প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


কৃষি হওক অসমৰ অৰ্থনীতিৰ নতুন ভেটি
অগ্নিভ দত্ত
এটা সৰুতে শুনা/পঢ়া (সম্ভৱতঃ পঞ্চতন্ত্ৰৰ) কাহিনী আছিল এনে ধৰণৰঃ এসময়ত এখন ঠাইত এজন বৰ জ্ঞানী মানুহ আছিল। মুঠতে তেখেতে নজনা কথা মোটামোটি নাছিলেই বুলিব পাৰি। এবাৰ তেখেত ঘৰৰ পৰা ভালেমান দূৰৰ আন এখন ঠাইৰ এখন সভাত তেখেতৰ জ্ঞান বাণী শুনাবলৈ গ’ল। সভা শেষ হওঁতে ভালেমান পলম হ’লগৈ। ইফালে বতৰটোও বৰ বেয়া, আকাশখন ডাৱৰে ওন্দোলাই আনিব ধৰিছে। তেখেতে বেগাবেগিকৈ ঘৰলৈ বুলি খোজ পেলালে। ইফালে বাটত এখন নৈও পাৰ হব লাগিব তেখেতে। তাতে আকৌ এই বতৰত নাও পায় গৈ নে নাই সমস্ত চিন্তাত বিভোৰ হৈ নৈৰ পাৰ পালেহি। ইফালে সিফালে চাই দেখে ওচৰে পাজৰে দেখোঁ নাও এখনো নাই। কি কৰোঁ নকৰোঁকৈ থাকোঁতে হঠাৎ কিছু দূৰত এখন নাও দেখা পাই একো ইফালে সিফালে নোচোৱাকৈ ধুমুহাৰ গতিত গৈ নাও খনৰ ওচৰ পালেগৈ। এতিয়াহে আকৌ লাগিল লেথা, নাৱৰীয়াই নাও সামৰি যাব ওলাইছে ঘৰ তাতে আকৌ বতৰটোও বৰ বেয়া। গতিকে নাৱৰীয়াই একেষাৰতে না বুলিলে। এতিয়া পণ্ডিতজনে নিজৰ পৰিচয় দিলে নাৱৰীয়াক,তেতিয়াহে নাৱৰীয়াৰ গা লৰিল, এইহেন পণ্ডিতকনো কোন সতে বিপদত পেলাই যায় এইবুলি পণ্ডিতক নাৱত উঠাই যাত্ৰা আৰম্ভ কৰিলে। অলপ দূৰ যোৱাৰ পাচত পণ্ডিতজনে নাৱৰীয়াৰ লগত ইটো সিটো কথা পাতিব ধৰিলে। তেওঁ (পণ্ডিতে) কি কি জানে কিমান কিতাপ পঢ়িছে গাই যাব ধৰিছে,নাৱৰীয়াৰ যেন এইবোৰ শুনি নিজকে ধন্য মনাৰ বাহিৰে উপায় নাই তেনেকুৱা লাগিল। মাজে মাজে নাৱৰীয়াক সুধিছে নাৱৰীয়াই কি কি পঢ়িছে, কিজানে তেওঁ আদি। নাৱৰীয়াক এপাকত সুধিলে- বোলো নাৱৰীয়া তুমি ৰামায়ণ পঢ়িছানে? নাৱৰীয়াৰ না বুলি কোৱাৰ বাহিৰে যেন আন একো উপায় নাই। আকৌ এপাকত সুধিলে-নাৱৰীয়া তুমি গীতাৰ বিষয়ে কি জানা? আকৌ নাৱৰীয়াই নাই একো নাজানে বুলি কোৱাত পণ্ডিতে উপলুঙাৰ সুৰত কলে – কি জানাহে তুমি? তোমাৰ এইহেন জীৱন টো তেনেই মিছা আদি। এইবোৰ শুনি নাৱৰীয়াই ভাবিলে সঁচাই তেওঁৰ জীৱনটো একেবাৰে মিছাতে যোৱা বুলি। ইতিমধ্যে তেওঁলোক আহি প্ৰায় নৈখনৰ মাজ পাইছেহি। হঠাৎ বতৰতো অতিপাত বেয়া হৈ উঠিল। প্ৰবল গাজনি বিজুলীৰে ধুমুহা বৰষুণ আহিব ধৰিলে। নাওখন টুলুংভুটুং কৰিব ধৰিলে। লাহে লাহে এটা সময়ত নাও খনত পানী সোমাব ধৰিলে। কিছুসময়ৰ পাচত নাও খন বুৰিব ধৰিলে। নাৱৰীয়াই পণ্ডিতক কলে- পণ্ডিত প্ৰবৰ নাও বুৰ যাব ধৰিছে এতিয়া নাওৰ পৰা জাপ ধৰি সাঁতোৰাৰ বাহিৰে আন উপায় নাই। পণ্ডিতে কলে- কিন্তু মই যে সাঁতুৰিব নেজানো। এইবাৰ নাৱৰীয়াই পানীলৈ জাঁপ মাৰি চিঞৰি উঠিল- মই সাঁতুৰিব জানো,আৰু পণ্ডিত ডাঙৰীয়া মই আহিলো আপুনি কি যোগাৰ কৰে কৰক।

এই কাহিনীটো টানি অনাৰ উদ্দেশ্য এটাই- আমি কি জানিব লাগে বা শিকিব লাগে এইবোৰ সম্পূৰ্ণ নিৰ্ভৰ কৰে জীৱন যুদ্ধৰ পৰিস্থিতি আৰু পৰিবেশৰ ওপৰত আৰু পৰিবেশ,পৰিস্থিতিৰ খাপ খুৱাই নিজকে সক্ষম কৰি লোৱা প্ৰয়োজন। আমাৰ ৰাজ্যখনৰ ৭০শতাংশ মানুহ কৃষি কাৰ্য্যৰ ওপৰত নিৰ্ভৰশীল আৰু এক তৃতীয়াংশ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। এতিয়া ওপৰৰ উপস্থাপনাটোৰ কথালৈ আহোঁ, যেতিয়া আমাৰ জীৱন নিৰ্বাহৰ মূল আহিলাটোৱেই হ’ল কৃষি গতিকে সেইটোক ভালদৰে আয়ত্ব কৰি বা তাক উচিত অৰ্থত প্ৰয়োগ কৰিব লাগে যাতে প্ৰতিকূল পৰিস্থিতিতো তিষ্ঠি থকাত অকণো কষ্ট নহয় সেই নাৱৰীয়াজনৰ দৰেই। সেই কাৰণেই আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক উন্নতিৰ কৌশল তৈয়াৰ কৰাৰ সময়ত এই কথাটো মনত ৰখাটো অতি আৱশ্যক। কিন্তু সেইবিলাক কথাত আমি আচলতে কিমান গুৰুত্ব দিছোঁ?

যোৱা কেইবছৰমানত আমাৰ ৰাজ্যখনত পৰ্য্যাপ্ত পৰিমাণে চাউল উৎপাদন হোৱাৰ বাহিৰে স্বাধীনোত্তৰ কালত আমাৰ ৰাজ্যখনৰ কৃষিগত সামগ্ৰীৰ উৎপাদন বিশেষ সন্তোষজনক নহয় । ভৌগোলিক ভাবে আমাৰ ৰাজ্যখনৰ অৱস্থানে আমাক অনেক সুবিধা দিয়া স্বত্বেও আমি আজিও ভাৰতৰ আন আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল প্ৰায়বোৰ কৃষি সামগ্ৰীৰ বাবে । আজিৰ দিনটোত খেতি কেৱল পৰম্পৰাগত পদ্ধতিৰে কৰি সফল হোৱা কঠিন। সফল কৰিবলৈ লাগিব বৃহৎ পৰিকল্পনা আৰু গঢ়ি তুলিব লাগিব এক নিপুণ কৰ্ম্মদল। তাৰ বাবে অকল চৰকাৰৰে দায়িত্বৰ ওপৰত নিৰ্ভৰ কৰিলে ন’হব। অৱশ্যেই চৰকাৰে উচিত নীতি নিৰ্ধাৰণ কৰি সামগ্ৰিকভাৱে এক সুচল পৰিবেশ গঢ়াত সহায় কৰি দিব লাগিব।

আমাৰ ওচৰ চুবুৰীয়া দেশ চীনৰে এটা সৰু উদাহৰণ দিওঁ এইখিনিতে। চীন দেশৰ কৃষি উপযোগী মাটি দেশখনৰ মুঠ মাটিকালিৰ মাত্ৰ ১৫ % কিন্তু দেশখনে বিশ্বৰ ২০ % জনসংখ্যাৰ কাৰণে কৃষি সামগ্ৰী উৎপাদন কৰে। এইয়া সম্ভৱ হৈছে দেশখনে হাতত লোৱা উন্নত আৰ বেছি কাৰ্য্যক্ষম প্ৰণালীৰ উপযুক্ত ব্যৱহাৰৰ কাৰণে। যদিও চীনৰ কৃষি উৎপাদনৰ ইতিবাচক তথা নেতিবাচক কিছুমান কথা আছে ইয়াত আলোচনা কৰিছোঁ এটা ইতিবাচক কথাহে। কেৱল সু-পৰিকল্পনা আৰু তাৰ উপযুক্ত প্ৰয়োগৰ সুফল দিবলৈ বেছিদিন নলয়।

চীনদেশত বাঁহৰ ব্যৱহাৰ অতি প্ৰাচীন আৰু তাৰ প্ৰয়োগো যথেষ্ট। বাঁহ উদ্যোগে সেই সময়ত প্ৰয়োজন অনুসাৰে উৎপাদন কৰিব পৰা নাছিল। আজিৰ পৰা ১৫ বছৰ আগতে বাঁহ উদ্যোগক বিশেষ উৎসাহ দিয়াৰ কাৰণে কিছুমান পলিচি তৈয়াৰ কৰিলে, লগতে বাঁহকলৈ বিভিন্ন গৱেষণা আদিতো যথেষ্ট গুৰুত্ব দিলে চীনৰ চৰকাৰে। তাৰেই পৰিণামত আজি চীনৰ বাঁহ উদ্যোগে প্ৰায় ৬০ হেজাৰ কোটি টকাৰ ব্যৱসায় কৰাৰ ওপৰিও চাৰে তিনি কোটি মানুহ বাঁহ উৎপাদনৰ পৰা বাঁহ উদ্যোগলৈ জড়িত হোৱাৰ সুবিধা পাইছে। কিন্তু আমাৰ দৰে ৰাজ্য এখন য’ত নেকি ৫০ % মাটিয়েই খেতিৰ উপযোগী(চাহ উদ্যোগৰ মাটি বাদ দিও) তথাপি আমাৰ চাউলকেইটাৰ বাহিৰে নিত্য প্ৰযোজনীয় সামগ্ৰীখিনিৰ কাৰণে আন আন ৰাজ্যলৈ আশা পালি বহি থাকিব লাগে। চৰকাৰে আঁচনি লয়হে লয় কিন্তু তাৰ আচল প্ৰভাৱ এতিয়াও সুদূৰ পৰাহত। ৩৬ লাখ হেক্টৰ কৃষি উপযোগী মাটিৰ আধাতকৈও বেছি মাটিত জলসিঞ্চনৰ ব্যৱস্থাই নাই। বেছি ভাগ সময় প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰশীল আমাৰ খেতিয়ক সকল। তাৰোপৰি ৰাসায়নিক সাৰ তথা উন্নত প্ৰযুক্তিৰ প্ৰয়োগো বৰ সীমিত অথবা নথকাৰ দৰেই। চৰকাৰে উপযুক্ত পদক্ষেপলৈ আমাৰ খেতিয়ক সকলৰ উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰ একোখন সৃষ্টি কৰাৰো কোনো নীতিগত চিন্তা কৰা দেখা নাযায়। কেৱল খেতি কৰিলেই নহ’ব খেতিৰ পাছৰ আনুষংগিক ব্যৱস্থা সমূহ নহ’লে আমাৰ খেতিয়ক সকলে আচল সফলতাৰ মুখ নেদেখিবই। খেতিৰ আনুষংগিক ব্যৱস্থা সমূহ যেনে যাতায়তৰ উপযুক্ত সুবিধা, কৃষি সামগ্ৰীৰ উপযুক্ত সংৰক্ষণ ভাণ্ডাৰ আদিৰ সুবিধা কৰি দি আমাৰ কৃষক সকলক বজাৰৰ উপযোগী কৰি তোলাতো কিন্তু চৰকাৰৰ আওঁতাৰ ভিতৰত পৰে অথচ সেই বিলাক দিশত চৰকাৰৰ ভূমিকা মুঠেই সন্তোষজনক নহয়। তাৰোপৰি কেৱল গৱেষণাপত্ৰ প্ৰকাশ কৰিয়েই দায়িত্ব সামৰিলেই নহ’ব আমাৰ কৃষি বিশ্ববিদ্যালয় কেইখন তথা আঞ্চলিক গৱেষণা কেন্দ্ৰবোৰে উপযুক্ত গৱেষণাৰ যোগেদি আমাৰ কৃষক ৰাইজক সঁচা অৰ্থত উপযুক্ত সমলেৰে বিশ্বৰ লগত ফেৰ মাৰিব পৰা কৰি তোলাহে আৱশ্যক।

চীনৰ কেৱল বাঁহ উদ্যোগতে বৰ্ত্তমান চাৰিশটাৰো ওপৰৰ পেটেণ্ট আছে। আমাৰ ৰাজ্যত যদিও ধানৰ উৎপাদনত স্বাৱলম্বী হব পাৰিছে কিন্ত্ত ভালদৰে মন কৰিলে আচল ছবিখন সিমান উজ্জ্বল নহয়। আমাৰ ৰাজ্যত প্ৰায় ১৬০০ কেজি চাউল উৎপাদন হয় প্ৰতি হেক্টৰ মাটিত অথচ তাৰ তুলনাত ভাৰতত প্ৰায় ২০০০ কে জি চাউল উৎপাদন হয় প্ৰতি হেক্টৰ মাটিত আৰু আচৰিত ভাৱে এইয়া হৈ পৰে অতি নগণ্য বিশ্বৰ আন উন্নত ৰাষ্ট্ৰবোৰৰ উৎপাদনৰ তুলনাত। আমেৰিকা,জাপান, কোৰিয়া,চীন আদি দেশত ৬০০০ কে জিৰ ওপৰত উৎপাদন হয় প্ৰতি হেক্টৰ মাটিত। উৎপাদন কম হোৱাৰ উপৰিও আমাৰ উৎপাদিত চাউল (ধান)ৰ বজাৰ মূল্যইও খেতিয়ক ৰাইজক হতাশ কৰিছে। তাতে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেছনৰ পৰা আহিব লগা ভাবুকি আছেই। মুঠতে এইবোৰ দিশৰ পৰা খেতিয়ক ৰাইজৰ ছবি খন বৰ সন্তোষজনক নহয়। এনেক্ষেত্ৰত আমাৰ লগতে চৰকাৰৰ দায়িত্ব হ’ব লাগে কেনেকৈ আমাৰ কৃষক ৰাইজক সকাহ দি সমগ্ৰ ছবি খন সামগ্ৰিকভাৱে উজ্জ্বল কৰি তুলিব পৰা যায়। আচৰিত ভাৱে আমাৰ ৰাজ্যত হকে বিহকে সকলো কথাতে মাত মাতি থকা জাতীয় সংগঠন সমূহো এইবোৰ ক্ষেত্ৰত নিমাত। আনেহে নালাগে কৃষকৰ নামত আন্দোলন কৰি থকা সংগঠন তথা তাৰ নেতাও আচৰিত ভাৱে কৃষকৰ আচল কথাবোৰত নেদেখাৰ ভাও জুৰে। গুৱাহাটীৰ পাহাৰত মাটি এমুঠিমান (সেইটোও দিবলৈ লাগক বাৰু যিহেতু সেইটোও যুক্তি সংগত) দিবলৈ যিমান আন্দোলন কৰে তাৰ বিপৰীতে কৃষি উপযোগী মাটিৰ আধাতকৈও বেছি জলসিঞ্চনৰ ব্যৱস্থা নথকা মাটিত জলসিঞ্চনৰ ব্যৱস্থাৰ কাৰণে আন্দোলন কৰা দেখা নাযায়। যি কি নহওক আচল কথালৈ আহোঁ। যি জাতিৰ স্বাভিমান নাই, যি জাতিৰ নিজৰ সভ্যতা সংস্কৃতিকলৈ গৌৰৱ অনুভৱ নকৰে ( সঁচা অৰ্থত),সেই জাতিক ইতিহাসে আচলতে কেতিয়াও সন্মান নকৰে। আমাৰ ঠাইখনৰ কিছুমান খাদ্যাভ্যাস আছে আৰু উল্লেখযোগ্য ভাৱে আমাৰ খাদ্যাভ্যাসৰ মূল উপাদানেই হ’ল চাউল। লগতে বিভিন্ন আনুষংগিক জলপান আদিকে ধৰি বিভিন্ন খাদ্য বস্তুত চাউলৰ ভুমিকা অনন্য। গতিকে চাউলক কেন্দ্ৰ কৰি সৰুসুৰা বা মধ্যমীয়া আকাৰৰ কিছুমান উদ্যোগ গঢ়ি উঠাৰ বিৰাট সম্ভাৱনা আছে। সেইবিলাকৰ যোগেদি আচলতে ধানৰ সামগ্ৰিক বজাৰখনও টনকিয়াল কৰিব পৰা যাব। কেৱল উৎসৱ পাৰ্ৱণৰ সময়তহে আমাৰ এইবোৰ পিঠা-পনা আদি ব্যৱহাৰ নকৰি তাক আমাৰ সদায় ব্যৱহাৰ কৰা এটা সংস্কৃতি গঢ়ি তুলিব পাৰিব লাগে। শুনি আচৰিত লাগিব চীন দেশৰ বাঁহৰ ওপৰত গঢ়ি উঠা উদ্যোগৰ আন এক প্ৰধান উৎস হল চীনা সকলে খোৱা বোৱাত ব্যৱহাৰ কৰা চপ ষ্টিক বুলি কোৱা মাৰি দুডাল। ৬০ বিলিয়ন জোৰা চপ ষ্টিক উৎপাদন কৰিব লাগে বছৰি চীনত ব্যৱহাৰৰ কাৰণে আৰু এক বৃহৎ সংখ্যক বাঁহ এই কামত ব্যৱহাৰ হয়। পৰম্পৰা ৰক্ষাৰ লগতে দেশৰ অৰ্থনীতিতো অৱদান হয় এইদৰে। অৱশ্যে এনেকুৱাবোৰৰ বাবে আমাৰ চৰকাৰৰ লগতে গৱেষক সকলেও হয়তো বিশেষ ভূমিকা ল’ব পাৰে।

সঁচা অৰ্থত দেশৰ জাতিৰ অৰ্থনৈতিক উন্নয়নৰ কথা চিন্তা কৰিব লাগিব। ৰাজ্যৰ বাহিৰৰ বজাৰ খনৰ লগতে আন্তৰ্জাতিক বজাৰ খনৰ কাৰণেও উপযোগী কৰি তুলিব পাৰিব লাগিব আমাৰ ৰাজ্যত উৎপাদিত সামগ্ৰীৰ। ধান খেতিৰ উপৰিও আমাৰ ৰাজ্যখনৰ মাটি তথা পৰিবেশ বিভিন্ন উদ্যান শস্যৰ বাবেও যথেষ্ট উপযোগী। আমাৰ ৰাজ্য খনত হোৱা বিভিন্ন ফল-মূল যেনে মধুৰী আম ,লিচু ,আনাৰস আদি ফলবোৰৰ কাৰণে বৰ উপযোগী কিন্তু আমাৰ এই বিলাক ফল বতৰৰ ফল বুলি বতৰত খোৱাৰ বাহিৰে ব্যৱসায়িক ভিত্তিত কৰাৰ ব্যৱস্থা কৰিব লাগে । দেশৰ ভিতৰে বাহিৰে এই বিলাকৰ চাহিদা যথেষ্ট। লগতে কল, বিভিন্ন ধৰণৰ নেমুটেঙা, কমলা টেঙাৰ চাহিদাটো আছেই। চৰকাৰে উপযুক্ত পলিচি তৈয়াৰ কৰি আমাৰ কৃষকক উৎসাহ দিয়াৰ লগতে আন্তৰ্জাতিক পৰ্য্যায়তো ফেৰ মাৰিব পৰা কৰি তুলিব লাগে। চীনৰদৰে দেশেও এতিয়া হাই ভেল্যু কৃষিত বেছি গুৰুত্ব দিছে যাতে কম খৰচী অথচ কৃষিমাটি বেছি লগা খেতি (মূলত ধান, ঘেঁহু আদি) দ্ৰব্য বিলাক আমদানি কৰি হাই ভেল্যু কৃষি দ্ৰব্য বিলাক (কাজু, বিভিন্ন ফল-মূল,শাক-পাচলি আদি) ৰপ্তানি কৰিব পাৰি আৰু তাৰ দ্বাৰা কৃষি অৰ্থনীতি সবল কৰিব পাৰি। অথচ আমাৰ দৰে কৃষি প্ৰধান ৰাজ্য এখন য’ত নেকি ৫০ % মাটিয়েই কৃষিৰ উপযোগী তেনেকুৱা এখন ঠাইত এক বৃহৎ আৰু সবল পৰিকল্পনাৰ বাবে যেন কাৰো আহৰি নাই। এইবোৰৰ সঠিক পৰিকল্পনা আৰু সঁচা অৰ্থত পৰিকল্পনা সমূহ কাৰ্য্যত পৰিণত কৰিব পাৰিলে হয়তো আমাৰ অৰ্থনৈতিক অৱস্থা আজিৰ দৰে নহ’লহেঁতেন। এইখিনিতে নেডাৰলেণ্ডৰ দৰে দেশ এখনৰ উদাহৰণেও আমাক উৎসাহ যোগাব পাৰে। মাটি কালিৰ হিচাপত আমাৰ অসমৰ প্ৰায় আধা এই নেডাৰলেণ্ড খন কিন্তু মাত্ৰ ৪ % ৱৰ্ক ফৰ্চেৰে দেশৰ ২০ % ৰপ্তানিৰ ধনৰ যোগান ধৰে কেৱল কৃষি সামগ্ৰী ৰপ্তানী কৰি। প্ৰায় ৮২ বিলিয়ন ইউৰোৰ কৃষি সামগ্ৰী ৰপ্তানিৰে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান ল’বলৈ সক্ষম হৈছে কৃষি সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত। গতিকে আমাৰ দৰে ৭০% কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য এখনক যদি আমি উচিত পৰিকল্পনা তথা উপযুক্ত অত্যাধুনিক প্ৰযুক্তি আদিৰে উপযোগী কৰি কৃষিৰ লগতে কৃষি সামগ্ৰীৰ কিছুমান উদ্যোগ গঢ়ি তোলাত গুৰুত্ব দিওঁ আমাৰ ৰাজ্যখনৰ অৰ্থনীতিক এক বেলেগ ৰূপ দিবলৈ সক্ষম হ’ম । বিভিন্ন দল সংগঠন আদিয়ে এইবোৰ ইছ্যুক গুৰুত্ব সহকাৰে ল’বলৈ চৰকাৰ আমোলাক বাধ্য কৰাব লাগে যাতে আমাৰ অৰ্থনীতিৰ ভেটি টনকিয়াল হোৱাৰ লগতে নিবনুৱা আদি সমস্যাও নিৰ্মূল হয় ।

No comments:

Post a Comment