স্বাস্থ্য চৰ্চা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সমকামিতাঃ স্বাস্থ্য, মন আৰু সামাজিক দৃষ্টিৰে
ডা০ ভূপেন শইকীয়া
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়ালয়ে সমলৈংগিক বিবাহৰ বিষয়টোক যোৱা সপ্তাহত বৈধতা প্ৰদান কৰাৰ লগে লগেই চ'ছিয়েল মেডিয়াৰ জৰিয়তে ভাৰততো এই বিষয়টোৱে জোৱাৰ লাভ কৰা দেখা গৈছে। আমেৰিকাতো এই ৰায়দানৰ বিপক্ষে বিষয়টোৰ বিৰোধী সকলে ধৰ্মীয় অনুভূতিত আঘাত আৰু ব্যক্তিৰ বাক স্বাধীনতাৰ দোহাই দি আপীল কৰিবলৈ ওলাইছে বুলিও বাতৰি প্ৰকাশ পাইছে। ন্যায়ালয়ৰ ৰায়দানৰ পাছত বিবাহত বহা সকলক আকৌ টেক্সাছত বিবাহ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ প্ৰদান নকৰা কথায়ো বিতৰ্কৰ সৃষ্টি কৰা বুলি বিবিচিৰ বাতৰিত প্ৰকাশ পাইছে।

অসমৰ গুৱাহাটী মহাগৰীতো ২০১৪বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহৰ প্ৰথম পষেকতে সমকামী ব্যক্তিসকলৰ এখন সন্মিলন হোৱাৰ কথা প্ৰচাৰ মাধ্যমৰ যোগে জানিব পাৰিছিলো৷ ৪ ফেব্ৰুৱাৰীৰ এখন সংবাদ পত্ৰৰ মতে অসমতো প্ৰতিবাদকাৰীৰ এটি দলে আয়োজকৰ কাৰ্য্যালয়ত তলা লগাই দিছিল৷ লগতে সমগ্ৰ বিশ্বতে খলকনি তোলা এটি সংবাদ সকলোৰে নিশ্চয় কাণত
পৰিছে যে- চীন দেশৰ নামৰ এজন চিন্তিত পিতৃ প্ৰসিদ্ধ ধনকুবেৰে চেচিল চাও শ্ব-ছাঙে ঘোষণা কৰিছে যেয়ে তেওঁৰ জিগি চাও নামৰ লেচবিয়ান জীয়েকক সৈমান কৰি বিয়া পাতিব পাৰিব সেইজন পুৰুষক তেওঁ ১২০নিযুত মাৰ্কিন ডলাৰ উপহাৰ দিব বুলি ঘোণা কৰিছে। এনে বা-বাতৰিৰ মাজতে
সমকামিতাৰ বিষয়ে কিছু লাগতিয়াল কথা চিকিৎসকৰ দৃষ্টিৰে দাঙি ধৰিবলৈ লৈছোঁ৷

আধুনিক যুগত সমগ্ৰ বিশ্বতে, সমগ্ৰ দেশত,লগতে আমাৰ অসমতো ন-ন চিন্তাধাৰাই খোপনি পুতিব ধৰিছে৷ আস্তিকতা-নাস্তিকতা,নৈতিকতা, যৌনতা আদিৰ সংজ্ঞা দিনে দিনে সলনি হব ধৰিছে, বিতৰ্ক হৈছে৷ বিবাহৰ ঠাই লিভ-ইন-টুগেদাৰ জাতীয় চিন্তাধাৰাই লোৱাটো আৰু বিবাহ-বিচ্ছেদ তেনেই সাধাৰণ কথা হৈ পৰাতো সমাজ ব্যৱস্থাৰ প্ৰতি ভাবুকি যেন হোৱাৰ পথত অগ্ৰসৰ হৈছে৷ ফাষ্ট-ফুড, ফাষ্ট লাইফ ষ্টাইলৰ সৈতে নতুন ব্যতিক্ৰমী চিন্তাধাৰাক নতুন প্ৰজন্মৰ এচামে অনায়াসে গ্ৰহণ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে৷

এতিয়া স্বাস্থ্যজনিত বিপদসমূহৰ বিষয়ে উল্লেখ কৰাৰ আগতে দুটিমান প্ৰাসংগিক কথা কৈ লওঁ৷ সমকামিতা পুৰুষ পুৰুষৰ মাজত হ'লে গে (Gay ) বুলি কোৱা হয় আৰু মহিলা মহিলাৰ মাজত হলে তাক লেচবিয়ান (Lesbian) বুলি কোৱা হয়৷ কিন্তু দেখা যায় এই সম্বন্ধ সাধাৰণতে মাত্ৰ দুজন পুৰুষ বা দুগৰাকী মহিলাৰ মাজতে সীমাবদ্ধ হৈ নাথাকে৷ এবছৰৰ পৰা ৫বছৰৰ ভিতৰত তেওঁলোকৰ ৯০শতাংশৰো অধিকেই বহুগামী হৈ পৰে৷ আনকি এজনী সমকামী নাৰীৰ জীৱনকালত শতাধিক নাৰীৰ সৈতে সম্পৰ্ক ঘটে৷ আকৌ বহুসংখ্যক সমকামীয়েই উভয় লিংগৰ সৈতে যৌন কৰ্মত লিপ্ত হয়৷ এনে অনিয়ন্ত্ৰিত স্বচ্ছন্দ যৌন সম্ভোগৰ ফলতেই স্বাস্থ্যজনিত ৰোগসমূহ বিস্তাৰিত হয়৷ মেডিকেল পৰিভাষা ব্যৱহাৰকাৰীসকলে এই দুটা শব্দ সততে ব্যৱহাৰ কৰে - MSM (পুৰুষে পুৰুষে যৌন সম্বন্ধ কৰিলে), WSW (মহিলাই মহিলাই যৌন সম্বন্ধ কৰিলে) ৷ ইউৰোপ,আমেৰিকা,অস্ট্ৰেলিয়া আৰু চীনৰ অধিকাংশ অঞ্চলত MSM আৰু WSW ব্যক্তিৰ ৰক্তদানত বাধা আৰোপ কৰা আছে৷

অনায়াসে সমকামীৰ মাজত বিয়পা যৌনব্যাধিসমূহ (Sexually Transmitted Diseases ) হ'ল - গ'নৰিয়া,চিফিলিচ, চালমাইডিয়া, হাৰপিজ, এইচ আই ভি৷ ইয়াৰ ওপৰি ৯৯শতাংশই আক্ৰান্ত হয় হিউমেন পেপিলমা ভাইৰাচৰ (HPV) দ্বাৰা৷ কমেও ৭০বিধ এনে ভাইৰাচে জননেন্দ্ৰিত আচিনাই বা ৱাৰ্ট উৎপন্ন কৰে৷ ইয়াৰে ২৫বিধ ভাইৰাচৰ কোনো চিকিৎসা নাই৷ কেতিয়াবা ৰোগাক্ৰান্ত ব্যক্তিৰ লক্ষণসমূহ সুপ্ত হৈ থাকে৷ গুহ্যদ্বাৰৰ কেঞ্চাৰ আৰু চাৰভিক্সৰ কেঞ্চাৰৰ উৎপত্তি হিউমেন পেপিলমা ভাইৰাচৰ পৰাই হয়৷

হেপাটাইটিচ-বি আৰু হেপাটাইটিচ-চি ৰোগত সমকামী সহজে আকান্ত হয়৷ এই দুই ৰোগৰ নিৰাময় নহলে লিভাৰ কেঞ্চাৰলৈ পৰিবৰ্তিত হোৱাৰ সম্ভাৱনা থাকে৷ আকৌ যি কোনো ভাইৰাচ বা বেক্টেৰিয়াৰ দ্বাৰা সমকামীসকল সহজে আক্ৰান্ত হয়৷

Gay Bowel Syndrome : সমকামীসকলে ভোগা ক'লাইটিচ, প্ৰক্টাইটিচ, এন্টাৰাইটিচ আদি আন্ত্ৰজনিত ৰোগ৷ শাৰীৰিক অপকাৰিতাসমূহ - বেক্টেৰিয়েল মেনিজাইটিচ,জননেন্দ্ৰিয়- গুহ্যদ্বাৰৰ জখম, ফেৰিন্সত হোৱা গ'নৰিয়া, জিয়াৰডিয়া বা আন পৰাশ্ৰয়ী জীৱই কৰা ৰোগ৷

মানসিক ৰোগ - ডিপ্ৰেচন, হিংসাবৃত্তি, আত্মহননৰ মনোভাৱ, মাদক দ্ৰব্য বা অইন ড্ৰাগছৰ সেৱন৷ লেচবিয়ান মহিলাৰ ক্ষেত্ৰত মানসিক ৰোগৰ সম্ভাৱনা তিনিগুণ বেচি দেখা যায়৷

জীৱনৰ আয়ু কমেও কুৰি বছৰ হ্ৰাস পোৱা - ইন্টাৰনেশ্বনেল জাৰ্ণেল অৱ ইপিডেমিঅ'লজিৰ তথ্যমতে ইয়াৰ ঘাই কাৰণ শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) হ্ৰাস পোৱা৷

এতিয়া অলপ ইতিহাস আৰু আন পৌৰাণিক নথি খুচৰি চাওঁ৷ নাৰচিচিজম- নিজৰ ৰূপত নিজে ভোল যোৱা - এনে এক মানসিক অৱস্থাৰ কথাও পশ্চিমীয়া সাহিত্যত পঢ়িবলৈ পোৱা যায়৷ ভাৰতীয় গ্ৰন্থসমূহত হিজৰা বা নপুংসক, শিৱৰ অৰ্ধনাৰীশ্বৰ ৰূপ, বিষ্ণুৰ মোহিনী ৰূপ ধাৰণ, ইন্দ্ৰৰ ঋষি পত্নীৰ ধৰ্ষণ, কৃষ্ণৰ ৰাসলীলা, মহাভাৰতৰ কুন্তীকে ধৰি অনেক পাত্ৰ-পাত্ৰীৰ অবৈধ যৌন সম্পৰ্কৰ বিষয়ে কাহিনী পোৱা গলেও সমকামিতাৰ বৰ্ণনা চকুত পৰা নাযায়৷ বংশৰক্ষাৰ হেতু কৃত্ৰিম প্ৰজননক মান্যতা দিয়াতো প্ৰমাণিত হলেও ভাৰতীয় সভ্যতাই সমকামীক প্ৰশ্ৰয় দিয়া বুলি অন্তত পৌৰণিক গ্ৰন্থত উল্লেখ থকাৰ কথা জনা নাযায়৷ ইয়াৰ বিপৰীতে ইজিপ্ত আৰু চীন দেশত খৃষ্টজন্মৰ বহু বছৰ আগৰ পৰাই সমকামিতাৰ প্ৰচলন থকাৰ তথ্য পোৱা যায়৷ আজি ইজৰাইলৰ ৰাজধানী তেল আভিভ হ'ল গে লোকসকলৰ অঘোষিত ৰাজধানী৷ ইয়াৰ বিপৰীতে চৌডি আৰব, ইৰাণ, চুডান,নাইজেৰিয়া,য়েমন আদি মুছলিম দেশত সমকামীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়৷ আইনৰ দৃষ্টিত পোলেণ্ড,নেডাৰলেণ্ড,চুইডেন,কিউবেক আৰু ব্ৰিটেইন সমকামীসকলৰ প্ৰতি অতি সদয়৷ সমকামীৰ বিবাহক মান্যতা প্ৰদান কৰা দেশ ১৫ খন হ'ল আৰ্জেন্টিনা, ব্ৰাজিল,বেলজিয়াম, কেনেডা,ডেনমাৰ্ক, ফ্ৰান্স,আইচলেণ্ড, নেডাৰলেণ্ড,নিউজিলেণ্ড, নৰৱে, পৰ্টুগাল,দক্ষিণ আফ্ৰিকা, চুইডেন, উৰুগুৱে আৰু ব্ৰিটেইন৷ পশ্চিমীয়া দেশ আৰু অস্ট্ৰেলিয়াৰ সমাজ ব্যৱস্থাই সমকামীসকলক সহজভাবে গ্ৰহণ কৰাৰ বিপৰীতে এচিয়াৰ দেশসমূহে বিশেষকৈ ভাৰতবৰ্ষ আৰু আফ্ৰিকাৰ কিছুমান দেশে সমকামীসকলৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰে৷

১৮৬৯চনত কাৰ্ল মেৰিয়া কেৰ্টবেনিৰ জাৰ্মান উপন্যাসত পোন প্ৰথমবাৰৰ বাবে সমকামীৰ বৰ্ণনা প্ৰকাশলৈ আহে৷ ইয়াৰ পিছত ১৮৮৬চনলৈ ভিন্ন ভিন্ন কেইবাজনো পশ্চিমীয়া লিখকৰ লিখনিত সমকামিতাৰ কথা লিপিবদ্ধ হয়৷ ৰিচাৰ্ড ভন ক্ৰাফ্ট-এবিংগ নামৰ চেস্কোলজিষ্ট এজনে দুই শতাধিকৰ অধিক ৰোগীৰ তথ্য দাখিল কৰি ১৮৮৬চনত সমকামিতাক পোন প্ৰথমবাৰৰ বাবে এবিধ জন্মগত ৰোগ বুলি মতামত ব্যক্ত কৰে৷ মনোবিজ্ঞান জগতৰ পুৰোধা ব্যক্তি চিগময়ুণ্ড ফ্ৰয়েডৰ (১৮৫৬-১৯৩৯) মতে সমকামিতা হ'ল এক মানসিক ভ্ৰম অৱস্থা (Paranoia )৷ অৱশ্যে ফ্ৰয়ডে এই সমকামী প্ৰবৃত্তিক সলনি কৰাৰ প্ৰয়াস নকৰিলেও হব বুলিও মত ব্যক্ত কৰিছে৷১৯৫২চনত আমেৰিকাৰ Diagnostic & Statistical Mannual of Mental Disorder সমকামিতাক এক মানসিক ব্যাধি বুলি লিপিবদ্ধ কৰা হয়৷ কিন্তু ১৯৭৩ চনত ব্যাপক হেঁচাৰ সন্মুখীনহৈ ব্যাধি শব্দটো আতৰাই ইয়াক 'ভুল নিৰ্ণয়' বুলি ঠাৱৰ কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাই ১৯৭৭চনত ( ICD-9) সমকামিতাক মানসিক ব্যাধি বুলি লিখি ১৯৯০চনত (ICD-10) লিষ্টৰ পৰা আতৰাই দিয়ে৷

Heterosexual-Homosexual Rating Scale (Kinsey Scale)- ১৯৫৩চনত ডাক্তৰ আলফ্ৰেড কিনচেই ০ৰ পৰা ৬লৈ এক যৌনতা নিৰ্ণায়ক মানদণ্ড নিৰুপন কৰে৷ বিপৰীত লিংগৰ প্ৰতি পূৰ্ণ আসক্তি থকাসকল ০ আৰু একে লিংগৰ প্ৰতি পূৰ্ণ আসক্তি থকাসকল ৬ শ্ৰেণীত পৰে৷ কোনো যৌন আসক্তি নথকাসকল X শ্ৰেণীত পৰে৷

সমকামী হোৱাৰ কাৰণ :

বিজ্ঞানীসকলে সমকামী হোৱাৰ কাৰণ জানিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছে৷ এতিয়ালৈকে জ্ঞাত হোৱা তথ্যখিনি তলত দিয়া হ'ল ৷

-মানুহৰ ওপৰিও ভেড়া ছাগলি,গাহৰি,সিংহ,ৰাজহাঁহ, পেংগুইণ আদি জীৱৰ মাজতো সমকামিতা বিজ্ঞানীসকলৰ চকুত ধৰা পৰিছে৷

-জেনেটিক বা বংশগতিৰ ওপৰিও আন কাৰকো নিশ্চিতভাবে জড়িত৷

-সমকামী লেচবিয়ানে পিতৃৰ পৰা বংশগতি লাভ কৰে৷

-সমকামী গে’ পুৰুষে মাতৃৰ পৰা বংশগতি লাভ কৰে৷

-দুজন যঁজা সন্তানৰ দুয়োটি সন্তানৰ যৌন ৰুচিবোধ পৃথক-পৃথকো হব পাৰে৷

-প্ৰসিদ্ধ জীৱবিজ্ঞানী ৱিলিয়াম ৰাইচৰ মতে(Epi-genetics theory) মাতৃগৰ্ভত সন্তান থকা সময়ত ডি এন এত পৰিবৰ্তন নঘটাকৈ, টেষ্ট'ষ্টেৰন হৰমোনৰ প্ৰভাৱত সন্তানৰ যৌনস্বভাৱৰ নিৰূপণ হয়৷ পিতৃৰ টেষ্ট'ষ্টেৰন লেভেল কম হলে নাইবা মাতৃৰ টেষ্ট'ষ্টেৰন লেভেল অধিক হলে গৰ্ভস্থ সন্তান সমকামী হৈ ওপজাৰ সম্ভাৱনা৷

-১৯৯৩চনৰ এটা থিয়ৰিমতে X ক্ৰমচমত Xq28 নামৰ জেনেটিক মাৰ্কাৰ থাকিলে সন্তান গে' হৈ ওপজে৷ সেয়ে সময়মতে এই জিন ধৰা পৰিলে গে' সন্তান প্ৰসৱ দিয়াৰ সলনি গৰ্ভপাত কৰাব পাৰি৷

-১৯৯১চনৰ পৰা ২০০১চনলৈ হোৱা বিভিন্ন প'ষ্টমৰ্টেমত দেখা গৈছে যে সমকামীসকলৰ হাইপোথেলামাচৰ নাইবা মস্তিষ্কৰ এন্টিৰিয়ৰ কমিচৰ অইনৰ তুলনাত ডাঙৰ ৷ এইটো সকলোৰে জ্ঞাত যে হাইপোথেলমাচে পিটিওটৰিৰ মাধ্যমেৰে শৰীৰৰ হৰমোনৰ ওপৰত নিয়ন্ত্ৰণ কৰে৷ কিছুমান বিজ্ঞানীৰ মতে অদূৰ ভবিষ্যতে এটা সময় হয়তো আহিব যেতিয়া নিউৰ'চাৰ্জাৰি কৰি মগজুৰ গ্ৰে মেটাৰৰ বৰ্ধিত অংশটো আতৰাই পেলাই সমকামী মনোবৃত্তিৰ অন্ত পেলাব পৰা যাব৷

এতিয়া প্ৰশ্ন হয় পাৰিপাৰ্শ্বিকতা, পৰিয়াল-সমাজৰ শিক্ষা দীক্ষা আদিৰ কি একো ভূমিকা নাথাকে এজন ব্যক্তিৰ যৌন স্বভাৱ নিয়ন্ত্ৰণ কৰাত ?

সমকামিতা প্ৰাচীনকালৰ পৰাই এক বিতৰ্কিত বিষয় হৈ আহিছে৷ সন্মানৰ বা আদৰৰ চকুৰে সমাজত সমকামীসকলক চোৱা নহয়৷ সমকামী সকলে নিজকে যিমান 'নৰ্মাল' বুজাবলৈ চেষ্টা নকৰক কিয় আগতে উল্লেখ কৰা হৈছে যে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক সমস্যা প্ৰায় সকলৰ থাকেই৷ ৮০শতাংশ সমকামীয়ে নিজে বা অভিভাৱকৰ দ্বাৰা মনোচিকিৎসকৰ সহায় বিচাৰে৷কিন্তু কুৰি শতাংশ সমকামী হ'ল

বেপৰোৱা৷ এইডচত আজিকালি সহজে নমৰে বুলি জনাৰ পিছত সমকামীসকলৰ দ্বাৰাই এচিয়াত এইচ আই ভি পজিটিভ লোকৰ সংখ্যা বাঢ়িছে বুলি ২০০৯চনতেই বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী শুনাই থৈছে৷ প্ৰায় বেচিভাগ সমকামীয়েই নিজৰ এইচ আই ভি ষ্টেটাচ নিজৰ যৌন সংগীক নজনায়৷ কন্ডোম,গ্লোভচ আদি ব্যৱহাৰ নকৰে৷

সমকামিতা কোনো গৌৰৱৰ বা আধুনিকতাৰ পৰিচায়ক নহয়৷ আনহাতে তেওঁলোক কোনো কাৰণতে পুতৌৰ পাত্ৰ হব নালাগিব৷ সমকামিতা এনে এক অৱস্থা যাক বংশগতিৰ ওপৰিও বাতাবৰণ আদিয়ে নিয়ন্ত্ৰিত কৰে৷ মদ, চিগাৰেট এৰিব পাৰিলে অবাধ যৌনাচাৰো ত্যাগ কৰাটো অসম্ভৱ নহয়৷ গে' বা লেচবিয়ান অৱস্থা ত্যাগ নকৰিলেও নিজৰ আৰু সমাজৰ স্বাস্থ্যৰ খাতিৰত এজন মাত্ৰ যৌনসংগীতেই জীৱন অতিবাহিত কৰক৷ কপিকেট চিনড্ৰমৰ বশবৰ্তীহৈ বলপূৰ্বক নিজকে সমকামী সজাবলৈ নাযাব৷

আগ্ৰহীসকলে সমকামিতাৰ বিষয়ে Dr.Rick Fitzgibbons ৰ ভাষ্য এই লিংকত চকু ফুৰাব পাৰেঃ http://www.personal.psu.edu/glm7/m160.htm সুদীৰ্ঘ ৩৫বছৰ নিৰবিচ্ছিন্নভাবে মনোবিজ্ঞানৰ চিকিৎসাত জড়িত এই চিকিৎসকজন খৃষ্ট ধৰ্মাৱলম্বীলোক৷ খৃষ্টান ধৰ্মই সমকামিতাক সমৰ্থন নকৰে৷ কিন্তু তেওঁৰ উল্লেখিত বক্তব্যসমূহ চিকিৎসা বিজ্ঞানৰ দৃষ্টিত নিৰপেক্ষ মন্তব্য৷

মোখনিত ইমানেই কম যে এক চমু লিখনিৰ মাধ্যমেৰে ইমান বিতৰ্কিত বিষয় এটাত সকলো দিশ সামৰা সম্ভৱপৰ নহয়৷ তাৰোপৰি মোৰ এই লিখনিৰ উদ্দেশ্য কাৰো মনত আঘাত দিয়া বা কাকো হেয় প্ৰতিপন্ন কৰা কাহানিও নহয়৷

No comments:

Post a Comment