স্বাস্থ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

"মেগী" বিতৰ্কৰ আঁত ধৰি...
আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত
ডাঃ অজিত কুমাৰ পটঙ্গীয়া

মেগীৰ "মাত্ৰ ২ মিনিটত আহাৰ তৈয়াৰৰ" বিজ্ঞাপনটো আমি সকলোৱে টিভিত দেখি আহিছো। শিশু অৱস্থাত আহাৰৰ বাবে ৰন্ধা-বঢ়া কৰিব নজনা দিনৰে পৰা স্কুল-কলেজ পাছ কৰি অকলশৰীয়াকৈ থকা চাকৰিজীৱনলৈকে তৎক্ষনাতে বনাবলৈ অতি সহজ মেগী প্ৰায় সকলো লোকৰে প্ৰিয়। পিচে বৰ্ত্তমান সমগ্ৰ ভাৰতবৰ্ষত মেগীৰ গুণগত মানদণ্ড সম্পৰ্কে পুনৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। কলিকতাৰ পাছতে লক্ষ্ণৌৰ লেবৰেটৰীতো মেগীত লীডৰ পৰিমাণ ১৭.২০ পিপিএম অৰ্থাৎ নিৰাপদৰ পৰিমানতকৈ ৭ গুণ বেচি বুলি প্ৰমাণ পোৱা গৈছে৷ সাধাৰণ ভাবে খাদ্যত লীডৰ অনুমোদিত সীমা ২.৫ পিপিএমৰ ভিতৰত হ'লে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়। লগতে সোৱাদ বঢ়াবলৈ যোগ দিয়া ৰাসায়নিক দ্ৰব্য ই-৬৩৫ আৰু মন’চডিয়াম গ্লুকনেট (MSG ) মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কোৱা হৈছে৷ এই দুবিধ বিষাক্ত ৰাসায়নিক দ্ৰব্য সাধাৰণতে হেনো জন্তুৰ চৰ্বিৰ পৰা আহৰণ কৰা হয়৷ মানুহৰ দেহত অতিৰিক্ত লীড,ই-৬৩৫ আৰু মন’ চডিয়াম গ্লুকনেটৰ পৰা ৰক্তচাপ বৃদ্ধি আৰু হৃদৰোগ, স্নায়ুৰ দুৰ্বলতা, মস্তিষ্কৰ ৰোগ, কেঞ্চাৰ, মূৰ ঘূৰণী, অস্থিৰোগ আদি হ'ব পাৰে৷ 

ইতিমধ্যে নেচলে কোম্পানীৰ ওপৰত আদালতত খাদ্য ভেজালকৰণৰ গোচৰ আৰম্ভ হৈছে৷ বিজ্ঞাপনত মেগীৰ গুণ বখনা অমিতাভ বচ্চন, প্ৰীতি জিন্টা আৰু মাধুৰী দীক্ষিত- এই তিনিওগৰাকী তাৰকালৈ আদালতৰ চমন জাৰী হৈছে৷ মাধুৰী দীক্ষিতক ক'ৰ্টৰ পৰা সোধা হৈছে যে - "তেওঁ কি তথ্যৰ ভিত্তিত মেগীত ২/৩খন আটাৰ ৰুটিৰ সমান আঁহ থকা বুলি প্ৰচাৰ চলালে?" অমিতাভ বচ্চনে কৈছে -"এই বিষয়ে কোনো আইনী মেৰপেচত পৰিলে তেওঁক ৰক্ষা কৰাৰ দায়িত্ব নেচলেৰ৷"
 
আজিকালি আমি জানি-শুনি খাদ্যৰ লগত বিহ খাই আছো। শাক-পাছলি, ফল-মূলত অতিমাত্ৰাত সাৰ, কিটনাশক আৰু মাছ, মঙহ আদিত ফৰ্মেলডিহাইডৰ দৰে বিষাক্ত সংৰক্ষক ৰাসায়নিক ব্যৱহাৰ কৰাৰ কথা সকলোৱেই জানে। আনকি বনৰীয়া উদ্ভিদ হিচাবে পৰিচিত ঢ়েকিয়াতো ব্যৱহাৰ কৰা হয় সাৰ-কিটনাশক। তৰমুজ, আম আদিত ৰঙা কৰিবলৈ বেজি দি ৰং ভৰাই দিয়াৰ কথা নকলোৱেই বা! আজি নকল চাউল, নকল কনীও বজাৰত ওলাইছে। সেয়াহে বৰ্ত্তমান স্বাস্থ্য ভালে ৰাখিবলৈ কি খাম, কি নাখাম সেইয়া এটা কোটিটকীয়া প্ৰশ্ন? ভাব হয় অসমৰ মানুহে আকৌ ভাতৰ লগত কচুঁ, কলডিলৰ দৰে শাঁকপাছলি আৰু আহোম বগৰী, নৰা বগৰী, বগা জামু, ক'লা জামু, মিৰিকা টেঙ্গা, অমৰা আদিৰ দৰে এলাগী হোৱা ফলমূললৈ উভতি যাব লাগিব।

 
এষাৰ কথা আছে- "বাচি খাবা, জাগি শুবা৷" আমাৰ সু স্বাস্থ্যৰ চাবি-কাঠিওঁ আমি বাচি বিচাৰি খাব জনাৰ ওপৰতেই৷ মানুহৰ বহুতো ৰোগ হয় কু খাদ্যভাসৰ বাবে৷ আমাৰ বহুতে ভোক বা পিয়াঁহ লাগিলে ৰাস্তাই-ঘাটে, ৰেষ্টুৰেন্টত সন্মুখত যিহকে পায়, তাকেই খায়৷ ফলত ভোগে জণ্ডিছত(প্ৰকৃততে ই ৰোগ নহয়, যকৃতৰ কোনো সমস্যা বা ৰোগৰ লক্ষণহে) বা কলেৰা, টাইফইডৰ পৰা নানা জটিল ৰোগলৈকে৷ তলত আমি খাদ্য গ্ৰহণ কৰোতে লব লগা সাৱধানতা সৰ্ম্পকে কিছু কথা উল্লেখ কৰিলো-

 
• আজিকালি আমাৰ গছত আম বা লিছু কলি হৈ থকা অৱস্থাতে বজাৰত পকা আম-লিছু পোৱা যায়। সদায় বতৰৰ ফল-মূল, শাক-পাছলি খাব৷ আবতৰীয়া ফল-মূল, শাক-পাছলিত স্ত্ৰী হৰমোণৰ ওপৰিওঁ সাৰ, কিটনাশক আদি বেছি দিয়া হয়৷ কিটনাশক মানুহৰ দেহৰ বাবে অশেষ ক্ষতিকাৰক৷ ই স্নায়ুৰ দুৰ্বলতা, মস্তিষ্ক, অস্থিৰোগৰ পৰা কেঞ্চাৰৰ দৰে বহুতো ভয়ানক ৰোগৰ সৃষ্টি কৰিব পাৰে৷ অতিৰিক্ত স্ত্ৰী হৰমোণে এণ্ড্ৰক্ৰাইন গ্ৰন্থিৰ কাৰ্য্যব্যৱস্হাৰ আউল লগোৱাৰ উপৰিও মতা মানুহৰ প্ৰজনন শক্তি কমায়৷ ড্ৰাই ফ্ৰুটছ কমকৈ খাব বা নাখাব, বিশেষকৈ হৃদৰোগ, ডায়েবেটিকছ বা তেজত কলেষ্টেৰলৰ বেছি থাকিলে৷

 
• বজাৰত পেকেটত পোৱা ফলৰ ৰসত বেচি পৰিমাণে চেনী, কৃত্ৰিম খাদ্যপ্ৰাণ 'গ'ৰ উপৰিওঁ বেছি দিন বেয়া নোহোৱাকৈ থাকিবলৈ কিছুমান সংৰক্ষক ৰাসায়নীক মিহলোৱা থাকে, যি দেহৰ বাবে ক্ষতিকাৰকো হ'ব পাৰে৷ তাতকৈ সজীৱ ফলৰ ৰস বা খাব পৰা হ'লে আঁহ থকা ফল শাঁহ বা বাকলি সহ চোবাই খাব, ই হজম প্ৰক্ৰিয়াতো সহায়ক হোৱাৰ উপৰিও তেজত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখিব৷ ৰাস্তায়ে-ঘাতে লেতেৰাকৈ বিক্ৰি কৰা ফল (কুঁহিয়াৰ, নেমু, মোচাম্বী, আপেল, ডালিম আদি)ৰ ৰস বা ছেক নাখাব, তাত ই-কলাই, ভাইব্ৰিঅ' কলেৰি, চিগেলা, চালমোনেল্লা আদি কোনোবা নহয় কোনোবা এটা বা সকলোবোৰ ৰোগৰ বিজাণু থকাতো নিশ্চিত৷
 
• সেইদৰে বাটে-ঘাতে সস্তাতে পোৱা আইচক্ৰিম আৰু বিভিন্ন ৰঙৰ চৰবতৰ দূষিত পানীত ওঁপৰত উল্লেখ কৰা ধৰণৰ বিজাণুৰ বাহিৰেও তাত মিহলোৱা ৰেডোমিন বি, অৰেঞ্জ টু, কেশৰী ৰং (মিথানিল ইয়েল্ল), কংগো ৰেড, ডায়মণ্ড গ্ৰিণ আদি কৃত্ৰিম বিষাক্ত ৰঙে শৰীৰৰ বাবে ভয়ঙ্কৰ বিপদ মাতি আনিব পাৰে৷

 
• কৃত্ৰিম মিঠা এচপাৰটেম, চুক্ৰালুজ আদি খোৱাতকৈ মিঠা একেবাৰে নাখাব৷ কাৰণ এই ৰসায়নবোৰ বেছি দিন খালে এণ্ড্ৰক্ৰাইন গ্ৰন্থিৰ কাৰ্য্যব্যৱস্হাৰ আউল লগোৱাৰ উপৰিও স্নায়ুতন্ত্ৰ আৰু বৃক্কৰ ক্ষতি হব পাৰে৷ এনে ধৰনৰ কৃত্ৰিম মিঠা থকা বিস্কুট, মিঠাই আদিওঁ নাখাব৷
 
• ক'ক, পেপছি ইত্যাদি আৰু তথাকথিত এনাৰ্জি ড্ৰিঙ্ক পৰাপক্ষত নাখাব৷ এইবোৰত থকা উচ্চ মাত্ৰাৰ ফ'ছফ'ৰিক এচিডে আপোনাৰ দেহৰ হাড়ৰৰ অশেষ ক্ষতি (অষ্টিয়'প'ৰ'ছিছ) কৰিব পাৰে, বিশেষকৈ ৩০ বছৰৰ ওপৰৰ মহিলা সকলৰ| আনহাতে অত্যাধিক ক'ক-পেপচি সেৱনে মানুহৰ শৰীৰত পটাছিয়ামৰ পৰিমাণ হ্ৰাস কৰি উচ্চ ৰক্তচাপৰ লগতে অনিয়মীয়া হৃদস্পন্দন, গাৰ বিষ, মাংশপেশীৰ অলসতা, কোষ্ঠকাঠিন্যতা আৰু শ্বাস-প্ৰশ্বাস লোৱাতো আউল লগাব পাৰে৷ যাক কোৱা হয় হাইপ'কেলিমিয়া৷ এই বিলাক গৱেষক বিশেষজ্ঞসকলে গৱেষণাৰ দ্বাৰা দাঙি ধৰা তথ্য৷
 
• বজাৰৰ পৰা মিনৰেল ওৱাটাৰ কিনি খোৱাতকৈ ঘৰতে উতলাই থাণ্ডা কৰা বা ফিলটাৰ কৰা পানী খাব৷ আজি কালি উন্নত প্ৰযুক্তিৰ বহুতো ভাল ভাল ফিলটাৰ বজাৰত ওলাইছে৷ কিয়নো বিভিন্ন অধ্যয়নৰ পৰা দেখা গৈছে যে মিনৰেল ওৱাটাৰ সম্পূৰ্ণ বিজাণুমুক্ত ও নিৰাপদ নহয়৷
 
• প্লাষ্টিকৰ বটলত থকা পানী, ফলৰ ৰস বা যি কোনো খাদ্য খাওঁতে বটলৰ তলিত এটা ত্ৰিভূজৰ মাজত থকা ১ৰ পৰা ৭তৰ ভিতৰত থকা সংখ্যা চাই লব৷ এই সংখ্যাই বটল নিৰ্মাণত ব্যৱহাৰ কৰা প্লাষ্টিকৰ মান নিৰ্ণয় কৰে৷ নিম্নমানৰ প্লাষ্টিকৰ কিছুমান সৰু কণা যিবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বটলত থকা পানী বা খাদ্যৰ লগত মিহলিহৈ আপোনাৰ দেহত প্ৰবেশ কৰিব পাৰে৷ ১ সকলোতকৈ নিৰাপদ, ২, ৪ আৰু ৫ নিৰাপদ৷ ৩ মধ্যম নিৰাপদ৷ ৬ আৰু ৭ একেবাৰে নিৰাপদ নহয়৷ বিশেষকৈ ৭ ৰ অন্তৰ্ভূক্ত প্লাষ্টিকত থকা বিষাক্ত বিচফেনল এৰ পৰা নানা ৰোগৰ ওপৰিও টাইপ টু ডায়াবেটিকছ আৰু কৰ্কট ৰোগ হব পাৰে৷চয়া গাখীৰ খোৱাতকৈ চৰ্ব্বী আঁতৰোৱা গৰু গাখীৰ খাব৷ কাৰণ পশ্চিম ইউৰোপৰ আন্তৰ্জাতিক “গ্ৰিনপিচ” সংস্হাৰ এটা অধ্যয়ণত জিনেটিকেলি ম'ডিফাইড চয়া গাখীৰত থকা ফাইটোষ্ট্ৰোজেন নামৰ স্ত্ৰী হৰমোণ আৰু এষ্ট্ৰোজেনৰ সমগ্ৰোত্ৰৰ এটা ৰাসায়ণিক পদাৰ্থই এই গাখীৰ নিয়মীয়াকৈ খোৱা পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা কমি যোৱা আৰু মহিলাৰ স্তন, যোনি, জৰায়ুৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাৰ উপৰিও শিশুৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰতিক্ৰিয়া কৰাৰ প্ৰমাণ পোৱা গৈছে৷

 
• আজিকালি মাংস, মাছ, পনীৰ, কাঠফুলা, বাৰ্গাৰ, পেটিছ ইত্যাদি পেকেট বা টিনত পোৱা যায়৷ ইবোৰত সংৰক্ষক ৰাসায়নিক দ্ৰব্য মিহলোৱা থাকে৷ গতিকে এইবিলাক খোৱাতকৈ নতুনকৈ বনোৱা বা নিজে বনাই খাব৷

(আমেৰিকা, কানাডা আৰু চৌদি আৰবত দন্ত চিকিৎসা আগবঢ়োৱা লেখক এপল’ হস্পিতাল ঢ়াকাৰ দন্ত চিকিৎসা বিভাগৰ প্ৰাক্তন মুৰৰ্ব্বী, বৰ্ত্তমান গুৱাহাটীৰ খ্ৰিষ্টিয়ান বস্তিত অৱস্থিত আমেৰিকান ডেন্টেল ক্লিনিকৰ দন্ত চিকিৎসক, ফোন: ৯৪৩৫৭০৪০৯০, ৯৮৫৯১১৬২৮০)

No comments:

Post a Comment