পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) অহাকালি পুৱতি নিশাৰ পৰা আৰম্ভ হ'ব পবিত্ৰ মাহে ৰমজান। অসমৰ কেন্দ্ৰীয় হিলাল কমিটিৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইনে যোৱা কালি এইকথা ঘোষণা কৰিছে। সকলো ইছলাম ধৰ্মী লোকলৈ আমিও জনাইছো ৰমজানৰ আন্তৰিক শুভেচ্ছা।

২) 'সংস্কৃতি হৈছে সুন্দৰৰ পূজা'। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম দিৱস যোৱা কালি সমগ্ৰ ৰাজ্যত উলহ-মালহেৰে পালন কৰা হয়।

৩) ভ্ৰমণ প্ৰিয় সকললৈ আশাৰ বতৰা। আগশাৰীৰ বেচৰকাৰী পৰ্যটন সংগঠন 'তপোবন' এ আগন্তুক ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ ভাৰত ভ্ৰমণ কৰিব বিচৰা সকলৰ বাবে ঘোষণা কৰিছে কম ব্যয়ত ভাৰত ভ্ৰমণ আঁচনি- 'ভাৰত দৰ্শন ২০১৫'। ইচ্ছুক ব্যক্তিয়ে- ২৭ জুনৰ ভিতৰত -০৯৮৬৪০-১০৮৭৪ নম্বৰত যোগাযোগ কৰিব পাৰে।

৪) ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৫০টা নতুন বৃত্তি বাছনিকৰি বহুমুখী বৃত্তি পাৰদৰ্শিতা বিকাশ আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱাসকলক প্ৰশিক্ষণ দিবলৈ আগবাঢ়িছে। এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া আৰু কাৰ্যকাল সৰ্বোচ্চ তিনিমাহ। পঞ্চম শ্ৰেণীৰ পৰা আৰম্ভ কৰি বৃত্তি অনুযায়ী স্নাতক পৰ্যায়লৈকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

৫) অহা ১০ জুলাইৰ পৰা ১৭ জুলাইলৈ কলাগুৰু সংগীত মহাবিদ্যালয়, তেজপুৰত এখন 'কলাগুৰুৰ গীত আৰু তেওঁৰ সৃষ্টিশীল কৰ্মৰাজি' শীৰ্ষক পূৰ্ণাংগ কৰ্মশালা আৰু আলোচনা চক্ৰ আয়োজন কৰা হৈছে। কলাগুৰুৰ কেইটামান চিৰযুগমীয়া গীতৰ শুদ্ধৰূপত প্ৰণালীবদ্ধ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি মহান শিল্পী জনাৰ জীৱনৰ ওপৰত তাত্ত্বিক পাঠ প্ৰদান কৰিব।

৬) জীৱনশিল্পী আদ্য শৰ্মাৰ মৃত্যুৰ চাৰিমাহৰ ভিতৰতে গোৱালপাৰাৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান 'মুকুতামালা'ই শিল্পীগৰাকীৰ বৰ্ণাঢ্য জীৱনভিত্তিক এখন গ্ৰন্থ সংকলন কৰি প্ৰকাশৰ প্ৰস্তুতি লৈছে- 'জীৱনশিল্পী আদ্য শৰ্মাঃ কৃতি আৰু কৃতিত্ব- দিলীপ কুমাৰ শৰ্মাৰ সম্পাদনাত।

৭) উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থান-প্ৰাপ্তলৈ সুখবৰ। মেডিকেল কলেজ সমূহত নামভৰ্তিৰ সুবিধা লাভ কৰিব পোনপটীয়াকৈ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে।

৮) নেপালৰ ভূমিকম্প দুৰ্গতলৈ সাঁচতীয়া ২০০ টকা সাহায্য দিয়া গুৱাহাটীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ময়ুখ ডেকাক প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে প্ৰশংসা।

৯) সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'হৰাইজন'ৰ উদ্যোগত 'মই ডাইনী নহয়'- শীৰ্ষক এক সাংস্কৃতিক অভিযানৰ আয়োজন কৰা হৈছে। 'মই ডাইনী নহয়'- নামৰ এখন নাটক প্ৰদৰ্শন কৰি সজাগতা বৃদ্ধিৰ বাবে আগবাঢ়ি আহিছে 'হৰাইজন'।

১০) ১৫ জুলাইৰ পৰা ১৯ জুলাইলৈ গুৱাহাটীৰ ৰবিন্দ্ৰ ভৱনত পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে তৈলনগৰী দুলীয়াজানৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান 'কঠীয়া'ৰ বিংশতিতম বাৰ্ষিক অধিবেশন।

No comments:

Post a Comment