Thursday, June 4, 2015

চিন্তন


অন্ধবিশ্বাসক বলি দিওঁ‌ আহক
ময়ূৰ বৰা
যোৱা ২৯মে' তাৰিখৰ অসমীয়া কাকত সমূহৰ প্ৰথম পৃষ্ঠাৰ মূল বাতৰি দেখি হতচকিত হ'লো। তথাকথিত ধৰ্মীয় বিধি-বিধান পালনৰ নামত একবিংশ শতিকাতো মানুহ যে ইমান তললৈ যাব পাৰে সেই কথাটো আজি কিছুদিন আগলৈকে বহু লোকৰ বাবে কল্পনাৰো অগোচৰ আছিল। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ গেৰেকনিত সোমাই মানুহে নানা ভয়ংকৰ কাণ্ড সংঘটিত কৰে। কিন্তু ২৮মে' তাৰিখে শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ তাৰাজুলি চাহ বাগিচাত কনমাণি শিশু বলি দিয়া যিটো বৰ্বৰ আৰু পৈশাচিক কাণ্ড ঘটিল, সিয়ে ধৰ্মীয় ৰীতি-নীতিয়ে মানৱ-সভ্যতাৰ সম্মুখত তুলি ধৰা বৃহৎ প্ৰত্যাহ্বানৰ বিষয়ে উমান দিলে। যোৱা কেইমাহ মানত মধ্যপ্ৰাচ্যত ইছলামিক গোটৰ সমাজবাদীসকলে ধৰ্মৰ নামত আন ধৰ্মৰ লোকক জঘন্য ভাবে কৰা উৎপীড়ন আৰু হত্যাৰ ঘটনাবোৰৰ ছবি বা ভিডিঅ' দেখি অসমৰ মানুহ অনিচ্ছা স্বত্বেও তেনেবোৰ ঘটনাৰ লগত কিছু অভ্যস্ত হৈ পৰিছিল। কিন্তু কোনেও হয়তো ভবা নাছিল যে তান্ত্ৰিক কাপুৰুষ আৰু ভণ্ডই ৬ বছৰীয়া শিশুক অসমৰ মাটিতে বলি দি কাললৈ কুখ্যাতি ৰাখি যাব। বাতৰিটো পঢ়ি যাওঁ‌তে মোৰ এনে লাগিল যেন আমি সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা, মহাপুৰুষ শংকৰদেৱৰ জন্মৰ আগৰ কালছোৱাৰ অসমৰ ধৰ্মীয় বিশৃংখলাৰ কথা বৰ্ণনা কৰা লোমহৰ্ষক দিনবোৰৰ পিনেহে গতি কৰিছো।

বেজবৰুৱাই ৰুক্ষ ভাষাৰে কৈ গৈছে প্ৰাক-শংকৰী যুগত কিদৰে তান্ত্ৰিক ৰীতিমতে কিদৰে গৰ্ভৱতী মহিলাৰ গৰ্ভ ফালি আনি ভ্ৰুণক হত্যা কৰা হৈছিল। তেনে ঘটনাৰ ছশ / সাতশ বছৰৰ পিছতো আমাৰনো কি বিকাশ বা উন্নতি হৈছে? কেৱল বস্তুগত বিকাশে এটা জাতিৰ সামগ্ৰিক উন্নয়নৰ আধাৰ কেতিয়াও হ'ব নোৱাৰে। সুস্থ মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক বিকাশ নহ'লে যিকোনো জাতিয়ে তেওঁলোকৰ সম্মুখলৈ আহি পৰা প্ৰত্যাহ্বানবোৰ ফলপ্ৰসূভাবে মোকাবিলা কৰিব নোৱাৰে। মোৰ অনুভৱ- অসমীয়া জাতিটোৰ দৰাচলতে প্ৰকৃত সামগ্ৰিক বিকাশ এতিয়াও হোৱা নাই। স্বৰাজোত্তৰ কালৰ অসমৰ ইতিহাস নিৰ্মোহ ভাৱে বিশ্লেষণ কৰিলে জল্ জল্ পট্ পট্ কৈ ওলাই পৰে কিদৰে আমি কথাই কথাই আন্দোলন-বিক্ষোভ কৰি আহিছো, কিন্তু কোনোটো আন্দোলনৰে লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষ আগবাঢ়িব পৰা নাই। বৰং আমাৰ কাৰ্যক্ৰমনিকাই প্ৰমাণ কৰিছে অধিকাংশ অসমীয়াই আজি উৎসৱপ্ৰিয়, অভিযোগপ্ৰিয়, আন্দোলনপ্ৰিয়, বন্ধপ্ৰিয় আৰু কৰ্মবিমুখ।

ৰঙাপাৰাৰ শিশুবলিৰ ঘটনাটোক তথাকথিত অসমীয়া সমাজৰ বাহিৰৰ ঘটনা বুলি বিশ্লেষণ কৰিলে ডাঙৰ ভুল কৰা হ'ব। বৰং বৰ্তমান অসমৰ মানুহৰ পৰিচয়সূচক বৈশিষ্ট্যবোৰৰ পটভূমি আৰু আধাৰত বিচাৰ কৰিলেহে কিছু সত্য বাহিৰলৈ আহিব। নিজৰ শিপা পাহৰি চেতনাহীন অসমীয়া মধ্যবৃত্তৰ অধিকাংশই আজি হিন্দীবলয়ৰ জনপ্ৰিয় ধৰ্মীয় উৎসৱক নিজৰ মনত আগস্থান দিছে। গণেশ পূজা, কৰৱা শ্বথ আদিৰ দৰে পূৰ্বতে অসমত উদযাপিত নোহোৱা বহু উৎসৱ হিন্দী ছিৰিয়েল আৰু বোলছবিৰ মাজেদি আহি আমাৰ বৰঘৰত থিতাপি লৈছেহি। আমি নিজৰটো কাকো বিলাব পৰা নাই কিন্তু বেলেগৰ সকলো জাকজমকীয়া উৎসৱ বা অন্যান্য উপাদান গ্ৰহণ কৰি আমাৰ সাংস্কৃতিক মেৰুদণ্ড যে অত্যন্ত থুনুকা সেই কথা প্ৰমাণ দি আহিছো।

ধৰ্মীয় পৰম্পৰাৰ (?) নামত অসমত আজি শিক্ষিত লোকে ওভতগোৰে নচা দৃশ্য অত্যন্ত সুলভ। 'পদ্মশ্ৰী' সন্মান লাভ কৰা অসমীয়া চিকিৎসকে পৰম্পৰাৰ নামত যেতিয়া ম'হ বলি দিয়ে, তেনেস্থলত অনগ্ৰসৰ চাহ বাগিছাৰ শৈক্ষিকভাবে অনুন্নত কোনো মদাহী তান্ত্ৰিকে শিশুবলি দিয়াটো কিমান আচৰিত বাৰু? দহ-বিশ বছৰৰ আগলৈকে কাহানিও নুশুনা ডাইনী হত্যাৰ ঘটনা আজিৰ অসমৰ সংবাদ মাধ্যমত প্ৰায় প্ৰতিদিনে পোৱা যায়। চৰম হতাশাজনক কথা হ'ল পৰীক্ষাৰ ফলাফল ভাল হৈ গৈ আছে, পি এইচ ডিকে আদি কৰি বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী লোকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে, কিন্তু প্ৰকৃত শিক্ষাৰ পোহৰ কিমানজন অসমীয়াৰ মন-মগন স্পৰ্শ কৰিব পাৰিছে?


শিশুবলি দি উঠাৰ অলপ পিছত তান্ত্ৰিকজন আন মানুহৰ হাতত মাৰ খাই মৃত্যু মুখত পৰিল। বলিৰ দ্বাৰা যে বলি দিয়াজনৰ একো লাভ নহয়, সেই কথাটো প্ৰমাণ কৰিবলৈ তান্ত্ৰিকজনৰ মৃত্যুৰ কথাটোৱেই যথেষ্ট নহয়নে? কিছুবছৰ আগতে এইখন অসমতে সকলোৰে ভৱিষ্যৎ ক'ব পৰা 'বিখ্যাত' জ্যোতিষীজনে গমেই নাপালে যে অনৈতিক কামত লিপ্ত থকা বাবে পুলিছে আহি তেওঁৰ ঘৰো খানাতালাছ কৰিব। এইখিনিতে মোৰ মনত পৰিছে বংকিমচন্দ্ৰ আৰু স্বামী বিবেকানন্দৰ কথালৈ। এটা সময়লৈকে জ্যোতিষ-শাস্ত্ৰক দুৰ্ঘোৰভাৱে বিশ্বাস কৰা বংকিমচন্দ্ৰই তেওঁৰ দুই গৰাকী কন্যা সন্তানক জ্যোতিষ শাস্ত্ৰানুসাৰি বিয়া দিছিল। কিন্তু দুয়োগৰাকী ছোৱালী অকালতে বিধৱা হোৱাত তেওঁ জ্যোতিষ শাস্ত্ৰ সমূহ পুৰি পেলাইছিল। জ্যোতিষশাস্ত্ৰক লৈ প্ৰয়োজনাধিক উদ্বিগ্ন হৈ থকা লোকক মানসিক চিকিৎসাৰ প্ৰয়োজন বুলি স্বামী বিবেকানন্দই তাহানিতে কৈ গৈছিল। অসমীয়া মানুহে তেওঁলোকৰ ধৰ্মবিশ্বাসক ব্যক্তিগত পৰ্য্যায়ত ৰাখি বৰ্তমানে কৰ্মকহে ধৰ্ম বুলি লোৱাৰ সময় আহি পৰিছে। তাৰ বাবে আমি কিন্তু প্ৰথমেই বলি দিব লাগিব অন্ধবিশ্বাস আৰু কুসংস্কাৰক। প্ৰাচীনপন্থী এলান্ধুকলীয়া ধৰ্মান্ধ চিন্তাক দূৰতেই বিদূৰ কৰি আমি আগবাঢ়িব লাগে ধৰ্মনিৰপেক্ষ শিক্ষাৰ পোহৰৰ মাজেদি। ইয়াৰ অন্যথা শিশুবলিৰ দৰে জঘণ্য ঘটনা, ডাইনী হত্যাৰ ঘটনাবোৰৰ দৰে বৃদ্ধি পোৱাৰহে সম্ভাৱনা বেছি।
(লেখক অসমৰ এগৰাকী বিশিষ্ট নিবন্ধকাৰ তথা গুৱাহাটীত কৰ্মৰত নাবাৰ্ডৰ এগৰাকী জ্যেষ্ঠ বিষয়া,
ম'বাইল ফোন-৯৪৩৫০-৫২২৮২)

No comments:

Post a Comment