মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দল সংগঠনৰ নেতাৰ স্বার্থত পণবন্দী শিক্ষাৰ্থী
লক্ষ্য জ্যোতি নাথ

যোৱা ২৯/০৫/২০১৫ তাৰিখে ৰাতিপুৱা গুৱাহাটীৰ বেতকুছিত দ্ৰুতবেগী ট্রেকাৰে হাইস্কুলৰ ছাত্ৰ এজনক খুন্দিওৱাৰ খবৰটো পাই খঙো উঠিছে, দুখো লাগিছে। ছাত্ৰজন সোনকালেই আৰোগ্য হৈ উঠক ভগৱানৰ ওচৰত প্রার্থনা জনাইছো। দ্রুতবেগী ট্রেকাৰে হওঁক বা চিটিবাচেই হওঁক বা ব্যক্তিগত বাহনবোৰেই হওঁক, এইবোৰক নাকী লগোৱাৰ সময় আহি পৰিছে এইটো ঠিক।

কিন্তু এই ঘটনাটোকে কেন্দ্ৰ বিন্দু হিচাপে লৈ 'সদৌ অসম ছাত্ৰ সন্থা'ৰ নামত পথ অৱৰোধ কি বুজি নোপোৱা কণ কণ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পাঠদান নকৰায় পথ অৱৰোধ কৰিব যে লৈ আনিছে সেইটো কি কথা ? নিউজ চেনেলত দেখা পাইছো ছাত্ৰ-ছাত্ৰীবোৰক এজন ল'ৰাই উচতাই কিবাকিবি চিঞৰিব লগাই দিছে। তেওঁলোকক পথত থিয় কৰাই পথটো অৱৰোধ কৰি থবলৈ দিছে।

প্ৰশ্ন হয়, দূৰ্ঘটনা হোৱাৰ পাছত পথ অৱৰোধ কৰিলে সেই ছাত্ৰজন সুস্থ হৈ যাব নেকি ? দূৰ্ঘটনাৰ পাছত দেখা পাওঁ, বাহন ভাঙি দিয়ে বা জ্বলাই দিয়ে তেনে কৰি কি লাভ হয়? কাৰোবাৰ সৰু ভুল এটাৰ বাবে দূৰ্ঘটনা এটা হ'ল, তাৰবাবে পথ অৱৰোধ কৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিলে কি সমাধান পোৱা যাব?

সেই পথটোৰে সেই সময়ত বহু ছাত্ৰ-ছাত্ৰী, চৰকাৰী চাকৰিয়াল, এম্বুলেঞ্চত ৰোগী, বিভিন্ন কাৰণত বিভিন্ন লোক যায়। এজন ছাত্ৰৰ দূৰ্ঘটনাৰ বাবে অন্য ছাত্র-ছাত্ৰী বা এম্বুলেঞ্চত থকা ৰোগীজনক পথত আবদ্ধ কৰি ৰখাৰ কি যুক্তি আছে ? বিদ্যালয়ত পাঠদান কৰিব নিদি ৰাজপথত পথ অৱৰোধ কৰিবলৈ মাতি অনা ছাত্ৰ-ছাত্ৰীবোৰক এই ক্ষেত্রত মই দোষাৰোপ নকৰো। তেওঁলোক বাৰু অবুজ কিন্তু সেই ছাত্ৰ-ছাত্ৰীবোৰৰ নেতৃত্ব লোৱা বিষয়ববীয়া বা দল সংগঠনবোৰৰ কাণ্ড জ্ঞান বোলা বস্তু নাই নেকি ? ছাত্ৰ-ছাত্ৰীবোৰক শ্ৰেণী কোঠাত উপস্থিত থাকি পাঠদান কৰিব দিব লাগে নে পথ অৱৰোধ কৰিবলৈ ৰাজপথলৈ লৈ আনিব লাগে।

সদৌ অসম ছাত্ৰ সন্থায়ে হওঁক বা অইন দল সংগঠনবোৰৰ ক্ষেত্ৰতেই হওঁক ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ত পাঠদান কৰিব নিদি পথ অৱৰোধ, ধৰ্ণা আদি দিবলৈ মাতি অনা কাৰ্য আগতেও দেখিছো। নে এই দল সংগঠনবোৰে কণ কণ ছাত্ৰ-ছাত্ৰীক সৰুৰে পৰা কেনেকৈ পথ অৱৰোধ কৰিব লাগে , ধৰ্ণা দিব লাগে , টায়াৰ জ্বলাই -গাড়ী ভাঙি অসম বন্ধ দিব লাগে প্রশিক্ষণ দিব বিছাৰিছে?

এফালে অসমৰ শিক্ষা বিভাগ আৰু অসম চৰকাৰে বিভিন্ন বেমেজালি কৰি ছাত্ৰ-ছাত্ৰীবোৰৰ জীৱনক লৈ হেতালি খেলিছে আনফালে এই দল সংগঠনবোৰৰ ছাত্ৰ-ছাত্ৰীক লৈ এইবোৰ কাণ্ড কাৰখানা। এওঁলোকক মোৰ সমূহীয়াকৈ শুধিব মন যায় "আপোনালোকে অসমৰ ছাত্ৰ-ছাত্ৰীবোৰৰ উন্নতি সঁচাই বিছাৰেনে?" নে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আপোনালোকে আমাৰ এই ছাত্ৰ সমাজক ব্যৱহাৰ কৰিছে । কেৱল নেতা হোৱাৰ বাসনাত আপোনালোকে হাতত লয় নেকি এই কাৰ্যসূচী ? যি কাৰ্যসূচী এ আমাৰ ছাত্ৰ-ছাত্ৰীবোৰক নিদিয়ে কোনো যোগাত্মক ফল।

 সংযোজনঃ ৰাইজৰ সঁহাৰি

কালিৰ 'অসমীয়া প্রতিদিন' কাকতত প্রকাশিত মোৰ 'দল সংগঠনৰ নেতাৰ স্বাৰ্থত পণবন্দী শিক্ষাৰ্থী' লেখাটো পঢ়ি, গুৱাহাটীৰ নাৰেংগীৰ পৰা ব্যক্তি এজনে ফোন কৰিছিল। পেশত তেওঁ এজন পাণ দোকানী বুলি তেওঁ নিজেই নিঃসংকোচে মোক ক'লে। তেওঁ লগত এই বিষয়ে কথা পাতি যথেষ্ট ভাল লাগিল। মোৰ লেখা বাতৰি কাকতত পঢ়ি ডেকা -বয়োজেষ্ঠ, শিক্ষক-শিক্ষয়িত্ৰী, অৱসৰ-প্ৰাপ্ত অধ্যক্ষ বিভিন্ন লোকে ফোন কৰিছে। তেনে লোকে বাতৰি কাকতত প্রবন্ধ , লেখা আদি পঢ়ে বুলি জানো বাৰু কিন্তু আমি অৱহেলাৰ চকুৰে চোৱা পাণ দোকানী এজন , ঠেলাৱালা এজন বা দিনটো কাম কৰি ঘূৰি ফুৰা লোকসকলে এনে লেখা পঢ়েনে নাই জনাৰ বিৰাট দৰকাৰ আছিল।

ধৰি ললো, শিক্ষিতসকল বাৰু শিক্ষিতই, আমি মনবোৰ সলনি কৰিব লাগে বিভিন্ন কাৰণত শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰা অৰ্ধ-শিক্ষিত সকলৰ। নিঃসংকোচে এজন সাধাৰণ পাণ দোকানী বুলি কোৱা তেওঁৰ চিন্তা-ধাৰাক শলাগ ললো। তেখেতেক মই ক'লো কাৰো পেশা সৰু কাৰো পেছা ডাঙৰ নহয় । সকলো সমান। এখন দীঘল ট্রেইনে শ-শ মানুহ , টন-টন বস্তু তেতিয়াহে নিব পাৰিব যেতিয়া ট্রেইনখনৰ সকলো চকা সমানে চলিব । তেনেদৰে আমাৰ বৃহৎ সমাজখন তেতিয়াহে চলিব যেতিয়া সকলো পেছাৰ মানুহে সমানে কাম কৰিব। সমাজ এখনত ৰিক্সাৱালা জনৰো দৰকাৰ, IPS বিষয়াজনৰো দৰকাৰ ; শাক-পাচলি বেপাৰী জনৰো দৰকাৰ , ডক্টৰজনৰো দৰকাৰ ; পাণ দোকানী এজনৰো দৰকাৰ , সৈনিক-আৰক্ষী জনৰো দৰকাৰ । সকলোৱে একেলগে চলিলেহে সমাজ নামৰ ট্রেইনখন আগুৱাই যাব।

লেখকৰ ঠিকনাঃ মোবাইল - ৯৯৬৯৩৪০৫৮৭, মুম্বাই -৪০০০০৫

No comments:

Post a Comment