পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. যোৱা ১জুনৰ পৰা বৃদ্ধি কৰা সেৱা কৰ কেৱল শীততাপ নিয়ন্ত্ৰিত ৰেস্তোৰাৰ গ্ৰাহকৰ পৰাহে আদায় কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। এই স্পষ্টীকৰণ অনুসাৰে ৰেস্তোৰাঁৰ বিলৰ ৪০শতাংশৰ ওপৰতহে এই সেৱা কৰ প্ৰযোজ্য হব। বহু ঠাইত ব্যৱসায়ী সকলে সাধাৰণ জনতাৰ সজাগতাহীনতাৰ সুযোগ লৈ অযথা ধন আহৰণ কৰাৰ কথা সংবাদ পত্ৰই পোহৰলৈ অনাৰ পাছতে চৰকাৰে এই স্পষ্টীকৰণ জাৰি কৰিছে।

২. মুম্বাইত ইস্কনে আয়োজন কৰা গীতা বিষয়ক এক প্ৰতিযোগিতাত বিজয়ী হোৱা মহাৰাষ্ট্ৰৰ থানে জিলাৰ মীৰা ৰোড নিবাসী মাৰিয়ম চিদ্দিকীলৈ উত্তৰ প্ৰদেশ চৰকাৰে আগবঢ়োৱা ১১লাখ টকা ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী যোগে চৰকাৰলৈ ঘূৰাই দিয়ে। এই ধনেৰে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ কল্যাণ সাধিবলৈকে ৰাজকোষলৈ উভোতাই দিয়া বুলিও কিশোৰী গৰাকীয়ে প্ৰকাশ কৰিছে।

৩. গগৈ চৰকাৰে কেন্দ্ৰৰ মোদী চৰকাৰে অসমলৈ পুঁজি কৰ্তনৰ অভিযোগ তুলি থকাৰ সময়তে কালি কেন্দ্ৰীয় গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী বীৰেন্দৰ সিঙে কাষত ৰকিবুল হুছেইনক বহুৱাই কৰা সংবাদ মেলত এই অভিযোগ খণ্ডন কৰাৰ সুখবৰ। পূৰ্বৰ দৰেই আঁচনি সমূহলৈ কেন্দ্ৰই ধন যোগান ধৰি থকা বুলিও স্পষ্ট কৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

৪. জনগোষ্ঠী আৰু অসমৰ অন্যান্য থলুৱা গীত-মাতক উজ্জীৱিত কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা যশস্বী কণ্ঠশিল্পী দুলাল মানিকলৈ শিৱসাগৰ জিলা সাহিত্য সভাই আগবঢ়াইছে সীতাৰাম নায়ক শিল্পী বঁটা। অহা ২৮জুনত গেলেকী নাট্য মন্দিৰত আয়োজন কৰা চাহ জনগোষ্ঠীয় লেখক-শিল্পী সমাৰোহতে এই বঁটা প্ৰদান কৰা হব।

৫. অসম সাহিত্য সভাৰ নৱম বিশেষ অধিবেশন অহা ২০১৬বৰ্ষৰ ২-৪ ফেব্ৰুৱাৰীলৈকে হাফলঙত আয়োজন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ সুখবৰ। যোৱা ৭জুনত এখন ৰাজহুৱা সভাযোগে এখন আদৰণী সমিতিও গঠন কৰা হৈছে।

৬. তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ত অহা ১৩জুনত অসম সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ উদ্যোগত জেংৰাইৰ কবি অজিত বৰুৱাৰ সোঁৱৰণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু কবি সন্মিলনৰ আয়োজন কৰাৰ হৈছে।অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰিব তেজপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ স্বাধীনতা মহন্তই।

৭. গুৱাহাটীত দহ বছৰৰ অধিক পুৰণি ট্ৰেকাৰৰ চলাচল বন্ধৰ বাবে আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই নিৰ্দেশনা জাৰি কৰাৰ সুখবৰ। বিষয়টোক লৈ গুৱাহাটী শ্বেয়াৰ টেক্সি সন্থাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু এই বিষয়ত উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি অহা ১৬ জুলাই পৰ্যন্ত নিৰ্দেশটোৰ স্থগিতাদেশ জাৰি কৰিছে।

৮. সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকী সাহিত্য বঁটাৰ বাবে স্মাৰক ন্যাসে অসমৰ চল্লিশ বছৰৰ তলৰ লেখক-লেখিকাৰ পৰা যোৱা পাঁচ বছৰৰ ভিতৰত প্ৰকাশিত গ্ৰন্থৰ তিনিটাকৈ পাণ্ডুলিপি আহ্বান কৰিছে। প্ৰ-পত্ৰ www.muninbarkotoki.org পৰা ডাউনলোড কৰি পাণ্ডুলিপিৰ সৈতে ন্যাসৰ কাৰ্যালয়লৈ অহা ৩১জুলাইৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব বুলিও ন্যাসে প্ৰকাশ কৰিছে।

৯. অহা ২২জুনৰ পৰা নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত অহা ২২জুনৰ পৰা আৰম্ভ হব মহা-অম্বুবাচী মেলাৰ বাবে মহানগৰ প্ৰশাসনে। চাৰিটা অস্থায়ী শিবিৰ আৰু ৫০খন বিনামূলীয়া বাছৰো ব্যৱস্থা কৰা হৈছে বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

১০. নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসত কালি অংশগ্ৰহণ কৰিলে অসমৰ ৰাজ্যপাল পি বি আচাৰ্যই। অসমত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ তালিকাত প্ৰতিপত্তিশালী পৰিয়ালৰৰো নাম থকাৰ কথাত তেখেতে ভাষণত উদ্বেগ প্ৰকাশ কৰে। তেখেতে শ্ৰীমন্ত শংকৰদেৱৰ বাণী যীচুখ্ৰীষ্টৰ বাণীৰ দৰেই বিশ্বৰ প্ৰান্তে প্ৰান্তে বিলোৱাৰ প্ৰয়োজন বুলিও মন্তব্য কৰে। এই অনুষ্ঠানত শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, জিলা উপায়ুক্ত মনালিছা গোস্বামীয়েও অংশগ্ৰহণ কৰিছিল।

No comments:

Post a Comment