Wednesday, June 10, 2015

পৰ্যবেক্ষণ

আন ৰাজ্যত পঢ়া-শুনাঃ কেইটামান মন কৰিবলগীয়া কথা
দীপাংকৰ মল্ল বৰুৱা
প্ৰতিবছৰৰ দৰে এই মাহতে অসমৰ এচাম ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ বাবে ৰাজ্যৰ বাহিৰৰ শিক্ষানুস্থান সমূহলৈ যাত্ৰা কৰিব। জীৱনত প্ৰথমবাৰৰ বাবে মাক দেউতাকৰ ছত্ৰ-ছাঁয়াৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা বাবে বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰী সকলৰ মনত সদায় কিছু পৰিমাণে শংকাৰ ভাৱ থাকে। মাক দেউতাকেও সন্তানক হোষ্টেলত থৈ অহাৰ বেদনা অনুভৱ কৰে। কিন্তু ভৱিষ্যত সোণালী হোৱাৰ আশাত মাক দেউতাকে সন্তানক আন ৰাজ্যলৈ পঢ়িবলৈ পঠিয়ায়।

মই নিজেও উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অভিযান্ত্ৰিক শিক্ষাৰ বাবে নাগপুৰৰ ৰিজিঅ’নেল ইঞ্জিনিয়াৰিং কলেজলৈ গৈছিলোঁ। সেয়া অৱশ্যে প্ৰায় অৰ্ধ শতিকাৰ আগৰ কথা। এতিয়া হয়তো বহুতো কথাই সলনি হ’ল। তথাপিও মই ভাবো জীৱনত প্ৰথমবাৰৰ বাবে বাহিৰলৈ পঢ়িবলৈ যোৱা ছাত্ৰ এজনৰ বাবে কিছুমান কথা কেতিয়াও সলনি নহয়। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা বাহিৰলৈ পঢ়িবলৈ যাবলৈ ওলোৱা ছাত্ৰ ছাত্ৰী সকলে মনত ৰাখিবলগীয়া কিছু কথা ব্যক্ত কৰিলোঁ।

১) বাহিৰলৈ পঢ়িবলৈ যোৱা প্ৰতিজন ছাত্ৰ আত্মবিশ্বাসী হোৱাটো প্ৰয়োজনীয়। হোষ্টেলত আন আন ৰাজ্যৰ পৰা অহা ছাত্ৰৰ লগত একেলগে বাস কৰিবলগীয়া হয়। আন ৰাজ্যৰ ছাত্ৰ সকলে পৰীক্ষাত বহুত নম্বৰ পাই আহে, কিছুমান অতি তীক্ষ্ণ বুদ্ধিৰ হয়, কিছুমান অতি স্মাৰ্ট ব্যক্তিত্বসম্পন্ন হয়। অসমৰ পৰা পঢ়িবলৈ যোৱা ছাত্ৰ এজনে এনে ছাত্ৰৰ লগত মিলা মিচা কৰোঁতে হীনমন্যতাক প্ৰশ্ৰয় দিয়া উচিত নহয়। আগৰ পৰীক্ষাৰ পাৰদৰ্শিতা বা ব্যক্তিত্বই কেতিয়াও ভৱিষ্যতৰ পাৰদৰ্শিতা নিৰূপিত নকৰে। সেয়েহে নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কৰ্তব্য পালন কৰি যোৱাতহে ছাত্ৰজনে মনোনিৱেশ কৰিব লাগে।

২) অসমৰ ছাত্ৰ এজনে আন ৰাজ্যৰ ছাত্ৰৰ লগত কথোপকথন কৰোঁতে হিন্দী বা ইংৰাজী ব্যৱহাৰ কৰিবলগীয়া হয়। কিন্তু অসমীয়া বা বাংলা ভাষী ছাত্ৰৰ হিন্দী আৰু ইংৰাজী উচ্চাৰণত স্বাভাৱিকভাৱেই কিছু বিসংগতি ৰৈ যায়। বহুতো অসমৰ ছাত্ৰই তেওঁলোকৰ হিন্দী আৰু ইংৰাজী উচ্চাৰণৰ বাবে হাঁহিয়াতৰ পাত্ৰ হ’বলগীয়া হয়। কিন্তু তেনে পৰিস্থিতিত বিতত নহৈ নিৰন্তৰ প্ৰয়াস কৰি নিজৰ উচ্চাৰণ সঠিক কৰিবলৈ যত্ন কৰিব লাগে। আনে হাঁহিলেও ক্ষুন্ন হোৱা উচিত নহয়। নিজৰ দুৰ্বলতা সহজভাৱে গ্ৰহণ কৰি শুধৰণি কৰাৰ প্ৰয়াস কৰিলেহে আগবাঢ়ি যাব পাৰি। চেষ্টা কৰিলে এবছৰ মানৰ ভিতৰতে উচ্চাৰণ জাতীয় বিসংগতি আঁতৰ কৰিব পৰা যায়।

৩) অসমৰ পৰা যোৱা ছাত্ৰ সকলৰ খাদ্যাভ্যাসৰ সৈতেও কিছু সমস্যা হয়। সাধাৰণতে শিক্ষানুস্থানখন যিখন ৰাজ্যত আছে, হোষ্টেলত খাদ্যাভ্যাসো তেনে হয়। সেইবাবে বেছি জ্বলা বা মছলাজাতীয় খাদ্য খাবলৈ অসুবিধা পোৱা ছাত্ৰ সকল প্ৰথমতে অসুবিধাত পৰে। তেনে সময়ত কিছুমান ছাত্ৰৰ পেটৰ অসুখ হয়। পিছে তেনে অৱস্থাত সাহস হেৰুওৱা উচিত নহয়। মানুহৰ শৰীৰে পৰিৱৰ্তিত পৰিস্থিতিতো নিজকে খাপ খুৱাই ল’ব পাৰে। শৰীৰটোৱেও লাহে লাহে পৰিৱৰ্তিত খাদ্যৰ লগতো অভ্যস্ত হৈ যোৱা হয়। অৱশ্যে সৰহকৈ মছলা দিয়া খাদ্য খাবলৈ টান পোৱা ছাত্ৰ সকলে আলু পিটিকা বা আলু ভাজি জাতীয় খাদ্য আচুতীয়াকৈ বনোৱাই লোৱাৰ উপায় কৰিব পাৰে। কিন্তু যিমান সোনকালে পাৰি লাহে লাহে হোষ্টেলৰ খাদ্যৰ লগত নিজকে অভ্যস্ত কৰি লোৱাই মংগল।

৪) কিছুমান ৰাজ্যৰ ছাত্ৰই কথাই কথাই কিছুমান অশ্লীল শব্দ ব্যৱহাৰ কৰে। বিশেষকৈ দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ আদি উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যৰ ছাত্ৰই মাক বা ভনীয়েকক লৈও অশ্লীল শব্দ কথাই কথাই ব্যৱহাৰ কৰে। আনৰ আশ্লীল শব্দৰ প্ৰয়োগত কেতিয়াও ক্ষুন্ন হোৱা বা এই বিষয়ত তৰ্কত লিপ্ত হোৱা উচিত নহয়। অসমীয়া ভাষাত বহুল ভাৱে প্ৰয়োগ কৰা অশ্লীল ‘ক’ শব্দটো ব্যৱহাৰ কৰোঁতে যিদৰে মানুহে শব্দটোৰ আক্ষৰিক অৰ্থৰ প্ৰতি মন নকৰে, সেইদৰে হিন্দী বলয়ৰ কিছুমান ৰাজ্যৰ ছাত্ৰই অৰ্থৰ প্ৰতি মন নকৰাকৈয়ে কিছুমান অতি অশ্লীল শব্দ ব্যৱহাৰ কৰে। সেয়েহে এই কাৰ্য তেওঁলোকৰ সংস্কৃতিৰ অপ-অংগ বুলি গ্ৰহণ কৰি ইয়াৰ প্ৰতি উদাসীন মনোভাৱ পোষণ কৰা উচিত।

৫) প্ৰথম হোষ্টেললৈ অহাৰ পিছতে অগ্ৰজ সকলৰ লগত চিনাকী পৰ্ব এটা প্ৰায় সকলো হোষ্টেলতে থাকে। এই চিনাকী পৰ্বই কেতিয়াবা কিছু গুৰুতৰ হৈ ৰেগিঙৰ ৰূপ লয়। ৰেগিঙৰ সময়ত অগ্ৰজ সকলে নবাগত সকলক কিছু পৰিমাণে মানসিক আৰু শাৰীৰিক আতিশহ্য চলায়। আজিকালি ৰেগিঙৰ বিৰুদ্ধে প্ৰায়বোৰ শিক্ষানুস্থান যথেষ্ট কঢ়া হৈছে যদিও ছেগা-ছেৰোগাকৈ ৰেগিং চলিয়েই আছে। অৱশ্যে ৰেগিং পৰ্ব মাথোন কেইদিনমানলৈহে থাকে। সেয়েহে সেই কেইদিনলৈ ৰেগিঙৰ সন্মুখীন হ’বলগীয়া হ’ব বুলি মানসিক ভাৱে প্ৰস্তুত হৈ থাকিব লাগে। সাধাৰণতে যিসকল ছাত্ৰই গীত গাব পাৰে, অভিনয় কৰিব পাৰে, খুহুঁতীয়া কথা কৈ হহুঁৱাব পাৰে, সেইদকলৰ ওপৰত আতিশয্য কম হোৱা দেখা যায়। সেয়েহে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ডাঙি ধৰিবলৈ ৰেগিঙক এক সুযোগ বুলি গ্ৰহণ কৰা উচিত।

৬) প্ৰথমবাৰাৰ বাবে হোষ্টেলত থাকিবলৈ যোৱা ছাত্ৰ এজনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল সময়ৰ সদ্ব্যৱহাৰ। ঘৰত মাক দেউতাকৰ কঠোৰ শাসনৰ মাজত থকা ছাত্ৰ এজনে সময় নিজৰ মতে ব্যৱহাৰ কৰোঁতে অসুবিধাৰ সন্মুখীন হয়। হোষ্টেলৰ বিভিন্ন আবাসীৰ ভিন ভিন অভিৰুচি থাকে। কিছুমান ছাত্ৰ খেল ধেমালিৰ প্ৰতি, কিছুমান ছাত্ৰ মনোৰঞ্জনৰ প্ৰতি, কিছুমান ছাত্ৰ সামাজিক কামৰ প্ৰতি বা কিছুমান ছাত্ৰ হয়তো সাহিত্য সংস্কৃতিৰ প্ৰতি আকৃষ্ট হ’ব পাৰে। সেয়েহে নিজৰ সময়খিনি কোন কামত কেনেদৰে খৰছ কৰা হ’ব সেই বিষয়ে পৰিকল্পনা তৈয়াৰ কৰি লোৱা উচিত। নিজৰ অধ্যয়নক আটাইতকৈ অধিক গুৰুত্ব দি আন সময়খিনি অভিৰুচি আৰু প্ৰয়োজন অনুসৰি ভগাই লোৱা উচিত। আজিকালি প্ৰায়বোৰ হোষ্টেলতে ইণ্টাৰনেটৰ সুবিধা আছে। ইণ্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰতো সাৱধান হ’ব লাগে, কাৰণ ইণ্টাৰনেটে বহু সময়ত অযথা সময়ৰ অপব্যয় কৰে। সদৌ শেষত সাহস আৰু আত্মবিশ্বাসেৰে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত মোকাবিলা কৰিহে জীৱনত সফল হ’ব পাৰি। আন ৰাজ্যলৈ গৈ হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰাটো এই সাফল্যৰ বাটৰ হব পাৰে প্ৰথমটো খোজ।

No comments:

Post a Comment