পৰ্যালোচনা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সশস্ত্ৰ সংঘাত বনাম পৰিবৰ্তিত সময়
অজয় লাল দত্ত

“Be realistic, demand the impossible!” ― Che Guevara

বিশ্বৰ সংগ্ৰামী চেতনাৰ প্ৰতিভূ স্বৰূপে উজলি উঠা চে গুৱেভাৰাৰ এই উক্তি প্ৰায়েই মনলৈ আহে। তেওঁ কৈছিল, বাস্তৱবাদী হোৱা, অসম্ভৱটো দাবী কৰা। "গে'ৰিলা ৱাৰফেয়াৰ", যিখন গ্ৰন্থ তৃতীয় বিশ্বৰ উগ্ৰবাদী সকলৰ বাবে এখন হাতপুথি স্বৰূপ বুলি জনাজাত, সেইজনা লেখকৰ উদ্ধৃতি দিয়েই বৰ্তমানৰ পৰিস্থিতিত উত্তৰ-পূৱৰ সশস্ত্ৰ পন্থা গ্ৰহণ কৰা সকলৰ স্পৰ্শকাতৰ বিষয়টোত আলোকপাত কৰিবলৈ বিচৰা হৈছে। 

বৰ্তমান কুৰিৰ দেওনা পাৰ হোৱা নতুন প্ৰজন্মৰ যি সকল চ'ছিয়েল মেডিয়াৰ প্ৰচাৰৰ ঢৌত অভ্যস্ত, সেই সকলৰ বেছি ভাগেই অসম উত্তাল কৰা বিভিন্ন আন্দোলন, সশস্ত্ৰ সংঘাতৰ উত্থান, সামৰিক বাহিনীৰ অভিযান, উগ্ৰপন্থী আৰু সেনাৰ সৃষ্ট সন্ত্ৰাসত পিষ্ট হোৱা জটিল সময়ৰ সমাজ-জীৱনৰ সৈতে পৰিচিত নহয়। তেওঁলোক আজিৰ প্ৰজন্ম, তেওঁলোকৰ দৃষ্টিত চাগৈ অৰণ্যত থকা সকল অবাস্তৱ কিছু দাবী তোলা, আৰু বিপ্লৱ বুলি লাগি থাকা, ধৰণৰ ধাৰণাৰে পৰিচালিত লোকৰ সমষ্টিৰ বাদে একো নহয়!

হয়, প্ৰাক্-স্বাধীনতা কালৰ বৃটিছৰাজ তথা তাৰো আগৰ স্বাধীন ৰাজ্য, জনজাতীয় ক্ষুদ্ৰ ৰাজ্য, পাহাৰীয়া গাঁও, পৰ্বত-পাহাৰৰ ইপাৰে-সিপাৰে সংযোগহীন অঞ্চল কিছুমানৰ ইতিহাসক ভেটি কৰি একালত “সাবৰ্ভৌম স্বাধীন অঞ্চল বা দেশ” গঢ়াৰ সপোন দেখা কিছুমান ডেকা-গাভৰুৱে সেইসময়ত ঘৰ এৰি বন্দুক হাতত তুলি লৈছিল। সেই সময়ত চাগৈ সেই সপোনৰো প্ৰাসংগিকতা আছিল, জনসাধাৰণেও সহমৰ্মিতা প্ৰকাশ কৰিছিল। মন কৰিব, এই আৰম্ভণিৰো কিন্তু কেইবা দশক পাৰ হৈ গৈছে। কোনোটো স্বাধীনতা বিচৰা উত্তৰ-পূৱৰ উগ্ৰপন্থী সংগঠনৰ আৰম্ভণি বৃটিছ ৰাজৰে, কোনোটোৰ পঞ্চাশ বছৰৰ অধিক অথবা অসমৰ ক্ষেত্ৰতো এই দাবীৰ উকমুকনিয়ে তিনিটা দশকতকৈ বেছি অতিবাহিত কৰিছে। বেছি ভাগ সংগঠনৰ সৈতে ভাৰত চৰকাৰৰ পক্ষৰ পৰাও এই সামৰিক সংঘাতৰ বিষয়টোত একাধিকবাৰ আলোচনাৰ প্ৰক্ৰিয়া নোহোৱা নহয়। কোনোবাটো যদি আলোচনাৰত, কোনোবা যুদ্ধ-বিৰত, কোনো আকৌ কোনো পধ্যেই আলোচনাৰে মীমাংসা কৰাৰ পক্ষত নহয়। ৰাষ্ট্ৰয়ো বিষয়টোত কেতিয়াবা গাজৰ, কেতিয়াবা লাঠি নীতি সাৰোগত কৰি আহিছে। এইদৰেই দশক-কাল, সময় গৈ আছে, সমস্যা সমস্যাহৈয়ে ৰৈছে। কিন্তু বাস্তৱত আজিৰ তাৰিখত এই “ইতিহাসৰ ভিত্তিত কাল্পনিক দাবী”ক লৈ কৰা বিপ্লৱেই কওক বা সশস্ত্ৰ সংগ্ৰামৰ প্ৰাসংগিকতা, সঁচাই সময়ে জীয়াই ৰাখিছেনে? সেয়া এক প্ৰশ্ন ৰূপে নিঃসন্দেহে মূৰ দাঙি উঠিছে।

বিগত দশক কেইটাত বিশ্বৰ বজাৰৰ সৈতে উন্মুক্ত হৈ পৰা গোলকীকৃত বজাৰ নীতি, তাৰ প্ৰভাৱত ক্ৰমাত সলনি হোৱা আৰ্থ-সামাজিক স্থিতিৰ পৰা অসম তথা উত্তৰ-পূৱো অস্পৃশ্য হৈ ৰোৱা নাই। তাৰ সৈতে সলনি হোৱা মানুহৰ আশা-আকাংক্ষা আৰু তাৰ ভেটিত গঢ় লোৱা নতুন ৰাজনৈতিক চিন্তা-চেতনাৰ পৰিবৰ্তিত দিশে কিন্তু এই কেইবাদশক পুৰণি “স্বাধীনতাৰ স্বপ্ন”ৰ লক্ষ্যক ক্ৰমাত গণ-বিচ্ছিন্ন আৰু ধূসৰ কৰি আনিলে। ক্ষুদ্ৰ জাতীয়তাবাদৰ বিপৰীতে বিশাল ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ চিন্তাৰ বিকাশে উত্তৰ-পূৱৰো জনমানসত প্ৰভাৱ বিস্তাৰ কৰিলে। আনকি জাতীয়তাবাদৰ প্ৰৱক্তা স্বৰূপ নেতৃস্থানীয় লোক সকলৰ এচামেও ৰাষ্ট্ৰীয় দলৰ ধ্বজবহন কৰাৰ পৰিবৰ্তন দেখিবলৈ পোৱা গৈছে। এওঁলোকৰ প্ৰভাৱ আৰু প্ৰচেষ্টাতো সাধাৰণ মানুহৰ মাজতো পূৰ্বৰ বিচ্ছিন্নতাবাদী ভাৱ প্ৰশমিত হোৱা বুলি অনুভৱ কৰিব পাৰি। জনজাতীয় নেতাক স্বায়ত্তশাসন, ৰাজনৈতিক ক্ষমতাৰে নিজৰ প্ৰভুত্ব বিস্তাৰৰ সুবিধা কৰি দিয়া ৰাষ্ট্ৰৰ নীতিয়ে আৰু সৰু সৰু জাতি-জনগোষ্ঠী সমূহৰ মাজত ৰাষ্ট্ৰৰ “বিভাজন আৰু শাসনৰ” নীতিয়ে ৰাজ্যভিত্তিক বা জাতিভিত্তিত গঢ় লোৱা আঞ্চলিকতাবাদী বা জাতীয়তাবাদী ৰাজনৈতিক চিন্তাৰ গতিক কিছু পৰিমানে হলেও লেকাম লগাইছে। উন্নয়ন পুঁজিৰ ঠিকা-ঠুকলিৰে ৰাষ্ট্ৰৰ অমৃত ভোগৰ ভাগ পোৱা, এচাম মানুহৰ সৃষ্টি কৰিছে। পঞ্চায়তীৰাজৰ জৰিয়তেও ক্ষমতা তথা দুৰ্নীতিৰ সবৰ্ত্ৰ বিকেন্দ্ৰীকৰণ হৈছে। ফলত এচাম আমাৰ সমাজৰে আগৰণুৱাই কেন্দ্ৰই এই অঞ্চলসমূহৰ উন্নয়নৰ জৰিয়তে, বিকাশেৰে মন জিনাৰ পৰিকল্পনাৰে দিয়া ধন আত্মসাত কৰাৰ এক নতুন চিষ্টেম এটা তৈয়াৰ কৰি লৈছে। এনে প্ৰকল্পৰ ধনৰ ভাগ সশস্ত্ৰ সংগঠনেও পোৱাৰ অভিযোগ আছে। উদ্যোগ বা বাণিজ্যৰ বাবে অহা সংস্থা সমূহৰ পৰা বৰঙণিৰ বিনিময়ত কোনো কোনো সংস্থাক প্ৰতিযোগিতাহীন একচেতিয়া ব্যৱসায় চলাবলৈ লাইচেন্স দিয়াৰ ব্যৱস্থাও গঢ় লৈ উঠিছে। সন্ত্ৰাস অধ্যুষিত দেশৰ আন অঞ্চলতো কোম্পানী আৰু নিষিদ্ধ সংগঠনৰ সম্পৰ্কৰ কথাও পোহৰলৈ আহিছে। আলোচনা প্ৰক্ৰিয়াৰ লেহেম গতি, ৰাষ্ট্ৰৰো আগ্ৰাসী সমাধানমূলক নীতিৰ অভাৱ, ৰাজনৈতিক সদিচ্ছাৰ অভাৱ, নিৰ্বাচনৰ সময়ত ৰাজগাদী লোৱাৰ বাবেই এই গোটসমূহৰ সৈতে ভিতৰুৱা বুজাবুজিৰ অভিযোগ আদিৰ লগতে এই স্থিতাৱস্থাৰ ফলত সৃষ্টি হোৱা পাৰস্পৰিকভাৱে লাভজনক পৰিবেশৰ বাবেই উগ্ৰবাদৰ সমস্যাটোৰ আজিলৈকে সমাধান হোৱা নাই বুলি অনুভৱ কৰিব পাৰি।
 
ওপৰৰ আলোচনাত সশস্ত্ৰ সংগঠন সমূহৰ বিধ্বংসী কাৰ্যকলাপ অথবা সাংগঠনিক উত্থান পতনৰ কথা বিচাৰ কৰা হোৱা নাই। হয়, বহুতো ভুল, ত্ৰুটিৰ মাজেদি চলি থকা এনে বিপ্লৱৰ পৰা বহু লোকেই বিভিন্ন সময়ত সংগঠনৰ পৰা ওলাই আহিছে। কোনো আদৰ্শগত সংঘাত, ব্যক্তিগত স্বাৰ্থ, ৰাষ্ট্ৰৰ সৈতে আলোচনা, লক্ষ্যৰ বাস্তৱিক অৰ্থহীনতাৰ অনুভৱ, পৰিয়ালৰ স্বাৰ্থ, ব্যক্তিগত বিবেচনা আদি বিভিন্ন কাৰকে এই সংগঠন সমূহক নিশ্চয়কৈ প্ৰভাৱিত কৰিছে। তাৰে ভিতৰত পৰবৰ্তিত বজাৰ-নিৰ্ভৰ, ভোগবাদী জীৱনধাৰাৰ প্ৰলোভনো যে এটা পৰোক্ষ কাৰক তাক অস্বীকাৰ কৰিব নোৱাৰি। 

গোলকীকৰণৰ প্ৰভাৱত উত্তৰ-পূৱতো আৰম্ভ হোৱা ব্যৱসায় বাণিজ্যৰ বিস্তৃতি, উদ্যোগীকৰণ, কেঁচা মাল আহৰণ, পেশাদাৰী তথা প্ৰশিক্ষিত মানৱ সম্পদৰ আগমন, বৰ্হিগমন, পৰিবেশ আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ, উচ্চ শিক্ষা আহৰণৰ তাগিদা, উন্নত কৰ্ম সংস্থানৰ বাবে উত্তৰ-পূৱৰ পৰা ভাৰতৰ বিভিন্ন উন্নত চহৰলৈ যাব পৰা সুগম সুবিধা, সংবাদ মাধ্যম, ইলেক্ট্ৰনিক মেডিয়াৰ সৰ্বব্যাপি বিস্তৃতি, গাঁৱে-ভূঞে বাট-পথৰ উন্নয়ন, পঞ্চায়তীৰাজৰ জৰিয়তে ন-ন লোকৰ শাসনৰ জুতি লোৱাৰ সুবিধা আদি বিভিন্ন কাৰকেও এই অঞ্চলৰ জনমানসৰ পূৰ্বৰ মানসিকতা আৰু সপোনক সলাই পেলোৱা নাইনে?

স্বাধীনতাৰ পাছত উন্নয়নশীল দেশ হিচাবে মিশ্ৰিত অৰ্থনীতিৰে আগবাঢ়ি যোৱা ভাৰতক যোৱা তিনিটা দশকৰ গোলকীকৰণে যেন বিকাশৰ দ্ৰুতবেগী মাৰ্গৰ ফালেই আগুৱাই লৈ গৈছে। প্ৰকৃতপক্ষে এয়া কিমান কল্যাণকাৰী বা সুদূৰ প্ৰসাৰী হৈছে, সেয়া বিশ্লেষণ নকৰিও কিন্তু, এই বিকাশ তথা উন্নত জীৱনধাৰা, প্ৰযুক্তিয়ে ৰূপ সলোৱাৰ পৰিস্থিতিত জীৱনক অধিক সুচল ৰূপত পোৱাৰ বাসনাৰ প্ৰতি তাড়ণা অনুভৱ কৰিবলৈ উত্তৰ-পূৱৰ প্ৰায়বোৰ সচেতন মানুহেই আকৰ্ষণ অনুভৱ কৰিছে।

ভাৰতীয় দলৰ ক্ৰিকেটৰ বিজয়ত যিদৰে আত্মহাৰা হৈছে, সেইদৰে মংগালাযানৰ সফলতাতো উত্তৰ-পূৱৰ নৱ-প্ৰজন্ম উতফুল্লিত হৈছে, একাত্ম হৈছে। বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ, ক্ৰীড়া ক্ষেত্ৰত সফলতা, শিক্ষাকে ধৰি সকলো ক্ষেত্ৰৰে বাণিজ্যিকীকৰণ, উন্নত জীৱনধাৰণ সামগ্ৰীৰ জনপ্ৰিয়তা, দেশী-বিদেশী কোম্পানীৰ বজাৰ লাভৰ সফলতা, সাংস্কৃতিক আগ্ৰাসন আদিয়েও প্ৰভাৱ পেলাইছে। দেশৰ মূল মূল চহৰ সমূহলৈ জীৱন জীৱিকাৰ তাড়ণাত প্ৰায় প্ৰতিখন গাঁৱৰে লোকৰ গমন আদিও উত্তৰ-পূৱত বিচ্ছিন্নতাকামী ভাৱনা প্ৰশমিত কৰাৰ অন্যতম কাৰক বুলিব পাৰি। মোদী মেজিকে চ’ছিয়েল মেডিয়া যোগে জোৱাৰ তোলা ভাৰতীয় অনুভৱৰ প্ৰভাৱো নুই কৰিব নোৱাৰা। অসমতো নিয়োগ পাবলৈ সক্ষম নোহোৱা এচামে প্ৰচলিত শাসন ব্যৱস্থাতে ৰাজনৈতিক দালালিত নামিছে, জাতীয়-নৃগোষ্ঠীয় সংগঠন আদি খুলি ভাত মোকোলাইছে আৰু এই স্থিতাৱস্থাৰ প্ৰতি মৌন সমৰ্থন জনাইছে। উত্তৰ-পূৱৰো প্ৰতিখন ৰাজ্যৰে বহু লোকেই বিদেশৰ লগতে ভাৰতৰ বিভিন্ন চহৰে নগৰে থাকিবলৈ লোৱা, স্থায়ী-অস্থায়ী কৰ্মী ৰূপে সেৱাৰত হোৱা, তেওঁলোকৰ আলমতে আনসকলো উন্নত সুযোগ সুবিধাৰ বাবে ওলাই আহিবলৈ সুবিধাৰ অনুভৱে আজিৰ প্ৰজন্মক সমৃদ্ধ ভাৰত চিন্তা-চেতনাৰ পৰা বিচ্ছিন্ন হৈ একোখন নিশকতীয়া ক্ষুদ্ৰ ৰাষ্ট্ৰৰ বাসিন্দা হবৰ বাবে কোনো পধ্যেই প্ৰেৰণা নিদিয়ে। 

উত্তৰ-পূৱৰ অগ্ৰগামী যুৱ-প্ৰজন্মই এতিয়া এই বিকাশ তথা প্ৰযুক্তিৰ যুগত খোজত খোজ মিলাই ভাৰতৰ বিভিন্ন ঠাইত নিজস্ব মেধাৰে নিজস্ব পৰিচয় দাঙি ধৰাত সক্ষম হৈছে। আধুনিক বিশ্বৰ সৈতে ফেৰ মাৰি উন্নত জীৱনধাৰাৰ সন্ধান কৰাৰ বাবে মন মেলিছে। এই বাস্তৱতাৰ মাজত বিকাশমান ভাৰতৰ পৰা আঁতৰি “ইতিহাসৰ ভেটিত স্বাধীন, সাৰ্বভৌম, বিচ্ছিন্ন দেশ”ৰ সপোনক কিমান জন নতুন পুৰুষে সমৰ্থন জনাব, সেয়াও আজিৰ এক স্পৰ্শকাতৰ প্ৰশ্নই। সময়ৰ পৰিবৰ্তনৰ সৈতে মানুহৰ স্বপ্নৰ পৰিবৰ্তনৰ কথাটোক কিন্তু তেতিয়াৰ মানুহৰ স্বপ্নক লৈ নিজৰ জীৱন-যৌৱন বিলীন কৰি দিয়া সকলেও এতিয়া সহৃদয়তাৰে অনুধাৱন কৰাৰ প্ৰয়োজন নিশ্চয়কৈ আছে।

পকিলে সৰিব বুলি ভবাটো নিশ্চয় বিপ্লৱ নহয়, চিঙি অনাটোহে বুলি বিশ্বাস কৰা চে-গুৱেভাৰাও কিন্তু জন-সমৰ্থনেৰে কিউবাত সফল হলেও, মানুহৰ মন জয় কৰিব নোৱাৰাৰ বাবেই বলিভিয়াত পৰাজিত হৈছিল। সেয়ে, অসম্ভৱ এটা দাবী কৰি সংগ্ৰাম কৰিলেও সেই দাবীৰ প্ৰতি আজিৰ তাৰিখত ক্ৰম-হ্ৰাসমান জন-সমৰ্থনৰ বাস্তৱতাক কিন্তু সশস্ত্ৰ সংঘাতৰ পথ বাচি লোৱা সকলেও অস্বীকাৰ কৰিব নোৱাৰে, সেয়াও নিশ্চিত।

No comments:

Post a Comment