স্বাস্থ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গৰ্ভৱতী নাৰীৰ দাঁত আৰু মুখৰ যতন
ডাঃ অজিত কুমাৰ পটঙ্গীয়া
অলপতে এগৰাকী গৰ্ভৱতী মহিলাই তেওঁক বিষত জ্বলা-কলা লগাই থকা দাঁত এটা উঠাই দিবলৈ মোক কেইবাদিনো কাতৰ অনুৰোধ কৰিলে। সেই মহিলা গৰাকীয়ে যিহেতু গৰ্ভ ধাৰণ কৰা মাত্ৰ ২মাহ মানহে হৈছে, তেওঁৰ অৱস্থা বুজি পাইয়ো মই না কৰিলো আৰু সংক্ৰমণ কমি থাকিবলৈ গৰ্ভৱতী অৱস্থাত খাব পৰা নিৰাপদ ঔষধ খাবলৈ বিধান দিলো।
দাঁতৰ বিষে যে কি তীব্ৰ যন্ত্ৰণা দিয়ে সেইয়া ভোগাজনেহে বুজি পায়। আমি দন্ত চিকিৎসকসকলেও সেইয়া অনুভৱ কৰো। কিন্তু গৰ্ভৱতী অৱস্থাত এগৰাকী নাৰীৰ দাঁত সঁৰোৱাতো যে কিমান বিপদজনক সেইয়া দন্ত চিকিৎসকসকলেহে বুজি পায়। সেই নববিবাহিতা মহিলাগৰাকী গৰ্ভধাৰণ কৰাৰ আগতে মোৰ ওচৰলৈ চিকিৎসাৰ বাবে আহোতে দন্তক্ষয়হৈ বেয়াকৈ ভাঙি যোৱা দাঁত তেতিয়াই এন্টিবায়েটিক দি উঠাই দিবলৈ কৈছিলো যদিও মই দিয়া ঔষধ খোৱাৰ ফলত বিষ-কোপ কমি যোৱাত তেওঁ আৰু দাঁতটো উঠাই দিয়াৰ প্ৰয়োজনীয়তা তেতিয়া অনুভৱ নকৰিলে। 
 
গৰ্ভত সন্তান ধাৰণ কৰা অৱস্থাটোৱে এগৰাকী নাৰীৰ দেহ মানসিক আৰু শাৰীৰিক ভাবে বহু ধৰণে প্ৰভাৱিত কৰে আৰু মুখ গহ্বৰো ইয়াৰ ব্যতিক্ৰম নহয়। যিহেতু সেই সময়ত দেহৰ হ'ৰমনৰ তাৰতম্য ঘটে, ফলত ই মুখৰ ভিতৰত বিশেষকৈ দাঁত আৰু আলুৰ ওপৰত ক্ৰিয়া কৰে, সেয়েহে সেই সময়ত দাঁত আৰু মুখৰ স্বাস্থ্যৰ বিষয়ে বিশেষ ভাবে মনোযোগ দিয়াতো জৰুৰী হৈ পৰে। তাৰোপৰিও গৰ্ভৱতী নাৰী এগৰাকী দন্ত চিকিৎসকৰ ওচৰলৈ চিকিৎসাৰ বাবে যাওঁতেও কিছুমান অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাতো প্ৰয়োজনীয়। গতিকে আমি আজি সন্তান সম্ভবা এগৰাকী নাৰীৰ দাঁত আৰু মুখৰ লবলগা যতন সমূহৰ বিষয়ে আলোচনা কৰিব খুজিছো।
 
এগৰাকী গৰ্ভৱতী নাৰীয়ে ভুগিব পৰা মুখ আৰু দাঁতৰ সমস্যাঃ
গৰ্ভাৱস্থাৰ আলুপ্ৰদাহ বা প্ৰেগনেনছি জিনজিভাইটিছ: দেহত প্ৰজেছটেৰন নামৰ এক হ'ৰমনৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত দাঁতৰ আলুৰ প্ৰদাহ হ'ব পাৰে। হ'ৰমনৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ তাৰতম্যৰ বাবে দাঁতৰ আলু ৰঙা হৈ ফুলি উঠাৰ লগতে দাঁত ব্ৰাছ বা ফ্লছ কৰাৰ সময়ত ৰক্তক্ষৰণ হ'ব পাৰে। অৱশ্যে শিশুটি জন্ম হোৱাৰ পাছত এনে উপসৰ্গ আপোনা-আপুনী নোহোৱা হৈ যায়।
পেৰিয়'ডন্টেল ৰোগঃ
গৰ্ভৱতী অৱস্থাত কিছুমান নাৰীয়ে মুখৰ ভিতৰত পেৰিয়'ডন্টেল ৰোগ নামৰ এক গুৰুতৰ অসুখত ভোগে। মুখৰ স্বাস্থ্য আগৰেপৰা ভাল নাথাকিলে দাঁতৰ আলু আৰু হনুৰ হাড়ৰ ভিতৰত দাঁতক আলু আৰু হনুৰ হাড়ৰ লগত চক এবজৰভাৰৰ দৰে ধৰি ৰখা আঁহবোৰত বিজাণুয়ে সংক্ৰমণ ঘটাই আঁহবোৰৰ অশেষ ক্ষতিসাধন কৰি এনে ৰোগৰ সৃষ্টি কৰে। মাতৃৰ পেৰিয়'ডেন্টেল ৰোগে গৰ্ভস্থ সন্তানটিৰ দেহত বহতো ৰিৰূপ প্ৰভাৱ পেলাব পাৰে - শেহতীয়া গৱেষণা মতে সন্তানৰ ওজন কম, বিকলাঙ্গ হোৱাৰ উপৰিও সময়তকৈ আগতে অপৈণত অৱস্থাত জন্ম হ'ব পাৰে বা সন্তান মৃত অৱস্থাতো জন্ম হ'ব পাৰে।

গৰ্ভাৱস্থা গ্ৰেনুল'মাঃ
দাঁতৰ আলুৰ ওপৰ ৰঙাহৈ ফুলি উঠাকে কোৱা হয় গৰ্ভাৱস্থা গ্ৰেনুলমা। ইয়াৰ পৰা কেতিয়াবা ৰক্ত ক্ষৰণ হয় বা ওপৰত চামনি পৰি ফাটি ফাটি যায়। দাঁতি আলুৰ এই বৃদ্ধি বিপদজনক নহ'লেও বহু সময়ত ই আহাৰ গ্ৰহণ বা কথা পাতোতে অস্বস্তিকৰ অৱস্থাত পেলায়। সাধাৰণতে গৰ্ভৱতী নাৰীৰ ৩ মাহৰ পৰা ৬ মাহৰ ভিতৰত ২ৰ পৰা ১০ শতাংশৰ গৰ্ভাৱস্থা গ্ৰেনুলমা হ'ব পাৰে। শিশু জন্ম হোৱাৰ পাছত ই আপোনা-আপুনী নোহোৱা হৈ যায়।

শুস্ক মুখঃ
বহুতো গৰ্ভৱতী নাৰীৰ হ'ৰমনৰ পৰিবৰ্ত্তনৰ বাবে মুখৰ ভিতৰত লালটিৰ নি:সৰণ কমি যোৱাৰ ফলত মুখখন শুকাই থাকে। লালটিত থকা নান ধৰণৰ পাচকৰস, জিৱাণু আদিয়ে হজম প্ৰক্ৰিয়াত সহায় কৰাৰ উপৰিও মানুহৰ মুখৰ ভিতৰখন সিক্ত কৰি দাঁত আৰু মুখ পৰিস্কাৰ কৰি ৰাখে আৰু কথা কওঁতে উচ্চাৰণত সহায় কৰে। গতিকে এই শুস্ক মুখ অৱস্থাই নাৰীগৰাকীৰ কথাকোৱাৰে পৰা দন্তক্ষয়কে ধৰি বহ ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এনামেলক্ষয়ঃ নাৰীৰ গৰ্ভাৱস্থাৰ প্ৰথম ফালে সঘনাই বমি হৈ থকাৰ ফলত তাৰ লগতে থকা অম্লই দাঁতৰ এনামেল ক্ষয় নিয়াই দাঁতৰ সিৰসিৰণিৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ ভিতৰ ফালৰ দাঁতৰ আলুৰ ওচৰত থকা ডিঙি অংশত। দীৰ্ঘ সময়ৰ বাবে সঘনাই বমি হৈ থাকিলে এনে হোৱাৰ সম্ভাৱনা অধিক।
গৰ্ভাৱস্থাত দাঁতৰ যতনঃ
স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ: দৈনন্দিন প্ৰাণায়াম, লঘু যোগ আসন তথা ব্যায়াম, যোগাত্মক আচৰণ, উপযুক্ত বিশ্ৰাম আদিৰ লগতে বিভিন্ন খাদ্যপ্ৰাণ, চেলেনিয়াম, আইৰন, জিঙ্ক আদি মৌল, প্ৰটিন, কেলিছিয়ামযুক্ত উচ্চমান বিশিষ্ট পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে যাতে আহিব ধৰা সন্তানটিৰ লগতে মাতৃৰো দেহ তথা দাঁত আৰু মুখৰ স্বাস্থ্য অটুট থাকে।
নিয়মীয়া দাঁত ব্ৰাছ কৰা: অন্তত্ব ২ মিনিটকৈ দিনে ২ বাৰ পুৱা আৰু ৰাতি শুৱৰ সময়ত দন্ত চিকিৎসকে দেখুৱাই দিয়া সঠিক পদ্ধতিৰে ফ্লৰাইড টুথপেষ্টেৰে দাঁত ব্ৰাছ কৰিব লাগে।
ফ্লছ কৰিবলৈ পাহৰিব নালাগে: দিনে অন্তত্ব এবাৰ ফ্লছ কৰিলে পেৰিয়'ডন্টেল ৰোগ প্ৰতিৰোধৰ সহায়ক হয় বা হ'লেও মাত্ৰা বহু কমি যায়।
মাউথৱাছৰ ব্যৱহাৰ: মুখত থকা ক্ষতিকাৰক বিজাণু নিয়ন্ত্ৰণত ৰাখিবলৈ এলক'হল নথকা এন্টিমাইক্ৰবিয়েল মাউথৱাছ ব্যৱহাৰ কৰিব লাগে।
দন্ত চিকিৎসকৰ পৰামৰ্শ: গৰ্ভৱতী অৱস্থাত এজন অভিজ্ঞ দন্ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি দাঁত আৰু মুখৰ যত্ন ল'ব লাগে।
গৰ্ভৱতী অৱস্থাত দন্ত চিকিৎসা গ্ৰহণ কৰোতে ল'ব লগা সাৱধানতাঃ
গৰ্ভৱতী নাৰীয়ে দন্ত চিকিৎসকৰ ওচৰত তেওঁৰ দাঁত আৰু মুখৰ সমস্যা দেখুৱাবলৈ যাওঁতে কোনো লুক-ধাক নকৰাকৈ তেওঁ যে গৰ্ভৱতী সেই কথাটো চিকিৎসজনক জানিবলৈ দিব লাগে। তেনে কৰিলেহে দন্ত চিকিৎসাৰ বাবে বিধানপত্ৰত ঔষধ লিখোতে বিশেষকৈ এন্টিবায়েটিক আৰু বিষনাশক আৰু এক্স-ৰেৰ বাবে উপযুক্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দন্ত চিকিৎসকৰ সুবিধা হয়, যাতে আহিব ধৰা কেচুৱাটিৰ কোনো অপকাৰ নহয়। দন্তক্ষয়হৈ বেয়াকৈ ভাঙি যোৱা অত্যন্ত বিষযুক্ত দাঁতৰ ক্ষেত্ৰত হনুৰ হাড় কাটি উঠাই দিবলগীয়াকৈ জটিল অষ্ট্ৰোপচাৰৰ আৱশ্যক হ'লে কেচুৱা জন্ম হোৱাৰ পাচতহে কৰাতো যুগুত। কাচিৎ কৰিব লগা হ'লেও প্ৰথম আৰু শেষৰ তিনিমাহত একেবাৰে কৰিব নালাগে।

অৱশ্যে অভিজ্ঞ দন্তচিকিৎসকৰ দ্বাৰা পেৰিয়ডন্টেল ৰোগ নিৰাময়ৰ বাবে দাঁতৰ আলু পৰিস্কাৰকৰণ বা স্কেলিংৰ জৰিয়তে সংক্ৰমিত অংশবোৰ দূৰ কৰিলে গৰ্ভৱতী অৱস্থাত বা ভৱিষ্যতে দাঁত আৰু দাঁতৰ আলুৰ বহতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। যদি কোনো গৰ্ভৱতী নাৰীৰ দন্ত চিকিৎসা কৰা বা নকৰোৱাৰ সম্পৰ্কে কোনো সন্দেহ থাকে তেন্তে তেওঁ দন্ত চিকিৎসক আৰু তেওঁ দেখুৱাই থকা স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসক গৰাকীক এই সম্পৰ্কে সোধামেলা কৰি নিশ্চিত হৈ ল'ব।

(আমেৰিকা, কানাডা আৰু চৌদি আৰবত দন্ত চিকিৎসা আগবঢ়োৱা লেখক এপল’ হস্পিতাল ঢাকাৰ দন্ত চিকিৎসা বিভাগৰ প্ৰাক্তন মুৰৰ্ব্বী, বৰ্ত্তমান গুৱাহাটীৰ খ্ৰিষ্টিয়ান বস্তিত অৱস্থিত আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক তথা দন্ত চিকিৎসক, ফোন: ৯৪৩৫৭০৪০৯০, ৯৮৫৯১১৬২৮০)

No comments:

Post a Comment