Tuesday, June 30, 2015

মুকলি চিন্তা

শিশু শ্ৰমিকঃ দৰিদ্ৰতা আৰু জীৱিকাৰ সমস্যাই 
মূল কাৰক
লীলাকান্ত পায়েং

শৈশৱৰ যি সময়ত বহী-কিতাপ লৈ বিদ্যালয়লৈ যাব লাগে এই সময়ত পৰিয়ালৰ দায়িত্ব লোৱাৰ বাবে এদল শিশু আগবাঢ়ি যাব লগা হৈছে। ।কিন্ত এই জাক শিশুৰ পথ বিদ্যালয় নহয়। আন ল'ৰা-ছোৱালীবোৰৰ দৰে একে নহয় তেওঁলোকৰ জীৱন। ইহঁতৰ প্ৰতি পুৱাৰ যাত্ৰাৰ লক্ষ্য পঢ়াশালিৰ পৰিৱর্তে হোটেল, ৰেস্টুৰেন্ট, ৰেলগাড়ীৰ প্ল্যাটফর্ম, বালি চিমেন্ট ফেক্টৰী, চাহ বাগিচা, ইটা-ভাটা ইত্যাদিহে। নগৰ, মহানগৰত দেখিব অনেক শিশুৰ দলে ৰাস্তাই ৰাস্তাই পিঠিত গধুৰ বস্তা কঢ়িয়াই ফুটপাথৰ ডাস্টবিনত পেলনীয়া বস্তু বিচাৰি ফুৰিছে, তাক বিক্রী কৰি কেইটিমান পইচা পোৱাৰ তাড়নাত। এওঁলোকৰ পিন্ধনত হয়তো ফাটি যোৱা হাফ পেন্ট আৰু উৱলি যোৱা বনিয়ন। গালৰ হাড় কেইডাল ওলাই পৰিছে, চকু গাতত সোমাৱা। কাৰণ মাথো শাৰিৰীক কষ্ট। পেটৰ ভোক মাৰিবৰ বাবে, জীৱনত জীয়াই থকাৰ বাবে এওঁলোকৰো আছে দুর্বাৰ হেঁপাহ। সেয়েই ফুল কুমলীয়া বয়সত খেলা-দৌৰাৰ সলনি হাতত তুলি লৈছে পৰিশ্রমৰ গধুৰ বোজা। এয়াই দেশৰ কৰুণ বাস্তৱ।

ৰাতিৰ অন্ধকাৰত হয়তো কোনোবাজনে নিজৰ শিশুক পোহ-পাল দিব নোৱাৰি বা পইচাৰ লোভত বিক্রী কৰি দিছে দালালৰ হাতত। বর্তমান চাইল্ড ট্রেফিকিঙ বা শিশু সৰবৰাহ দেশৰ এক ডাঙৰ সমস্যা ৰূপে দেখা দিছে। তাৰ মাজতে,
দেশৰ এই সৰবৰাহ হোৱা শিশু তথা শিশু শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে অবিৰত কৰ্মৰাজিৰ বাবে সামাজিক কৰ্মী কৈলাশ সত্যাৰ্থীয়ে আমাৰ দেশলৈ শান্তিৰ নোবেল বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই বতৰাৰ পাছতে এই উপমহাদেশখনৰ শিশু শ্ৰমিক আৰু মানৱ শিশু সৰৱৰাহৰ স্পৰ্শকাতৰ বিষয়টোৱে বেছি গুৰুত্ব লাভ কৰিবলৈ  সক্ষম হৈছে।
চাইল্ড ট্রেফিকিঙৰ কৱলত পৰা শিশুৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা পৰলক্ষিত হৈছে। হেৰুৱা শিশু ঘূৰাই পাবলৈ সমস্যাটোৰ গুৰুত্ব বুজি কেন্দ্ৰীয় চৰকাৰেও খোয়া-পায়া.কম শীৰ্ষক এটি ৱেবচাইটো মুকলি কৰিছে। কিন্তু প্ৰকৃততে বাস্তৱৰ ছবিখন চৰকাৰী পদক্ষেপ বা বিজ্ঞাপনতকৈ অধিক ভয়াবহ। জীৱনৰ আও-বাও বুজি নোপোৱা বহুতো শিশুক অসামাজিক কামত লিপ্ত কৰোৱা হৈছে। অসমৰো বহতো শিশুক বাহিৰলৈ চালান দি জোৰ-জুলম কৰি বিভিন্ন কামত নিয়োগ কৰি দালালসমুহে মুনাফা আদায় কৰাৰ বাতৰি সঘনে প্ৰচাৰ হৈছে।

চাইল্ড ট্রেফিকিঙ দিনক দিনে ক্রমাত বাঢ়ি যোৱা দেখা গৈছে আৰু ভয়ানক ৰূপ ধাৰণ কৰিছে। অকল অসম বুলিয়েই নহয় আন ৰাজ্যৰ লৰা-ছোৱালীকো দেশৰ বেলেগ প্ৰান্তত বা বৰ্হিঃৰাষ্ট্ৰত বাহিৰত বিক্রী কৰি কামত নিয়োগ কৰে, যিবোৰ ভবিষ্যতে আৰু যাক কেতিয়াও অন্ধকাৰ জগতৰপৰা ঘূৰাই আনিব নোৱাৰি। এয়া মানৱতাৰ বিৰুদ্ধেই এক অপৰাধ নহয়নে? এনেদৰে বহুতো শিশু প্ৰচলিত সামাজিক বিশ্বৰ পৰা নাইকিয়া হৈ গৈছে। ভাৰতত হেনো প্রতি চেকেণ্ডতে এটাকৈ শিশু হেৰাই যায় বিভিন্ন কাৰণত।এইয়া কোনো চিনেমাৰ দৃশ্য বা গল্পৰ চৰিত্র নহয়। আমি সকলোৱে দেখি থকা আমাৰ সমাজৰ এক প্রতিচ্ছবি।

আনহাতে ঘৰত পিতৃ-মাতৃৰ সৈতে থাকিও কাহানিও শৈশৱৰ মধূৰতা কিছু শিশুৱে বুজিবলৈ সক্ষম নহয়। তাৰ কাৰণ হ'ল, দৰিদ্ৰতাৰ বাবে কম বয়সতে মাক-দেউতাকে কামত নিয়োজিত কৰা বা শিশু শ্ৰমিকৰ ৰূপত কাম কৰিবলৈ বাধ্য কৰোৱাটো। দৰিদ্ৰ পিতৃ-মাতৃৰ জীৱন-জীৱিকাৰ সমস্যা আৰু দৰিদ্ৰতাৰ বলি হৈয়ে নিজৰ শৈশৱ হেৰুৱাবলৈ বাধ্য হৈছে। ফলত আমাৰ সমাজত বিকাশৰ প্রধান সমস্যা হৈছে থিয় দিছেহি শিশু শ্রমিকৰ সমস্যাই।

দৰিদ্ৰতাক এই সমস্যাৰ মূল কাৰক ৰূপে চিনাক্ত কৰা হৈছে। বিগত ২০১১বৰ্ষৰ পৰিকল্পনা আয়োগৰ তথ্য মতে ভীষণ দৰিদ্রতাত বসবাস কৰা মুঠ জনসংখ্যা দেশৰ ২১.৯ শতাংশ। উত্তৰ প্রদেশৰ পিছেতে বিহাৰ,মধ্য প্রদেশ,মহাৰাষ্ট্র আৰু পছিমবংগ আদি ৰাজ্য কেইখনৰ অৱস্থা অতি বেয়া। ২০১১ চনৰ লোকপিয়ল তথ্যমতে ৫ৰপৰা ১৪ বছৰৰ মুঠ ২৫৯.৬৪ মিলিয়নৰ ৪.৩৫ মিলিয়ন অকল ভাৰতৰ আৰু বিশ্বত ২১৭ মিলিয়ন শিশু শ্রমিক আছে। ভাৰতবর্ষৰ মুঠ শিশু শ্রমিকৰ অকল অসমতে আছে প্রায় ৩.৪ শতাংশ শিশু শ্রমিক তাৰে ১.৫৮ শতাংশই চাহ বাগিচাত নিয়োজিত। সকলো নেতাই সভাত ভাষণত কোৱা শুনা যায় যে আমাৰ সমাজত শিশু শ্রমিক নাই, কিন্তু এই তথ্য চালেহে আচলতে গম পোৱা যায় দেশৰ ভবিষ্যত আচলতে কোনফালে গমন কৰি আছে। 
ইউনিচেফ(UNICEF), যি বিশ্বৰ শিশুৰ কল্যাণৰ হকে কাম কৰি আহিছে তেওঁলোকৰ প্রতিবেদন মতে বিশ্বৰ ১৪ বছৰৰ তলৰ শিশু শ্রমিক ভাৰতবর্ষত আটাইতকৈ বেছি। বিশ্বৰ ৬০ শতাংশ শিশু শ্রমিক কৃষি কর্মত নিয়োজিত, তাকো আন্তৰ্জাতিক শ্রমিক সন্থাৰ তথ্য মতে(ILO)। বিশ্বত ভাৰতকে ধৰি শিশু শ্রমিকৰ বিৰুদ্ধে বহুতো আইনৰ বিধি-ব্যৱস্থা কৰা হৈছে।শিশু শ্রমিক আইন ১৯৮৬ বর্ষতে ১৪ বছৰৰ তলৰ কোনো শিশুকে কামত নিয়োজিত কৰিব নোৱাৰাকৈ অধিনিয়ম প্রবর্তন কৰা হৈছিল।কিন্ত আইন প্রবর্তন কৰিলেও তেনেকৈ ভাল ফল দিব পৰা নাই। ইউনিচেফে ইয়াৰ মূখ্য কাৰণ হিচাবে উল্লেখ কৰিছে যে ভাৰতত শিশু শ্রমিকৰ মুখ্য কাৰক হৈছে নাগৰিকৰ দুৰ্বল অর্থনীতি অৱস্থা। বিবিচি(BBC) অনুসন্ধান তথ্যমতে ইয়াৰ কাৰক দৰিদ্রতা আৰু জনসাধাৰণৰ শিক্ষা তথা কৰ্মৰ আন্তঃগাথনিৰ অভাৱ। পৰিয়ালৰ সম্পদ আৰু উপাৰ্জনৰ কম হোৱা বাবে লৰা-ছোৱালীক বিদ্যালয়লৈ যাব নিদিয়ে। শিক্ষাৰ খৰচৰ বৰ্ধিত ৰূপেও উচ্চ শিক্ষাৰ কথা ভাবিবৰ বাবে বহুতকে বাৰণ কৰে।

ইয়াতো কিছুমান বিভেদ আহি পৰে বিশেষকৈ ল'ৰা আৰু ছোৱালীৰ লিঙ্গ ভিত্তিক অনুপাতত। ল'ৰাতকৈ ছোৱালীৰ অশিক্ষিত অনুপাত বেছি। কিয়নো বেছিভাগ মাক-দেউতাকে নিজৰ ছোৱালীজনীক পঢ়ি-শুনি কি কৰিবি। যোৱা অলপ কামকে কৰগৈ, ঘৰখন চম্ভালিলে মাকে বাহিৰত গৈ কাম কৰি পইচা আনিব পাৰিব বুলিও চিন্তা কৰা মানসিকতা ইয়াৰ মূল কাৰণ।এইটো হোৱাৰ একমাত্র কাৰণ অঞ্চলটোত বা পৰিয়ালত শিক্ষাৰ প্রতি সজাগতা নোহোৱা, বা পঢ়ি শুনি দৰিদ্ৰতা চিৰদিনৰ বাবে নিৰ্মূল কৰিব পাৰিবই বুলি সামাজিক পৰিবেশে দিব নোৱাৰা নিশ্চিতিও।

আপুনি জানেনো বাৰু শিশু শ্রমিকে পৰিয়ালত কিমান শতাংশ ঘৰৰ উপাৰ্জনত অৰিহনা যোগায়। আচৰিত হলেও সত্য যে গৰিৱী ৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ ঘৰৰ মুঠ আয়ত এজন শিশু শ্রমিকে ২৫ ৰপৰা ৪০ শতাংশ অৰিহণা যোগায়, যিটো পৰিয়ালৰ আয়ৰ আধা অংশৰেই ওচৰা-ওচৰি। পিতৃহীন বা মাতৃহীন পৰিয়ালৰ সন্তানৰ বাবে আন সদস্য সকলৰ দ্বায়িত্বও হৈ পৰে এক এৰাব নোৱাৰা প্ৰত্যাহ্বান। যি সকলৰৰ ঘৰ শিশুৰ শ্রমৰ পইচাৰে গোটেই মাহ চলিব লগা হয়, গতিকে বিদ্যালয়ৰ দুৱাৰ বন্ধ হোৱাৰ বাহিৰে উপায় নাথাকে।

প্রধানকৈ দেখা পোৱা যায়, শিশু শ্রমিকৰ পৰিমান ৯০ শতাংশই গ্রাম্য অঞ্চলৰ আৰু বাকী অকল ১০ শতাংশহে চহৰ অঞ্চলৰ। গ্রাম্যাঞ্চলবোৰ চহৰৰপৰা বহু দূৰত থকা বাবে কোনো শিশুৰ কল্যাণ আঁচনিয়ে হয়তো ঢুকি নাপায়গৈ। গাঁও অঞ্চলত যিকেইখন বিদ্যালয় আছে তাতো বিদ্যালয়ৰ আন্তঃগাঠনি আৰু শিক্ষাৰ গুণাগুন অতি বেয়া, যিবোৰে শিক্ষালাভৰ বাবে অভাৱী লোকৰ সন্তানক প্ৰেৰণাৰ পৰিবেশেই যোগাব নোৱাৰে। প্রায়বিলাক গাঁৱত বিদ্যালয়ৰ বাবে ঘৰ, চকী-টেবুল, ব্লেকবোর্ড আৰু শিক্ষকৰ দৰে মৌলিক বস্তুবোৰৰে অভাৱ। ভাৰতবর্ষৰ বেছিভাগ বিদ্যালয়তে হেনো ভাল ব্লেকবোর্ড নাই। আনকি গাঁও বুলি বহুত শিক্ষকে নিজৰ কৰিবলগীয়া কর্তব্যখিনি নকৰে। কিন্তু এনেকুৱা কথা নহয় যে চৰকাৰে পদক্ষেপ লোৱা নাই। শিশু শ্রমিকৰ সমস্যা ৰোধৰ বাবে ভাৰতকে ধৰি বিশ্বত বিভিন্ন ধৰণৰ আঁচনি শিক্ষাৰ পৰা আৰম্ভ কৰি স্কুলত খোৱা-বোৱালৈকে হাতত লৈছে।কিন্ত এই আঁচনিসমূহ চহৰ অঞ্চলৰপৰ যাওঁতে যাওঁতে যেনে মাজ বাটত ৰৈ যায়!

কিন্ত মানুহৰ মাজত অলপমান সজাগতা আনিব পাৰিলে বা আঁচনি সমূহৰ লগত লাগি থকা বিষয়া সকলে সৎ আদৰ্শৰে কাম কৰিলে শিশু শ্রমিক দূৰ কৰিব পৰাকৈ কিছু পৰিবেশ সৃষ্টি নিশ্চয়কৈ কৰিব পৰা যাব। বিভিন্ন বেচৰকাৰী সন্থা যেনে বচপন বচাও আন্দোলন, কেয়াৰ ইন্ডিয়া, চাইল্ড লাইন, গ্লোবেল মার্চ এগেনছত চাইল্ড লেবাৰ, টলাছ এছোচিয়েচন, চাইল্ড ৰাইট আৰ ইউ আৰু ৰীডে ইন্দিয়া ইত্যাদি সংগঠনে শিশু শ্রমিক নির্মূলৰ বাবে বিভিন্ন দিশত কাম কৰিয়েই আছে। অনুভৱ হয় যেন এই বেচৰকাৰী সন্থাবোৰে এইক্ষেত্ৰত চৰকাৰতকৈ বেছি কাম কৰিছে। দৰিদ্ৰতা নিৰ্মূল নোহোৱালৈ বা সহজ জীৱিকাৰ পথ উপলদ্ধ নোহোৱালৈ শিশু শ্ৰমিকৰ সমস্যা একেবাৰে শেষ কৰাটো সম্ভৱ নহয় বুলি মানি লৈও এই ক্ষেত্ৰত বিকল্প চেষ্টাবোৰ কৰি যাবই লাগিব। আহক সকলোৱে একেলগে থিয় দিও সমাজত অলপ হলেও সজাগতা আনি শিশুক অন্ধকাৰ জগতৰপৰা তুলি আনি পোহৰাবলৈ চেষ্টা কৰো। কাৰণ আজিৰ শিশুৱেই ভবিষ্যতৰ নাগৰিক।

লেখক উত্তৰ লখিমপুৰ নিবাসী, ফোনঃ৮০১১৭৭৮০৩৮

No comments:

Post a Comment