Saturday, June 20, 2015

প্ৰৱন্ধ


ইয়ে আজাদী ঝুঠা হায়
দিগন্ত কুমাৰ বড়া
বিষ্ণুপ্ৰসাদ ৰাভা, কেনো বিশেষ বিশেষণেৰ ব্যৱহাৰ উচিত যেন অনুভৱ নোহোৱা এটি নামেই হৈছে বিষ্ণুপ্ৰসাদ ৰাভা৷ বহু বিদগ্ধ পণ্ডিতৰ হাতেই কঁপি উঠে তেওঁক কি বিশেষণেৰে বুজাব, তেনে ক্ষেত্ৰত আমিনো কোন কূটা৷ সমাজ জীৱনত এনে বহুতো বহুমুখী প্ৰতিভাধৰ ব্যক্তিৰ বিষয়ে শুনিছো বা দেখিছো যি বিলাকৰ প্ৰতিভা বহুমুখী৷ কিন্তু ৰাভাদেৱৰ বহুমুখী প্ৰতিভা অৱশ্যে তেনে বহু লোকতকৈ বেলেগ৷ তেওঁৰ গাত দেখা কেইটামান চিৰপৰিচিত গুণ হৈছে একেধাৰে সংগীতজ্ঞ, চিত্ৰকৰ, কবি, সাহিত্যিক, গীতিকাৰ, অভিনেতা, নৃত্যকলা, ৰাজনীতিজ্ঞ, ভাষা বিশাৰদ, খেলুৱৈ ও বক্তা(এই অভাজনৰ অজ্ঞাতে দুই-এক ৰৈ যাবও পাৰে)৷

তেতিয়া আছিল ১৯৪০ চন, বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন চফল ডেকা৷ কাশী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এখন বিৰাট ৰাজহুৱা সভাত ৰাভাই ১০৮ বিধ থলুৱা নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ লগতে তাত উপস্থিত থকা সেইসময়ৰ উপাচাৰ্য ডঃ সৰ্বপল্লী ৰাধাকৃষণকো মোহিত কৰে৷ ইয়াৰ উপৰি তেওঁ নটৰাজ নৃত্য প্ৰদৰ্শন কৰি আটাইকে চমক খুওৱা বাবে ডঃ সৰ্বপল্লী ৰাধাকৃষণে তেওঁক সোণৰ পদক প্ৰদান কৰাৰ লগতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ কলাবিদ হিচাবে "কলাগুৰু" উপাধি প্ৰদান কৰে৷ তেতিয়াৰ পৰাই কলাগুৰু বুলিলে বিষ্ণু ৰাভাক চিনি নোপোৱা মানুহ হয়তো তেতিয়াও নাছিল, এতিয়াও নাই আৰু আগলৈয়ো নাথাকক বুলিয়েই বাঞ্চা কৰো৷

আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ এই পবিত্ৰ স্মৃতিত আমি তেওঁৰ সমগ্ৰ গুণৰ বিষয়ে বৰ্ণাবলৈ যোৱাতো দুৰুহ কাম৷ গতিকে, আমি তেওঁৰ কলাৰ বাহিৰেও অন্য এটা দিশৰ বিষয়েহে আলোচনা কৰিবলৈ হাতত কলম তুলি লৈছো৷ তেওঁ আছিল এগৰাকী সঁচা স্বাধীনতা সংগ্ৰামী ব্যক্তি৷ তেওঁৰ স্বাধীনতা সংগ্ৰামী জীৱন পঢ়া জীৱনৰ পৰাই আৰম্ভ হৈছিল৷ আমাৰ ভাৰতবৰ্ষত যেতিয়া স্বাধীনতা আন্দোলনৰ বতাহ চাটি জোৰকৈ বলিবলৈ লৈছিল, তেতিয়া তেওঁ আছিল কলিকতাৰ ৰিপন কলেজৰ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ৷ সেই সময়ত স্বাধীনতা আন্দোলনৰ হ’কে মাত মাতি অহা সকলক পুলিচে নানান নিৰ্যাতন চলাইছিল৷ এই নিৰ্যাতনৰ পৰা ৰিপন কলেজৰ ছাত্ৰাবাসো সাৰি যাব পৰা নাছিল৷ পুলিচৰ নিৰ্যাতন সহিব নোৱাৰি তেওঁ কোচবিহাৰৰ ভিক্তোৰীয়া কলেজলৈ বদলি হৈ আহে৷ ভিক্তোৰীয়া কলেজত পঢ়ি থকা সময়তেই দেশত মহাত্মা গান্ধীৰ নেতৃত্বত কোটি কোটি জনসাধাৰণে অহিংসা ব্ৰতেৰে স্বদেশী আন্দোলনত জাঁপ দিছিল৷ সেই সময়ত কলিকতা আছিল ৰজাতান্ত্ৰিক৷ ৰজাৰ অন্যায় নীতিৰ বিৰুদ্ধে সকলোৰে মনত তুঁহ জুই জ্বলি থাকোতেই ফু মাৰি জলালে বিষ্ণুপ্ৰসাদ ৰাভাৰ দুৰন্ত সাহসে৷ তেওঁ ৰজাৰ বিৰুদ্ধে ৰাজপ্ৰাসাদৰ সিংহদুৱাৰত ওলোমাই দিয়া এই আখৰ কেইটাই.........
"ৰাজ্যে আছে দুইটি পাঠা৷
একটি কালো একটি সাদা৷৷
ৰাজ্যেৰ যদি মংগল চাও৷
দুইটি পাঠাই বলি দাও৷৷"

নকলেও হ’ব যে, দুইটি পাঠা মানে সেই সময়ত দেশ শাসন কৰা কোচবিহাৰৰ ৰজা আৰু বৃটিছ চৰকাৰৰ কথাকে বুজাইছে৷ ইয়াৰোপৰি ৰাজপ্ৰাসাদৰ সিংহদুৱাৰত থকা ইউনিয়ন জেক নমাই তাৰ ঠাইত ৰাভাই ভাৰতীয় ৰাষ্ট্ৰীয় কংগেছৰ ত্ৰিৰংগ পতাকাও উত্তোলন কৰিছিল৷

বৃটিছ চৰকাৰৰ বিৰুদ্ধে কৰা এই অভিযানৰ দোষত বৃটিছ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কাঢ়া নিৰ্দেশ জাৰি কৰিলে৷ দেশক স্বাধীনতা দিবলৈ তেওঁ পলাই ফুৰিব লগা হ’ল৷ যাৰ ফলত তেওঁৰ পঢ়া জীৱনৰ বন্তি সিমানতেই নিৰ্বাপিত হ’ল৷ তেওঁ অসমৰ গাৱে-ভূঞেঁ, অসমীয়া ৰাইজৰ কোলাই কোলাই লুকাই ফুৰিবলৈ ধৰিলে লগে লগে তেওঁ স্বাধীনতা সংগ্ৰামৰ হ’কে ৰাইজ মেল, নানা ধৰণৰ কৌশলী নীতি আদিও পুলিচৰ চকুত বালি মাৰি চলাই গৈছিল৷ লগতে এষাৰ কথা নকলে আধৰুৱা হৈ ৰ’ব, সেইতো হ’ল- এই স্বাধীনতাৰ হ’কে লুকাই চুৰকৈ আয়োজন কৰা সভা-সমিতিবোৰেই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সংগীতৰ আখৰাগৃহও হৈ পৰিছিল৷ এই সভা-সমিতিতেই ৰচনা হৈছিল বহুতো কালজয়ী গীতৰ, উদাহৰণস্বৰূপে,
"ৰাইজেই ৰজা মোৰ
প্ৰজায়েই ৰজা মোৰ
সুখেৰে পঞ্চায়তৰ ৰাজ"
.......ইত্যাদি৷

ৰাভা আছিল মূলতঃ উপনিবেশিক শাসন বিৰোধী৷ মহাত্মা গান্ধীৰ স্বাধীনতাৰ যি আহবানৰ প্ৰতি ৰাভাদেৱেও সঁহাৰি জনাইছিল৷ হাজাৰ হাজাৰ বৰণ্যে স্বাধীনতা সংগ্ৰামীৰ সুবাদত পৰাধীন ভাৰতৱৰ্ষই ১৯৪৭ ত স্বাধীনতা লাভ কৰিলে৷ বিষ্ণুপ্ৰসাদ ৰাভাও এই স্বাধীনতা সংগ্ৰামী সকলৰ মাজৰে এজন যদিও তেওঁ সেই স্বাধীনতাত সন্তুষ্ট হ’ব পৰা নাছিল৷ তেতিয়াই তেওঁ চিঞঁৰি উঠিছিল- ইয়ে আজাদী ঝুঠা হায়  অৰ্থাৎ এই স্বাধীনতা প্ৰহসন মাত্ৰ৷

বিষ্ণুপ্ৰসাদ ৰাভাই কেৱল কাগজে-কলমে স্বাধীনতা বিচৰা নাছিল৷ বিচাৰিছিল পুঁজিবাদী সমাজে অনা দুতিসমূহ দূৰ কৰিবলৈ৷ তেওঁ বিচাৰিছিল পুঁজিবাদী সমাজ ব্যৱস্থাৰ অৱসান ঘটাই দেশত সমাজবাদী ব্যৱস্থা প্ৰৰ্ৱতন কৰিবলৈ৷ তেওঁৰ মতে জনগণেই সৰ্বস্ব৷ সমাজবাদী ব্যৱস্থাইহে যে মানুহক দুখ-দুৰ্গতিৰ পৰা উদ্ধাৰ কৰিব পাৰিব, সেই কথা বুজি উঠিছিল৷ এই প্ৰবন্ধৰ আৰম্ভণিতেই ৰাভাদেৱক এজন সঁচা স্বাধীনতা সংগ্ৰামী বুলি কোৱা হৈছিল৷ সঁচা স্বাধীনতা সংগ্ৰামী বুলি কোৱাৰ অৰ্থও এইটোৱেই৷ তেওঁ বিচাৰিছিল সমাজৰ পৰা জমিদাৰী প্ৰথা নিৰ্মুল হওঁক, দেশৰ কৃষক সমাজে উচিত ময্যৰ্াদা পাওঁক৷ দেশত ধনৰাজ গুচি গণৰাজ হওঁক৷ তাৰবাবে প্ৰবল আন্দোলন গঢ়ি উঠিছিল৷ এই কথাবোৰ তেওঁৰ গীতৰ মাজেৰেও বিদ্যমান......
"আমি খুৱাওঁ বিশ্ববাসীক
মাটি ফালি ধান
আমি যোগাওঁ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান৷"

তেওঁ বিচৰা সঁচা স্বাধীনতাৰ এটি সৰু উদাহৰণ দিব বিচাৰিছো৷ ১৯৫১ চনৰ কথা, বৰদুৱাৰ অঞ্চলত দুৰ্ভিক্ষই দেখা দিলে৷ অনাহাৰত বহুত মানুহ মৃত্যুৰ মুখত পৰিল৷ তথাপিও কিছুমান ধনী শ্ৰেণীৰ হাতত তেতিয়াও বহুতো ধন-ধান মজুত আছিল৷ তেনে এজন ব্যক্তি হ’ল দীঘললেচেৰী সত্ৰৰ ভকত, তেওঁৰ চাৰিটা ভঁৰাল ধানেৰে ভৰি থকাত বহুতো লোক তেওঁৰ ওচৰলৈ ধান বিচাৰি গ’ল যদিও তেওঁৰ পৰা ককৰ্থনাহে পালে৷ সেই কথা সহিব নোৱাৰি ৰাভাদেৱে ৰাইজৰ সহায়ত ভঁৰাল ভাঙি সকলোকে ধান ভগাই দিলে৷ তেওঁ গাৱে-ভূঞেঁ কৰি ফুৰা সভা-সমিতিবোৰৰ উচিত ফলপ্ৰসূ হোৱাৰ অন্য এক কাৰণ আছিল তেওঁ সকলো ভাষিক গোষ্ঠীৰ লগতে তেওঁলোকৰ নিজ ভাষাত আলোচনা কৰিব পাৰিছিল৷ কাৰণ, ৰাভাদেৱ আছিল এজন ভাষা বিশাৰদ৷ তেওঁ প্ৰায় ১৭ টা মান ভাষা খুব সুন্দৰকৈ জানিছিল৷ অৰ্থ্যাৎ তেওঁ জনজাতীয় লোকসকলৰ লগত অতি সহজেই মিলি গৈছিল৷

স্বাধীনতা সংগ্ৰামৰ হ’কে যুঁজ দিয়াৰ অপৰাধত তেওঁ পুলিচৰ নানান অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছিল৷ ১৯৬২ চনত তেওঁক পুলিচে দুটি এমাদিমা সন্তানৰ সতে শুই থকা অৱস্থাৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল৷ সন্তান দুটিক তাতে এৰি থৈ থানালৈ যাব লগা হৈছিল৷

ৰাইজৰ হ’কে কাম কৰিবলৈ কিছু কিছু ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপৰো প্ৰয়োজন৷ এই কথা হয়তো বিষ্ণুপ্ৰসাদ ৰাভাদেৱেও অনুভৱ কৰিছিল৷ সেই কাৰণেই তেওঁ ১৯৬৭ চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দি নিৰ্বাচিতও হৈছিল৷ এইজনা মহান সংগ্ৰামী, কলাসাধকৰ ১৯৬৯ চনৰ ২০ জুন তাৰিখে জীৱন নাটৰ সামৰণি পৰিল৷ তদুপলক্ষে অসমবাসীয়ে তেওঁক প্ৰতি বছৰে শ্ৰদ্ধা জনাই এই দিনটোত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে৷ দেশ স্বাধীন হোৱাৰ ৬৮ টা বৰ্ষ অতিক্রম কৰিলে৷ চৰকাৰৰ নীতি-আদৰ্শ, চৈৰাচাৰী শাসন ব্যৱস্থা, উগ্ৰপন্থীৰ অত্যাচাৰে কেতিয়াবা কেতিয়াবা আজিও সুৱৰাই দিয়ে ইয়ে আজাদী ঝুঠা হায়৷ 

লেখকৰ ভ্ৰাম্যভাষ- ৯৬১৩৬-৯৬১৪৬

No comments:

Post a Comment