Friday, June 19, 2015

চিন্তন

অসমৰ বাবে কিছু সময়োপযোগী চিন্তা
হিতেন্দ্ৰ কুমাৰ শৰ্মা 
অসম নামটো শুনিলেই প্ৰবাসত থকা অসমীয়া সকলৰ মনত এটা শিহৰণে দোলা দি যায়। নিজৰ মাতৃভূমিৰ নামমাত্ৰ শুনিলেই মনত অনুভূতিৰ জন্ম হয়। বৃত্তি আৰু পেছাৰ খাতিৰত বাহিৰত থকাসকলেহে এই টান বুজিব পাৰে। বহুতো প্ৰবাসী অসমীয়াই মনত এনেকুৱা এটা গোপন আশা পুহি ৰাখে, কেতিয়াবা আমাৰ অসমখনো উন্নত আৰু ঔদ্যোগিক ৰাজ্য হব, আমি নহলে আমাৰ পৰৱৰ্ত্তী প্ৰ্জন্মই অসমত সংস্থাপন পাব পৰাকৈ ঠাইখিনি উন্নত হব। কিন্তু বৰ্ত্তমানৰ ৰেহৰুপ চাই সেই আশা সুদূৰপৰাহত যেন লাগে ।

সকলোতে কেন্দ্ৰ চৰকাৰৰ প্ৰবঞ্চনাৰ দোহাই দি থাকিলেই আমাৰ চৰকাৰৰ কাম শেষ নেকি বাৰু? কেন্দ্ৰ চৰকাৰে অসমত আই.আই.টি, চিপেট(CIPET), কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এন.আই.টি (NIT.Silchar),চি.আই.টি দিলে কিন্তু এই অনুষ্ঠান সমূহৰ পৰা ওলাই সেই পৰ্য্যায়ৰ সংস্থাপন পাব পৰা সুবিধা মুঠেও হোৱা নাই উত্তৰ-পূবত। আমি এই অনুষ্ঠানবোৰক লৈ গৌৰৱ কৰো, কিন্তু ইয়াত পঢ়া মেধাবী যুৱক-যুৱতী সকল (অসম আৰু ভাৰতৰ অন্য প্ৰান্তৰ পৰা পঢ়িব অহা) অসমত থাকে নে পাছ কৰি ওলোৱাৰ পিছত? নাথাকে, থাকিব নোৱাৰে। যিকেইজনে অসমৰ তেল কোম্পানীবোৰত বা মহাবিদ্যালয়ত প্ৰবক্তাৰ চাকৰি পালে, বা কোনো চৰকাৰী বিভাগত চাকৰি পালে সেই নগণ্যতম গোটটোক বাদ দিলে বাকী সকলো ৰাজ্যৰ বাহিৰ হয়। কিন্তু বাংগালোৰ,চেন্নাই, দিল্লী, গুজৰাট আদি ঠাইত পঢ়িবলৈ গলে পঢ়ি ওলোৱাৰ পিছত তাতেই সংস্থাপন হৈ যায়, সেয়েহে ঘৰলৈ ঘূৰি অহা নহয় আৰু। সেই ৰাজ্য চৰকাৰবোৰে তাত তেনেকৈ উদ্যোগ আৰু সংস্থাপনৰ ব্যৱস্থা কৰিছে, গতিকে মানৱ সম্পদৰ যি উন্নয়ন তাত হয় তাৰ পূৰ্ণ লাভ সেই ৰাজ্যখনে লবৰ চেষ্টা কৰে আৰু বহুপৰিমাণে সফলো হয় ।

গেছ ক্ৰেকাৰ প্ৰকল্পটোক লৈ আমি বহুত আশাবাদী আছিলো, যে এই প্ৰকল্পটো হলে তাৰ লগত জড়িত বহুত উদ্যোগ গঢ় লৈ উঠিব, বিশেষকৈ প্লাষ্টিক আৰু পলিমাৰ উদ্যোগ। কিন্তু প্ৰকল্পটো শেষ হও হও পৰ্য্যায় পোৱাৰ পিছতো এটাও তেনে উদ্যোগ গঢ়ি উঠা আমাৰ দৃষ্টিগোচৰ হোৱা নাই । প্ৰকল্পটোত উপাদন আৰম্ভ হোৱাৰ পিছত যি পলিমাৰ ওলাব (ইথিলিন,প্ৰপিলিন,ষ্টাইৰিন ইত্যাদি) সেইবোৰ প্লাষ্টিক উদ্যোগৰ কাৰণে কেঁচামাল হিচাবে কাম কৰে । ইয়াত যদি এইবোৰৰ সদ-ব্যৱহাৰ নহয় তেন্তে নিশ্চিতভাবে ৰাজ্যৰ বাহিৰলৈ পঠোৱা হব, অন্য ৰাজ্যৰ উদ্যোগক যোগোৱাৰ বাবে। ঠিক তেনে সময়তে এটা আন্দোলনে গা কৰি উঠিব, যে ৰাজ্যৰ সম্পদ বাহিৰলৈ কিয় পঠোৱা হৈছে? তাৰ পিছত ধৰ্ণা, পথ অৱৰোধ, অসম বন্ধ ইত্যাদি ইত্যাদি। কিন্তু অলপ দূৰদৰ্শী হৈ চৰকাৰ আৰু আন্দোলনকাৰী সকলে উদ্যোগ গঢ়িবলৈ কি কৰা আৱশ্যক সেই বিষয়ে চিন্তা চৰ্চা নকৰে।

আচলতে আমাৰ সমস্যাটো হʼল, আমাৰ সংগঠনবোৰ (অকল ছাত্ৰ সংগঠন নহয়) আৰু চৰকাৰ proactive আৰু দূৰদৰ্শী নহয়। সমস্যা এটা বাঢ়ি গৈ যেতিয়া জটিল পৰিস্থিতি পাব তেতিয়াহে সকলোৰে গা লৰে। বৃহ
নদীবান্ধৰ কথাই ধৰক, যদি এই বান্ধটো অসমৰ হিতৰ বিপৰীত আছিল তেনেহেলে বিজ্ঞজনে, চৰকাৰে আৰু সংস্থাবোৰে আৰম্ভণিৰ পৰ্য্যায়তে কামটো আগ বাঢ়িব দিব নালাগিছিল, দৰকাৰ হʼলে আন্দোলন সেই সময়তে কৰিব লাগিছিল। এতিয়া যিবিলাক সমস্যা দেখুৱাই এই বান্ধটো অহিতকাৰী বুলি আন্দোলন কৰা হৈছে, সেই বিষয়বোৰ আৰম্ভণিৰ পৰাই আছিল কিন্তু কোনোৱে মাত মতা নাছিল। এতিয়া শ শ কৌটি টকা নিবেশ হৈ যোৱাৰ পিছত বান্ধটো আধাতে বন্ধ কৰিব লাগে বোলাটো যুক্তিপূৰ্ণ নহয়। সেই টকাবোৰ আমাৰেই জেপৰ পৰা ওলোৱা, ৰাজকোষৰ ধন, বিশেষকৈ চৰকাৰী কোম্পানীৰ ক্ষেত্ৰত।

আই এম ডিটি আইন খন অসম চুক্তিৰেই ফলশ্ৰুতি, আকৌ আন্দোলন কৰি ইয়াক বাতিলো কৰা হʼল বহুবছৰ পিছত। কিন্তু সেইখন থাকোতে বা এতিয়া বাংলাদেশী বিতাৰণত কি প্ৰভাৱ পৰিছে জনা নাযায়। কিন্তু একেটা বস্তু লাগে, তাৰ পিছত নালাগে বুলি দুটা বৃহ
আন্দোলন হৈ গʼল, কেন্দ্ৰ চৰকাৰে সৈ মানিলে। এতিয়া তাৰ ফলাফল একো নাই, কবলৈও একো নাই গতিকে সব মৌন। নতুন কিবা বিষয় লাগে এতিয়া আন্দোলন কৰিবলৈ ।

বেয়া লাগে অসম তথা সমগ্ৰ উত্তৰ-পুবৰ, যত প্ৰাকৃতিক সম্পদে ঠাহ খাই আছে, ঔদ্যোগীকৰণৰ হতাশাজনক ছবিখন দেখিলে। মৰুভূমি বা সম্পদহীন পৰিত্যক্ত ঠাই হলেও কথা বেলেগ আছিল। ঔদ্যোগীকৰণৰ বাবে প্ৰথম চৰ্ত হʼল স্থিৰ সামাজিক অৱস্থা আৰু পৰ্য্যাপ্ত শক্তি সৰবৰাহ। অসম তথা উত্তৰ পুবত দুয়োটাৰে অভাৱ। যʼত অসমীয়াৰ সংজ্ঞাই ঠিক হোৱা নাই, বাংলাদেশী সমস্যা, জনজাতি আৰু স্বায়ত্ব শাসন, উগ্ৰপন্ঠীৰ সমস্যাই সমাধান হোৱা নাই তেনে ক্ষেত্ৰত ঔদ্যোগীকৰণৰ নম্বৰ লিষ্টখনৰ বহু তলত থকাটো স্বাভাৱিক। কেইটামান অৰ্ধ চৰকাৰী তেল কোম্পানী, আৰু অসম চুক্তিৰ কৃপাত পোৱা উদ্যোগক লৈ ৰাজ্য আগুৱাব নোৱাৰে যদিহে ব্যক্তিগত খণ্ডই ৰজাঘৰৰ সমৰ্থন,উসাহ আৰু সাহায্য নাপায়। গুজৰাট, তামিলনাডু, দিল্লী, পাঞ্জাব আদি ঠাই বিক্ষিপ্ত ঘটনাত বাদে সামাজিক অৱস্থা যথেষ্ট স্থিৰ, তাত মানুহৰ সময় নাই এইবোৰ কথা ভাবিবলৈ। সকলো কামত ব্যস্ত কাৰণ সেইবোৰ সমস্যা চৰকাৰৰ নিয়ন্ত্ৰণত ।

অসম প্ৰাকৃতিক সম্পদৰ লগতে প্ৰতিভাৰেও ঠাহ খাই আছে । কিন্তু ৰাজ্যখনে ইয়াৰ লাভ লবলৈ সক্ষম হোৱা নাই । তাৰ বাবে সুদূৰ প্ৰসাৰী পৰিকল্পনা লাগিব, ব্যক্তিগত খণ্ডক আমন্ত্ৰণ দিব লাগিব, সুবিধা দিব লাগিব তেহে ৰাজ্যৰ সৰ্বাংগীন উন্নতি হব। সদায় victim card দেখুৱালে বা ভুক্তভোগীৰ পাত্ৰত থাকিলেই নহব, ক্ষমতাৰ খোৱা কামোৰাৰ বাহিৰত ওলাব লাগিব, আন্দোলন গঠনাত্মক হব লাগিব বাধাত্মক নহয়। নহলে আমি চিঞৰিয়েই থাকি যাম আৰু আমাৰ সম্পদ তথা প্ৰতিভাৰে অন্য ৰাজ্য অগ্ৰগতিমান হৈ থাকিব ।
লেখক আহমেদাবাদ, গুজৰাটত কৰ্মৰত, ফোন- ৯৯০৪০৮২১২১

No comments:

Post a Comment