প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বাঁহ শিল্পৰ এগৰাকী প্ৰচাৰবিমুখ শিল্পীৰ কথাৰে
ডাঃ বিৰাজ কুমাৰ শৰ্মা
বাঁহৰ শিল্প সৃষ্টিয়েই যাৰ জীৱন। সকলো কাম কাতি কৰি বাঁহৰ শিল্পৰ মাজত নিজকে বিলাই দিব খোজা এই ব্যক্তি তথা নিৰৱ শিল্পীজন হ’ল কামৰূপ জিলাৰ চাংসাৰিৰ স্থায়ী বাসিন্দা নব কুমাৰ শৰ্মা। পেচাত পশুচিকিৎসাৰ লগত জড়িত হৈ নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰা এই ব্যক্তিজনে ২০১০ চনত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। জন্মসূত্ৰে অসমৰ বৰপেটা জিলাৰ টিহুৰ অন্তৰ্গত ভালুকী গাৱঁৰ বাসিন্দা নব কুমাৰ শৰ্মাই কৰ্মৰ তাগিদাত অসমৰ পশুপালন বিভাগৰ পশুচিকিৎসা ক্ষেত্ৰ সহায়ক হিচাবে অসমৰ বিভিন্ন অঞ্চলত সেৱা আগবঢ়াই শেষত ২০১০ চনত চাকৰিৰ পৰা অবসৰ গ্ৰহন কৰি চাংসাৰিৰ সেনা চাউনিৰ সমীপত এখনি ঘৰ সাজি নিগাজীকৈ থাকিবলৈ লয়।

১৯৪৮ চনত জন্ম গ্ৰহণ কৰা শৰ্মাই পশু চিকিৎসাৰ লগতে নিৰৱে চলাই গৈছে শিল্প সাধনা | মূলত বাঁহৰ কাঠিত নিজৰ সুনিপুণ হাতৰ পৰশেৰে নিতৌ ন ন সৃষ্টি কৰি যাবলৈ সক্ষম হৈছে শৰ্মাই | শৈশৱত আৰ্থিক দৈন্যতাৰ সৈতে যুঁজিব লগা হওতে পঢ়াৰ খৰচ উলিয়াবলৈ বাঁহৰ শিল্প কলাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু পিছলৈ এনেকৈয়ে এই শিল্প কলাৰ লগত জড়িত হৈ পৰে | তাহানিতেই ১৯৭২-৭৩ চন মানত এক বাঁহৰ শিল্প প্ৰদৰ্শনীত নিজৰ শিল্প তথা বিভিন্ন সৃষ্টিৰাজী প্ৰদৰ্শন কৰি টিহু অঞ্চলৰ ৰাইজৰ বিপুল মৰম বুটলিবলৈ সক্ষম হৈছিল আৰু তেওঁৰ সৃষ্টিশীলতাক ৰাইজে ভূয়সী প্ৰশংসা কৰিছিলে।

তেওঁৰ বাঁহৰ শিল্পৰ ভিতৰত আছিল বাঁহৰ মূঢ়াৰে জীৱন্ত ৰূপ দি নিৰ্মিত কৰা হিন্দু ধৰ্মৰ বিভিন্ন দেৱ-দেৱীৰ মূৰ্ত্তি, বাঁহেৰে প্ৰস্তুত কৰি উলিওৱা শৰাইঘাট দলং, যিখন প্ৰত্যক্ষ কৰি কাহানিও শৰাইঘাট দলং দেখি নোপোৱা ৰাইজ আপ্লুত হৈছিল, বাঁহৰ কাঠিৰে প্ৰস্তুত কৰা বিভিন্ন ফুল আদি আছিল অন্যতম | অকল মাত্ৰ বাঁহেৰে প্ৰস্তুত কৰা শিল্প কৰ্মৰ মাজতে নিজকে আৱদ্ধ নাৰাখি তৈল চিত্ৰ অংকন কৰিও সেই সময়ত নব কুমাৰ শৰ্মাই সমগ্ৰ টিহু অঞ্চলৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিলে যিবোৰ চিত্ৰশিল্পত ফুটি উঠে সামাজিক ঘটনা প্ৰবাহৰ দৃশ্যৰাজি |

ইয়াৰোপৰি শৰ্মা নাট্য শিল্পৰ লগতো জড়িত আছিল আৰু তেখেতে অভিনয় কৰা মোগল সম্ৰাট ঔৰংগজেৱৰ চৰিত্ৰ, ডকাইতৰ চৰ্দাৰ জাগ্ৰ সিঙৰ চৰিত্ৰ আদি আজিও সেই অঞ্চলৰ বয়োজ্যেষ্ঠ সকলৰ মনত সজীব হৈ আছে | অকল যে নিজৰ জন্মস্থান টিহু অঞ্চলতেই যে নাট অভিনয় কৰিছিলে এনে নহয়, চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইৰ কৰ্মক্ষেত্ৰটো স্থানীয় অঞ্চলত নাট অভিনয়ৰে দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল | এক কথাত ক’বলৈ হ’লে শৰ্মা এক বহুমূখী প্ৰতিভাৰ ব্যক্তি। তেওঁ চাকৰি কালত য’লৈকে গৈছে, পশুচিকিৎসা সেৱাত যেনেদৰে সুনাম আৰ্জিছে, শিল্পী হিচাবেও ৰাইজৰ মাজত সমানেই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

নিজস্ব চিন্তাধাৰাৰে বাঁহ আৰু বাঁহৰ কাঠিৰে তেওঁ প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ ফুল, দেৱ-দেৱীৰ মূৰ্ত্তি, বিভিন্ন বৰেণ্য ব্যক্তিৰ মূৰ্ত্তি, বিভিন্ন জীৱ-জন্তুৰ মূৰ্ত্তি আদি প্ৰস্তুতেৰে শৰ্মাই নিজৰ সাধনা অব্যহত ৰাখিছে | সেই সময়ৰ টিহু সাহিত্য সভাৰ অধিবেশনত তেওঁৰ চিত্ৰ প্ৰদৰ্শনী তথা শিল্প কলাত মুগ্ধ হৈ সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাদেৱে শৰ্মাক বহুমুখী প্ৰতিভাৰ গৰাকী বুলি কৈ ভূয়সী প্ৰশংসা কৰিছিল আৰু আগুৱাই যাবৰ বাবে উৎসাহ দিছিলে আৰু যি কথা শৰ্মাই আলফুলে সাঁচি থোৱা সুধাকন্ঠৰ স্বাক্ষৰ সম্বলিত সেই অট’গ্ৰাফৰ পৃষ্ঠাত আজিও স্পষ্ট হৈ আছে।

পিছত চাকৰিৰ কৰ্মব্যস্ততাৰ মাজত তেওঁৰ শিল্প সাধনা কিছু পৰিমানে স্থবিৰ হৈছিল যদিও অৱসৰৰ পিছত যেন তেখেতৰ শিল্পী সত্ত্বা পুনৰ প্ৰাণ পাই উঠিছে। চাকৰি কালতো ঢৌতে খৰ মাৰি সময় উলিয়াই দুই এখন চিত্ৰ প্ৰদৰ্শনীৰে তেওঁ নিজৰ সৃষ্টিশীলতাৰ উমান ৰাইজক দি গৈছে | শেহতীয়াকৈ শৰ্মাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাতো বাঁহেৰে নিৰ্মিত হস্তশিল্প প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।

আৰ্টফেডটো শৰ্মাৰ সামগ্ৰীয়ে যথেষ্ট সমাদৰ লাভ কৰিছে। সময়ৰ সতে হৃদৰোগ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ পৰা এইজনা প্ৰচাৰ বিমুখ স্থিতপ্ৰজ্ঞ শিল্পীয়ে বাৰ্ধক্যক প্ৰশ্ৰয় নিদি প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱতো অকল মাত্ৰ নিজৰ প্ৰতিভাৰ বলত আৰু নিজৰ শিল্পী সত্ত্বাৰ বাবে নিৰবে নিজৰ সাধনা অব্যাহত ৰাখিছে | এনে এজন শিল্পী নব কুমাৰ শৰ্মাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো |

No comments:

Post a Comment