Sunday, June 21, 2015

প্ৰৱন্ধ


ৰমজান মাহৰ উপবাসঃ কিছু বিশ্লেষণ, কিছু অনুভৱ
আবিদ আজাদ
পুৱতি নিশা ভীম কল খাই ৰোজা ৰখা আৰু সন্ধিয়া সিজোৱা আলু খাই ৰোজা এৰা ফইজুল কাকা নামৰ অতি দুখীয়া ঘৰৰ মানুহজনলৈ এই মুহূৰ্তত মনত পৰিছে৷ একেবাৰে সৰু আছিলো তেতিয়া৷ ৰোজা ৰখা মানুহবোৰে ঘৰত বনোৱা ভাল ভাল খাদ্যবোৰ লৈ ইফতাৰৰ সময়ত সন্ধিয়া যেতিয়া মছজিদলৈ গৈছিল, ফইজুল কাই টোপোলা এটাত লৈ আনিছিল দুটামান উহোৱা আলু৷ ৰোজা এৰাৰ সময়ত (ইফতাৰৰ সময়ত) আলুবোৰ ভাগি সবকে অলপ অলপ ভগাই দিছিল৷ আমি যিয়ে যি লৈ গৈছিলোঁ সবেই ভগাই খাইছিলোঁ৷ ফইজুল কাৰ আলুও খাইছিলোঁ৷

ৰাতি দেউতাক যেতিয়া "আলুও ইফতাৰ কৰোতে খাইনে বুলি" কৈছিলোঁ- দেউতাই কৈছিল- "দুখীয়া মানুহৰ এইবোৰেই খাদ্য বাবা৷ আপেল-আঙুৰ কিনি খাবলৈ সিহঁতে পইচা ক'ত পাব!" শিশু মনত সেই কথাটো বৰ দ'কৈ সোমাই গৈছিল৷ ৰমজান মাহ আহিলেই মোৰ এতিয়াও ফইজুল কালৈ মনত পৰে৷ সেই আলু খোৱা সন্ধিয়াটোলৈ মনত পৰে৷ ভেন গঘৰ "পোটেটো ইটাৰ" পেইন্টিংখনৰ দৰে৷ মানুহজনৰ মিৰ্গী বেমাৰ আছিল৷ ভালে কেইবাৰ তেওঁক চামৰা চেন্দেল নাকত শুঙোৱা দেখিছিলোঁ৷ এদিন গৰু চাবলৈ গৈ পথাৰৰ পানীত পৰি ঢুকাই থাকিল৷ ঘৰত এৰি থৈ গৈছিল পত্নী আৰু এটি পানী কেচুৱা৷

মই কোনো পাপ-পূণ্য, সৰগ-নৰক আদিত বিশ্বাস নকৰো৷ না মই এজন নৈষ্ঠিক মুছলমান বুলি দাবী কৰিব পাৰোঁ৷৷ সকলো ধৰ্মৰ প্ৰতি যি ভাৱ, ঈছলামৰ প্ৰতিও সেই ভাৱ৷ এই প্ৰাথমিক কথাখিনি আগত ৰাখিয়ে ৰোজা সম্পৰ্কে দুটা মান কথা তলত ক'বলৈ বিচাৰিছোঁ৷ মোৰ বাবে ৰোজাৰ কেইটামান পচন্দনীয় দিশ হৈছে -

১) ই ধৈৰ্যশক্তি বঢ়ায়৷
২) ভীষণ সংযমিত কৰে- এমাহৰ বাবে৷
৩) অনাহাৰে থকা দৰিদ্ৰ লোক সকলৰ দুখ উপলব্ধি কৰিবলৈ সহায় কৰে - এমাহৰ বাবে৷
৪) পাকস্থলি আৰু খাদ্যতন্ত্ৰক অলপ জিৰণি দিয়ে- এমাহৰ বাবে৷ কিছুমানে আকৌ দিনটো লঘনে থাকি সন্ধিয়া তেলে-মচলাই উদৰ ভৰায়৷ সেয়া পাকস্থলীৰ বাবে ঠিক নহয়৷ তেনেকৈ যদি খাবই লাগে দিনটো লঘনে মৰাৰ অৰ্থই থাকিল কি! পাকস্থলীক ঠগোৱা যেন হে লাগে!
৫) পিয়াহ লাগিলে পানীতো খাব নোৱাৰিয়ে, থুও গিলিব নোৱাৰি! ই কষ্টসহিষ্ণুতা বৃদ্ধি কৰে৷ মিতব্যয়ীও কৰে৷ আমি যে কিবা এটা দেখিলেই খাও খাও কৰোঁ, সেই বদগুণটো লাঘব কৰে! পেপচি- কোকোকোলা নোখোৱাকৈও যে পিয়াহ পলাব পাৰি, সেয়া বুজিব পাৰি!
৬) বেয়া কামৰ পৰা বাচি চলিবলৈ ৰোজাই প্ৰতি মুহূৰ্তত সকিয়াই থাকে৷ যেনে- মিছা কোৱা, লেতেৰা কথা কোৱা, আনৰ চুপতি কৰা, পৰচৰ্চা কৰা ইত্যাদি৷

ধাৰ্মিক কাৰণবোৰৰ পৰিৱৰ্তে এইবোৰ কাৰণৰ বাবেই বহুতো অবিশ্বাসী লোকেও ৰোজা ৰাখি ভাল পায়! এজন মানুহ প্ৰকৃত ধাৰ্মিক মুছলমান হ'বৰ বাবে ইছলামত অৱশ্য পালনীয় পাঁচটা মূল চৰ্ত আছে৷ যাক পাঁচ ফৰজ (ফৰ্জ-কৰ্তব্য) বুলি কোৱা হয়৷

১) কলিমা (বিশ্বাস): এক ঈশ্বৰৰ (আল্লাহৰ) ওপৰত বিশ্বাস কৰা আৰু হজৰত মহম্মদক ঈশ্বৰে ইছলাম প্ৰচাৰৰ বাবে প্ৰেৰণ কৰা মহাপুৰুষ হিচাপে বিশ্বাস কৰা৷ ইছলামৰ এয়া একেবাৰে প্ৰাথমিক চৰ্ত৷ বিশ্বাসটোৱেই যদি নাথাকে ধৰ্ম বিশ্বাসৰ কোনো অৰ্থ নাই৷ সেয়ে কোনোবা মানুহ যেতিয়া ইছলামত দীক্ষিত হৈ তেওঁক প্ৰথমে কলিমা পঢ়িবলৈ দিয়া হয়৷ নাস্তিক সকলে, মুছলমান নামৰ হ'লেও, আল্লাহক বিশ্বাস নকৰে৷ গতিকে তলত উল্লেখ কৰিব লগীয়া চৰ্তবোৰ তেওলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷

২) নামাজ (প্ৰাৰ্থনা বা ইবাদত): কোৰানত নামাজক ছালাত বুলি উল্লেখ কৰা আছে৷ কিন্তু ৫ বাৰ নামাজ পঢ়িব লাগে বুলি কোৰানত ক'তো লিখা নাই৷ মোহম্মদে দিনত পাঁচবাৰ নামাজ পঢ়িছিল বাবে মুছলমান সকলেও পাঁচবাৰ নামাজ পঢ়ে৷ অৱশ্যে দিনত পাঁববাৰ উপাসনা কৰা নিয়মটো ইছলামৰো পূৰ্বৰ৷ বহু মুছলমানে ঈশ্বৰত বিশ্বাস কৰে হয়, কিন্তু নামাজ নপঢ়ে৷ আনহাতে "মদ-গাহৰি" এইবোৰ কথাক লৈ কাজিয়া কৰিবলৈ হ'লে সদায় দুখোজ আগত থাকে৷

৩) ৰোজা (উপবাস): ৰমজান মাহত ৰোজা আৰম্ভ হয়৷ যিহেতু আৰবিক বৰ্ষ হিজৰি চন চন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল, সেয়ে মুছলমান সকলে চন্দ্ৰ চাই ধৰ্মীয় দিন-তিথি নিৰ্ণয় কৰে৷ ৰোজাও সেয়ে জোন চাই হে ঠাৱৰ কৰে৷ হিজৰি কেলেণ্ডাৰত ৩৫৪ দিনত এবছৰ হয়, সেয়ে ৰোজা প্ৰতি বছৰে (৩৬৫-৩৫৪=) ১১ দিনকৈ আগুৱাই গৈ থাকে৷ বৰ্তমান ৰোজা গৰম দিনত পৰিছে৷ দিন দীঘল৷ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ প্ৰায় ১৪ ঘন্টা৷ উত্তৰ গোলাৰ্ধত (ইউৰোপত) এই সময় প্ৰায় ২০/২১ ঘন্টা৷ অৰ্থাৎ ইমানখিনি সময় লঘনে থাকিব লগীয়া হয়৷ লঘোনে থকাটো ইমান ডাঙৰ কথা নহয়৷ সমস্যা হয়, পানী খাব নোৱাৰাৰ বাবে৷ প্ৰতি বছৰে এনেকৈ ১১ দিনকৈ আগুৱাই আগুৱাই পুনৰ শীত কালত ৰোজা আহিবলৈ হ'লে আৰু প্ৰায় ১৮ বছৰ ৰব লাগিব৷

ৰমজান মাহক মুছলিম সকলে অতি পবিত্ৰ মাহ বুলি ভবাৰ কাৰণটো হৈছে- এই মাহতে প্ৰথম কোৰান অৱতীৰ্ণ হোৱা বুলি তেওঁলোকে বিশ্বাস কৰে৷ কিন্তু কোৰান অৱতীৰ্ণ হোৱাৰ লগে লগে ৰোজা ৰখা নিয়মটো প্ৰচলিত হোৱা নাছিল৷ ইছলামৰ প্ৰাৰম্ভিক সময়ত মক্কাবাসীৰ অত্যাচাৰত মোহম্মদে মক্কাৰ পৰা মদিনালৈ পলাই যাব লগীয়া হৈছিল৷ সেই তেতিয়াৰ পৰাই আৰবী বৰ্ষ (হিজৰি চনৰ) আৰম্ভণি৷ মদিনাৰ একেবাৰে দুখীয়া, বেদুইন, আদিবাসী আদি লোকসকলক লৈ মোহম্মদে কোৰানৰ বাণী প্ৰচাৰত লাগি গ'ল৷ তেতিয়াৰ খ্ৰীষ্টান-ইহুদী আদি ধৰ্মৰ পণ্ডিতসকলৰ সৈতেও ভাৱ বিনিময় কৰিছিল৷ এইদৰেই বহু প্ৰচেষ্টাৰ অন্তত গোটেই আৰৱ বিশ্বত ইছলাম বতাহৰ দৰে বিয়পিবলৈ ধৰিলে৷

মুছলমানৰ জনসংখ্যা যেতিয়া বাঢ়িবলৈ ধৰিলে, মোহম্মদে মদিনাৰ পৰা নিজৰ জন্মস্থান মক্কালৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিলে৷ এনেকৈয়ে ইছলামৰ বাৰ্তা গোটেই বিশ্বত বিয়পি পৰিল৷ এই প্ৰত্যাৱৰ্তনৰ দুবছৰ পাছৰ পৰা ৰমজান মাহত ৰোজা ৰখা নিয়ম প্ৰৱৰ্তন কৰা হৈছিল৷ ইছলামৰ পূৰ্বেও বিভিন্ন ধৰ্মত উপবাসে থকা নিয়ম আগৰ পৰাই আছিল৷ বৈদিক ধৰ্মতো আছিল৷ মোহম্মদে বিভিন্ন ধৰ্মৰ ভাল ভাল দিশবোৰ গ্ৰহণ কৰি ইছলামত সংযোজিত কৰিছিল৷ কোৰাণত তাৰ পূৰ্বৰ পুথিবোৰৰ সেই সময়ত গ্ৰহণযোগ্য অনেক কথা পোৱা যায়৷ ঋকবেদত থকা 'নাচদীয় সুক্ত'ৰ লেখীয়াকৈ কোৰানতো বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ বাখ্যা পোৱা যায়৷ যদিও সেইবোৰ পৌৰাণিক বাখ্যা আজিৰ আধুনিক বিজ্ঞানে অস্বীকাৰ কৰে৷

ইয়াতে শংকৰদেৱ আৰু হজৰত মহম্মদৰ সাদৃশ্য এটা ক'বলৈ বিচাৰিছোঁ৷ শংকৰ দেৱে যিদৰে কেৱল হৰিক হে পূজা কৰাৰ কথা কৈছে, তেনেকৈ মোহম্মদেও কেৱল আল্লাক হে পূজা কৰাৰ কথা কৈছিল৷ আনকি, আল্লাহৰ পৰিৱৰ্তে বা আল্লাহৰ সৈতে তেওঁক যাতে তুলনা কৰা নহয়, পূজা কৰা নহয়, তাৰ কঠোৰ বিধান দি গৈছিল৷ সেয়ে মোহম্মদৰ ছবি বা মূৰ্তি দেখিবলৈ পোৱা নাযায়৷ শংকৰদেৱৰ ক্ষেত্ৰতো প্ৰায় একে৷ কোৰাণৰ "লা ইলাহা ইল্লালা" আৰু কীৰ্তনৰ "এক দেৱ, এক সেৱ, একতে বিনে নাই কেৱ"ৰ অৰ্থ হুবহু একে৷

৪) হজ (তীৰ্থযাত্ৰা): আৰ্থিক আৰু শাৰিৰীকভাৱে সক্ষম লোক সকলে জীৱনত এবাৰ মক্কালৈ যোৱাটো নিয়ম৷ ইয়াৰ উদ্দেশ্য আছিল- বিশ্ব ভাতৃত্ব গঢ়ি তোলা৷ কাৰণ সেই ৭ম শতিকাত মক্কা আছিল জাতি-ধৰ্ম নিৰ্বিশেষে সকলো প্ৰান্তৰ লোকৰ ভাৱ বিনিময়ৰ, জ্ঞান বিনিময়ৰ, বেহা-বেপাৰৰ মিলন স্থল৷ অস্ত্ৰ-শস্ত্ৰ প্ৰবেশ তাত নিষিদ্ধ আছিল৷ মক্কা আছিল সেই সময়ৰ আৰৱৰ জ্ঞান আৰু ব্যৱসায়ৰ কেন্দ্ৰ৷ এতিয়া পিছে এই ঠাইখন ইছলামিক ভাতৃত্ব গঢ়া কেন্দ্ৰহে হৈছেগৈ৷ ইছলামৰ স্বয়ম্ভু হৰ্তা-কৰ্তা ছৌদি শাসকে মক্কা প্ৰবেশ-দ্বাৰত বৰ বৰ হৰফেৰে লিখি থৈছে - "Entry for Muslims"!

৫) জাকাত (আয়কৰ): জাকাত হৈছে আৰ্থিকভাৱে সক্ষম লোকসকলে বাৰ্ষিক আয়ৰ এক নিৰ্দিষ্ট অংশ গৰীৱৰ বাবে দান কৰা৷

ৰোজাৰ দিন কেইটাত মুছলিম সকলে, যিসকল আৰ্থিক ভাৱে সক্ষম তেওঁলোকে, পৰিয়ালৰ সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন সদস্যৰ বিপৰীতে ১৬০০ গ্ৰাম ঘেহু বা তাৰ যিমান মূল্য হয় সিমান পইচা গৰীব- দুখীয়াক দান দিয়ে; যাতে ৰোজাৰ অন্তত হ'ব লগীয়া ঈদত নতুন কাপোৰ কিনিব পাৰে, পৰিয়ালৰ সৈতে এসাজ ভালদৰে খাব পাৰে৷ এই দানটোক "ফিৎৰা" বুলি কোৱা হয়৷ তাৰোপৰি "চাদকা" বুলিও এবিধ দান আছে৷ এই চাদকাৰেও ধনী লোকে গৰীব লোকক সহায় কৰে৷ ৰমজান যিহেতু পূণ্যমাহ বুলি বিবেচিত, সেয়ে এইমাহতে ফিৎৰাৰ উপৰিও জাকাত, চাদকা আদি দিয়া বেছিকৈ দেখা পোৱা যায়৷

ৰমজানৰ ৰোজা যদিও বাধ্যতামূলক, অসুস্থলোকৰ ক্ষেত্ৰত এয়া বাধ্যতামূলক নহয়৷ ঋতুস্ৰাৱ হোৱা দিন কেইটাত মহিলাসকলক ৰোজাৰ পৰা ৰেহাই দিয়া হৈছে বা মানা কৰা হৈছে৷ ৰোজাৰ সময়চোৱাত (লঘোন থকা সময়চোৱাত) চাধা-বিড়ি খোৱা, যৌন সংগম কৰা আদি কামবোৰ মানা কৰা হৈছে৷ এইবোৰে ঈশ্বৰ ভক্তিত মন আৰু শৰীৰক কক্ষান্তৰ কৰে বুলিয়ে চাগে তেনে নিয়ম কৰা হৈছে!

ইছলামৰ যিটো নিয়মে মোক আটাইতকৈ বেছি আকৰ্ষিত কৰে সেয়াই হৈছে- ৰোজা৷ ৰোজাত কাল্পনিক পৰকালতকৈ ইহকালৰ গুৰুত্ব বেছি যেন লাগে৷ বাকী নিয়মবোৰ ভীষন পৰলোক কেন্দ্ৰিক! তাৰোপৰি ধনী-দুখীয়া নিৰ্বিশেষে সকলোৱে ৰোজা ৰাখিব পাৰে৷ ৰোজাৰ শেষত ধনী দুখীয়া সকলোৱে ঈদগাহত একেলগে লগ হয় দুই ৰাকাত নামাজ পঢ়ি দিনটো মিলাপ্ৰীতিৰে ঈদ উদযাপন কৰে৷ ঈদ যদিও ৰোজাৰ অন্তত পালন কৰা হয় সেয়া আচলতে ৰমজানৰ পিছৰ মাহটোৰ প্ৰথম দিনটোতহে পালন কৰা হয়৷ অৰ্থাৎ, ছাৱাল মাহৰ প্ৰথম দিনাখন৷

দুখৰ বিষয়, ইছলামত ইমানবোৰ ভাল কথা থকাৰ পাছতো কিছুমান মুছলমানে সৰু সৰু কথাক লৈ প্ৰতিবেশীৰ সৈতে কাজিয়া কৰে৷ মদ-গাহৰিক লৈ কটা-মৰা লাগে৷ যি ধৰ্মত জ্ঞানাৰ্জনৰ বাবে চীনলৈও (দূৰ দেশলৈও) যাবলৈ উপদেশ দিয়া হৈছে সেই ধৰ্মৰ বেছিভাগ মানুহ এতিয়াও তাবিজ, তালাক, বোৰ্খা, পায়-নাপায় এইবিলাকক লৈ বেছি ব্যস্ত৷ যি ধৰ্মত অৱশ্যকৰণীয় কৰ্তব্যবোৰৰ মাজতো ইমানবোৰ শিথিলতা আছে সেই ধৰ্মক একাংশ মোল্লা আৰু মৌলবাদীয়ে এক ভয় লগা গোড়া ধৰ্মলৈ ৰূপান্তৰিত কৰিবলৈ উঠি-পৰি লাগিছে৷ যি ধৰ্মত বিশ্বভাতৃত্ব আৰু সাম্যৰ কথা দঢ়াই দঢ়াই কোৱা হৈছে তাত এতিয়াও চিয়া, চুন্নী, আহমদী, চৈয়দ, চেখ আদি ভাগেই ভাগ আৰু কটা-মৰাও যেন আটাইতকৈ বেছি৷

No comments:

Post a Comment