কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠান
ড° বুলজিৎ বুঢ়াগোহাঁই

গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত “আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠান (Regional Government Film and Television Institute)”খন নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org )ৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠানখন আগতে ‘জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান’ নামেৰে পৰিচিত আছিল । এই প্ৰতিষ্ঠানখনে বিভিন্ন বিষয়ত ডিপ্ল’মা আৰু চাৰ্টিফিকেট পাঠ্যক্রম আগবঢ়ায় । তিনি বছৰীয়া ডিপ্ল’মা ইন অডিঅ'গ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনীয়াৰিং (Audiography and Sound Engineering) আৰু তিনি বছৰীয়া ডিপ্ল’মা ইন ম’চন পিক্চাৰ ফটোগ্ৰাফী (Motion Picture Photography ) পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে । আনহাতে, তিনি বছৰীয়া ডিপ্ল’মা ইন ফিল্ম আৰু ভিডিঅ' (Film and Video Editing ) আৰু এবছৰীয়া চাৰ্টিফিকেট কোৰ্ছ ইন এপলাইড এক্টিং (ফিল্ম আৰু টিভি) [Applied Acting (Film & TV)]ৰ পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (যিকোনো শাখা) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে । এই শিক্ষানুষ্ঠানৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে প্ৰতিষ্ঠানখনৰ লগত ফোন (০৩৬১-২৩৮০০৬৬) অথবা ই-মেইল (rgftiassam@gmail.com)যোগেদি জানিব চাব পাৰে । এই প্ৰতিষ্ঠাত নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়।

No comments:

Post a Comment