Tuesday, June 2, 2015

জীৱনৰ অনুভৱ

ইতিবাচক খবৰ, প্ৰফুল্লিত মন
অজয় লাল দত্ত
প্ৰথমে লেখাটিৰ শিৰোনামটো “নেতিবাচক বাতৰি, ভাৰাক্ৰান্ত মন” দিবলৈহে মন কৰিছিলো। পিছে দিনটোৰ আৰম্ভণিটো হেনো সদায়েই ইতিবাচক হোৱা উচিত। পুৱাৰ ৰ’দালি জাকৰ দৰেই ভাল চিন্তা, ভাল খবৰেহে মনটো ৰঙাই তুলিব পাৰে। এনে ৰঙাই তোলা একোটা মনলৈহে উছাহ আহে, যিয়ে দিনটোৰ বাবে কৰ্মপ্ৰেৰণা যোগায়। সেয়েই আমিও প্ৰতিদিনেই নেতিবাচক ভাৱনাবোৰক মনৰ পৰা আঁতৰাই ইতিবাচক ভাৱনাবোৰৰহে প্ৰৱাহ মন-মগজুত যাতে হয় তাৰ বাবে চেষ্টা কৰিব লাগে। সকলো মুদ্ৰাৰে যেনেকৈ দুটা পিঠি থাকে তেনেকৈ প্ৰতিটো ঘটনা-পৰিঘটনাৰে দুটা দিশ থাকে। আমি বিশ্লেষণ কৰি তাৰ পৰা লাভ কৰা নীতি-শিক্ষাটো গ্ৰহণ কৰিব লাগে আৰু তাৰ ইতিবাচক দিশক লৈ জীৱনত আগুৱাবলৈ চেষ্টা কৰিব লাগে। সেই কথাটো আমি কৰা ভুলৰ ক্ষেত্ৰটো প্ৰযোজ্য। ভুল-ত্ৰুটি জীৱনৰ অংগই, কিন্তু তাৰ পৰা উচিত শিক্ষা লৈ পুনৰ যিয়ে একে ভুলৰ পুণৰাবৃত্তি হবলৈ নিদিয়ে তেওঁলোকেহে জীৱনক সুন্দৰতৰ আৰু সফলতৰ ৰূপত গঢ় দিবলৈ সক্ষম হয়। সেয়ে শিৰোনামটোক ইতিবাচক নজৰেৰে সলনি কৰি এক যোগাত্মক বাৰ্তা বহন কৰাৰ ব্যৱস্থা কৰা নহবইবা কিয়?

বিগত সপ্তাহত অসমৰে এটা প্ৰান্তত অন্ধবিশ্বাস আৰু ব্যক্তিগত শত্ৰুতাই চৰম সীমা পোৱাৰ এটি উদাহৰণ তুলি ধৰি জীৱশ্ৰেষ্ঠৰ বলি দিয়াৰ দৰে কৰুণতম ঘটনা পোহৰলৈ আহিছিল। খবৰটো সামাজিক যোগসূত্ৰৰ অন্যতম মঞ্চ “ফেচবুক”ৰ জৰিয়তে পোৱাৰ পাছতে দুদিন পৰ্যন্ত অসমৰ বৈদ্যুতিন মাধ্যম খুলি চোৱা নাছিলো। কাৰণ আছিল এটাই, যে ঘটনাটোৰ পাছত গৰম খবৰৰ তাড়ণাত কেওটা সংস্থায়েই তাত উপস্থিত হৈ লেথাৰি-নিচিগাকৈ একেটা বাতৰিকে, সংবাদ, মন্তব্য, বিশ্লেষণ আদি বিভিন্ন ৰূপত উপস্থাপন কৰিব। আনকি চেনেল সলনি কৰিলেও আপুনি তাৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনা নাই।
কথা হ'ল, এনেদৰে এটা নেতিবাচক খবৰক অনবৰতে দেখুৱাই থাকি সেই খবৰে ইতিমধ্যেই শোকাচ্ছন্ন, লজ্জিত কৰি তোলা এখন সমাজৰ মানুহবোৰক মানসিক ভাৱে অধিক ভাৰাক্ৰান্ত কৰি তোলা নহয়নে? এজনৰ অপৰাধৰ কথাৰেই সমগ্ৰ ব্যৱস্থাটোকে আচ্ছন্ন কৰি ৰাখি, সেই দিনটোত যেন সমাজত কোনো এটা ভাল কামেই হোৱা নাই, কোনো যোগাত্মক কাম কৰি সমাজক প্ৰেৰণা যোগোৱা বা উদাহৰণ দাঙি ধৰা কামেই হোৱা নাই এনে এক ধাৰণাই তুলি ধৰা নহয়নে। এইদৰে দৰ্শকৰ বাবে বিকল্প নোহোৱাকৈ আটাইকেইটা চেনেলে, নেতিবাচক বাৰ্তাৰে "সাময়িক অৱসাদ" বিলাই গোটেই অসমৰ বা সমাজৰ মন ভৰাই তোলাৰ এনে প্ৰচেষ্টা সঁচাই গৰিহণা যোগ্য নহয়নে?

এনে খবৰৰ ভিৰৰ পৰা অকন মুকলি বতাহ, অকন সকাহ দিয়া, সমাজত জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া বতৰাৰ প্ৰয়োজনো এনে মুহূৰ্তবোৰতে হৈ পৰে অক্সিজেন স্বৰূপ। বিক্ৰীৰ তাড়ণাত চাঞ্চল্যসনা শিৰোনামসহ বতৰা পৰিবশন তথা টি.আৰ.পি.ৰ লোভত লোমহৰ্ষক মছলাসনা উপস্থাপনে, বৰ্তমানৰ গণ-মাধ্যম সমূহক সঁচাই মানুহৰ মানসিক অৱস্থাক লৈ হেতালি খেলাৰ স্পৰ্শকাতৰ অভিযোগৰ তুলাচনীত নোতোলাকৈ থকা নাই। দেশৰ চতুৰ্থ স্তম্ভৰ অভিভাৱক সকলে এই ক্ষেত্ৰত সচেতন পদক্ষেপ লোৱাৰ সময় আজি আহি পৰিছে।


এনেবোৰ নেতিবাচক ঘটনাৰ বাতৰিৰ উপাদেয় উপস্থাপনৰ ভিৰৰ মাজত সমাজৰ ভাল খবৰবোৰ যেন হেৰাই যায়। ভাল খবৰবোৰে শিৰোনাম দখল কৰিব নোৱাৰে, বাতৰি কাকতত স্থান পালেও কৰবাত এচুকত, কোনোবা ভিতৰৰ পৃষ্ঠাত “ফিলাৰ”ৰ ৰূপতহে ভুমুকি মাৰে। এই অভিযোগ সৰ্বদা আছিলেই। কিন্তু বিগত এক-দুই বছৰৰ পৰা ভাৰতীয় সংবাদ মাধ্যমেও "ভাল খবৰ" প্ৰকাশৰ কথাটোক গুৰুত্ব-সহকাৰে লোৱা দেখা গৈছে। ৰাজদীপ সৰদেশাইৰ দৰে নেতৃস্থানীয় সাংবাদিকেও বৰ্ষৰ আৰম্ভণিৰ দিনটোতে বছৰটোত যাতে আমি বেছি ভাল খবৰ প্ৰকাশ কৰিব পাৰো, তালৈ লক্ষ্য ৰাখিম বুলি কোৱাটোও এটা শুভ লক্ষণেই। জি.নিউজৰ ডিএনএ নামৰ অনুষ্ঠানটোতো আজিকালি ইতিবাচক খবৰ নিয়মীয়াকৈ দিয়াৰ প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। নিউজ নেচন নামৰ চেনেলটোৱে "আজিৰ যোগাত্মক বাৰ্তা" শীৰ্ষক এটি শ্লটৰো ব্যৱস্থা কৰিছে। অসমৰ সংবাদ পত্ৰ সমূহেও আগতে কেৱল বছৰটোৰ প্ৰথম দিনটোতহে প্ৰথম পৃষ্ঠাত বৰ্ষটোৰ ভাল খবৰবোৰ প্ৰকাশ কৰাৰ বিপৰীতে, আজিকালি কিন্তু ভাল খবৰকো প্ৰথম পৃষ্ঠাতো স্থান দিয়া দেখিবলৈ পাইছো। "নিয়মীয়া বাৰ্তা" কাকতে প্ৰতি দেওবাৰে সপ্তাহটোৰ নিৰ্বাচিত ভাল খবৰবোৰ একত্ৰে সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ কৰাটোও ইতিবাচক বাৰ্তা প্ৰচাৰৰ বাবে লোৱা এটি উল্লেখনীয় পদক্ষেপেই।


অসমীয়া কাকত সমূহৰ ইণ্টাৰনেট সংস্কৰণ সমূহ ছবিৰ ৰূপত (ইমেজ মুডত) প্ৰকাশিত হয়। সেয়ে গুগোলে কোনো এটা লেখা “শব্দ সন্ধানেৰে” অসমীয়া কাকতৰ পৰা বিচাৰি আনি দিব নোৱাৰে। সেয়ে গুগোলৰ দৰে অনুসন্ধানকাৰী ৱেবচাইটৰ জৰিয়তে “অসমীয়া বাতৰি”ৰ সন্ধান দিব পৰাকৈ ইউনিকোড মাধ্যমত দৈনিক কাকতৰ প্ৰয়োজন আছে। এই অভাৱটোকে পূৰাবলৈ ২০১২চনৰ জুলাই মাহৰ পৰা “লাল ইংক”ৰ উদ্যোগত “অসমীয়াৰ সুখ-দুখ www.xukhdukh.com” নামৰ ইউনিকোডীয় অনলাইন অসমীয়া দৈনিকখন প্ৰকাশ পাই আছে। এই দৈনিকখনত প্ৰতিদিনে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা “ভাল খবৰ” সমূহ সংক্ষিপ্ত ৰূপত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু একেটা ক্লিকতে বিগত তিনিটা বছৰৰ ইতিবাচক খবৰ সমূহ পোৱাটো সম্ভৱপৰ হৈছে। তাৰোপৰি অসমৰ নৱ-প্ৰজন্মৰ লেখক-লেখিকা সকলৰ নিৰ্বাচিত লেখা তথা সংবাদ পত্ৰত প্ৰকাশ পোৱা গুৰুত্বপূৰ্ণ লেখাও ইউনিকোড মাধ্যমত সংৰক্ষণ কৰি ইণ্টাৰনেটত অসমীয়া ভাষাৰ সৃষ্টিৰ ভঁৰাল সমৃদ্ধ কৰা হৈছে। অসমীয়া ই-কিতাপৰ মুক্ত আৰু বিনামূলীয়া পুথিভঁৰাল গঢ়াৰ কামো আৰম্ভ কৰা হৈছে। নতুন লেখকে নিজৰ সৃষ্টিৰ ই-বুক, পিডিএফ সংস্কৰণ প্ৰকাশ কৰি বিনা খৰছতে সংকলিত কৰাৰ লগতে পাঠকৰ মাজলৈ উলিয়াই দিব পাৰিছে। এইদৰে প্ৰতিদিনে কেৱল ভাল খবৰ আৰু ভাল বিশ্লেষণাত্মক সমলৰ যোগান ধৰি সমাজৰ যোগাত্মক বাৰ্তা সমূহ বিলাই যোৱা “অসমীয়াৰ সুখ-দুখ”ৰ বেৱচাইট, বৰ্তমানলৈকে ৪লাখ ৫হাজাৰতকৈ অধিকবাৰ অসম, ভাৰত তথা বিশ্বৰ বিভিন্ন ঠাইত বসবাস কৰা অসমীয়া সকলে দৰ্শন কৰিছে। এই স্বেচ্ছাসেৱী প্ৰগতিশীল প্ৰকল্পটোলৈ উচ্চ শিক্ষিত অসমীয়া নৱ-প্ৰজন্মই বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা নিজা সময় আৰু সমলেৰে অৰিহণা যোগাবলৈ আগবাঢ়ি আহিছে। “ভাল খবৰ”ৰ প্ৰতি ৰাইজৰ এনে সঁহাৰি আচলতে “ভাল খবৰ” কোনেনো পঢ়িব বুলি ভবা সকলৰ চিন্তাৰ বিপৰীতে এক শুভবাৰ্তাই নহয়নে?

এই সপ্তাহটোতে বিভিন্ন শৈক্ষিক শিক্ষান্ত পৰীক্ষা সমূহৰ ফলাফল ঘোষিত হৈছে। উচ্চ-মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ ফলাফলত এইবাৰ অসমৰ ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ছাত্ৰ-ছাত্ৰী সকলেও প্ৰাপ্ত নম্বৰেৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ শিক্ষাৰ্থী সকলৰ সৈতেও ফেৰ মাৰিবলৈ সক্ষম হৈছে। সৰ্ব-ভাৰতীয় পৰ্যায়ৰ শীৰ্ষ স্থানীয় শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে সহজ হোৱাকৈ এয়াও এক যোগাত্মক পৰিবৰ্তনেই। তাৰোপৰি বিভিন্ন জটিল পৰস্থিতি, সীমিত আন্তঃগাঁঠনি, আৰ্থিক দুৰ্বলতাৰ মাজতো নিজা প্ৰচেষ্টা, সাধনাৰে সফলতা অৰ্জন কৰি উজলি উঠা বিভিন্নজনৰ খবৰে সকলোৰেই মন ৰঙাই তুলিছে। 


বানে তাণ্ডৱ চলোৱা আৰু পিছ পৰা জিলা বুলিহে নাম থকা ধেমাজি জিলাই উচ্চতৰ মাধ্যমিকৰ কলা শাখাত আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক সফল হোৱা জিলা ৰূপে পৰিগণিত হৈছে। দৰঙ জিলাই উচ্চতৰ মাধ্যমিকৰ বিজ্ঞানত আৰু ডিমা হাছাও জিলাই বাণিজ্যত সৰ্বাধিক সফলতা লাভ কৰিছে। ইফালে ৰাজ্যৰ ভিতৰতে স্থান লাভৰ তালিকাত ডিব্ৰুগড়ৰ চল্ট ব্ৰুক আৰু নগাঁৱৰ ৰামানুজনৰ দৰে শৈক্ষিক প্ৰতিষ্ঠানৰ নামৰ সোণালী আখৰে অভিভাৱক সকলক নিজ সন্তানৰ ভৱিষ্যত গঢ়াৰ "উন্নত আৰু স্থানীয় বিকল্প"ৰ সন্ধান দিবলৈ সক্ষম হৈছে। কম দৰমহাতে নিজৰ মেধা আৰু সময় খৰছ কৰি কৰা সেৱাৰে অধিক সফলতা লভি উজলি উঠিবলৈ সক্ষম হৈছে অসমৰ ব্যক্তিগত তথা ৰাইজৰ দ্বাৰা স্থাপিত বিদ্যালয় সমূহৰ শিক্ষাগুৰু সকল। মোটা দৰমহা পোৱা চৰকাৰী শিক্ষক-সমাজৰ বাবে এইসকল শিক্ষকে আগবঢ়োৱা প্ৰত্যাহ্বানতো বিচাৰিব নোৱাৰি জানো ইতিবাচক বাৰ্তা?

দেউতাক দিন হাজিৰা কৰা মিস্ত্ৰী, অথচ নিজা মেধাৰে উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দশম স্থান অধিকাৰ কৰা লখিমপুৰ কলেজৰ ছাত্ৰী, লালুকৰ বাৰমাইলৰ পাপৰি বৰাই দেখুৱালে একাগ্ৰতা আৰু সাধনাৰ উদাহৰণ। তেওঁৰ সফলতাত মুগ্ধ হৈ উচ্চ শিক্ষাৰ সকলো আৰ্থিক দ্বায়িত্ব গ্ৰহণ কৰিবলৈ প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা আগবাঢ়ি অহাৰ বাতৰিয়েও এক সুখবৰেই। মেট্ৰিকত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা দৰং জিলাৰ বেজেৰাৰ শংকৰদেৱ জাতীয় বিদ্যালয় শিক্ষাৰ্থী মৃদুল শৰ্মাৰ বাতৰিও প্ৰেৰণাদায়ক। পৰিয়ালৰ আৰ্থিক দুৰ্বলতাৰ হেতু বিদ্যালয়ে নিজাকৈ খৰছ বহন কৰা কিশোৰ গৰাকীয়ে বিদ্যালয়খনৰ আশা-পূৰণ কৰি দেখুৱালে। এতিয়া তেওঁৰ উচ্চ শিক্ষাৰ আৰ্থিক দ্বায়িত্ব লবলৈ প্ৰাগ চেনেলৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণ আগবাঢ়ি আহিছে। এই দুয়োজন ব্যক্তিৰ দৰেই অনেক ব্যক্তি, দল, সংগঠনে প্ৰতি বছৰেই স্থানীয় প্ৰতিভাবান, সফল শিক্ষাৰ্থীক আৰ্থিক ভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহে, যদিও তেওঁলোকৰ নাম আৰু সহায়ে সংবাদ শিৰোনামত স্থান নাপায়। তথাপি কিন্তু, এনে প্ৰত্যাহ্বান গ্ৰহণকাৰীৰ সফলতা আৰু সমাজৰ সম্পদশালীৰ বদান্যতা দুয়োটাই সমাজৰ কাৰণে অতিশয় প্ৰেৰণাদায়ক আৰু শুভ পৰিঘটনা।

আনফালে পাচলি বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়াৰ মাজতো শিক্ষাৰ পোহৰে দিয়া হাত-বাউলিত সঁহাৰি দি সফলতাৰ ধ্বজ উৰুওৱা এগৰাকী মাতৃৰ খবৰেও মনটো ৰঙাই তুলিছে। ডিব্রুগড় জিলাৰ খোৱাঙৰ ৩৭ বছৰীয়া মহিলা নয়নমনি বেজবৰুৱা আৰু তেওঁৰ ১৮ বছৰীয়া পুত্র অংকুৰ বেজবৰুৱাই একেলগে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱর্তীণ হৈ উর্ত্তীণ হৈছে। গুৰুত্বপূর্ণ কথা এইটো যে মাতৃ নয়নমনি বেজবৰুৱাই ৬৯.৮ শতাংশ নম্বৰেৰে প্রথম বিভাগত উর্ত্তীণ হৈছে আৰু পুত্রই কথমপিহে তৃতীয় বিভাগত উর্ত্তীণ হৈছে। মহিলা গৰাকীয়ে ঘৰৰ সমস্ত কাম সম্পন্ন কৰি চাইকেল চলাই ১২ কিঃমিঃ নিলগৰ খোৱাংৰ পিতুবৰ গার্লছ হায়াৰ চেকেণ্ডেৰী স্কুলত শিক্ষাগ্রহণ কৰিছিল। তিনিটা ল’ৰা, এজনী ছোৱালী মাতৃ গৰাকীয়ে ৰাতি পৰিয়ালৰ সকলোৱে খোৱা-বোৱা কৰি শুৱাৰ পাছতহে পঢ়িবলৈ বহিছিল। পুত্ৰই অধিক ভাল ফল দেখুওৱা হলে তেওঁ অধিক সুখী হ’লহেতেন বুলি প্ৰকাশ কৰা মাতৃ নয়নমণি বেজবৰুৱাৰ উদাহৰণৰ পৰাও পৰিয়ালবোৰে, সন্তানসকলে শিকিব লগা বহুখিনি নাইনে?

একেদৰেই অসমত ৰাজনৈতিক শক্তিৰ প্ৰৰোচনাত ক্ৰমে সাম্প্ৰদায়িক ঘৃণাৰ বীজ ৰোপণ হোৱাৰ বাতৰিৰ মাজতো দুটি সুখবৰে ৰাজ্যবাসীৰ মাজত তৃণমূলত থকা সম্প্ৰীতিৰ ভাৱক পুনৰবাৰ প্ৰতীয়মান কৰিছে। এয়া সঁচাই শংকৰ-মাধৱ, আজান ফকীৰৰ সম্প্ৰীতিৰ প্ৰদেশ, সেই কথাৰ প্ৰমাণ দাঙি ধৰি গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্যত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে বিদ্যামন্দিৰ একাডেমীৰ ছাত্ৰী চুমন আহমেদে। আনফালে এইবাৰৰ বহাগে আনি দিয়া এটি সুখবৰ প্ৰকাশ পাইছিল শিৱসাগৰৰ আমগুৰিৰ পৰা। আমগুৰি ড’নবস্ক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আৰলিনা বেগমে ৪৬খন বিহু মঞ্চৰ পৰা সৰু বিহুৱতী নাচি পুৰস্কাৰ ৰূপে লাভ কৰা মুঠ ১৫হাজাৰ টকা, একালৰ একেখন বিদ্যালয়ৰ ছাত্ৰী প্ৰিন্সিপিয়া গগৈৰ দুয়োটা বৃক্ক বিকল হোৱাত কলকতাত চলি থকা চিকিতসাৰ বাবে আনুষ্ঠানিকভাৱে দান কৰে। শিশুশিল্পী গৰাকীৰ এই বদান্যতাও সমাজৰ বাবে এক সম্প্ৰীতি আৰু মানৱতাৰ শুভবাৰ্তাই নহয়নে?

এনেবোৰ খবৰেই সমাজখনক মানৱীয় গুণেৰে সমৃদ্ধ কৰি সৱল ৰূপত জীয়াই ৰখাৰ বাবে যোগাই থাকে জীৱন-দায়িনী শক্তি। সেয়ে অনুভৱ কৰো, সঁচাই ইতিবাচক খবৰেই কৰে প্ৰফুল্লিত মন, যিয়ে আমাক শক্তি যোগায় জিনিবলৈ প্ৰতিনিয়ত ৰণ!

No comments:

Post a Comment