Friday, June 12, 2015

চিন্তন

নিবনুৱা আৰু দুর্নীতিৰে ভৰা অসমক বচাব কোনে?
লীলাকান্ত পায়েং
দিনক-দিনে সমাজখনক বেমাৰটোৱে পাইছিল আৰু লাহে লাহে সন্তৰ্পণে  ই ইমানেই আগবাঢ়িল যে কোনেও যেন নিৰাময়ৰ বাবে চিন্তা নকৰিলে। আজি এই বেমাৰ সোঁচৰিত, সংক্রামক আৰু ভয়ংকৰ হৈ দুৰাৰোগ্য হৈ পৰিছে। এই বেমাৰে অশিক্ষিত, শিক্ষিত সকলোকে সমানে পাইছে যাৰ নাম নিবনুৱা আৰু দুর্নীতি। এই বেমাৰে খুলি খুলি খাইছে আজিৰ নৱ-প্রজন্মক। আমিও তাৰ ব্যতিক্রম নহয়। ৰাষ্ট্রীয় সমস্যাৰপে গন্য হৈ পৰা এই সমস্যা দুটাই বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে আজিৰ আধুনিক সমাজখনক। চাবলৈ গ'লে যেন আমাৰ অসম ৰাজ্যত এই শব্দ দুটাৰ ব্যৱহাৰ অতি বেছি। কিন্তু প্রতিৰোধ কৰা মানুহহে কম!

আমি অনুভৱ কৰো, জীৱনৰ বিষয়ে আও-ভাও বুজি নোপোৱা সৰু লৰা-ছোৱালীয়েও এই শব্দৰ অর্থ বুজাই দিব পাৰিব। আপুনি জানেনে বাৰু আমাৰ অসম ৰাজ্যত সাক্ষৰতাৰ হাৰ কিমান? ২০১১ ৰ লোকপিয়ল মতে অসমৰ সাক্ষৰতাৰ হাৰ ৭২.১৯%। কিন্ত এই সাক্ষৰতাৰ হাৰৰ সৈতে সৃষ্ট শিক্ষিত নিবনুৱাক কিন্তু বৰ্ধিত হাৰত ৰাজ্য চৰকাৰে নিয়োগ দিব পৰা নাই। যিমানেই সাক্ষৰতাৰ হাৰ বৃদ্ধি হওক, ঠিক তেনেদৰে যদি ৰাজ্যত নিয়োগৰ সম্ভাৱনা নাবাঢ়ে, স্বাৱলম্বনৰ সুবিধা দিব নো‍ৱাৰে, তেন্তে আমাৰ অসম ৰাজ্য উন্নয়নৰ পথত আগবাঢ়িছে বুলি মন্ত্রীয়ে দম্ভালি মাৰি কথা কলেও তাৰ বাস্তৱ-ফলাফল আমাৰ বোধেৰে একোটা ডাঙৰ শূণ্যহে।

নেশ্যনেল ছেম্পল ছাৰ্ভেৰ তথ্য মতে গ্রাম্যাঞ্চলত কেৰেলা আটাইতকৈ ভয়াবহ আৰু সংকটজনক অৱস্থাত আছে। কেৰেলাৰ নিবনুৱাৰ হাৰ ২১.৭%, ইয়াৰ পিছতে আছে অসম আৰু উত্তৰাখণ্ড যাৰ পৰিমান ক্রমে ১৫%, ১১%। চহৰ অঞ্চলতো একেই। জন্মু-কাশ্মীৰত ১৮.৭%। তাৰ পিছত অসম আৰু কেৰেলা । মানে চাবলৈ গলে গ্রাম্য বা চহৰে হওক দুয়োত অসমৰ স্থান লজ্জাজনকেই।

দুর্নীতিৰ ক্ষেত্রতো অসম লেখত লবলগীয়া। কিয়নো দুর্নীতিৰে আক্রান্ত ৰাজ্যসমূহৰ ভিতৰত অসম একদম এক নম্বৰত। কিন্ত বিহাৰ ৰাজ্যই এই নিতীশ কুমাৰ চৰকাৰৰ দিনেত কেৱল নিবনুৱাৰ পৰিমাণেই নহয় দুর্নীতিও বহু ক্ষেত্রতে বহুত হ্ৰাস কৰিবলৈ সক্ষম হ'ল। বেলেগ ৰাজ্যৰ মানুহে প্রশ্ন কৰে আপোনালোকৰ ৰাজ্যত ইমান দুর্নীতি বেছি কিয়?

এই প্রশ্নৰ উত্তৰ আমাৰ হাতত, আপোনাৰ হাতত, কবলৈ গ'লে সকলোৰে হাতত আছে। কিন্ত চকু মুদি সকলোৱে নেদেখাৰ ভাও জোৰে। আকৌ আনহাতে এই যোৱা ১০ বছৰত অকল নিয়োগ বিনিময় কেন্দ্রত পঞ্জীভুত নিবনুৱাৰ সংখ্যা হৈছে ৫১,৯৫,৭৩৫ গৰাকী। সকলো বিভাগতে একেই বেমাৰ । মেডিকেল, ইঞ্জিনীয়াৰিঙ, কৃষি, মীন, মেনেজমেন্ট আৰু কত বিভাগ। আমিও জানো এই সমস্যা একে ৰাতিতে সমাধান কৰিব নোৱাৰি। কিন্ত তাক নিৰাময় কৰিবৰ বাবে জানো পদক্ষেপ লব পৰা নাযায়?

প্রশ্ন হয়, কিয় এনেকুৱা হৈছে আমাৰ অসমত। এনেবোৰ কাৰণৰ বাবে আমি সকলোৱেই কম-বেছি দায়ী। আজিৰ যুগত নিজৰ অহর্তা যেন দুৰ্নীতি অনিয়মৰ পৃথিৱীত প্রযোজ্য নহয়। এই সমস্যা বেছিকৈ কেৱল আমাৰ অসমতে দেখিবলৈ গৈছেনে? কেৰাণী চাকৰিৰ পৰা আদি কৰি অসম প্রশাসনিক চাকৰিলৈকে। এটাও বিভাগ যেন বাচি নেযায়। আচলতে আমি যেতিয়া চাকৰিত লাখ লাখ পইচা ঘোঁচ দিবলৈ যাও, তেতিয়াৰপৰাই আমি একো একোজনে দুর্নীতিৰ অংশীদাৰ হওঁ। চাকৰি দিওতাই পইচা লোৱাৰ বাবে যিমান অপৰাধী, আপুনি-ময়ো পইচা দি তাতকৈ ডাঙৰ অপৰাধী হৈছো।

আমিয়েই মনে মনে বেছিকৈ প্রশ্চয় দিও দুর্নীতিক। যদি কও এজনক আপুনি দুর্নীতিত লিপ্ত হৈছে,  তেন্তে কব, ধাৰ লৈ চাকৰি কিনিছো! সকলোৱে কৰে যদি  মই কৰাত কি আপত্তি আছে?  মই এজনে ভাল হৈ থাকি কি লাভ আছে, এনেকুৱা নানা কথা!  পিছে এনেকৈ যদি এজনো ভাল হলেহেতেন তেন্তে কব নোৱাৰাকৈয়ে কিমানজন ভাল মানুহ, নিকা মানুহ ওলালহেতেন।

একেই দুর্নীতি আকৌ দেখিবলৈ পোৱা গ'ল এইবাৰৰ অসম লোকসভা আয়োগৰ বাছনি পৰীক্ষাতো। এই কাণ্ডই অসম ৰাজ্যক অতি বেয়াকৈ জোকাৰি গল। অধ্যক্ষৰপৰা আদি কৰি ৰাজনেতালৈ বহুজনেই প্ৰত্যক্ষ-পৰোক্ষভাৱে এই  কেলেংকাৰীত জড়িত। ভাৰতীয় সংবিধান চুই শপত খাইছো যে, দেশৰ উন্নতিৰ হকে কাম কৰি যাম আৰু ভাৰতীয় বিধি নীতি উলঙ্ঘা নকৰো। দুদিনৰ পিছতে বিপৰীত ৰূপত তেওঁৰ প্রকৃত ৰপ দেখা পোৱা যায়, এয়া যেন সাধাৰণ ঘটনা হৈ পৰিছে। খোদ মুখ্যমন্ত্রীয়ে কৈ দিলে যে তেওঁ মেট্রিক ফেল কৰিছিল, তথাপিও আজি ৰাজ্য শাসন কৰা মূল মানুহ। সেই অপযুক্তিৰে যাকে তাকে, কেলেংকাৰীৰে অসম লোকসভা আয়োগৰ বাছনি পৰীক্ষাৰ নাটক কৰি কম মেধাৰ, ধনী, আত্মীয়-স্বজনক প্রশাসনিক বিষয়া বনাব, এইটো কেনেকুৱা কথা? তথাপিও শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ বাবে প্ৰতিবাদৰ ঢৌ উঠিছে, সেয়া অতি ইতিবাচক কথা হৈছে। বাতৰি কাকতেও জনমত গঢ়াত সহায় কৰিছে। অখিল গগৈয়েও লোকসেৱা আয়োগৰ অধ্যক্ষ অপসাৰণৰ দাবীৰে আমৰণ অনশনৰ কাৰ্যসূচী লৈ হেঁচা প্ৰয়োগ কৰাৰ বাতৰিও প্ৰকাশ পাইছে।

সঁচাই, প্ৰকৃতপক্ষে নিবনুৱা আৰু দুর্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া মানুহ খুবেই কম দেখিবলৈ পোৱা যায়। জীৱনৰ অভিজ্ঞতাৰপৰা দেখিব পাইছো আমাৰ সমাজত দুৰ্নীতিৰ বিৰুদ্ধে ভাষণ দিয়া মানুহ ঢেৰ, কিন্তু নিজৰ সুবিধা হোৱাকৈ তলে তলে ফিটিং কৰাত মানুহবোৰ সিদ্ধহস্তহে। এই দুমুখীয়া নীতিয়েও, মুখপিন্ধা ভদ্ৰলোকৰ বাবেই সমাজখন ৰসাতলে গৈছে। বাতৰি কাকতেই হওক বা দূৰদর্শনেই হওক এই সমস্যাক মচলা-বিহীন সেৰসেৰীয়া বাতৰি বুলি এৰাই চলা দেখা যায়। বেছিভাগ টিভি চেনেলত দেখিবলৈ পোৱা যায় অকল ৰাজনীতিৰ লগত জড়িত সমস্যাবোৰক লৈ আলোচনা কৰা দেখা যায়। জনজাতিকৰণ, নদী বান্ধ, বাংলা–অসম ভূমি চুক্তিৰ বিষয়, যিবোৰত ৰাজনীতিৰ খেল আৰু মচলা থাকে, সেইবোৰকে ২৪ ঘণ্টা ধৰি আমনি লগাকৈ এই আলাপ-আলোচনাবোৰ দেখুৱাই থাকে আৰু ৰাজ্যৰ সমস্যা জৰ্জৰ সাধাৰণ মানুহবোৰক উত্তেজিত কৰে। কিন্ত আজিৰ আটাইতকৈ নৱ-প্রজন্মৰ বাবে মুখ্য সমস্যা ৰূপে হিচাপে বিবেচিত হোৱা নিবনুৱা আৰু দুর্নীতিক মূল বিষয় বস্তু হিচাপে লৈ আলোচনা কৰা দেখা নাযায়। সাধাৰণ মানুহৰ জীৱন-জীৱিকা সুচল হোৱাকৈ সমাধান সূত্ৰৰ সন্ধান কৰা দেখা নাযায়।  কিন্তু অনুভৱ কৰিছো, এই বিষয়বোৰে দুৰাৰোগ্য ৰূপ ধাৰণ কৰিবলৈ লৈছেই। অতি সোনকালে নিৰাময়ৰ কথা সমাজে নিজে চিন্তা নকৰিলে অসমৰ নতুন প্রজন্ম বিপথে যোৱাটো, অপৰাধ প্রৱণতা বৃদ্ধি পোৱাটো খাটাঙ! সততাৰ পথেৰে মেধাৰ জৰিয়তে নিয়োগৰ সুবিধা পোৱাৰ বাট বন্ধ কৰিব খোজা এইবোৰ অপতৃণক ৰাইজেই পুলিয়ে পোখাই উঘালিব লাগিব। ৰাইজে এতিয়া ব্যক্তিগত স্বাৰ্থক নেওচিও, সামূহকি স্বাৰ্থত হাত উজান দিয়াৰ সময় আহিলে। আপোনালোকেই নকৰিলে, দুৰ্নীতি আৰু নিৱনুৱা সমস্যাৰ গৰাহৰ পৰা অসমক আন কোনে বচাব, সেয়াও অলপ দকৈ বিচাৰ কৰক। নিজৰ ঘৰ, নিজেই নিকা কৰিব লাগিব, হাতে কামে লাগো আহক!

লেখক উত্তৰ লখিমপুৰ নিবাসী, ফোনঃ ৮০১১৭৭৮০৩৮

No comments:

Post a Comment