সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ দাবীঃ
জাতীয় নেতাৰ ভূমিকা, প্ৰতিবাদ,
অনশন ইত্যাদি
অজয় লাল দত্ত
ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ প্ৰশাসনিক বিষয়াৰ পৰা পুলিচলৈ, আবকাৰীৰ পৰা খাদ্য পৰিদৰ্শকলৈ, চৰকাৰী কলেজ, প্ৰতিষ্ঠানৰ অধ্যাপক, মূৰব্বীৰ নিযুক্তিৰ বাবে পাৰদৰ্শী ব্যক্তিৰ সন্ধান কৰাৰ বাবে স্থাপিত হোৱা সাংবিধানিক সংস্থা অসম লোকসেৱা আয়োগ যে আজি নিকা হৈ থকা নাই সেইকথা ইতিমধ্যেই পোহৰলৈ আহিছে। বৰ্তমানৰ অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত হোৱা নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম আৰু স্বজন-তোষণ তথা বিত্তীয় কেলেংকাৰীৰ বাতৰিয়ে অসমৰ সংবাদ পত্ৰৰ শিৰোনাম দখল কৰাৰ উপৰিও কেইবালানি বিতৰ্কৰো সৃষ্টি কৰিছে। পাল ডাঙৰীয়াৰ সৈতে ফটো বিতৰ্কত সাঙোৰ খাই পৰা সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ স্থিতিক লৈও এতিয়া ৰাইজ সন্দিহান হৈ উঠিছে। যদিও এই বিতৰ্কৰ বাবে ভট্টাচাৰ্য ডাঙৰীয়াই বাতৰি কাকত স্পষ্টীকৰণৰ ৰূপত এখন চিঠি প্ৰেৰণ কৰিছে, কিন্তু সেই চিঠিৰে সেই ফটো প্ৰকাশ কৰি বিতৰ্কৰ সূত্ৰপাত কৰা হোমেন বৰগোহাঞি ডাঙৰীয়ালৈ তেওঁ প্ৰত্যাহ্বান জনাব পৰা নাই। এই বিষয়ক আঙুলি উঠোৱাৰ বাবে ভদ্ৰতাৰ সীমা চেৰাই নাযাবলৈ কৃষক মু্ক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা গণ মু্ক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক অখিল গগৈকহে মৌখিক ভাৱে টিভিৰ পৰ্দাত সোঁৱৰাই দিয়া দেখিবলৈ পোৱা গৈছে। পিছে তেখেতে অসমৰ নৱ-প্ৰজন্মৰ আৰু ভৱিষ্যতৰ বাবে অতিশয় স্পৰ্শকাতৰ বিষয়টোত সৱল স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই।

চৌপাশে লোকসেৱা আয়োগৰ দুৰ্নীতিৰ বাতৰিয়ে তালফাল লগাই থকা সময়তো তেওঁৰ আঙুলিৰ ঠাৰত চলা সদৌ অসম ছাত্ৰ সন্থাই ভিজা মেকুৰীৰ স্থিতিহে গ্ৰহণ কৰাত মানুহৰ সন্দেহ যে অমূলক নহয়, তাকেহে প্ৰতিপন্ন কৰাৰ দিশে আগবাঢ়িছে। যদি কোনো কেলেংকাৰী হৈছে, তেন্তে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱাৰ দৰে “তদন্ত ঘোষণাৰ ভেকোঁভাওনাৰ” সৰল দাবীৰ বাহিৰে উচ্চ পৰ্যায়ৰ চিবিআই জাতীয় তদন্তৰ বাবে ভট্ট ডাঙৰীয়াইও মত প্ৰকাশ কৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা দেখুওৱা বুলি অভিযোগ উঠিছে। অসমৰ প্ৰায়বোৰ জলন্ত সমস্যাতে অসমৰ বন্ধ, অৱৰোধ, ধৰ্ণা, প্ৰতিবাদ, সমদলেৰে কঁপাই তোলা আছুৰ এনে ক্ষীণ স্বৰ সঁচাই আশ্চৰ্যজনক! তাৰ বিপৰীতে বিজেপি দলৰ যুৱ সংগঠনৰ ফালৰ পৰাহে এদিন অসম লোকসেৱা আয়োগৰ চৌহদ উত্তাল কৰা দেখা গ’ল। বাকীবোৰ জনজাতীয়, জনগোষ্ঠীয়, জাতীয় যুৱ, ছাত্ৰ সংগঠনবোৰৰ যেন চকুতেই পৰা নাই ধৰণৰ স্থিতিও বৰ হতাশজনক নহয়নে? সংবাদমেল পাতি নতুন নতুন তথ্য সংবাদ মাধ্যমক দি, বিষয়টোত ন্যায়ালয়ৰ হস্তক্ষেপ বিচৰা আচাম পাব্লিক ৱৰ্কছ আৰু আন তথ্য জনাৰ অধিকাৰৰ আইনৰ অধীনত তথ্য পোহৰলৈ অনা কৰ্মীৰ তথ্য আৰু প্ৰচেষ্টাই বিষয়টোক আগুৱাই লৈ গৈছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে চ’ছিয়েল মেডিয়াত মাত মতাৰ পাছত ন্যায়ালয়লৈ যোৱাৰ কথা প্ৰকাশ কৰাৰ পাছত এদিন লোকসেৱা আয়োগৰ অফিচলৈ গৈ পৰামৰ্শদান কৰাৰ বাতৰিৰ পাছৰ স্থিতি স্পষ্ট নহয়। শেহতীয়াকৈ তেখেতে কংগ্ৰেছৰ ডুৱন্ত নাও ৰক্ষাৰ বাবে “মেট্ৰিক ফেইল কৰিও তিনিবাৰ মুখ্যমন্ত্ৰী” হোৱাৰ গৌৰৱৰ গৰাকী মুখ্যমন্ত্ৰীৰ সৈতে নিকট সম্পৰ্কলৈ উভতি যোৱাৰ স্থিতি ৰাজহুৱা হোৱাৰ লগে লগেই পৰবৰ্তী সময়ত শাসকৰ বুকুৰ কুটুম ৰাকেশ পালক লৈ কি স্থিতি লব সেই বিষয়টোও এক প্ৰশ্নবোধক হৈ পৰিছে। এনেকুৱা পৰিস্থিতিতে অসমৰ ৰাইজে এতিয়া কাৰ মুখলৈ চাব জাতীয় এটা প্ৰশ্নৰ উদ্ভৱ হয়।

হয়, আপুনি অনুমান কৰাৰ দৰেই, তাৰ পাছতেই, অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ দাবীয়ে আকৰ্ষণীয় ৰূপ পাবলৈ সক্ষম হ’ল যেতিয়া অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি, গণ মু্ক্তি সংগ্ৰাম আৰু ছাত্ৰ মুক্তিৰ সদস্যই গণতান্ত্ৰিক প্ৰতিবাদ কৰি খানাপাৰাৰ চৌহদ কঁপাই তুলিলে। সমুজ্বল ভট্টলৈ আঙুলি দেখুওৱাৰ দুঃসাহসৰ বাবেই ঠায়ে ঠায়ে অন্ধভক্ত সমৰ্থকৰ সৈতে ছাত্ৰ-মুক্তিৰ সংঘাত হোৱাৰ বাতৰিও পোৱা গ’ল। তথাপি প্ৰথম পৰ্যায়ৰ প্ৰতিবাদৰ অন্তত পুলিচৰ বেৰিকেড ভাঙিও লক্ষ্যস্থানত গৈ স্মাৰক পত্ৰ প্ৰদান কৰিলে এই তিনিওটা সংগঠনৰ সদস্য সকলে।


কিন্তু এই স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ পাছত ছাল ডাঠ শাসক সকলে জানো সেই দাবীৰ প্ৰতি কিবা সঁহাৰি দিলে। স্মাৰক পত্ৰবোৰক ডাষ্টবিনলৈ দলিয়াই দিয়াটোৱেই এই গণতন্ত্ৰৰ প্ৰহৰী সকলৰ স্বভাৱজাত অধিকাৰ হৈ উঠাৰ অভিযোগটোৱেই ইয়াতে প্ৰতিপন্ন হ'ল। অসমৰ জনজীৱন তথা প্ৰশাসন যন্ত্ৰৰ মেৰুদণ্ডস্বৰূপ বিষয়াবোৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্পৰ্শকাতৰ বিষয়টোৰ ওপৰতো অসম চৰকাৰৰ গা-নলৰিল। তাৰ ফলতে আজিৰে পৰা অসম লোকসেৱা আয়োগৰ দ্বাৰা ৰাকেশ পালৰ অধ্যক্ষতাৰ কালত হোৱা নিযুক্তি প্ৰক্ৰিয়াবোৰৰ চিবিআই তদন্ত, অধ্যক্ষৰ অপসাৰণ আৰু আয়োগৰ আমূল সংস্কাৰৰ বাবে তপন লাল বৰুৱা কমিটিৰ পৰামৰ্শমতে পদক্ষেপ গ্ৰহণৰ বাবে দ্বিতীয় লানি আন্দোলনৰ কাৰ্যসূচী সংগঠনকেইটাই গ্ৰহণ কৰিছে।

ইফালে ৰাজ্য চৰকাৰে আই.এ.এছ বিষয়া এম.পি.বেজবৰুৱাৰ নেতৃত্বত এখন কমিটি পাতি দি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰা কিবা মডেল লব পাৰি নেকি তাক বিচাৰ কৰিবলৈ দিয়া বুলিও খবৰ প্ৰকাশ পাইছে। এই কমিটিয়ে লোকসেৱা আয়োগৰ সদস্য সকলৰ নিযুক্তিৰ বিষয়েও পৰামৰ্শৱলী দিব। কিন্তু বিগত চৈধ্য বছৰে তপন লাল বৰুৱাৰ ৫২দফীয়া পৰামৰ্শৱলীক ধোঁৱাচাঙত তুলি ৰখা এইখন চৰকাৰে আৰু তৃতীয় বিভাগ পোৱাৰ কেৰিয়াৰৰ সকলেও প্ৰথম শ্ৰেণীৰ চাকৰিত মকৰল হব নোৱাৰাৰ কথা নাই বুলি টুলুঙা কথা কোৱা মুখ্যমন্ত্ৰীৰ পৰা আমি সঁচাই কি আশা কৰিব পাৰিম? বেজবৰুৱা কমিটিৰ গঠনো, বতৰ ঠাণ্ডা হোৱালৈ বাট চোৱাৰ, সময় কিনাৰ ৰাজনৈতিক কাৰচাজি বুলি বুজিমনে, নে কিছুমান খেলিমেলি বিষয়ত চালিজাৰি চাবলৈ বুলি নিৰ্দেশ দিয়া একেজন মুখ্যমন্ত্ৰীৰ শুভবুদ্ধি উদয় হোৱা বুলি গণ্য কৰিম, সেয়াও এক প্ৰশ্ন হৈ উঠিছে।



বিষয়টোত আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ অনুমতি নোপোৱাৰ পৰিপ্ৰেক্ষিত কৃষক মু্ক্তি, ছাত্ৰ মু্ক্তি আৰু গণ-মু্ক্তি সংগ্ৰাম সমিতিয়ে তিনিদিনীয়া অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। পিছে এই কাৰ্যসূচীকো বিফল কৰিবলৈ পুলিচ বাহিনীৰ প্ৰয়োগ কৰা হৈছে। মহানগৰীৰ বিভিন্ন স্থানত প্ৰতিবাদীকাৰী সকলক প্ৰতিৰোধ কৰিবলৈ শক্তি প্ৰয়োগৰ খবৰো টিভিত প্ৰচাৰ হৈছে। প্ৰকৃততে চিবিআই তদন্ত ঘোষণা, বিতৰ্কিত অধ্যক্ষ ৰাকেশ পালক বিদায় দিয়া আৰু আয়োগৰ আমূল সংস্কাৰৰ বাট মুকলি কৰাত গগৈ চৰকাৰৰ যে আচলতে কোনো স্থিতিৰ সলনি হোৱা নাই তাকেই এই শক্তি প্ৰয়োগেৰে শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰিবৰ বাবে কৰা চেষ্টাই প্ৰতীয়মান কৰিছে। অনশনৰ দৰে এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদলৈ কিয় চৰকাৰ প্ৰশাসনে ভয় কৰিছে, সেয়াও এক ৰহস্যই নহয়নে? ভাৰতীয় সংবিধানে দিয়া এই প্ৰতিবাদৰ অধিকাৰো কি এইখন চৰকাৰে মানুহৰ পৰা হনন কৰিব খুজিছে?

এই জটিল সময়ত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সচেতন ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, আবাল-বৃদ্ধ বনিতাই দল-মতৰ বেৰা নেওচিও অসমখন ক্ৰমাত চাকৰি কিনা দিন ডকাইতৰ হাতলৈ গুচি যোৱাৰ পৰা ৰক্ষা কৰাৰ গণতান্ত্ৰিক যুঁজত নমাৰ সময় আহি পৰিছে। ৰাজনৈতিক দল সমূহে বা আন জাতীয় সংগঠনক পেশা হিচাবে গ্ৰহণ কৰা নেতা জাতীয় মানুহবোৰে এই আয়োগক নিজা আঙুলিৰ তালত নচা পুতলা কৰি ৰাখিবলৈকে সদায়েই চেষ্টা কৰি আহিছে। সচেতন মানুহেই এই কথাবোৰৰ গুৰুত্ব বুজি ইয়াৰ বিৰোধিতা কৰিব লাগিব আৰু গণতান্ত্ৰিক প্ৰতিবাদৰ সৱল কণ্ঠৰে চৰকাৰখনক এই সমূহ নাৰ্যদাবী মানি লবলৈ বাধ্য কৰিব লাগিব। অসমৰ ধনী-দুখীয়া, সাধাৰণ ঘৰৰ মেধা সম্পন্ন সকলেও নিজৰ প্ৰতিভা প্ৰতিপন্ন কৰি দেশৰ-ৰাইজৰ সেৱাৰ বাবে নিকা প্ৰক্ৰিয়াৰে চাকৰি পোৱাৰ ব্যৱস্থা বাহাল হবই লাগিব। অন্যথা সাংবিধানিক সংস্থা সমূহৰ স্বকীয়তা আৰু স্বচ্ছতা এইদৰে লুণ্ঠিত হবলৈ এৰি দিলে সমাজৰ ভৱিষ্যত যে অন্ধাৰ হব, সেয়াও নিশ্চিত।

No comments:

Post a Comment