পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ঐতিহ্যমণ্ডিত কটন কলেজৰ শতবৰ্ষ গৰকা অধ্যক্ষৰ বাসভৱন, ৰসায়ন বিজ্ঞানৰ ভৱন, তাহানিৰ ফাৰ্ষ্ট মেচ বা এতিয়াৰ কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰাবাস এতিয়াৰ ৰূপতেই ঐতিহ্য ভৱনৰূপে সংৰক্ষণ কৰিবলৈ কলেজ কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ। আজিৰে পৰা ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰ হেৰিটেজ নামৰ সংস্থাই এই বিষয়ত কাম আৰম্ভ কৰিব আৰু দুজোপা শতবৰ্ষ গৰকা শিৰীষ গছলৈয়ো দীৰ্ঘজীৱনৰ বাবে চিকিতসা সেৱাৰ ব্যৱস্থা কৰিব বুলিও জানিব পৰা গৈছে।

২. অসমীয়া ছবি পৰিচালিকা মঞ্জু বৰাই পৰিচালনা কৰা বড়ো ভাষাৰ ছবি “দাওহুদুনি মেথাই” মণ্ট্ৰিল ৱ’ৰ্ল্ড ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হোৱাৰ সুখবৰ।

৩. মেগীৰ পাছত দেশৰ খাদ্য সুৰক্ষা প্ৰাধিকৰণে এইবাৰ পিজ্জা, বাৰ্গাৰ, কলড্ৰিংক, কেএফচি আদি ফাষ্টফুডৰ লগতে গাখীৰ আদিৰো ভেজালকৰণ তথা নিষিদ্ধ দ্ৰব্যৰ উপস্থিতি ধৰা পেলাবলৈ উদ্যোগ হাতত লোৱা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৪. উদ্যোগ আৰু বাণিজ্য বিভাগৰ বহুমুখী বৃত্তি, পাৰদৰ্শিতা বিকাশ আঁচনিৰ অধীনত ১৪৪গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ বিতৰণ কৰে বিভাগটোৰ আয়ুক্ত স্বপ্ননীল বৰুৱাই। আমিনগাঁৰ টুলৰোম প্ৰশিক্ষণ কেন্দ্ৰত ১০০গৰাকীক ফেব্ৰিকেচন আৰু ৪৪গৰাকীক অটো-কেড বিষয়ক প্ৰশিক্ষণ দিয়া হয়।

৫. গুৱাহাটী চিনে ক্লাৱে ২৭-২৮জুনত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰিছে “মুখামুখি” শীৰ্ষক এটি অনুষ্ঠানৰ। উত্তৰ-পূৱ ভাৰতৰ চলচ্চিত্ৰ পৰিচালক সকলৰ সমস্যা, প্ৰাপ্তি আৰু সম্ভাৱনীয়তাক মূল বিষয়ৰূপে লৈয়ে এই আয়োজন কৰা বুলিও বাতৰি প্ৰকাশ পাইছে।

৬. শিশু আলোচনী সঁফুৰাৰ উদ্যোগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অহা ৭-১৭জুলাইত এক গ্ৰীষ্মকালীন শিবিৰ গুৱাহাটীৰ শিলপুখুৰীৰ গোপীনাথ বিদ্যাপীঠত আয়োজন কৰা হৈছে। অংকৰ কৌশল, ছবি, হস্তকলা, নাটক, মুকাভিনয়, যাদু, বিজ্ঞানৰ মডেল নিৰ্মাণ, অসম বিষয়ক গীতৰ কৰ্মশালা আদি বিভিন্ন বিষয় ইয়াত সামৰি লোৱা হৈছে। যোগাযোগৰ বাবে ৯৮৬৪২৬৮৬৯৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

৭. অসম লেখিকা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ আমবাৰীস্থ লক্ষ্মীৰাম বৰুৱা সদনত অহা ২৯জুনত আয়োজিত হৈছে লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান অনুষ্ঠানৰ। বিশিষ্ট সাহিত্যিক কনক সেন ডেকাই মুখ্য অতিথিৰূপে অংশ লোৱা অনুষ্ঠানতে দিব্য কুমাৰী বৰগোহাঁইক এই বৰ্ষৰ বাবে লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা প্ৰদান কৰা হব।

৮. নাট্যকাৰ জিতেন শৰ্মাই ৰচনা কৰা “লাচিত বৰফুকন” নামৰ নাটকখনি কাইলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হব। হিন্দী ভাষাৰ নাটকখনৰ পৰিচালনা মাণিক ৰয়ৰ। স্বেচ্ছাসেৱী সংগঠন ফ্ৰেইণ্ডছ অৱ ট্ৰাইবেল ছ’চাইটিৰ উদ্যোগতে এই নাটৰ দুটাকৈ দৰ্শনী প্ৰদৰ্শিত হব।

৯. বি.বৰুৱা কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত প্ৰকাশিত “আধুনিক অসমীয়া নাটকঃ বিচাৰ আৰু বিশ্লেষণ”, বাৰ্ষিক গৱেষণা পত্ৰিকা “আলোক”ৰ নৱম সংখ্যা আৰু হাতেলিখা আলোচনী “উন্মীলন”ৰ তৃতীয় সংখ্যা এক উন্মোচনী সভাত য়োৱা ২৪জুনত উন্মোচিত হোৱাৰ সুখবৰ।

১০. অম্বুবাচী মেলাৰ সামৰণি পৰিছে। এই মেলাত প্ৰায় ৭.৫লাখ ভক্তই অংশ লোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment