্যংগাত্মক সম্বোধন কৰিবলৈ অধিকাৰ ক’ত পালে ?

আনহাতে জামান ডাঙৰীয়াই কৈছে যে তেখেতে হেনো এইক্ষেত্ৰত প্ৰকৃতিপ্ৰেমী কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে | তেখেতে জনা উচিত যে সকলো ক্ষেত্ৰতে হকে বিহকে পশুচিকিৎসকক অকল তৰ্জন গৰ্জন কৰিবলৈ জনা মেনকা গান্ধীয়ে বাৰু নিজৰ জীৱন বিপদাপন্ন কৰি বন্যপ্ৰানী চিকিৎসাৰ বাবে জীৱন উৎসৰ্গা কৰা পশুচিকিৎসক সকলৰ কথা কেতিয়াবা ভাবিছেনে? আনহাতে জামান ডাঙৰীয়াই লোকচক্ষুৰ আঁৰৰ কথা বুলি যি কৈছে, তেখেতে এই কথা জনা উচিত যে পশুচিকিৎসকে দুই এটি অষ্ট্ৰোপচাৰৰ বাহিৰে ফিল্ডত লোকচক্ষুৰ সন্মূখতেই শল্যচিকিৎসা সমাপন কৰিব লাগে, অথচ মানুহৰ ক্ষেত্ৰত তেনেবোৰ অষ্ট্ৰোপচাৰ অষ্ট্ৰোপচাৰ কক্ষৰ ভিতৰত সমাপন কৰা হয় |

আমি এজন সাধাৰণ পশুচিকিৎসক আৰু জামান ডাঙৰীয়াৰ বুদ্ধিবৃত্তিৰ সমপৰ্য্যায়ৰ নহয়। কিন্তু মোৰ এই ক্ষুদ্ৰ বুদ্ধিয়ে যিমানদূৰ ঢূকি পাইছে, সেই ফালৰ পৰা ক’বলৈ হ’লে এইকথা ন-দি ক’ব পাৰো যে জামান ডাঙৰীয়াৰ উক্ত লিখনিটোৰ পৰা সমাজলৈ নেতিবাচক বাৰ্তাৰ পৰিবৰ্তে একো ইতিবাচক বাৰ্তা নাযায় |

No comments:

Post a Comment