Thursday, June 11, 2015

চিন্তন


অৱস্থাপন্ন বনাম আৰ্থিক ভাৱে দুৰ্বলৰ শৈক্ষিক প্ৰতিযোগিতা
লক্ষ্য জ্যোতি নাথ


ঘৰ এখনৰ পৰিবেশ তথা শিক্ষাৰ বাবে সুস্থ বাতাবৰণে পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰীক্ষাৰ ফলাফলত প্রভাৱ পেলায়। সমপৰ্য্যায়ৰ জ্ঞান থকা স্বত্তেও আৰ্থিকভাৱে দুৰ্বল আৰু সৱল ঘৰৰ ছাত্র-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফলত পাৰ্থক্য অহাৰ কাৰণ ঘৰখনৰ পৰিৱেশ আৰু সুস্থ বাতাবৰণ। আমাৰ অসমত একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত, অভিভাৱকৰ মাজত, ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ মাজত এক যুদ্ধংদেহি প্ৰতিযোগিতা চলিব ধৰিছে যেন অনুভৱ হয়। ফলত প্ৰতিযোগিতামূলক শৈক্ষিক পৰিবেশ সৃষ্টি কৰি এই সকল ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আদিয়ে আশানুৰূপ, সু-ফলৰ লাভ কৰাত সফলো হৈছে।

আমিবোৰে এই কৃতকাৰ্যতাত সন্তুষ্টি লভি প্ৰশংসাত গদগদ হৈছোঁহক। তেওঁলোক নিশ্চয় প্ৰশংসাৰ পাত্ৰ। আৰ্থিক ভাৱে সৱল ঘৰ এখনৰ ছাত্র-ছাত্ৰীবোৰৰ ক্ষেত্ৰত তেওঁলোকৰ পঢ়াশুনাত অলপ বুজাৰ বা শিকাৰ অসুবিধা হ'লেই টকা খৰচ কৰি ব্যক্তিগত ভাৱে ঘৰুৱা টিউচন দিয়ে। বিদ্যালয়ত নুবুজাবোৰ টিউচনত ঘৰুৱা শিক্ষকে বুজাই দিয়ে। দেখা যায় আৰ্থিকভাৱে সৱল ঘৰৰ ল'ৰা-ছোৱালীক মাক দেউতাকে ঘৰৰ কাম এইটো কৰ, সেইটো কৰ বুলিও সতকাই পাচি নাথাকে। তেওঁলোকৰ সন্তানে কিবা কাম কৰিব ললেও কৰিব নিদিয়ে; সকলো সময়তে কেৱল "পঢ় পঢ়" কৈ পঢ়াৰ বাবেই হেঁচা প্ৰয়োগ কৰি থাকে। তেনে ঘৰৰ অভিভাৱকে তেওঁলোকৰ সন্তানক এটা পৰিৱেশ দিছে পঢ়িবলৈ। পঢ়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাইছে, পঢ়িবলৈ যি লাগে সকলো যোগাৰ দিছে।

কিন্তু আৰ্থিক ভাৱে সৱল ঘৰৰ সন্তানৰ তুলনাত আৰ্থিকভাৱে দুৰ্বল ঘৰখনৰ ল'ৰা-ছোৱালীবোৰে পঢ়িবলৈ এনেকুৱা একোটা সুস্থ পৰিবেশ নাপায়। বিদ্যালয়ত কিবা নুবুজিলে সেইটো আকৌ ঘৰত কোনোবাই বুজাই দিয়া মানুহো নাই তেওঁলোকৰ, ঘৰতো অভিভাৱক বেছি ভাগৰে অশিক্ষিত আৰু অশিক্ষিত বাবেই সেই প্ৰজন্মই আৰ্থিকভাৱে সৱলো নহ'ল। এনেকুৱা কথাই আচলতে  অৰ্থনৈতিক ভাৱে দুৰ্বল পৰিয়ালৰ সন্তানক একেখন পথাৰৰ প্ৰতিযোগিতাত কেইবাখোজ পিছুৱাই ৰাখে।

আনহাতে আজিকালি শিক্ষা দান হৈ থকা নাই, এয়া হৈ পৰিছে ব্যৱসায়। বাণিজ্যিক দৃষ্টিৰে শিক্ষাদানৰ লাভজনক ব্যৱসায়ো এতিয়া আকৰ্ষণীয় পেশাৰ ৰূপত গঢ় লৈ উঠিছে। আজিৰ যুগত বিদ্যালয়ৰ বাহিৰত অতিৰিক্তকৈ বুজাই দিবলৈ বুজাই দিয়াজনক অতিৰিক্ত  মাননী (টকা) দিব লাগে,  যিটোৰ বাবে সাধাৰণতে আৰ্থিকভাৱে দুৰ্বল ঘৰ একোখনৰ সামৰ্থ নাথাকে। তেনে ঘৰৰ সন্তানে নিজে স্কুলত মগজু ব্যৱহাৰ কৰি যি বুজিলে সেইয়াই তেওঁলোকৰ বাবে শিক্ষা।

তাৰপোৰি দেখা যায় যে আৰ্থিকভাৱে দুৰ্বল ঘৰৰ ল'ৰা-ছোৱালীক পিতৃ- মাতৃয়ে কেৱল পঢ়ি থাকিবলৈ নিদিয়ে। যিহেতু ঘৰখনৰ উপাৰ্জনৰ বাবে কৰ্ম নকৰিলে নহয় সেইবাবে তেনে ঘৰৰ সন্তানক মাক-দেউতাকে অনিচ্ছা স্বৰ্তেও পঢ়ি থকাৰ সময়ত পথাৰৰ ভাত দি আহিবলৈ, বজাৰলৈ যাবলৈ কয়। কিছুমান ছাত্ৰই পথাৰত হালো বাই , ধান কাটিবলৈ যায় বা বেলেগৰ ঘৰত কাম কৰে আৰু তাৰ মাজতে সময় উলিয়াই তেওঁলোকে পঢ়ে। তেনেকৈ পঢ়ি, কষ্ট কৰি একোটা ভাল ফলাফল কৰিলে সঁচাই সকলো আচৰিত হয়। মানুহে ক'বলৈ বাধ্য হয় "হয় দেই ইমান কষ্টৰ মাজতো এটা টিউচন নোলোৱাকে সি ইমান ভাল ৰিজাল্ট কৰিছে..."!

এনে দুটা ঘটনাৰ জ্বলন্ত উদাহৰণ হিচাপে মই নিজে এনে দুজন ল'ৰাৰ কথা জানো। যি দুজনৰ প্রথমজনে ঘৰত কাম এটাও নকৰি চাৰিটাকৈ টিউচনৰ সহায় লৈ দিনে ৰাতিয়ে ফেনৰ তলত পঢ়ি মেট্ৰিকত ৫টাত লেটাৰ ৮৪% পাইছিলো। আৰু দ্বিতীয়জনৰ এটা টিউচন নাছিল, ওলোটাই সি দশম মানত থাকোঁতে টকাৰ বাবে সপ্তম শ্ৰেণীৰ ছাত্রক টিউচন পঢ়াইছিল। ৰাতিপুৱা হাল বায়, পথাৰত চাহ দি আহি স্কুললৈ আহে। সি এটাও টিউচন নোলোৱাকে ৪টাত লেটাৰসহ ৭৮% নম্বৰ পাই ষ্টাৰ পালে। এনে ক্ষেত্ৰত দ্বিতীয় ল'ৰাজনে প্রথমজনতকৈ কম নম্বৰ আৰু এটা বিষয়ত কমকৈ লেটাৰ মাৰ্ক পালেও মোৰ দৃষ্টিত দুয়োজন সমানেই চোকা। মই ভাবো দ্বিতীয় ল'ৰাজনে প্রথম ল'ৰাজনৰ নিচিনাকৈ টিউচন লৈ এটা শিক্ষাৰ বাবে সৱল, সুবিধা থকা, সুস্থ পৰিবেশত পঢ়া-শুনা কৰিবলৈ পোৱা হ'লে চাগৈ আৰু বহু ভাল ফলাফল দেখুৱালেহেতেন!

পৰিবেশ আৰু পৰিস্থিতিয়ে পঢ়াৰ জীৱনত বহুত প্রভাৱ পেলায়। আমি ফলাফলৰ সময়ত দুই-এক তুলুঙা সমালোচনা আগবঢ়োৱাৰ বাদে অসমৰ চৰকাৰী বিদ্যালয় সমূহে কিয় এই ক্ষেত্ৰত পৰিবেশ সৃষ্টি কৰিব পৰা নাই, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ সৈতে কিয় ফেৰ মাৰিব পৰা নাই, ইয়াৰ প্ৰতিকাৰ কি, কি পদক্ষেপ ল'লে আমাৰ চৰকাৰী শিক্ষানুষ্ঠানসঁমূহে ভাল পৰিবেশ তৈয়াৰ কৰিব পাৰিব, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ লেখিয়া ভাল ফলাফল দিব পাৰিব, গ্ৰামাঞ্চল-বাগিছাঞ্চল-চৰাঞ্চল সকলো ঠাইৰে দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰী সকলেও চৰকাৰী বিদ্যালয়তে ভাল শৈক্ষিক পৰিবেশৰ মাজত ভাল ৰিজাল্ট প্ৰদৰ্শন কৰিব পাৰিব সেইবোৰ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে।

টিউচন বা ব্যক্তিগত সহায়ক শিক্ষক আজিৰ শিক্ষা ব্যৱস্থাত, সমাজত এক অন্যতম অংগ হৈ পৰিছে। আমি জানো পঢ়াশালিয়েই হৈছে একমাত্র সুশৃংখল মাধ্যম য'ত ধনী-দুখীয়া ,উচ-নীচ, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সমানে একেযোৰ পোছাক পৰিধান কৰি শিক্ষা গ্ৰহণ কৰিব পাৰে, তাত শিক্ষা, শিক্ষক আৰু শিক্ষাথীৰ মণিকাঞ্চন সংযোগ ঘটে। তাৰ মাজতে হয়তো দুই এক বিষয় থাকিব পাৰে যিটো জানিবলৈ হয়টো অভিভাৱক বা শিক্ষকৰ উপৰিও আনৰ সহায়ৰ প্ৰয়োজন হব পাৰে, তাৰ বাবেই হয়টো টিউচনে ঠাই পাইছিল শিক্ষা জগতত। আৰু আজি ইয়াৰ আকাশলংঘী মূল্যই দুখীয়া ছাত্ৰ ছাত্ৰীৰ ওপৰত মানসিক ভাৱে প্ৰভাৱিত কৰিছে!

টিউচন বা ঘৰুৱা শিক্ষকৰ মূল্য সেইজনেহে বুজে যিজনৰ, ধৰক আজি বিদ্যালয়ত নতুন সূত্ৰ প্রয়োগ কৰি পদাৰ্থ বিজ্ঞানৰ সমস্যা এটা সমাধান কৰি দিলে। সেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেই সূত্ৰ বা বিষয়টো নতুন সেইবাবে সেই সমস্যাটো তেওঁলোকৰ অলপ কঠিন লগাটো স্বাভাৱিক আৰু বহু ছাত্র-ছাত্ৰীৰ এনে হয় প্ৰথম এবাৰতে বুজাওতে সম্পূৰ্ণভাৱে বুজি নাপায় । কেতিয়াবা আকৌ এনে হয় বহু ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত বুজাই থাকোতে সমস্যাটো ঠিকেই বুজি পায়, কিন্তু ঘৰলৈ অহাৰ পাছত খেলিমেলি লাগি যায়। ঘৰলৈ আহি কিতাপ মেলি যেতিয়া সেই ধৰণৰ আন সমস্যাবোৰ সমাধান কৰিব বহা হয় আৰু অলপ কৰা পাছতেই সমস্যাটো আৰু জটিল হৈ পৰে। তেনে অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ মনলৈ এনে ভাব আহে "কোনোবাই যদি আকৌ এবাৰ বুজাই দিয়া হ'লে..."! সেই যে কোনোবাই আকৌ এবাৰ বুজাই দিয়া হৈ বুলি মনত আহে ভাবটো সেইটোৱে হৈ পৰে টিউচনৰ প্ৰয়োজনীয়তাৰ অনুভৱ। টিউচনত সেই নুবুজাবোৰকে আকৌ বাৰে বাৰে বুজাই দিয়ে ঘৰুৱা শিক্ষকে আৰু যাৰ বিনিময়ত আমি বুজাই দিয়া জনক দিও ধন। আৰ্থিকভাৱে দুৰ্বল ঘৰৰ চোকা ল'ৰাটোৱেও এনেকুৱা সমস্যা লৈ ঘূৰি ফুৰিছে, তাকো বুজাই দিয়া মানুহ এজন লাগে কিন্তু তাৰ ঘৰত ধন নাই বাবে তাক আকৌ বুজোৱা মানুহ নাই। সেই নুবুজা সমস্যাকেইটা যেতিয়া পৰীক্ষাত আহে তেতিয়া টিউচন কৰাজনে কৰিব পাৰে আৰু টিউচন নকৰাজনে কৰিব নোৱাৰে ফলত সি চোকা হোৱা স্বত্তেও কম নম্বৰ পাই। আৰু নৱম মানৰ পৰা অংক , বিজ্ঞান আদিত নিজে পঢ়ি বুজিব নোৱাৰা সমস্যা বাঢ়ি যায় আৰু সেই সমস্যাবোৰ শিক্ষকে নুবুজালে ১০০ ভিতৰত ৫ জনেহে নিজে বুজি পাই। দেখা গৈছে আজিকালি টিউচনটো এক ব্যৱসায় হৈ পৰিছে, যি কিছুমান শিক্ষকক মানসিকভাৱে লোভী কৰি তুলিছে। এনেকুৱা অভিযোগো আছে যে শিক্ষকসকলে বিদ্যালয়ত কথাবোৰ ভালকৈ বুজাই নিদিয়ে, কিন্তু সেই শিক্ষকজনেই টিউচন কৰিলে ভালকৈ বুজাই দিয়ে। সকলো শিক্ষক তেনে নহয় বাৰু , ব্যতিক্ৰমী ভাল শিক্ষকো বহুত আছে। বহু ভাল শিক্ষকে আৰ্থিক ভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া টিউচন দিয়াৰো নজিৰ আছে।

পৰীক্ষাৰ ফলাফলৰ সময়ত সেয়ে শৈক্ষিকক্ষেত্ৰত সকলো সুবিধা পোৱা শিক্ষাৰ্থী সকলৰ বিপৰীতে আৰ্থিক কাৰণত এই সমূহৰ পৰা বঞ্চিত সকলৰ সফলতাও ৰাইজে বিশ্লেষণ কৰাৰ দৰকাৰ। আৰ্থিক ভাৱে দুৰ্বল সকলৰ বাবেও এনে প্ৰয়োজনীয় অতিৰিক্ত শৈক্ষিক সহায়ৰ বাবে চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰাৰ দৰকাৰ আছে। এনে সুস্থ শৈক্ষিক পদক্ষেপ, বাতাবৰণেহে ধনী-দুখীয়া সকলো ঘৰৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে প্ৰেৰণাদায়ক মঞ্চ দিব পাৰিব, সেই কথাও আমি মনত ৰাখিব লাগিব।

লেখক মুম্বাইত নৌসেনা বিভাগত কৰ্মৰত, মোবাইল- ০৯৯৬৯৩৪০৫৮৭

No comments:

Post a Comment