হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. লোকৰসেৱা আয়োগৰ অধ্যক্ষৰ সৈতে মন্দিৰত সেৱা কৰিবলৈ যোৱা সমান উজ্জ্বল ভট্টদাৰ স্থিতিক লৈ এতিয়া সচেতন মহলে কপালত প্ৰশ্নবোধক তুলি ধৰা বুলি জানিব পৰা গৈছে। সেয়ে পৰিস্থিতিলৈ লক্ষ্য কৰি ৰসাল গগৈদেৱে অচিৰেই মায়ঙৰ বেজ মাতি নখ বাচনিৰ জৰিয়তে বিষয়টোত ভট্টদা জড়িত হয় নে নহয় স্পষ্ট কৰিবলৈ দিহা কৰিব লাগে বুলি সচেতন নাগৰিক সমাজে দাবী উত্থাপন কৰিছে।

২. কাজিৰঙাত বাংলাদেশী আছে বুলি চিঞৰি থকা সকলক টিভিত লাইভ চিঞৰিবলৈ শিকি লবলৈ আহ্বান জনাইছে খেতি-বাতি নাইকীয়া কৃষক সমাজে। ন্যায়ালয়ত বৰ চুৰীয়াৰ ফেৰ, পিছে কাজিৰঙাত প্ৰশাসনৰ কলপাতৰ মেৰ দিবলৈকো সাহস নাই বুলি সদৌ কাজিৰঙা থলুৱা বেদখলকাৰী সংস্থাই স্পষ্ট কৰি দিছে।

৩. মেট্ৰিকত তৃতীয় বিভাগ আৰু ফেইল কৰা প্ৰাৰ্থী সকলৰ পৰা অসমৰ লোকৰসেৱা আয়োগে ভৱিষ্যত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে এলানি প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। তাৰ বিপৰীতে বিষম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰতিভাৰ সন্ধানৰ বাবে ফেইল কৰা ছাত্ৰ সকলৰ মাজত সাক্ষাতকাৰ পাতি প্ৰেৰণা যোগাবলৈ দিহা কৰা বুলি গুঞ্জন দত্তৰ ঘৰৰ পৰা প্ৰকাশ পাইছে।

৪. গাড়ী চোৰ পৃষ্ঠপোষক নাৰী সন্থাৰ সভানেত্ৰী বুমী নাথে জেলৰ পৰা জামিন পাবলৈ সক্ষম হোৱাৰ সুখবৰ। জেলৰ ভাত খাই খাই আমনি লগাৰ বাবেই অলপ বাহিৰলৈ ওলাই আহিছে যদিও অসমৰ ৰাইজক ন ন বিতৰ্কৰে ৰসাল বাতৰিৰ সোৱাদ নিয়মীয়াকৈ দি যাব বুলি প্ৰতিশ্ৰুতি বুমী বাইদেৱে দিয়া বুলি জেলৰ গেটৰ দ্বাৰৰক্ষীয়ে প্ৰকাশ কৰিছে।

৫. তোষামোদকাৰী বিশ্ববিদ্যালয়ত বাংলাদেশীৰ প্ৰৱক্তা ৰূপে নিযুক্তি লাভ কৰিছে কনপোনা গগৈয়ে। দেউতাৰ মুখৰ মাত নামৰ গ্ৰন্থখন অধ্যয়ন কৰিয়ে তেওঁ বিষয়টোত আন্তৰ্জাতিক বিশেষজ্ঞ হৈ পৰিবলৈ সক্ষম হোৱালৈ চাই বিশ্ববিদ্যালয়ে অহাটো বৰ্ষত শ্ৰেষ্ঠ প্ৰতিভাবান ব্যক্তিৰ বঁটাৰ বাবে মনোনয়ন দিয়াৰ সম্ভাৱনাও প্ৰকাশ পাইছে।

৬. ৰাজনৈতিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে অহা কেইদিন মানত অসমৰ লোকৰসেৱা আয়োগৰ দোকানৰ সমুখত ধৰ্ণা, প্ৰদৰ্শন হৈ থাকিব। তাৰ মাজে মাজে বতৰ চাই কঠীয়া পৰা ওস্তাদ কৃষকজ্যোতি গগৈয়ে দুই এটা গাজনি ধেৰেকনি মাৰিব পাৰে বুলিও সম্ভাৱনা প্ৰকাশ পাইছে।

৭. মিছন-৮৪ বাদ দি এতিয়া পদুম পাৰ্টিয়ে অসমত মিছন সংখ্যালঘুৱে আৰম্ভ কৰিবলৈ লোৱা বুলি সম্ভেদ পোৱা গৈছে। এতিয়া এই মিছনক কোনটো মন্ত্ৰৰে পানী জাৰি দি আজকল চাহাবে বশীভূত কৰিবলৈ সক্ষম হয়, সেয়া অতিশয় লক্ষণীয় হব বুলিও বিশ্লেষক সকলে মত প্ৰকাশ কৰিছে।

৮. প্ৰতিবন্ধী লোকৰ পুনৰ সংস্থাপনৰ ধনো আত্মসাত কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে কনমানি বৰাৰ নেতৃত্বত অসম সমাজৰ ধন খাই খাস্তাং কৰা বিভাগে। সবিশেষ তদন্ত কৰিলে এই অভিলেখে হয়তো লিমকা ৰেকৰ্ডৰ সীমা পাৰ কৰি গিনিজ বুকলৈকো যাব পাৰে বুলি বিভাগৰ কেৰেণী সংস্থাই মত প্ৰকাশ কৰাৰো গোপন খবৰ আমালৈ আহি আছে।

৯. চেতন ভগতৰ পৰা প্ৰেৰণা লৈয়ে আজি অসমৰ ছেবা নামৰ প্ৰকাশন সংস্থা এটাই এখনি উপন্যাস "হাফ ৰিজাল্ট" উন্মোচন কৰিছে। স্কুল-কলেজত দ্ৰুতপাঠ্য ৰূপে উপন্যাসখন প্ৰৱৰ্তন কৰি অসমীয়া নৱ-প্ৰজন্মক মাকছীট লবলৈ দহদিন ৰোৱাৰ অভ্যাসেৰে ধৈৰ্যশীলতাৰ পাঠ দিয়াৰ প্ৰচেষ্টা হাতত লোৱা বুলিও জানিব পৰা গৈছে।

১০. কৰিমগঞ্জৰ এখন আদালতে সুব্বু স্বামী নামৰ মহা-প্ৰলাপী নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। পিছে সুব্বু স্বামীক ধৰিবলৈ যাবলৈ প্লেইনৰ খৰছটো কোনে দিব তাকে লৈও এতিয়া প্ৰশ্ন উঠিছে। বহুতে আকৌ বহুবল্কী নেতাজনক বিমানৰ ভাড়া দি আনি চলি থকা বিহু মেলাতে অলপ ভাষণ দিবলৈ সুযোগ দিয়াৰ কথা চিন্তা কৰিছে। তেওঁ দিব লগা ভাষণত ঘৃণাৰ পৰিমাণটো নিৰ্দিষ্টকৈ সিদ্ধান্ত লব নোৱাৰাই বাবে, এই অনুষ্ঠানটোৰ দিন চিঙিব পৰা নাই বুলিও খবৰ ওলাইছে।

No comments:

Post a Comment