পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ 
ভাল খবৰবোৰ
১. অসমৰ মুখা-শিল্পক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তোলা বিশিষ্ট মুখাশিল্পী ৰেৱকান্ত মহন্তলৈ ২০১৪চনৰ সন্মানীয় সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱাৰ সুখবৰ। লগতে অসমৰ খ্যাতনামা সত্ৰীয়া নৃত্যশিল্পী অনিতা শৰ্মালৈকো সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা বুলিও জানিব পৰা গৈছে।

২. অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ চিবিআইৰ তদন্ত ষোষণা, অধ্যক্ষৰ অপসাৰণ আৰু আয়োগৰ পূৰ্ণ সংস্কাৰৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে অহা ১৫জুনৰ পৰা আমৰণ অনশনত বহি চৰকাৰক হেঁচা দিব বুলি ঘোষণা কৰিছে।

৩. অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাত কৰি ৰাজ্যখনলৈ পুঁজি আবণ্টনৰ বিষয়চোত ৯০:১০ৰ আৰ্হি বাহাল ৰখাৰ বাবে দাবী উত্থাপন কৰে। অৰুণ জেটলীয়ে এই বিষয়টোত সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

৪. আজি বিশ্ব শিশু শ্ৰমিক দিৱস। শিশু সকলক শ্ৰমৰ পৰিবৰ্তে শিক্ষাৰ অধিকাৰ প্ৰদান কৰিবলৈ সজাগতা সৃষ্টিৰ বাবেই এই দিৱসৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে ভাৰততো পালন কৰা হৈছে।

৫. ধেমাজিত ধল পানী (Flash Flood)ৰ আগজাননী দিবলৈ ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টটেন ডেভেলপমেণেট আৰু আৰণ্যকে হিমালয়ান ক্লাইমেট চেঞ্জ আঁচনিৰ অধীনত জীয়াঢল নদীৰ পাৰৰ দিহিৰি গাঁৱত বিশেষ যন্ত্ৰ স্থাপন কৰিছে। এই আগজাননীৰে ধন-জন-পশুধনকে ধৰি বিস্তৰ ক্ষতিৰ পৰা হাত সাৰিব পৰা যাব বুলিও সংস্থাটোৱে দাবী কৰিছে আৰু ৰাজ্যৰ বিভিন্ন নদীত ইয়াক সংস্থাপন কৰাৰ পৰামৰ্শ চৰকাৰলৈ ৰাজহুৱাকৈ আগবঢ়াইছে।

৬. বাৰিষাৰ সময়ত আলু-পিয়াঁজৰ কৃত্ৰিম নাটনিৰে মূল্যবৃদ্ধি কৰাৰ সম্ভাৱনা ৰোধৰ বাবে কামৰূপ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰশাসন, যোগান বিভাগ, পাইকাৰী বিক্ৰেতা আৰু খুচুৰা বিক্ৰেতাৰ সৈতে এখন সমিতি গঠন কৰি এক স্বচ্ছ প্ৰক্ৰিয়াৰে মূল্য আৰু মজুতৰ বিষয়টো নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা বুলিও জানিব পৰা গৈছে।

৭. অসমৰ অইল ইণ্ডিয়া লিমিটিডে বেলাৰুছপ পেট্ৰলিয়াম কোম্পানী বেলোৰুছনেফটৰ সৈতে এখন ব্যৱসায়িক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। তেল আৰু গেছৰ অন্বেষণ আৰু উতপাদনৰ বিষয়ত কাম-কাজ, গৱেষণা, উন্নয়ন আৰু বিভিন্ন দিশত ব্যৱসায়িক সহযোগিতা লাভৰ বাবেই এই আন্তঃৰাষ্ট্ৰীয় চুক্তিত অইলে স্বাক্ষৰ কৰা বুলিও খবৰ প্ৰকাশ পাইছে।

৮. নুমলীগড় শোধনাগাৰৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক তথা অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত কুমাৰ দত্তলৈ জীৱনজোৰা পাৰদৰ্শিতা বঁটা আগবঢ়াইছে অইল এণ্ড মেৰিটাইম অন ইণ্ডিয়ান ড্ৰিলিং এণ্ড এক্সপ্লৰেচন নামৰ সংস্থাই। মুম্বাইত হোৱা বিভিন্ন দেশৰ ২০০ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা বাৰ্ষিক সমাৰোহতে তেখেতক এই বঁটা প্ৰদান কৰা হয়।

৯. ১৯৪২চনৰ ২০ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাৰ মুধচত ভাৰতৰ ত্ৰিৰংগ পতাকা উৰুৱাবলৈ গৈ বৃটিছ চিপাহীৰ গুলীত প্ৰাণ দিয়া ১৩জনকৈ স্বাধীনতা সংগ্ৰামীৰ অন্যতম শ্বহীদ মনবৰ নাথ, কুমলী দেৱী আৰু খহুলী দেৱীৰ তিনিটা পূৰ্ণাঙ্গ মূৰ্তি কাৱৈমাৰীত নাথ যোগী উন্নয়ন পৰিষদে নিৰ্মাণ কৰি উলিয়াইছে। এই প্ৰতিমূৰ্তি অহা ১৪জুনত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব।

১০. সত্ৰ নগৰী মাজুলীৰ শ্ৰীশ্ৰী নতুন চামগুৰি সত্ৰৰ প্ৰখ্যাত চাৰু কাৰু শিল্পী হেমচন্দ্ৰ গোস্বামীয়ে নিৰ্মাণ কৰা মুখাই এইবাৰ লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম শুৱনি কৰিবলৈ সুবিধা লাভ কৰিছে বুলিও সুখবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment