Friday, June 5, 2015

চিন্তন

বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষত  
ৰূপাংকৰ চৌধুৰী
বিগত বৰ্ষবোৰৰ দৰে এইবাৰো পুনৰ 'ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যক্ৰম'ৰ অন্তৰ্গত সমগ্ৰ মানৱ জাতিক আহ্বান জনোৱা হৈছে- ৫ জুন তাৰিখে 'বিশ্ব-পৰিৱেশ দিৱস' হিচাপে পালন কৰিবলৈ।

এইবাৰৰ বিষয়-বস্তু হৈছে- "৭০০ কৌটি সপোন, এটি মাথোঁ‌ গ্ৰহ - যত্ন সহকাৰে উপভোগ কৰক।" সাধাৰণভাবে এইবাৰৰ বিষয়-বস্তুৰ মূল-বিষয় হ'ল-আমাৰ চৌদিশৰ প্ৰাকৃতিক সম্পদ সমূহ কিদৰে পৰিচালন কৰা হৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰে মানব সভ্যতা, পৰিৱেশ আৰু অৰ্থনৈতিক সুস্থিৰতা। আজিৰ দিনত এয়া প্ৰমাণিত হৈ গৈছে যে আমি আই ধৰত্ৰীৰ ধাৰণক্ষমে আমাক যিমান দিব পাৰে তাতকৈ বহুত বেছি সম্পদ আমি ইতিমধ্যে উপভোগ কৰিছোঁ‌।

জনসংখ্যা বিস্ফোৰণ আৰু অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা আক্ৰান্ত হৈ ইতিমধ্যে পৃথিৱীৰ বহুতো পৰিস্থিতি-তন্ত্ৰ ধ্বংসস্তূপত পৰিণত হৈছে। উপভোক্তা আৰু উৎপাদনৰ ব্যৱস্থা যদি এই পদ্ধতিত চলি থাকে আৰু যদি পৃথিৱীৰ জনসংখ্যা ধাৰণা কৰা অনুযায়ী ৯৬০ কৌটি হয়, তেন্তে বৰ্তমানৰ দৰে জীয়াই থাকিবলৈ ২০৫০ চনলৈকে আমাৰ বাবে প্ৰয়োজন হ'ব- পৃথিৱীৰ দৰে তিনিটা গ্ৰহৰ।

সুস্থ ভৱিষ্যৎৰ বাবে সেয়েহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাতো হৈছে -পৃথিৱীৰ সীমাবদ্ধতা আৰু বহনক্ষমতাক আন্তৰিকতাৰে উপলব্ধি কৰাৰ। নহ'লে ভৱিষ্যৎ প্ৰজন্মই আমাকেই দোষ দিব- অনাগত সময়ত।

No comments:

Post a Comment