পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নতুন দিল্লীত অনুষ্ঠিত নীতি আয়োগৰ বৈঠকত উত্তৰ-পূৱৰ ৰাজ্য সমূহকে ধৰি মুঠ ১১খন ৰাজ্যলৈ অন্তত ২০১৭চন পৰ্যন্ত বিশেষ ৰাজ্যৰ মৰ্যদা অক্ষুন্ন থকাৰ বাবে বিবেচনা কৰাৰ সুখবৰ। কেন্দ্ৰৰ সাহাৰ্যপ্ৰাপ্ত আঁচনিবোৰৰ বাবে ৯০:১০ আৰু আনুষংগিক আঁচনিৰ বাবে ৮০:২০ কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি আবণ্টন অব্যাহত থাকিব বুলিও জানিব পৰা গৈছে।

২. ষ্টীল ৱেল পথেৰে অসমৰে বাণিজ্যিক সম্পৰ্ক গঢ়িব বুলি প্ৰকাশ কৰিছে চীনা প্ৰশাসনে। আই.আই.টি গুৱাহাটীৰ অধ্যাপক ডঃ অনুপ কুমাৰ গগৈৰ নেতৃত্বত য়ুনান প্ৰদেশৰ বাওচানত হোৱা ড্ৰেগন ব’ট ফেষ্টিভেলত অংশ লোৱা প্ৰতিনিধি দলটোৰ সৈতে শৈক্ষিক বিনিময়, সৌৰশক্তিত বিনিয়োগ আদি বিষয়তো স্থানীয় প্ৰশাসনে আলোচনা কৰে। প্ৰাৰম্ভিক প্ৰস্তুতিৰ অংশ হিচাবে চীনৰ পৰা ম্যানমাৰ, অসম, মেঘালয় হৈ বাংলাদেশলৈ কাৰ ৰেলীৰে প্ৰস্তাৱ কৰাৰো বাতৰি প্ৰকাশ পাইছে।

৩. কালাৰ্চ চেনেলে আয়োজন কৰা ইণ্ডিয়া গট টেলেণ্টৰ ছয় নং সংস্কৰণৰ চূড়ান্ত বিজয়ীৰ সন্মান কঢ়িয়াই আনিছে অসমৰ বৰপেটা ৰোডৰ মাণিক পালে। উগ্ৰপন্থীৰ হাতত দেউতাকক হেৰুৱাই অসম এৰি কলকাতা আৰু মুম্বাইত প্ৰতিকূল অৰ্থনৈতিক অৱস্থাৰ সৈতে যুঁজ দিও মাণিক স্ব-প্ৰতিভাৰে ৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিবলৈ সক্ষম হোৱাটোও এক খুৱেই প্ৰেৰণাদায়ক খবৰ।

৪. লোক সংগীতক সুৰক্ষা দিবলৈ সকলোকে আহ্বান জনালে অসম সাহিত্য সভাৰ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই। ৰাজ্যখনৰ প্ৰবীণ শিল্পী, সুৰকাৰ, গীতিকাৰ সকলক আমন্ত্ৰণ কৰি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এখন ৰাজহুৱা সভাৰ আয়োজন কৰি সাহিত্য সভাৰ মঞ্চৰ পৰা এই আহ্বান জনোৱা হয়। জাতীয় সংগীত পৰিবেশনত ভাষা অন্তৰায় হব নালাগে বুলিও মত প্ৰকাশ কৰি পূৰ্বপ্ৰচলিত সুৰ-তাল, লয়ৰ যাতে হানি বিঘিনি নঘটে তালৈ দৃষ্টি দিবলৈকো সভাপতিগৰাকীয়ে আহ্বান জনায়।

৫. আগ্ৰাত স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰি ঠাই লেতেৰা কৰাৰ অভিযোগত দুটা দিনত আৰক্ষীয়ে ১০৯ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰি সংবাদ শিৰোনামত স্থান লাভ কৰিছে। পাছত অৱশ্যে এই সকল লোকক জৰিমনা আদায় কৰি মুকলি কৰি দিয়াৰ লগতে ইয়াৰ দ্বাৰা সজাগতা সৃষ্টিৰ বাবে চেষ্টা কৰাৰ কথাও প্ৰকাশ পাইছে।

৬. আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অষ্টষষ্টিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা এক জুলাইত ৰবীন্দ্ৰ ভৱনত “সুৰৰ পানচৈ” শীৰ্ষক সংগীতৰ এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সন্ধিয়া সাত বজাৰ পৰা সুগম সংগীতৰ কিছু নিৰ্বাচিত গীতক নতুন সংগীত ৰচনাৰে পৰীক্ষামূলক ভাৱে পৰিবেশন কৰা হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৭. গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শৈক্ষিক পৰিবেশ, ফীজ, পাঠ্যক্ৰম আদি স্পৰ্শকাতৰ বিষয়টোত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অভিভাৱক সকলৰ এটি সন্থা “গাপুছ” নামেৰে গঠিত হৈছে। অহা ৫জুলাইত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এখনি সভা আহ্বান কৰি পৰবৰ্তী কৰ্মসূচী সমূহ নিৰ্ধাৰণ কৰিবলৈ লোৱা বুলিও জানিব পৰা গৈছে।

৮. অসম চৰকাৰৰ মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়াই ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ পৰিদৰ্শন কৰে। থলুৱা প্ৰজাতিৰ ফুল, বাঁহ আদিৰে সমাধিস্থলক জাতিস্কাৰ কৰি অহা ২ অক্টোবৰৰ ভিতৰত সকলো কাম-কাজ সমাপন কৰিবলৈ নিৰ্দেশ দিয়ে। স্থপতিবিদ গৌতম বৰুৱাই প্ৰকল্পটোৰ আভ্যন্তৰীণ অলংকৰণৰ বিষয়ে মুখ্যসচিবক অৱগত কৰে।

৯. গুৱাহাটী শোধনাগাৰস্থিত কল্যাণ কেন্দ্ৰত বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰীৰ উদ্যোগত অহা তিনি আৰু চাৰি জুলাইত ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটি “ব্যক্তিত্ব বিকাশ শিবিৰ” আয়োজন কৰা হৈছে। বিনামূলীয়া এই শিবিৰত ভাগ লবৰ বাবে ৯৯৫৭৯১০৩৭৪ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

১০. ৰে'ল যাত্ৰাত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে অসম ৰে'ল আৰক্ষীয়ে কালিৰে পৰা আৰম্ভ কৰিছে ১৫১২ নম্বৰৰ টোল-ফ্ৰী হেল্পলাইন। গুৱাহাটী ৰে'লৱে ষ্টেচনত আয়োজিত এক অনুষ্ঠানত এই সেৱাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাজ্যৰ ৩২১টা ৰে'ল ষ্টেচনৰ অধীনৰ ৰে'ল সেৱাকে এই নম্বৰে সামৰি লব। চলন্ত ৰে'লৰ পৰা ফোন কৰি দিয়া অভিযোগৰ বাবে চলন্ত ৰে'লতে জৰুৰীভাৱে পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰা এই সেৱাই বিশেষকৈ মহিলা সকলক সুৰক্ষিত কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment