Saturday, June 13, 2015

চিন্তন

শিপাৰ সন্ধান
প্ৰতিম প্ৰতাপ বৰুৱা

কেতিয়াবা যে বহুতে কয় “অমুকৰ শিপা নাই” অথবা “অমুক শিপাৰপৰা বিচ্ছিন্ন” তাৰ অৰ্থ কি বাৰু?

শিপা মানে আমি দুটা অৰ্থ বুজো। এটা আক্ষৰিক অৰ্থ আৰু আনটো আক্ষৰিক অৰ্থৰ লগত মিলাই প্ৰতীকী অৰ্থ। আক্ষৰিক অৰ্থত শিপা হ’ল গছৰ মাটিৰ তলত থকা অংশটো (কেতিয়াবা কিছুমান গছৰ মাটিৰ বাহিৰতো শিপা থাকে) যি গছজোপা জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা খাদ্যৰ যোগান ধৰে আৰু গছজোপা মাটিৰ ওপৰত থিয় কৰি ৰাখে। শিপাৰ অবিহনে গছজোপা জীয়াই থাকিব নোৱাৰে।

আনহাতে প্ৰতীকী অৰ্থটো বুজিবলৈ এটা বা দুটা উদাহৰণ ল’ব লাগিব। প্ৰথমটো প্ৰবাসী অসমীয়া হিচাপে আমি নিজৰ ক্ষেত্ৰতে ল’ব পাৰোঁ। আমি অসমৰ, আমি অসমীয়া, কিন্তু আমি অসমত বাস নকৰোঁ। জীৱিকা অৰ্জনৰ দায়ত পৰি আমি কম বয়সতে অসমৰ বাহিৰলৈ গুচি আহিব লগা হ’ল আৰু এতিয়া জীৱনৰ আটাইতকৈ কাৰ্য্যক্ষম বছৰকেইটাত আমি অসমৰ পৰা নিশ্চিতভাৱে আঁতৰি থাকিম। আমাৰ ক্ষেত্ৰত কথাটো এজোপা গছ এঠাইৰপৰা উঘালি আনি আন এঠাইত ৰুই দিয়াৰ দৰে হ’ল। অসমৰ বাহিৰত আমি বাস কৰা ঠাইখনৰ বতাহ-পানী-খাদ্য খাই আমি জীয়াই আছোঁ যদিও আমাৰ জীৱন তথা মনটো আৰু আমাৰ ঘৰখন এতিয়াও অসমীয়া হৈ আছে আৰু আগলৈকো অসমীয়া হৈয়েই থাকিব। আমাৰ মাত-কথা, ভাৱ-অনুভূতি, সংস্কাৰ আদি সকলো অসমীয়া হৈয়ে আছে। এতিয়াও, ইমান বছৰৰ পিছতো, অচিনাকী ভীৰৰ মাজত হঠাত শুনি পোৱা অসমীয়া মাত এষাৰে বা ভীৰৰ মাজত দূৰৰ পৰা জিলিকি উঠা অসমীয়া সাজ এযোৰে আমাক চুম্বকৰ দৰে আকৰ্ষণ কৰে। বছৰেকৰ বিহুকেইটাত ঘৰৰ পৰা, অসমৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ দুখ আমাতকৈ বেছি কোনে অনুভৱ কৰিব পাৰে? আমাৰ ঘাই শিপাডাল সদায় অসমত আছে। সেই শিপাডালৰ লগত আমি কেতিয়াও, এক মুহূৰ্তৰ বাবেও বিচ্ছিন্ন অনুভৱ নকৰোঁ। আনহাতে এইটোও অস্বীকাৰ কৰা বৃথা যে অসমৰ বাহিৰতে হওক বা অসমৰ ভিতৰতে হওক, এনে বহুত অসমীয়া মানুহ আছে যি নিজৰ ঘাই শিপাডালৰ লগত, মানে অসম, অসমীয়া ভাষা, অসমীয়া কৃষ্টি-সংস্কৃতি আদিৰ পৰা বিছিন্ন হৈ থাকে বা বিছিন্ন হৈ থাকিব বিচাৰে।

এয়া হ’ল মানুহ হিচাপে আমাৰ ঘাইশিপাৰ কথা। আনহাতে এটা গোট বা এখন ৰাজহুৱা মঞ্চৰ বা এটা সংগঠনৰ শিপা মানে কি হ’ব পাৰে? এই ক্ষেত্ৰত আমি এটা প্ৰশ্ন কৰিব পাৰোঁ যে সদৌ অসম ছাত্ৰসংস্থা বা অসম সাহিত্য সভা বা অসম এছ’ছিয়েশ্যন, দিল্লী আদিৰ দৰে সংগঠনৰ শিপা আছেনে? নিশ্চয় আছে। কাৰণ সদৌ অসম ছাত্ৰসংস্থাই বা অসম সাহিত্য সভাই নিজৰ ঘোষিত উদ্দেশ্য অনুসৰি অসমৰ জাতীয় সংগঠন হিচাপে অসমৰ হকে আৰু অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ হকে কাম কৰিছে। অসম এছ’ছিয়েশ্যন, দিল্লীয়ে দিল্লীবাসী অসমীয়াসকলক লৈ অসমীয়াৰ হকে, অসমীয়া ভাষাৰ হকে কাম কৰিছে।

এইখিনিতে আমি প্ৰৱাসী অসমীয়াসকলৰ দ্বিতীয় বা তৃতীয় প্ৰজন্মৰ সন্তানসকলৰ ভাষা সমস্যাটো আলোচনা কৰিব পাৰোঁ। জীৱনৰ আৰম্ভনিতে এই প্ৰৱাসী অসমীয়া সন্তানসকলে এটা গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব লগা হয়। তেওঁলোকে একে সময়তে দুটা বা তিনিটা ভাষা আয়ত্ব কৰিব লগীয়া হয়। ঘৰত মাতৃভাষা হিচাপে অসমীয়া আৰু ঘৰৰ চাৰিবেৰৰ বাহিৰ ওলালেই সমনীয়াৰ লগতেই হওক বা আন কাৰোবাৰ লগতেই হওক সাধাৰণ কথা এষাৰ পাতিবৰ বাবেও ইংৰাজী ভাষাটো বা হিন্দী ভাষাটো বা স্থানীয় ভাষাটো (বা সংযোগী ভাষাটো) আয়ত্ব কৰিব লগা হয়। এই সমস্যাটোৰ বাবে প্ৰৱাসী অসমীয়াসকলৰ বহুত শিশুৱে আৰম্ভনিতে মাতৃভাষাতকৈ স্থানীয় ভাষাটোত বা সেই অঞ্চলৰ সংযোগী ভাষাটোত বেছি খৰকৈ আগবাঢ়ে। কাৰণ তেওঁলোকে অসমৰ বাহিৰত মাতৃভাষাৰ মাধ্যমত শিক্ষাজীৱনৰ আৰম্ভনি বা শেষ একোৱেই কৰিব নোৱাৰে। তেওঁলোকে ইংৰাজী মাধ্যমতে পঢ়া-শুনা কৰে, বিভিন্ন দেশ/প্ৰদেশৰ পৰা অহা সমনীয়াৰ সৈতে ইংৰাজী বা সেই স্থানীয় বা সেই সংযোগী ভাষাটোৰ মাধ্যমতে খেলা-ধূলা কৰে। এইখিনি বাস্তৱতা স্বীকাৰ কৰিও আমি লগতে এইটোও স্বীকাৰ কৰা উচিত যে শিপাৰ লগত সংযুক্ত হৈ থকাৰ প্ৰথম আৰু প্ৰধান মাধ্যমটোৱেই হ’ল মাতৃভাষা। মাতৃভাষাৰ অবিহনে আমি নিজৰ চিনাকী দিব নোৱাৰো আৰু আন চিনাকীৰে আমাক পৃথিৱীত কোনেও গ্ৰহণো নকৰিব।

এটা জাতিৰ (বা উপজাতিৰ) সংস্কৃতি নিজৰ ভাষাৰেহে গঢ় লৈ উঠে। মাতৃভাষা জৰিয়তেহে এটা জাতিৰ গীত-মাত, সাহিত্যৰ সৃষ্টি হয়। জাতীয় সংস্কৃতিক জীয়াই ৰাখিবলৈ হ’লে আৰু জাতীয় সংস্কৃতি বিকৃত হোৱাৰ পৰা (অথবা এসময়ত ধ্বংস হোৱাৰপৰা) ৰক্ষা কৰিবলৈ হ’লে আমি মাতৃভাষাকো বিকৃত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব আৰু আমাৰ মাতৃভাষাৰ শুদ্ধ ৰূপটোৰ চৰ্চা আৰু প্ৰসাৰ অব্যাহত ৰাখিব লাগিব। লগতে আমি বিশ্বাস কৰো যে সাহিত্য, গীত-মাত, চিত্ৰ-নাট্য-বাদ্য-নৃত্য – এইকেইটা মূল শিল্পই এটা জাতিৰ সংস্কৃতি ৰক্ষা কৰে। এটা জাতি আৰু সেই জাতিৰ সমাজ-সংস্কৃতি গঢ় লৈ উঠা প্ৰক্ৰিয়াটো যেনেকৈ দীঘলীয়া, তেনেকৈ সেই জাতিটো আৰু সেই জাতিটোৰ সমাজ-সংস্কৃতি বিপদাপন্ন হোৱা বা ধ্বংসৰ মুখলৈ আগবাঢ়ি যোৱা প্ৰক্ৰিয়াটোও সমানেই দীঘলীয়া।

সম্প্ৰতি অসমৰ বিহুমঞ্চত শিল্পীসকলে অসমীয়া গীত-মাতৰ বাদে আন ভাষাৰ গীত মাত পৰিৱেশন কৰা নকৰাক লৈ (বা তেওঁলোকক আন ভাষাত, বিশেষকৈ হিন্দী ভাষাত গীত-মাত পৰিবেশন কৰিবলৈ দিয়া নিদিয়াক লৈ) বিতৰ্ক চলি আছে। এই বিতৰ্ক/ভাবুকি/দম্ভালি/ আকোৰগোজালি/অহংকাৰ যোৱা কিছুবছৰৰ পৰা প্ৰত্যেক বছৰে আমি দেখিবলৈ পাই আহিছোঁ। ৰঙালী বিহু বুলি ক’লেই লগতে এই বিতৰ্কও অবধাৰিতভাৱেই যেন আহি যায়। সংগীতৰ সীমা নাই, সংগীতৰ ভাষা নাই আদি কথাবোৰ মনত ৰাখিও এইক্ষেত্ৰত আমি নিজৰ স্পষ্ট মতামত ব্যক্ত কৰিব খুজিছো যে বিহুতলীত বা বিহুমঞ্চত অসমীয়া বা অসমৰ জনগোষ্ঠীয় ভাষাৰ বাদে আন যিকোনো ভাষাৰ যিকোনো গীত-মাত-নৃত্য পৰিবেশন কৰাত আমাৰ আপত্তি আছে। বিহু উদযাপন কৰিবলৈহে ৰঙালী বিহুৰ সময়ত বিহু সন্মিলন আয়োজন কৰা হয়। বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ আৰু বিহুনাম-বিহুনৃত্য অসমীয়া জাতিৰ অন্যতম জাতিগত চিনাকী। ৰঙালী বিহুৰ এই উৎসৱ অসমীয়া বা অসমৰ জনগোষ্ঠীয় ভাষাৰ বাদে আন ভাষাৰে উদযাপন কৰিব নোৱাৰি। বিহুৰ উৎসৱে স্বত:স্ফূৰ্তভাৱে ৰাঙলী কৰি তোলা অসমীয়া মনটোক আন ভাষাৰ গীত-মাত-নৃত্যৰে শাঁত পেলাব পাৰি জানো? আমাৰ মতে নোৱাৰি। এইবোৰ কথাত কাৰোবাৰ দাবী-ভাবুকি বা অনুৰোধ আদিৰ প্ৰয়োজনেই থাকিব নালাগে আচলতে। অসমীয়া আৰু জনগোষ্ঠীয় ভাষাসমূহত পুৰনাৰ পৰা নতুনলৈকে ইমান বেছি সুন্দৰ সুন্দৰ বিহুনাম, আধুনিক গীত তথা লোক-সংগীত আছে যে গাওঁ বুলিলে এজন শিল্পীৰ বাবে এৰাতিৰ মঞ্চখন আচলতে একোৱেই নহয়। বিহু অসমীয়াৰ জাতীয় উৎসৱ আৰু এই জাতীয় উৎসৱৰ সময়ত জাতীয় উৎসৱটো পালন কৰা মঞ্চখনতে যদি অসমীয়া বা অসমৰ জনগোষ্ঠীয় ভাষাৰ গীত-মাত-নৃত্যই আদৰ নাপায়, তেন্তে ক’ত পাব?

শেষত আন এটা প্ৰাসংগিক যেন লগা কথা। বহাগী উৎসৱ, বহাগী বিদায় আদিৰ নামত বিহুসন্মিলনবোৰ যে লেথাৰী নিছিগাকৈ জেঠ-আহাৰ মাহলৈকে অনুষ্ঠিত কৰি থকা হয় তাৰ প্ৰয়োজনীয়তানো কিমান সেয়া আমাৰ ক্ষুদ্ৰ মগজুৰে আজিলৈকে বুজি নাপালোঁ। কিন্তু এই বিহু সন্মিলনবিলাকলৈ বাধ্যত পৰি চান্দা দিব লগীয়া হোৱা ব্যৱসায়ীসকলে যে সেই চান্দাখিনি পিছত সূতে-মূলে আমাৰ জেপৰ পৰাই আদায় কৰে সেয়া কিন্তু আমি ঠিকেই বুজি পালোঁ।

লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌, ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড, দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪ ই-মেইল – ppbaruah.delhi@gmail.com

No comments:

Post a Comment