Monday, June 22, 2015

পৰ্যবেক্ষণ


হাজাৰ কোটিৰ আই. পি. এল. খেলৰ দেশত পুষ্টিহীনতা
লীলাকান্ত পায়েং

পুষ্টিহীনতা আমাৰ দেশৰ এক বিশেষ সমস্যা সেয়া সকলোৰে জ্ঞাত।পুষ্টিহীনতাত ভোগা বেছি ভাগেই মহিলা আৰু শিশু, যি বর্তমান ভয়াবহ ৰূপ ধাৰণ কৰা পৰলক্ষিত হৈছে। বিশ্ব বেঙ্কৰ তথ্যমতে ভাৰত এনেকুৱা এখন দেশ যি বিশ্বৰ ভিতৰত সবাতোতকৈ পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা বেছি। ইয়াতে বিশ্বৰ আটাইতকৈ ভোকাতুৰ আরু পুষ্টিহীনতা লোকসকল বসবাস কৰে। গোলকীয় ভোকাতুৰ পৰিতথ্য(GHI) মতে ২০১০ বর্ষত ১২২ খন দেশৰ ভিতৰত ৬৭ নম্বৰত আছিল । ২০১২ৰ বর্ষ গোলকীয় ভোকাতুৰৰ পৰিসংখ্যাৰ তথ্য মতে ৭৯ খন দেশৰ ভিতৰত ৬৫ নম্বৰ ক্রমত আছিল। গ্লোবেল চাৰ্ভে ১৯ জুলাই ২০১২ ৰ মতে, শিশু উন্নয়ন পৰিতথ্য মতে ১৪১ খন দেশৰ ভিতৰত ১১২ নম্বৰ ক্রমত আছিল। ২০১৪ ৰ গোলকীয় ভোকাতুৰৰ পৰিতথ্য মতে ৭৬ খন দেশৰ ভিতৰত ৫৫ নম্বৰ ক্রমত আছিল। সেয়ে আগৰ তুলনাত দেশৰ অৱস্থা অলপ উন্নত হোৱা যেন লাগে।

ইয়াৰ পিছতে বাংলাদেশ আৰু পাকিস্তান, কিন্তু নিচেই ওচৰৰ ৰাজ্য নেপাল ৪৪, শ্রীলঙ্কা ৩৯ নম্বৰত আছে। এই ক্রম চালে গম পোৱা যায় আমি কিমান পিছত আছো আৰু কিমান ভয়ানক হৈ উঠিব পাৰে ভবিষ্যতে, তাৰ অনুমান কৰিব পৰা যায়। ভাৰতৰ ১৭ খন মৌলিক ৰাজ্যসমূহৰ ভিতৰত ১২ খন বিপদজনক অৱস্থাত আছে আৰু এখন ৰাজ্য অতি বেছি বিপদজনক অৱস্থাত আছে। এই ১৭খন ৰাজ্যই মুঠ জনসংখ্যাৰ ৯৫% অৰিহণা যোগায়।

ভাৰতত প্রতি ছেকণ্ডত এগৰাকী মহিলা এনিমিয়া ৰোগত আক্রান্ত হয়। দৰাচলতে এনিমিয়া আক্ৰান্ত সকলৰ ৭৫%ই পাঁচ বছৰ তলৰ শিশু, ৫১% মহিলা ১৫-৫৯ বছৰৰ আৰু ৮৭% গর্ভৱতী মহিলাই ইয়াত আক্রান্ত হোৱাৰ তথ্য পোৱা যায়। তদুপৰি বিপদজনকভাৱে পুষ্টিকাৰক খাদ্যৰ অভাৱত ভোগা
মহিলা আৰু সৰু ল'ৰা-ছোৱালীয়ে মৃত্যুক সাৱটি লয়। একেদৰে অনুসূচিত জনজাতি, অনুসূচিত জাতি আরু মুছলিম সম্প্রদায়ৰ লোকৰ মাজত ভোকাতুৰ আৰু পুষ্টিহীনতাত ভোগা লোকৰ পৰিমান বহুত বেছি। ইয়াৰ মুখ্য কাৰণ তেওঁলোকৰ দুৰ্বল অর্থনীতি অৱস্থা আৰু নিৰক্ষতা।

২০১১ চনৰ লোকপিয়ল মতে দেশত ৬ বছৰৰ তলৰ ১৬ কোটি শিশু আছে। ইয়াৰে প্রায় ২.৩ কোটি ৬ বছৰৰ তলৰ শিশুসকল পুষ্টিহীনতাত ভোগে। পুষ্টিহীনতা আৰু বিকাশ নোহোৱা শিশু বিহাৰ ৰাজ্যত আটাইতকৈ বেছি। বিহাৰত প্রায় ৫০%, ইয়াৰ পিছত অন্ধ্রপ্রদেশ ৩৭%, উওৰ প্রদেশ ৩৬%, ৰাজাস্থান ৩২%, ছত্তিসগড় ৩২%। এই ৰাজ্য সমূহত সমস্যাটোৱে অধিক ভয়াবহ ৰপ ধাৰণ লৈছে। কিন্ত ডাঙৰ ৰাজ্য মহাৰাষ্ট্ৰৰ এই পৰিসংখ্যা ১১%, আৰু তামিলনাডুৰ ১৮% যিটো আন ৰাজ্যৰ তুলনাত অতি কম। উওৰ-পূর্বাঞ্চলৰ ৰাজ্য সমূহৰ পৰিসংখ্যা এই ৰাজ্য সমূহতকৈ কম কিন্তু পুষ্টিহীনতা নাই বুলি আপুনি কব নোৱাৰে। দেশৰ প্রায় ৮ কোটি শিশু অঙ্গনবাদীলৈ যায়। কিন্ত আচৰিত কথা যে অঙ্গনবাদীৰ ৩৫ শতাংশ প্রায় ৭ লাখ শিশু পুষ্টিহীনতাত ভোগে।।

আমাৰ জনসংখ্যা হৈছে ১২১ কোটি যিটো বিশ্বৰ জনসংখ্যাৰ ১৭ শতাংশ। এই জনসংখ্যাৰ মানত মাটিকালিৰ পৰিমান বহুত কম ৩,২৮৭,২৪০ বর্গ কিমি। প্রায় বিশ্বৰ অকল ২.৫% হে। মানে কম সম্পদৰ তুলনাত জনসংখ্যা বেছি। গতিকে ইমান কম উৎসত আমি বেছি খাদ্য উৎপাদন কৰিবলগীয়া হয়। পুষ্টিহীনতা আৰু ভোকাতুৰৰ সংখ্যাবৃদ্ধিৰ মুল কাৰণ হৈছে অর্থনীতিক অৱস্থা আৰু লিংগ অনুপাতৰ অসমানতা। ভাৰতবর্ষৰ প্রতিগৰাকী মহিলা খাদ্যৰ পুষ্টিময়তা বা গুণাগুণৰ প্রতি তেনে বিশেষ সচেতনতা বা জ্ঞান নাই। বহুতো মহিলাই ভাল খাদ্য আৰু পৰিমানৰ অনুপাত নেজানে। এইবাবে নতুনকৈ জন্ম পোৱা কেচুৱা লৰা-ছোৱালীয়ে প্রয়োজনীয় পুষ্টিকাৰক দ্রৱ্যসমূহ মাকৰপৰা নেপায়। ইয়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হয়, যাৰ ফলত শিশুৱে মৃত্যুবৰণ কৰে। চৰকাৰৰ বিভিন্ন আঁচনি যেনে বিদ্যালয়ত দুপৰীয়া আহাৰ গ্রহণ, ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনি, শিশু উন্নয়ন আঁচনি, ৰাষ্ট্রীয় শিশু উন্নয়ন পুঁজি আঁচনি, আন্ত-ৰাষ্ট্রীয় শিশু কল্যান পুঁজি আঁচনি, ৰাষ্ট্রীয় গ্রাম্য হেলথ আঁচনি ইত্যাদি। অসফল পৰিকল্পনা, দুর্নীতি, অৱহেলা সজাগতা শিবিৰ, নিকা ৰাজনীতিবিদ আৰু সামাজিক দায়বদ্ধতাৰ অভাৱ। তাৰ ফলতেই কিন্তু কোনোখন আঁচনিয়েই ভাল ফল দিব পৰা নাই। ইয়াৰ মুল কাৰণ হৈছে আমাৰ দেশত দিনক দিনে বাঢ়ি অহা দুর্নীতি আৰু মাজত সৃষ্ট দালাল সমূহ। এই আঁচনি সমূহৰ সুফল তলৰ মানুহ নোপোৱাৰ আগতে মাজতে ভাগ-বিতৰণ হৈ যায়।

আপোনাৰ বাৰু আচৰিত নেলাগে নে বাৰু, মহাশক্তি চীনৰ সৈতে আমেৰিকাৰ সৈতে ফেৰ মৰাৰ কথা কোৱা, নিউক্লীয়াৰ বোমা, মংগলাযানৰ অভিযান চলোৱা মহাশক্তি ভাৰত দেশতে খাদ্যৰ অভাৱত প্রতি ছেকেণ্ডতত এটি শিশুৱে মৃত্যুবৰণ কৰে।
ভাল খাদ্যৰ অভাৱত হেজাৰ হেজাৰ মৃত্যুবৰণ কৰে এই দেশত,  কিন্ত ইয়াতে চলে  হাজাৰ কোটি টকাৰ ক্ৰিকেটৰ জুৱা, বাণিজ্যৰ ধ্বজ উৰুৱাই চলে  আই.পি.এল। এই খেলৰ নামত কিমান টকা ব্যয় হয় তাৰ হিচাপ নাই। আই.পি.এল আৰম্ভ হলে যি দৰে ষ্টেডিয়াম বা পৰিৱেশ সজোৱা হয়, ঠিক তেনেদৰে যদি আমি পুষ্টিহীনতা আৰু ভোকাতুৰ লোকসকলৰ বাবে পৰিকল্পনা কৰিলোহেতেন তেন্তে আমি খাদ্যৰ অভাৱত আজি ইমান মানুহৰ মৃত্যু হোৱাৰ লজ্বাজনক পৰিসংখ্যা এই দেশে সাৱতি থাকিব নালাগিলে হেতেন! দুখৰ কথা যে আই.পি.এলৰ দৰে জুৱাৰ জোৱাৰত যি দৰে চৰকাৰ, প্ৰশাসন আৰু সাধাৰণ মানুহখিনিয়ে উছ্বাস দেখুৱায়, ঠিক তেনেদৰে খাদ্য সুৰক্ষা আঁচনিসমূহত গুৰত্ব দিলে আমিও বিশ্ববাসীক ভাৰত দেশত পুষ্টিহীনতা নোহোৱা কৰি দেখুৱাব পাৰিম। আহক আমি একেলগে আগবাঢ়ি যাও আৰু সমাজৰ পাতলীয়া আবেগৰ ঢৌত উটি নগৈ, গুৰুতৰ সমস্যাূবোৰলৈ চকু দিও। অন্তত আহক, সজাগ হও, দেশৰ পুষ্টিহীনতা দূৰ কৰো।
(লেখকৰ মোবাইল নম্বৰঃ ৮০১১৭৭৮০৩৮. লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশিত হৈছিল।)

No comments:

Post a Comment