চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

উত্তেজক পৰিস্থিতিত সংবাদ মাধ্যম
দীপাংকৰ মল্ল বৰুৱা
যোৱা ২২ মে’, ২০১৫ তাৰিখৰ ‘আমাৰ অসম’ত জুৰী বৰা বৰগোহাঞিৰ ‘মেৰাপানী আৰু উত্তেজনা’ পঢ়ি এটা কথাই অনুভৱ কৰিছোঁ যে আগদিনাৰ খবৰ পিছদিনাৰ বাতৰি কাকততহে পোৱা, ইলেক্ট্ৰ’নিক মেডিয়া নথকা দিনবোৰেই ভাল আছিল। অনবৰতে চাঞ্চল্যকৰ, উত্তেজক ব্ৰেকিং নিউজৰ সন্ধানত থকা মেডিয়াই এতিয়া ক’ৰবাত জুইৰ ফিৰিঙতি দেখিলে ফুৱাই জুইকুৰা ডাঙৰ কৰিবহে যেন বিচাৰে। 

জুইকুৰা যিমানেই ডাঙৰকৈ লাগিব, ব্ৰেকিং নিউজো সিমানেই জোৰদাৰ হ’ব আৰু লগে লগে নিউজ চেনেলৰ টি আৰ পি বাঢ়িব। জ্বলি থকা জুই নুমুৱাবলৈ চেষ্টা কৰা বা উত্তেজনা প্ৰশমনৰ বাবে ইতিবাচক ভূমিকা লোৱাটো মেডিয়াৰ পৰা আশা কৰিব নোৱাৰি। নহ’লে প্ৰণৱ বড়ো নামৰ লোক এজনে নিজৰ গাত জুই লগাই গুৱাহাটীৰ ৰাষ্টাত দৌৰি থাকোঁতে মেডিয়াই তেওঁৰ গাৰ জুইকুৰা নুমুৱাবলৈ প্ৰয়াস কৰাৰ সলনি ঘটনাটোৰ চাক্ষুস বিৱৰণী দিয়াত ব্যস্ত নাথাকিলহেঁতেন।

লেখিকাই কোৱাৰ দৰে নাগালেণ্ড সীমান্তত কিছুমান এন জি অ’ বা জাতীয়তাবাদী সংগঠনে যিবোৰ সম্প্ৰীতিৰ কাম কৰিছে সেইবোৰলৈ মেডিয়াৰ দৃষ্টি নাযায়, কাৰণ সেইবোৰ চাঞ্চল্যকৰ খবৰ নহয়। মোৰ বোধেৰে মেডিয়াৰ ওপৰত নাকী লগোৱাৰ সময় আহি পৰিছে। কোনোবা অঞ্চলত উত্তেজনাৰ পৰিৱেশ বিৰাজ কৰাৰ খবৰ পালেই চৰকাৰে সেই অঞ্চলত মেডিয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। উত্তেজনা চলি থকা সময়ত ইলেক্ট্ৰ’নিক মেডিয়াৰ ডাঁৰৰ বাতৰি ডাঁৰে প্ৰচাৰ কৰাটো বন্ধ কৰিব লাগে যাতে উত্তেজক বাতৰিয়ে বিষবাষ্প বিয়পাব নোৱাৰে।

লেখিকাই ‘তৃতীয় শক্তি’ ৰূপে অভিহিত কৰা অপশক্তিয়ে যাতে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ বাবে উত্তেজনা সৃষ্টি হোৱা ঠাইৰ পৰা অন্তত: দহ কিল’মিটাৰ দূৰলৈ কোনো দল সংগঠনক সভা সমিতি অনুষ্ঠিত কৰাৰ বা প্ৰতিবাদী সমদল উলিওৱাৰ অনুমতি দিব নালাগে। বহু সময়ত সাময়িক উত্তেজনাৰ পৰিৱেশ নিজে নিজেই নিৰ্বাপিত হয়। বতাহ নাপালে ফিৰিঙতিৰ পৰা সহজে জুই ডাঙৰ হ’ব নোৱাৰে। উত্তেজনা সাম কটাৰ পিছতহে মেডিয়াক বাতৰি পৰিৱেশনৰ অনুমতি দিব লাগে। অন্যথা মেডিয়াই টি আৰ পিৰ স্বাৰ্থত সাধাৰণ মানুহৰ জীৱনক লৈ হেতালি খেলিয়েই থাকিব।

গণতান্ত্ৰিক দেশ এখনত সংবাদ মাধ্যমৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাটো সমৰ্থনযোগ্য নহয় যদিও, সংবাদ মাধ্যমে যদি ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ ঘটোৱাৰ অপচেষ্টাত লিপ্ত হয়, তেনে প্ৰয়াস কঠোৰ হাতেৰে দমন কৰিবই লাগিব। লগতে চল চাই কঠীয়া পাৰি ৰাজনৈতিক মুনাফা ঘটা অপশক্তি সমূহক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।
(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছিল।)

No comments:

Post a Comment