Wednesday, June 24, 2015

মনৰ কথা

নাৰী জাতিক সন্মান কৰিবলৈ শিকক
অনামিকা চলিহা
অৰ্ধআকাশ বুলি পৰিচিত নাৰী জাতিক যে যুগে যুগে ব্যৱহাৰ কৰি অহা হৈছে, সেইয়া আকৌ এবাৰ প্ৰমাণিত হ’ল। সেই ব্যৱহাৰ লাগিলে সামাজিক, ৰাজনৈতিক, পাৰিবাৰিক নাইবা আন যিকোনো কাৰণতেই নহওঁক কিয়? সদায়েই নাৰীজাতিয়েই ভুক্তভোগী হ’ব লাগে। নাৰীজাতিক প্ৰাপ্যৰ সন্মান কেতিয়াও দিয়া হোৱা নাই অতীতত, বতৰ্মানেও দিয়া নাই আৰু ভৱিষ্যতেও দিব যে আশা নাই।

সমাজৰ ভয়ত কুন্তীয়ে নিজৰ সন্তানক নদীত উটুৱাই দিছিল, স্বীকৃতিও মৃত্যুৰ পিছতেহে দিছিল। দ্ৰৌপদীৰ ইচ্ছা –অনিচ্ছাক গুৰুত্ব নিদিয়াকৈ পঞ্চপতিৰ পত্নী হ’বলৈ বাধ্য কৰোৱা হ’ল, অকল সেইয়াই নহয় পাশাখেলৰ পণ হিছাপে লগাবলৈও কুণ্ঠাবোধ নকৰিলে। লোকনিন্দাৰ ভয়ত ৰামে সীতাৰদৰে সতী-সাধ্বী, পতিব্ৰতা নাৰীকো অগ্নি-পৰীক্ষা দিবলৈ বাধ্য কৰালে।আৰু ধেই উদাহৰন আছে|এইসকল অসাধাৰণ নাৰীৰেই এই অৱস্থা, তেনেস্থলত আনবোৰ সাধাৰণ নাৰীৰ কথা বাদেই দিলো।

যুদ্ধ আদি পৰিস্থিতিত নাৰীজাতিয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হয়। তেওঁলোকক শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰা হয়।ইয়াৰ বাবে দূৰলৈ যাব নেলাগে| আমাৰ অসম মূলুকতে ঢেধাৰ উদাহৰণ| আহোমৰ শাসনকালত গদাপানীৰ সন্ধান উলিয়াবলৈ ল’ৰাৰজা চুলিকফাই পত্নী জয়মতীৰ ওপৰত কৰা শাৰিৰীক অত্যাচাৰৰ কথা আমি সকলোৱে বুৰঞ্জীৰ পাতত পঢ়িছো। আনকি মানৰ অসম আক্ৰমণৰ সময়ত বহু নাৰীৰ সন্মান নষ্ট হোৱাৰ কথা বুৰঞ্ছীৰ পাতে পাতে লিপিৱদ্ধ| আনকি আলফাৰ সন্ধানত সামৰিক অভিযান চলোৱাৰ সময়তো নাৰীৰ সন্মান খৰ্ব হোৱাৰ কথা শুনিবলৈ পোৱা যায়। এতিয়াও বিভিন্ন কাৰণত নাৰীৰ অধিকাৰ খৰ্ব হৈ আহিছে। অকলশৰে ওলাই যোৱা নাৰীগৰাকী হয়তো উভতি আহোতে ধৰ্ষিতা হৈ ঘূৰি আহিছে। কনমানি শিশুও সেইসকল কামাতুৰ পুৰুষৰ হাতৰপৰা সাৰি যোৱা নাই। কন্যা সন্তান হোৱা বাবেই মাতৃৰ গৰ্ভতেই ভ্ৰূণ হত্যা কৰা হৈছে, এই আধুনিক যুগতো!

সমাজখনে, সমাজত বাস কৰা বহু পুৰুষে নাৰী এগৰাকীক কেতিয়াও তেওঁৰদৰেই এগৰাকী তেজ-মঙহৰ "মানুহ" বুলি গণ্য কৰা নাই। শৈশৱৰপৰাই নাৰীক এগৰাকী শাৰিৰীকভাৱে দুৰ্বল প্ৰাণীৰুপে ভাবিবলৈ বাধ্য কৰোৱা হয়। বিভিন্ন বাধ্য-বাধ্যকতা তেওঁলোকৰ ক্ষেত্ৰত। ডাঙৰ হৈ অহাৰ লগে লগে সেই বাধ্য-বাধ্যকতা আৰু বাঢ়ি যায়। যিখিনি এজন পুৰুষৰ ক্ষেত্ৰত  প্ৰায়েই আৰোপ কৰা দেখা নেযায়। অবৈধ মাতৃত্বৰ বোজা সদায়েই নাৰীয়েই বহন কৰিবলগা হয়, যেন সেয়া যদি অপৰাধো হয়, তাৰ যেন সম-অপৰাধী পুৰুষ একোজন তাৰ আঁৰত নায়েই । সেইক্ষেত্ৰত সদায়েই নাৰীগৰাকীক দোষ দিয়া হয়। বৈধৱ্যৰ যন্ত্ৰণাও নাৰীগৰাকীৰ ক্ষেত্ৰতেহে প্ৰযোজ্য। যদি নাৰীগৰাকীয়ে দ্বিতীয় বিবাহতো সোমায়,তেতিয়াও তেওঁক দুঃ-চৰিত্ৰা আদি বিভিন্ন ধৰণে উপহাস কৰা হয়। কিন্তু স্বামীৰ মৃত্যুৰ পিছত যদি অকলশৰীয়া এগৰাকী নাৰী দ্বিতীয় বিবাহত বহে তেওঁৰ দোষ ক’ত? তেওঁতো এগৰাকী তেজ মঙহৰ মানুহ। বৈধৱ্যৰ জীৱন যন্ত্ৰণা কেনে ভয়াবহ সেইয়া ভুক্তভোগীয়েহে জানে।

পিছে শেহতীয়াকৈ নাৰীৰ এগৰাকীয়ে কিমান সন্তান জন্ম দিব লাগে, তাকো ধমৰ্ৰ ৰক্ষাৰ নামত সিয়ে নাৰীৰ প্ৰতি অনুভূতিপ্ৰৱণ মানুহৰ চকু কপালত উঠাইছে। বিজেপি সাংসদ আৰু নেতা সাক্ষী মহাৰাজ, সাধ্বী প্ৰাচী আৰু শ্যামল গোস্বামীয়ে হিন্দু নাৰীক অতিকমেও ৪টা সন্তান জন্ম দি হিন্দুৰ সংখ্যা বৃদ্ধি কৰিবলৈ আহ্বান কৰিছে যাতে মুছলমানক ৰোধ কৰিব পৰা যায়। ই কেনে কথা। ধৰ্মৰ নামত ই কেনে নিকৃষ্ট ৰাজনীতি।? ভৱিষ্যতৰ উত্তৰাধিকাৰী বহন কৰা নাৰীৰ একান্ত ব্যক্তিগত কথাত মাত মতাৰ অধিকাৰ তেওঁলোকক কোনে দিলে, তেওঁলোকে এই অধিকাৰ ক’ত পালে?

পৃথিৱীৰ ভিতৰত ভাৰততেই সন্তান জন্মৰ সময়ত মহিলাৰ মৃত্যুৰ হাৰ বেছি। প্ৰত্যেক ১০ মিনিটত সন্তান জন্ম দিবলৈ গৈ ভাৰতত এগৰাকী মহিলাৰ মৃত্যু হয়। আমাৰ দেশত দিনে অতিকমেও ১৩৭ গৰাকী নাৰীয়ে অকাল মৃত্যুক সাৱটি লয় সন্তান জন্ম দিবলৈ গৈ। বছৰি ১৭% মহিলাই তথা ৫০০০০ গৰাকী মহিলাৰ প্ৰসূতি সংক্ৰান্তীয় বিভিন্ন ৰোগত মৃত্যু হয়।অসমৰ কথা বাদেই দিয়া হ’ল। অসমত এই হাৰ ৭০% ৰো ওপৰ। এওঁলোকৰ সৰহসংখ্যকেই ৰক্তহীনতা তথা অপুষ্টিহীনতাৰ বাবেই মৃত্যু হয়। আমাৰ দেশত ১৫ বছৰপৰা ৫৫ বছৰৰ ভিতৰৰ ৬০% মহিলাই ৰক্তহীনতা ৰোগত ভোগে। তাৰোপৰি নিৰক্ষৰতা, কম বয়সত সন্তান জন্মৰ দিবৰ বাবে যিখিনি প্ৰয়োজনীয় জ্ঞানৰ দৰকাৰ সেইবিষয়ে অজ্ঞতা, চাফ-চিকুনৰ অভাৱ, সমাজৰ কিছুমান এলান্ধুকলীয়া অন্ধবিশ্বাস আদিৰ বাবেই মহিলাসকলৰ মৃত্যু হয়।

ৰিৰ্পোট অনুসৰি ২০১৩ চনত ৩২০ গৰাকী প্ৰসূতি পৰোক্ষভাৱে এইছ আই ভিৰ বাবে মৃত্যুক সাৱটি লয়।তাৰোপৰি মেলেৰিয়া, ডেংগু আদিৰ বাবেও প্ৰসূতি সকল অকাল মৃত্যুৰ কৱলত পৰে। বিহাৰ, উওৰপ্ৰদেশ আদি ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে অধিক। জনসংখ্যাৰ দিশৰপৰা সবৰ্বৃহৎ দেশ চীনত ২০১৩ চনত মাত্ৰ ৫৯০০ গৰাকী প্ৰসূতিৰহে মৃত্যু হৈছিল। সেয়া কেৱল এটা সন্তানহে জন্মৰ দিব পৰা নীতিৰ বাবেই সম্ভৱ হৈছে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে। অথচ আমাৰ দেশত তাৰ সম্পূৰ্ণ ওলোটা নীতিহে পালন কৰা হয়।

প্ৰসূতি এগৰাকীৰ গৰ্ভত থকা সন্তান কাইলৈ দেশৰ ভবিষ্যত। মাতৃগৰাকীয়েই যদি ৰক্তহীনতা, পুষ্টিহীনতা, প্ৰয়োজনীয় জ্ঞানৰ অভাৱত পৰে, তেওঁ কেনেকৈ এটা সুস্থ-সৱল সন্তান জন্ম দিবলৈ সক্ষম হ’ব? নাৰীৰ ক্ষেত্ৰত ল’বলগীয়া প্ৰয়োজনীয়তাখিনি গ্ৰহণ নকৰি নাৰী এগৰাকীক ৪টাকৈ সন্তান জন্ম দিবলৈ আহ্বান কৰাসকল যে নাৰীজাতিৰ ঘোৰ শক্ৰ সেয়া সহজেই বোধগম্য হয়। তাৰোপৰি অত্যাধিক সন্তান জন্মই ভাৰতৰদৰে দৰিদ্ৰ এখন দেশৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা অৱস্থালৈ লৈ যাব পাৰে,সেয়া ভাবিলেই ভয়লগা কথা। নাৰীজাতিৰ ওপৰত হৈ থকা এই অন্যায়-অনীতি ৰোধ কৰিবলৈ হয়তো নাৰীজাতিয়ে এদিন দূৰ্গা গোসাঁনীৰ ৰুপ ল’ব লাগিব, নহ’লে ফাঁট মেলা বসুমতী পাতালে লুকাও অৱস্থা হ’ব এদিন।

No comments:

Post a Comment