Thursday, June 25, 2015

চিন্তন

মানুহবোৰ মানুহ হোৱা হ’লে 
সত্যজিত কাকতি
নিজকে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে পৰিচয় দি আমি ভাল পাওঁ। 'মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী' বুলি কৈ মানুহৰ আগতে মানুহে গৌৰৱ কৰে, চিঞৰে। কেতিয়াবা অনুভৱ কৰো, এয়া যেন একেবাৰে অনর্থক কথা। নিজকে শ্ৰেষ্ঠ বুলি পৰিচয় দিয়াৰ আগতে আমি আচলতে  'শ্ৰেষ্ঠ' শব্দৰ অর্থ হৃদয়াঙ্গম কৰি ল’লে ভাল হয়। এটা কথা অপ্ৰিয় হ’লেও সত্য যে মানুহ জীৱশ্ৰেষ্ঠ হৈয়ো মানুহ আন সকলো প্ৰাণীতকৈ বিশৃংখল যেনহে  লাগে। দয়া, সহানুভূতি, সহায়, একতা আদি শব্দবোৰ যেন কিতাপৰ পৃষ্ঠাতে আৱদ্ধ হৈ থকা হৈছে। বাস্তৱ জীৱনত এই শব্দবোৰৰ বোধগম্যতা আৰু সামগ্ৰিক প্ৰয়োগ যেন খুব সেৰেঙা হৈ আহিছে। সকলোতে যেন বৃহৎ স্বার্থ গঢ়ি উঠা দেখা গৈছে যাৰ পৰিণতিতেই বিভীষিকা, শোষণ, হত্যা-লুণ্ঠন, দুর্নীতি, অত্যাচাৰ আদিৰ দৰে অমানুষিক কার্যকলাপসমূহ নিতৌ অৱধাৰিতভাৱে সংঘটিত হ’বলৈ ধৰিছে। প্ৰশ্ন হয়, মানুহ যদি জীৱশ্ৰেষ্ঠই, তেন্তে মানুহৰ সমাজত ইমান বিশংখলতা, অশান্তি, অনৈতিকতা, অৰাজকতা আকৌ কিহৰ বাবে?

এফালে পৃথিৱী তথা সমাজৰ কিছুমানে লোকে মহান অসাধ্য প্ৰয়াসেৰে
সমাজৰ বিকাশ, প্ৰগতি আদিৰ উপৰি শান্তি শৃংখলা ও সমগ বিশ্বৰ হিতার্থে সমগ্ৰ জীৱনজোৰা কষ্টৰে কাম কৰি আছে। কিছুমানে গৱেষণাৰে সাধনা কৰিছে। তেনেস্থলত আকৌ কিছুমান মানুহ যিবিলাকক অমানৱীয় দানৱ বুলি ক’লেও বঢ়াই কোৱা নহ’ব, ঠিক তেনেকুৱা আচৰণ কৰিবলৈ ধৰিছে। আৰু এয়া ক্ৰমাত যেন সংখ্যাধিক হবলৈ ধৰাটো এই মানৱ সমাজৰ বাবেই লজ্জ্বাজনক হৈ উঠা নাইনে। বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণেৰে যেনে শোষণ, হত্যা, লুণ্ঠন, ধর্ষণ, ধন দাবী, ঘোঁচ,দুর্নীতি আদি অমানৱীয় কিছুমান কাণ্ড সংঘটিত কৰি সমাজখনক ক্ৰমশঃ বিশংখল আৰু অশান্তিময় কৰি পেলাইছে। 

 
সমগ্ৰ মানৱ জাতিৰ উপৰিও সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে কাম কৰি থকা কেইজনৰ বাবেই চাগৈ আমি নিজকে মানুহ বুলি পৰিচয় দি ভাল পাওঁ। জীৱশ্ৰেষ্ঠ হোৱাৰ সার্থকতাখিনি হাড়ে-সিমজুৱে উপলব্ধি কৰিবলৈ সক্ষম হওঁ। অমানুহ, দানৱ হৈ পৰা মানুহখিনিৰ কথা বাদ দিও মানৱ নামৰ শব্দৰ সাৰ্থকতাৰ সন্ধান কৰিবলৈ বাট বিচাৰি পাও।

এটা
সৰল অথচ স্বতঃসিদ্ধ কথা যে, আমি আমাৰ মানসিকতাক যোগাত্মক আৰ সৎ কৰি ল’ব নোৱাৰিলে আমি কেতিয়াও মানুহ হৈ আগবাঢ়িব নোৱাৰোঁ।
কল্পনা কৰক এখন সমাজ য’ত বাটে-পথে ভিক্ষাৰী চাল-চলন, য’ত কেতিয়াবা বোমা বিস্ফোৰণৰ ফলত চিঙি ভাঙি জীয়াশৰীৰৰ টুকুৰা,য’ত ৰাইজৰ নির্বাচিত প্ৰতিনিধিয়ে ৰাজনীতিৰ আঁৰ লৈ উন্নতিৰ নামত গঢ়িছে ব্যক্তিগত বৃহৎ অট্টালিকা। স্বার্থপৰ হৈ গোপন দুর্নীতি কৰি আর্জিছে পাহাৰসম ধন! যিখন সমাজত প্ৰতিদিনাই কাৰোবাৰ ঘৰৰ পৰা ভাহি আহে অত্যাচাৰত জ্বলি মৰা নাৰীৰ আর্তনাদ, কাৰণবোৰ যদি যৌতুক হয় নতুবা পৰিয়ালক ল’ৰা সন্তান উপহাৰ দিব নোৱাৰাৰ বাবে হয় আৰু সেইখন সমাজৰে শিক্ষিত যুৱক এজনে লাখ লাখ টকা ঘোঁচ দিব নোৱাৰি নিৱনুৱা হৈ ৰয়, সেইখন সমাজতে যদি ধর্ষিতা হয় অপুস্পিতা কণমানি ছোৱালী, ডাইনী সন্দেহৰ অনর্থক অন্ধবিশ্বাৰ বলি হৈ যদি কোনো নিৰীহ জ্বলি যায়। এইখন সমাজতে এচামে টকাৰে মানুহ কিনে অথচ আন এচামে টকাৰ অভাৱত এক কেজি চাউল কিনাৰ পৰা বঞ্চিত হৈ পেটত গামোছা মাৰিব লগা হয় তেন্তে ভাবিবলৈ বাধ্য হও, সঁচাই ইয়াৰ বাবে দায়ী কোন?


হয় আপোনাৰ মোৰ দৰেই মানুহবোৰ। মানুহ হৈয়ো আমি মানুহ হ’ব পৰা নাই। মানুহ হিচাপে ভগৱানে আমাক প্ৰয়োজনীয় সকলোখিনি দিছে। কৰি-মেলি খাবলৈ দুখন হাত, দুটা ভৰি, ভাবিবলৈ বা কিবা এটা শিকিবলৈ আমাক মগজুও। মুঠৰ ওপৰত শাৰীৰিক বিকলাংগসকলক বাদ দি বাকী সকলোকে তেজ-মঙহেৰে পৰিপূর্ণ শৰীটোৰে আমি জীয়াই থাকিবলৈ কাম কৰিবই লাগিব। কৰ্ম অবিহনে জীৱন নহয়, আৰু সেই কৰ্ম হব লাগিব সত-কৰ্ম। নিজৰ ভৰিত নিজেই থিয় দি স্বাৱলম্বী হ’বলৈ আমি চেষ্টা কৰিব লাগিব। কিন্তু সক্ষম হৈয়ো অক্ষমতাৰ ভাও জুৰি জীয়াই থকাতকৈ নথকাই শ্ৰেয় নহয়নে?

 
ধর্মৰ নামত ধর্মভীৰুসকলে বা অন্য আৱেগজনিত কাৰণৰ বশৱর্তী হৈ কিছুমান লোকে পোনতে সমাজত বৈষম্যৰ কংক্ৰিট জাল এখন গঠাত লাগিছে। মানৱতাৰ চৰম নিদর্শন ধর্মৰ গাত এতিয়া ধর্মৰক্ষক সকলে নিজ হাতেই ক'লা ডাগ সানিছে। পাহৰি গৈছে যে, ধর্মই কাকো ঘৃণা আৰু ঈর্ষা কৰিবলৈ কোৱা নাই। ধর্মৰ মুখ্য উদ্দেশ্যই হৈছে সমাজখনক এক বিশ্বাস আৰু নৈতিক আবর্তত ৰাখি সমাজৰ মানুহখিনিৰ জীৱন দর্শন কৰোৱা। সভ্যতা, সংস্কৃতি, সাহিত্য, পৰম্পৰা, লোকবিশ্বাস আদি সমাজৰ বহুতো মূল্যবান উপাদানসমূহ ধর্মৰ ভিতৰুৱা হৈ আছে কিন্তু সমসাময়িক সময়ত ধর্মৰ ফলতেই পৰোক্ষ তথা পৰোক্ষভাৱে সমাজত কিছুমান সমস্যা যেনে সামাজিক বৈষম্য,বিভেদকামী মনোভাৱ, সাম্প্ৰদায়িকতাবাদ, জাতিবাদ, ডাইনী হত্যা,বাল্যবিবাহ আদিৰ দৰে অন্ধবিশ্বাস, সামাজিক সমস্যা আৰু সাম্প্ৰদায়িক সংঘর্ষ আদি গুৰুতৰ সমস্যাসমূহহে মূৰ দাঙি উঠিছে। মানৱ সমাজত খোদ মানৱতা যেন অৱদমিত হৈছে খুব ক্ষিপ্ৰতাৰে। সমগ্ৰ বিশ্বলৈ বিপন্ন তথা ভাবুকি কঢ়িয়াই অনা সন্ত্ৰাসবাদীসকলক কোনো পধ্যেই মানুহ বুলি ক’ব নোৱাৰি। ৰক্তপিপাসু, জিঘাংসাৰে ভৰা অমানুহহে সিহঁত। 


সঁচাই মানুহ হোৱাৰ সংজ্ঞা সুকীয়া। মানুহৰ ৰূপত জন্ম ল’লেই আমি মানুহ নহওঁ। “মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী” বাক্যশাৰীক শুদ্ধ প্ৰমাণ কৰিবলৈকে আমি মানৱীয় গুণেৰে সংপৃক্ত হৈ মানুহ হ’বলৈ চেষ্টা কৰিব লাগিব। সহানুভূতি, আন্তৰিকতা, মৰম-চেনেহ ভাতৃত্ববোধ,  আদি মানৱীয় গুণৰ আমি কৰ্ষণ কৰিব লাগিব। সমাজখনৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস ,বিভেদ-বৈষম্য, দুর্নীতি, হত্যা-লুণ্ঠন, অৰাজকতা তথা বিভিন্ন অসামাজিক কার্যকলাপ সমূহ নির্মূল কৰিব পাৰিলেহে এখন সুস্থ-সৱল,সচেতন আৰু শান্তি-শৃংখলা বজাই ৰখা সমাজৰ নিৰ্মাণ সম্ভৱ হব। 

 
ইয়াৰ বাবে আমি প্ৰতিজন মানুহেই সমাজ তথা ৰাষ্ট্ৰৰ এজন দায়বদ্ধ নাগৰিক হিচাপে সচেতন আৰু সঠিক জ্ঞান-শিক্ষাৰে শিক্ষিত হ’ব লাগিব। বিজ্ঞানৰ যুগত অন্ধবিশ্বাস এৰি যুক্তিৰ বিকাশ কৰিব লাগিব, বিজ্ঞান-মনস্ক হোৱাৰ অনুশীলন কৰিব লাগিব। এই আধুনিক যুগত নিজকে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে গৌৰৱ কৰিব পৰাকৈ আমি মানুহবোৰ প্ৰকৃততে মানুহ হোৱাৰ প্ৰত্যাহ্বানকে প্ৰথমে গ্ৰহণ কৰিব লাগিব।

লেখকৰ ফোন নম্বৰ +৯১৮৪০৩৯৭৩৪৭৯

No comments:

Post a Comment