চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ন্যস্ত স্বাৰ্থই কঢ়িয়াই অনা বৈষম্য
ময়ূৰ বৰা

যিকোনো এজন সচেতন আৰু সংবেদনশীল ব্যক্তিৰ বাবে ধৰ্ম বিষয়টো বৰ্ণনাতীতভাৱে জঞ্জালময় হৈ উঠিব পাৰে। ধৰ্ম বা ঈশ্বৰ বিশ্বাসৰ শাহটো বিশ্লেষণ কৰি সুস্থিৰ সিদ্ধান্তলৈ আহিব পৰাটো যিমান কঠিন, তাতকৈ কঠিন হৈ উঠিব পাৰে বৰ্তমান সময়ত ধৰ্মই সৃষ্টি কৰা বিভ্ৰান্তিৰ ওৰ বিচাৰি উলিওৱাটো। বাস্তৱ সত্যৰ কষটি শিলত উত্তীৰ্ণ নহ'লেও বহু মানুহৰ মনত এটা ধাৰণা বদ্ধমূল হৈ গৈছে যে ইছলাম ধৰ্মাৱলম্বী এচাম মানুহ আন আন ধৰ্মৰ লোকতকৈ বেছি হিংসুক বা নিৰ্দয়। সেইচাম মানুহে এনেকৈও ভাবে যে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল আনতকৈ বেছি শান্তিপ্ৰিয়। কিন্তু এই ধৰণৰ stereotyping যে বহু সময়ত শুদ্ধ নহয়। সেই কথাৰ প্ৰমাণ মানৱ জাতিয়ে পাই আহিছে। প্ৰমাণ পোৱাৰ পাছতো তেনে এক ধাৰণা বাস্তৱ সত্যতকৈ মানুহৰ মনত বেছি গভীৰ হৈ পৰাটো উদাৰচিতীয়া বৌদ্ধিক পৰম্পৰাত বিশ্বাসী সকলো মানুহৰ বাবে প্ৰত্যাহ্বান স্বৰূপ। তাতকৈও পৰিতাপৰ কথা, যেতিয়া ন্যস্ত স্বাৰ্থক অতিক্ৰম কৰিব নোৱাৰি সচেতন মানুহে জানি-শুনিও গুৰুতৰ ভুল কৰি যায়।

শান্তিৰ ন'বেল বঁটা বিজয়ী ম্যানমাৰৰ প্ৰতিবাদী আন ছাং ছ্যু কীয়ে সাম্প্ৰতিক সময়ত ৰহিংগাৰ মুছলমান সম্প্ৰদায়ৰ ভয়ংকৰ নিপীড়নৰ ক্ষেত্ৰত যি নীৰৱতা প্ৰদৰ্শন কৰিছে, তাৰ বিৰোধিতা কৰি ডেছমণ্ড টুটুকে মুখ্য কৰি আন কেইবাজনো ন'বেল বঁটা বিজয়ী লোক ওলাই আহিছে। ছ্যু কী হৈছে বৌদ্ধ ধৰ্মাৱলম্বী লোক আৰু ৰহিংগাসকল ইছলাম ধৰ্মৰ। ২০১২ চনৰ পৰা চেগাচোৰোকাকৈ চলি থকা আৰু বৰ্তমান সময়ত গভীৰ হৈ উঠা সংখ্যাগুৰু বৌদ্ধ আৰু সংখ্যালঘু মুছলমানসকলৰ মাজৰ সংঘাতে পতিয়নযোগ্য ভাৱে প্ৰমাণ কৰিছে মানুহৰ মনৰ ধাৰণা সদায় সত্য নহ'বও পাৰে।


দ্বিতীয়তে ন্যস্ত স্বাৰ্থৰ চাকনৈয়াৰ পৰা বাচি থাকিব পৰাটি ন'বেল বঁটা লাভ কৰিবলৈ কৰা কঠোৰ শ্ৰমতকৈও কষ্টসাধ্য হৈ উঠিব পাৰে। ম্যানমাৰত নিৰ্বাচন সমাগত। সেই নিৰ্বাচনত সংখ্যাগৰিষ্ঠ বৌদ্ধ ধৰ্মাৱলম্বীসকলে যাকে বেছিকৈ সমৰ্থন দিব, সেইটো দলেই চৰকাৰ গঠন কৰিব। ২১ বছৰীয়া গৃহ বন্দিত্বৰ পাছত যোৱা ২০১০ চনৰ নৱেম্বৰ মাহত মুকলি আকাশৰ তলত উশাহ ল'বলৈ সক্ষম হোৱা নেচনেল লীগ ফৰ ডেমোক্ৰেচী দলৰ ৬৯ বছৰীয়া নেত্ৰী ছ্যু কীয়ে সেই নিৰ্বাচনত শেষ হাঁহি মৰাৰ লোভতেই সমগ্ৰ বিশ্বৰ লাখ লাখ মানৱতাবাদী লোকৰ আকুল আহ্বানক আওকাণ কৰিছে। নীৰৱতাৰ ওৰণিৰে নিজৰ মনৰ ক্ষুদ্ৰ ন্যস্ত স্বাৰ্থক ঢাকিবলৈ আপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হোৱা ছ্যু কীৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তিৰ সন্মুখত আজি কেইবাডালো প্ৰশ্নবোধক চিহ্ন। এই প্ৰশ্নবোধক চিনবোৰে কেৱল তেওঁৰ ব্যক্তিগত ভাবমূৰ্তিকে আঘাত কৰা নাই, বৰং তেওঁৰ নেতৃত্ব আৰু নিষ্ঠাৰ প্ৰতি সন্মান জনোৱা বিশ্বৰ প্ৰতিজন লোককে আমনি দিছে।

আন ছাং ছ্যু কী কেৱল নিৰ্ভীক নেত্ৰী হিচাপেই গুৰুত্বপূৰ্ণ নহয় নাইবা ২১ বছৰ গৃহবন্দী হৈ থকাটোৱেই তেওঁৰ মূল কৃতিত্ব নহয়। দমনমূলক সামৰিক নিপীড়নে যি সময়ত সমগ্ৰ ম্যানমাৰতে সুস্থ জীৱনকোঠৰ আন্তঃগাঁথনি ভাঙি চূৰমাৰ কৰিছিল, যি সময়ত গৰিষ্ঠসংখ্যক বিৰোধী নেতা-বুদ্ধিজীৱীয়ে সামৰিক শাসকৰ লগত গোপনে মিতিৰালি কৰি নিজৰ বিবেক-আত্মসন্মান নিৰ্লজ্জভাৱে বলি দিছিল তেনে সময়ত বিৰল ত্যাগ আৰু অদম্য সাহসৰ প্ৰতীক হিচাপে প্ৰায় নিঃসংগভাৱে ছ্যু কীয়ে সাধাৰণ জনতাৰ ন্যায্য অধিকাৰৰ হকে আপোছীন যুদ্ধ চলাইছিল। তেনে কৰ্মনিষ্ঠা আৰু নীতিনিষ্ঠ নেতৃত্বৰ বাবেই তেওঁ লাভ কৰিছিল শান্তিৰ ন'বেল বঁটা। সেই গৰাকী নেত্ৰীয়ে নিজৰ চকুৰ সন্মুখতে ৰহিংগা মুছলমানসকলৰ মানৱ অধিকাৰ ভস্মীভূত হোৱা দেখিও আজি নীৰৱ আৰু নিস্পৃহ। এই নিস্পৃহতা ক্ষমতাৰ প্ৰতি থকা উদাসীনতা নহয়। বৰং যিকোনো উপায়েৰে ক্ষমতা হস্তগত কৰাৰ অভিপ্ৰায়ৰ উদ্দেশ্যহে তেওঁৰ বৰ্তমানৰ নিস্পৃহতা সমৰ্পিত।


একে সময়তে ইউৰোপত এটা গুৰুত্বপূৰ্ণ সমীক্ষাৰ ফলাফল প্ৰকাশ পাইছে। সেই সমীক্ষাত পৰিলক্ষিত হৈছে যে ইউৰোপত ইছালম ধৰ্মাৱলম্বী লোকৰ সংখ্যা সাম্প্ৰতিক সময়ত যথেষ্ট বৃদ্ধি পাইছে। একে সময়তে কিন্তু আন ধৰ্মাৱলম্বী লোকৰ মনত ইছালম ধৰ্মাৱলম্বী লোকৰ প্ৰতি এক বিৰাগে বিদ্বেষৰ ৰূপো লৈছে। ফ্ৰান্সৰ চাৰ্লি হেব্‌ডো হত্যাকাণ্ডৰ পাছত চলোৱা সমীক্ষাটোত অৱশ্যে উক্ত নাৰকীয় ঘটনাটোৰ কিছু প্ৰভাৱ পৰাটো স্বাভাৱিক। তথাপি এটা বিশেষ ধৰ্মক এদল তথাকথিত ভাৱে 'সভ্য' আৰু 'প্ৰগতিশীল' লোকে নিজৰ বিদ্ৰূপ বা ঘৃণাৰ মূল লক্ষ্য কৰি লোৱাটো মানৱতাবাদী চেতনাৰ প্ৰতি জনোৱা এক সুতীব্ৰ প্ৰত্যাহ্বান। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ হৃদয়ত প্ৰেম আৰু মমত্ববোধৰ সুৰধ্বনি সৃষ্টি কৰাটি আধুনিক মানুহৰ মূল লক্ষ্য হোৱা উচিত আছিল যদিও আজিৰ পৃথিৱীত সেয়া এক বিৰল পৰিঘটনা হৈ পৰিছে। আস্থাৰ ধ্ৰুৱতৰা হৈ নতুন আলোকেৰে সকলো শ্ৰেণীৰ সাধাৰণ ৰাইজৰ জীৱন জ্যোতিস্মান কৰিব বুলি যিগৰাকী নেত্ৰীৰ ওপৰত সমগ্ৰ পৃথিৱীৰে ভৰসা আছিল, খোদ তেৱেঁই নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক পংকিলতাত ককবকাই উঠা কথাটো সকলোৰে বাবে হতাশাজনক। প্ৰতিৱেশী হ'লেও ম্যানমাৰৰ লগত ভাৰতৰ মূল ভূখণ্ডৰ যথেষ্ট পাৰ্থক্য আছে। ঋণাত্মক কৰ্মৰ জৰিয়তে দুয়ো দেশৰ ৰাজনীতিকসকলেহে প্ৰমাণ কৰিছে যে ভোটৰ যুদ্ধত জয়ী হোৱাৰ স্বাৰ্থত উভয় পক্ষই এচাম সাধাৰণ লোকক টেঁটুচেপা দিব পাৰে।

লেখাটি নিয়মীয়া বাৰ্তাৰ চিন্তাজগত শিতানতো প্ৰকাশ পাইছিল। লেখকৰ ফোন: ৯৪৩৫০-৫২২৮২
ইউনিকোডলৈ ৰূপান্তৰ কৰিলে অৰুণাচলৰ ডিৰাঙৰ পৰা ৰূপাংকৰ চৌধুৰীয়ে।

No comments:

Post a Comment