পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰ
১. আই.পি.এলৰ বিতৰ্কিত, অপসাৰিত কমিচনাৰ তথা অৰ্থনৈতিক অপৰাধত অভিযুক্ত ললিত মোদীৰ বিৰুদ্ধে আইন বলবতকাৰী সঞ্চালকালয়ৰ ৰেড কৰ্ণাৰ নটিচ থকা বাবে স্বত্বেও দেশৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে ভিছাৰ কাৰণে ব্ৰিটিছ চৰকাৰলৈ অনুৰোধ জনোৱাৰ গৰিহণাযোগ্য বিষয়টো পোহৰলৈ আনি দেশৰ ৰাজনীতি কঁপালে টাইমচ নাও চেনেলে।

২. বাংগালুৰুত অনুষ্ঠিত চতুৰ্থ চুটি ছবি মহোসৱত অসমৰ পৰিচালিকা সঞ্চিতা তালুকদাৰে কঢ়িয়াই আনিছে শ্ৰেষ্ঠ মহিলা পৰিচালকৰ সন্মান। “অস্তিত্ব, দ্যা আইডেণ্টিটি” নামৰ চুটি ছবিখনৰ বাবেই তেখেতে এই সন্মান পাবলৈ সক্ষম হৈছে।

৩. গোলাঘাটত স্থাপন হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাহ পৰীক্ষা কেন্দ্ৰ। তিনি কোটি টকা ব্যয় সাপেক্ষ এই কেন্দ্ৰটি নৰ্থ ইষ্ট টি এছ’চিয়েশ্বনৰ সহযোগত স্থাপন কৰিব বাঘ-বকৰী কোম্পানীয়ে।

৪. শোণিতপুৰৰ ঠেলামাৰা ঘটুৱা গাঁৱৰ নামঘৰ প্ৰাগংণত নাথ যোগী উন্নয়ন পৰিষদৰ ৪০লাখ টকা পুঁজিৰে শিল্পী নয়নজ্যোতি নাথে নিৰ্মাণ কৰা তিনিটা ১০ফুট উচ্চতাৰ ১৯৪২ৰ তিনি গৰাকী শ্বহীদৰ মূৰ্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে। উক্ত অনুষ্ঠানতে শ্বহীদ পৰিয়াল সমূহে উপকৃত হোৱাকৈ ১০কোটি টকাৰ এখন আঁচনিও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

৫. অহা ২২জুনৰ পৰা হব লগা অম্বুবাচী মেলা উপলক্ষে কামাখ্যাধামত প্ৰায় সকলোবোৰ দিশৰ প্ৰস্তুতি চলাইছে মহানগৰ প্ৰশাসনে। ৫০০০ গৰাকী নিৰাপত্তাৰক্ষী, ১১১টা ক্ল’জ চাৰ্কিট কেমেৰাৰ সংযোজন কৰাৰ কথাও প্ৰকাশ পাইছে। চাৰিটা স্থানত ভক্তৰ শিবিৰ, বিনামূলীয়া গাড়ী, খোৱাপানী আদিৰ ব্যৱস্থাও কৰা হৈছে বুলি জানিব পৰা গৈছে।

৬. আজি অসম গ্ৰামীণ বিকাশ যোজনাৰ অধীনত চলি থকা কাম কাজ চোৱাৰ মানসেৰে কাৰ্বি-আংলং জিলাৰ হাওৰাঘাটত উপস্থিত হৈছে অসমৰ ৰাজ্যপাল। স্থানীয় জনপ্ৰতিনিধি তথা ৰাইজৰ সৈতেও মত বিনিময়ৰ কাৰ্যসূচীও ৰখা হৈছে বুলি জানিব পৰা গৈছে।

৭. বকো সমষ্টিৰ মালিবাৰী পথাৰ বজাৰ প্ৰাংগণত কালি দিনজোৰা কাৰ্যসূচীৰে কামৰূপ জিলা উকীল সন্থাৰ সভাপতিৰ নেতৃত্বত এন আৰ চি সম্পৰ্কীয় এখন বিশাল সজাগতা সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক গোপীনাথ দাসৰ উপস্থিতিত বিভিন্ন পঞ্চায়তৰ পৰা অহা ৰাইজে ইয়াত অংশগ্ৰহণ কৰে।

৮. তেজপুৰ ডিপোটাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কুটীৰ আৰু ভাস্কৰ্য শিল্পী সপোন নেওগ তত্বাৱধানত চাৰি জুনৰ পৰা তেজপুৰৰ ১৫গৰাকী অনুসূচিত জাতিৰ উদ্যোগী মহিলাক কুটীৰ শিল্পৰ প্ৰশিক্ষণ দিয়া হৈছে। তেওঁৰ বাসগৃহৰ চৌহদতে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ দ্বাৰা আয়োজিত এই প্ৰশিক্ষণ অহা ২৮জুনলৈকে চলিব।

৯. কলাগুৰু বিষ্ণুৰাভাৰ সমাধি ক্ষেত্ৰৰ উন্নয়নৰ বাবে অসম চৰকাৰে প্ৰদান কৰা ৫০লাখ টকাৰ আঁচনিৰ অন্তৰ্ভুক্ত সংবৰ্ধন কাৰ্যসূচীৰ কালি শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। এই আঁচনিয়ে জেনেৰেটৰ, মুকলি জিৰণি চ’ৰা, চিচি কেমেৰা, শিশু উদ্যান, আবক্ষ মূৰ্তি স্থাপন আদিকো সামৰি লব।

১০. নৱগঠিত প্ৰকাশন সংস্থা শ্ৰীবুকছ-এ যোৱা শুকুৰবাৰে প্ৰমোদ-স্বৰ্ণ সদনত আয়োজন কৰে “অসমত গ্ৰন্থ প্ৰকাশনঃ অতীত, বৰ্তমান আৰু ভৱিষ্যত” শীৰ্ষক এক বক্তৃতা। বক্তৃতা প্ৰদান কৰে যশস্বী লেখক, অধ্যাপক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাই। অনুষ্ঠানটোতে প্ৰকাশন গোষ্ঠীটোৰ নৱতম গ্ৰন্থ দীননাথ বৰদলৈৰ “ভ্ৰমণঃ দেশে-বিদেশ” উন্মোচন কৰা হয়।

No comments:

Post a Comment