Friday, June 26, 2015

সাম্প্ৰতিক প্ৰসংগ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ আৰু সমস্যাবোৰ
দ্বিজেন্দ্ৰ নাথ শৰ্মা

এন আৰ চি (ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী) অকল অসমৰ বাবেই নহয়। ভাৰতবৰ্ষৰ আন ঠাইতো নগৰিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তি কৰিব লাগে। অসমৰ বাহিৰে আন ঠাইতো নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰিব লাগে। অসমত বাহিৰে আন ঠাইত নাগৰিক পঞ্জীত মান অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত (CITIZEN OF INDIA UNDER SECTION 5(1)(a) OF THE CITIZENSHIP ACT, 1955) নাগৰিকত্ব আইন, ১৯৫৫ প্ৰযোজ্য। অসমত ক্ষেত্ৰত ইয়াক অসম চুক্তিৰ আধাৰত শিথিল কৰা হৈছে। সেইমতে ১৯৭১ চনৰ চনৰ ২৪ মাৰ্চৰ মাজনিশা পৰ্যন্ত অসমত থকাৰ কিবা প্ৰমান প্ৰত্ৰ থাকিলেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব পৰা যাব। এই ক্ষেত্ৰত আতাইতকৈ সুলভ উপায়টো ১৯৭১ চনলৈ ভোটাৰ তালিকাৰ থকা পৰিয়ালৰ বংশানুক্ৰমিক নাম। এই অবচনটোৱে প্ৰায়ভাগ লোককে সামৰিব। তাৰ উপৰিও ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা পৰ্যন্ত প্ৰকাশিত ভোটাৰ তালিকাত নাম নথকা লোকৰ ক্ষেত্ৰত আন বহুকেইটা নাথিও নাম অন্তৰ্ভুক্তিৰ বাবে সেই সময়ত অসমত থকাৰ প্ৰমান হিচাবে বিবেচিত হ'ব।

তথাপিও এইটো সত্য যে এনেকুৱা ব্যক্তিও অতি নগন্য সংখ্যক হ'লেও ওলাব, যিসকল প্ৰকৃততে ভাৰতীয় কিন্তু একো নথি নাই। তেনেকুৱা ব্যক্তি যে নাই সেইটো নিশ্চিত কেনেকৈ কৰা যাব? আৰু তেনেকুৱা লোক সংখ্যাত যিমানে নগন্য নহওক কিয়, সেই সকলৰ ক্ষেত্ৰত কেনেকুৱা মেকানিজিম উলিওৱা হয় সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সময়বদ্ধ ভাবে আপদেট কৰি থাকিলে এনেকুৱা সমস্যা উদ্ভৱ নহয়। কিন্তু অসমৰ ক্ষেত্ৰত ১৯৫১ চনৰ পিছত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰা হোৱা নাই বাবে স্বাভাবিকতে ইমান বৃহৎ ব্যবধানৰ বাবে একাংশ প্ৰকৃত ভাৰতীয়ও সমস্যাৰ সম্মুখীন হোৱাটো স্বাভাৱিক। শেহতীয়াকৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, হিতেশ্বৰ শইকীয়াৰ পৰিয়ালৰেই তথ্য লিগেচী ডাটা বিচাৰোতে নোপোৱাটোৱে সঁচাই সাধাৰণ মানুহৰ ক্ষেত্ৰত উদ্ভৱ হব পৰা সমস্যাৰ দিশটোও উদঙাই দেখুৱাইছে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ওপৰত প্ৰৱন্ধ লিখাটো ওপৰে ওপৰে চালে যিমান সহজ, কিন্তু অসমত ক্ষেত্ৰত সেইটো সিমানেই জটিল, কাৰণ বিষয়টোৰ সৈতে স্পৰ্শকাতৰ  অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাটোৰ কথাটোও জড়িত হৈ পৰে। বহু কেইটা দিশেৰে এই কথাটোৰ ওপৰত আলোকপাত কৰিব লগীয়া হয়। দেশ এখনৰ নাগৰিকৰ এটা সঠিক তালিকা, তথ্য বা হিচাব ৰখাটো ৰাষ্ট্ৰৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। বিদেশীৰ অনুপ্ৰৱেশ দেশ এখনৰ সাৰ্বভৌমত্বৰ ওপৰত আঘাত। দেশ এখনক বিদেশীৰ পৰা ৰক্ষা কৰা, সীমাৰ সুৰক্ষা দিয়া আদি বিষয়বোৰ ৰাষ্ট্ৰৰ দায়িত্ব। অসমৰ ক্ষেত্ৰত এইটোৱে দূৰ্ভাগ্য যে সাৰ্বভৌমত্বৰ লগত সম্পৰ্কীত বিষয়টোতে অৰ্ধশতিকাজুৰি কেৱল ৰাজনৈতিক লাভালাভ বিৱেচনা কৰি ৰাষ্ট্ৰীয় স্বাৰ্থকে জলাঞ্জলি দিয়া হ'ল। কিন্তু সেইবিলাক এতিয়া অতীত বুলি বিবেচনা কৰি ভৱিষ্যতটো সুন্দৰ কৰাৰ বাবে আমি সকলোৱেই দায়বদ্ধতা প্ৰদৰ্শন কৰিব লাগিব।

সময়বদ্ধভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণেৰে দেশ এখনত বিদেশী প্ৰব্ৰজনক বহু পৰিমানে নিয়ন্ত্ৰণত ৰাখিব পাৰি। দেশৰ নাগৰিকত্বৰ চৰ্তৰ ভিতৰত জন্মস্বত্ব এটা চৰ্তহে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো মূলত জন্মস্বত্ব ভিত্তিক। কিন্তু ইয়াৰ দ্বাৰা নাগৰিকত্ব লাভৰ অন্যান্য চৰ্ত বিলাক নোহোৱা হৈ নাযায় বা যাব নোৱাৰে। সেই বাবেই সময়বদ্ধ ভাৱে নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰয়োজন।

বহু দশকৰ পিছত, প্ৰায় অৰ্দ্ধ শতিকাৰ যতিৰ পিছত এটা নিৰ্দিষ্ট চনৰ আধাৰত নাগৰিক পঞ্জী উন্নীতকৰণ কৰিবলৈ যাওতে বহুতো সমস্যাৰ উদ্ভৱ হোৱাটো নিশ্চিত প্ৰায়। আধাৰ বছৰ সম্পৰ্কে কাৰো দ্বিমত নাই। কিন্তু আধাৰ বৰ্ষ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰায় ত্ৰিশ বছৰ বিলম্বই বহুতো আহুকাল স্বতসিদ্ধ ভাৱে সৃষ্টি কৰিছে। বিদেশীৰ নাম (১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজ নিশাৰ পিছত প্ৰৱেশ কৰা সকল) অন্তৰ্ভুক্ত হ'ব নালাগে বুলি কৈও নাগৰিক পঞ্জীৰ উন্নীতকৰণত হোৱা অনাহুত বিলম্বই বহু কেইটা দিশ এতিয়া বিবেচনা কৰাৰ প্ৰয়োজন আনি দিছে। ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজ নিশা পৰ্যন্ত অসমত বসবাস কৰাসকলৰ লগত জন্মসূত্ৰে সংযোগ স্থাপন কৰিব পৰিলেই নাগৰিক পঞ্জীত নামভৰ্তিৰ বাবে বিবেচিত বুলি কোৱা কথাটো একেবাৰে উজু প্ৰক্ৰিয়া বুলি ক'ব পাৰি আৰু প্ৰায়খিনি ভাৰতীয়ৰ বাবে সেইটো তেনেই উজু। কিন্তু সকলোৰে বাবে (১০০ শতাংশৰ বাবে) সম্ভৱ হ'ব নে, সেয়াও এটা জলন্ত প্ৰশ্ন হৈ আজি দেখা দিছে।

১৯৫১ চনত বা তাৰ পিছত ১৯৭১ চনৰ ২৪ মাৰ্চৰ শেষনিশাৰ আগৰ প্ৰতিজন ভাৰতীয়ৰ নাম সেই তালিকাত আছেনে? যদি কাৰোবাৰ নাই আৰু তেনেকুৱা ব্যক্তি নাই বুলি নিশ্চিতভাৱে ক'ব পৰা যায়নে? এইটো ঠিক যে এই সমস্যাটো সাৰ্বজনীন নহয়। কিন্তু এমুঠি হলেও তেনেকুৱা ব্যক্তি আছে। অশিক্ষিত, ভুমিহীন সকলৰ ক্ষেত্ৰত এই সমস্যাটোৰ ব্যাপকতা আছে। লগতে ইয়াৰ লগত জড়িত হৈ আছে বিদেশী সমস্যাটো। নথি-পত্ৰহীন ভাৰতীয় আৰু বিদেশীৰ মাজত পৃথকীকৰণৰ প্ৰক্ৰিয়াটো কি হ'ব। এই কথাটো একেবাৰে উলাই কৰিব পৰা কথা নহয়। বিদেশী সমস্যাৰ ক্ষেত্ৰত দায়িত্ব চৰকাৰৰ। নাগৰিক পঞ্জীৰ প্ৰস্তুতকৰণ আৰু উন্নীতকৰণৰ দায়িত্ব চৰকাৰৰ। অৰ্দ্ধশতিকাজুৰি নিজৰ এই সাংবিধানিক দায়িত্ব আওকান কৰা ৰাষ্ট্ৰৰ দায়বদ্ধতাক লৈ আজি নাগৰিক সমাজেই সন্দিহান হব লগা হৈছে, যিটো অতিশয় দুৰ্ভাগ্যজনক।

সেয়ে আজি অৰ্দ্ধশতিকাৰ পিছত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰ্দেশ আৰু পৰ্যবেক্ষণত নাগৰিক পঞ্জী উন্নীত কৰিবলৈ যাওতে নথি-পত্ৰৰ পাকচক্ৰত কোনো ভাৰতীয়ৰ নাম যাতে নাগৰিক পঞ্জীৰ অন্তৰ্ভুক্তিৰ বাহিৰত ৰৈ নাযায় সেইটো নিশ্চিত কৰিবই লাগিব। বিদেশীৰ নাম যিদৰে নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱাটো কাৰো কাম্য নহয় তেনেদৰে এজনো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্তিৰ বাহিৰত ৰৈ যাবলগীয়া হোৱাটো মানে সেই ব্যক্তিগৰাকীৰ সাংবিধানিক অধিকাৰ খৰ্ব হোৱা। সেই বাবে গোটেইখিনি কথা বিভিন্ন দৃষ্টিকোনেৰে পুঙ্খানুপুঙ্খ বিশ্লেষণৰ প্ৰয়োজন আছে। জটিল বিষয়টোত ৰাজ্যৰ গৰিষ্ঠ সংখ্যক দুখীয়া, নিৰক্ষৰ, ভূমিহীন, স্থায়ী গৃহহীন আদি লোকসকলৰ বাবে সৃষ্টি হোৱা ব্যাপক অসুবিধা আৰু শংকাৰ কথাও চৰকাৰে সহানুভূতিৰে বিবেচনা কৰিব লাগিব। বিষয়টোত সজাগতা সৃষ্টিৰ বাবে জাৰি কৰা টিভিৰ বিজ্ঞাপন আৰু ইউ-টিউবৰ ভিডিঅ'ই অনাক্ষৰী সমাজক কিমানদূৰ চুবগৈ পাৰিব সেয়াও এক প্ৰশ্নই। সেয়ে বিষয়টোত সমাজৰ সচেতন অভিভাৱকৰ ভূমিকা পালন কৰি অহা স্থানীয় সংঘ, নাগৰিক সমিতি, মহিলা সমিতি, যুৱ সংঘ, ছাত্ৰ সংগঠন, যুৱ-ছাত্ৰ সংগঠন, নৃগোষ্ঠীয় অধিকাৰ দাবী সমিতি সমূহ, চৰ-চাপৰিৰ বিভিন্ন সংগঠন, সংখ্যালঘুৰ সংগঠন, উন্নয়ন পৰিষদ সমূহ, পঞ্চায়ত সমূহ, সমবায় সমিতি সমূহ, সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনে শিক্ষিত আৰু সচেতন লোকৰ প্ৰশিক্ষিত লোকৰ সৃষ্টি কৰি সাধাৰণ আৰু শংকাত ভোগা ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে। ৰাজ্যখনৰ জলন্ত সমস্যা এটাৰ ক্ষেত্ৰত লোৱা এটা ইতিবাচক পদক্ষেপটো সফলতৰ কৰাৰ বাবে সমাজৰ সকলো সচেতন আৰু শিক্ষিত লোকেই হাত উজান দিয়ক। জাতি আৰু দেশৰ প্ৰতি নিজৰ দায়বদ্ধ নাগৰিকৰ কৰ্তব্য পালনত সকলোৱে স্বেচ্ছাসেৱী মনোভাৱেই আজিৰ তাৰিখত আটাইতকৈ প্ৰয়োজনীয় কথা হৈ পৰিছে। ৰাইজে নখ নোজোকাৰিলে, কেৱল চৰকাৰে নিযুক্তি দিয়া সেৱা কেন্দ্ৰ বা বিষয়াৰ দ্বাৰা এখন সঠিক নাগৰিকপঞ্জী যে উন্নীতকৰণ সঠিক সময়ত সম্ভৱ হব, সেয়াও আন এক প্ৰশ্নই, যাৰ গুৰুত্ব আমিয়েই অনুভৱ কৰিব লাগিব।

No comments:

Post a Comment